মোদী চৰকাৰৰ পেকেজে সৰ্ব-সাধাৰণক 'অৰ্থনৈতিক মহা-সংকট'ৰ পৰা উদ্ধাৰ কৰিব নোৱাৰিছে কিয়?
অনন্ত কলিতা
ভাৰতবৰ্ষৰ দৰে এখন বিশাল দেশত কৰোনাৰ প্ৰথম তৰংগই বিধ্বস্ত কৰা অর্থনীতি পুনৰুদ্দীপ্ত নৌহওঁতে দ্বিতীয় তৰংগই এই বিধ্বস্ত অর্থনীতিক প্রকাণ্ড মাধমাৰ সােধালে। একৈশ চনৰ ২৮ জুনত বিত্তমন্ত্রী নির্মলা সীতাৰমণে দেশৰ বিধ্বস্ত অর্থনীতিক পুনৰুজীৱিত কৰাৰ নামত আকৌ এটা ঋণৰ পেকেজ ঘোষণা কৰিলে। ২০২০ চনৰ মে’ মাহতো কোভিডৰ প্ৰথম তৰংগই বিধ্বস্ত কৰা অর্থনীতিক পুনৰুজ্জীৱিত কৰিবলৈ ২১ লাখ কোটি টকাৰ মূলতঃ ই ঋণৰ পেকেজ ঘোষণা কৰিছিল। এতিয়া প্ৰশ্ন হয়, ইমান বিশাল পৰিমানৰ পুঁজিৰ পেকেজে প্ৰকৃততে সাধাৰণ ভাৰতীয়ক অৰ্থনৈতিকভাৱে কঁকাল ভাঙি পৰা অৱস্থাৰ পৰা উদ্ধাৰ কৰিলেনে? প্ৰকৃতপক্ষে সাধাৰণ জনতাই এই পেকেজৰ পৰা খেৰ-কূটা ধৰি অথাই সাগৰৰ পৰা মুক্তিৰ পথ বিচাৰি পালেনে? উত্তৰটো ৰাইজে নিজক সুধিলে বিচাৰি পাব। এতিয়া প্ৰশ্ন হয়, তেন্তে এই পেকেজবোৰনো আচলতে হয় কি আৰু ইয়াৰ প্ৰকৃত হিতাধিকাৰী কোন হয়গৈ? ৰাইজৰ মনত আকৌ প্ৰশ্ন হব, যে কি কাৰণত তেন্তে সাধাৰণ জনতাই এইবোৰ পেকেজৰ পৰা লাভাবান্বিত হৈ নুঠে। এই প্ৰসংগবোৰৰ অৱতাৰণ কৰিয়েই এই লেখাটোৰ পাতনি মেলা হৈছে।
আমি যদি অৰ্থনীতিৰ দিশৰ পৰা বিশ্লেষণ কৰি চাও, তেন্তে প্রকৃততে যোৱা সময়ছোৱাত কেন্দ্রীয় চৰকাৰে ঘােষণা কৰা পেকেজবোৰ আচলতে চৰকাৰী ধনৰ বিনিয়োগ নহয়, ঋণৰ পেকেজেহে আছিল। সেই কাৰণতে ২০২০ চনৰ মে’ মাহত ঘোষণা কৰা ২১ লাখ কোটি টকাৰ পেকেজৰ ডিচেম্বৰলৈ (২০২০) মাত্র দহ শতাংশহে বাস্তৱায়িত হৈছিল। ফলস্বৰূপে দেশৰ বিধ্বস্ত অর্থনীতি পুনৰুজ্জীৱিতকৰণত ২১ লাখ কোটিটকীয়া পেকেজে সাধাৰণ জনতাৰ মাজত কোনো প্রভাৱেই পেলাব পৰা নাছিল। আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে, এই উদ্দীপক পেকেজবোৰে ভাৰতৰ অর্থনীতিৰ সংকটৰ মূখ্য কাৰণো দূৰ কৰাৰ কোনো পদক্ষেপ লোৱা নাই। ভাৰতৰ অর্থনীতিৰ সংকটৰ মুখ্য কাৰণ হ'ল বজাৰত চাহিদাৰ অভাৱ। চৰকাৰৰ উদ্দীপক পেকেজেবোৰে লক্ষ্য হৈছে যোগান সৃষ্টি কৰাহে।
ভাৰতৰ অৰ্থনীতিৰ মুঠ ঘৰুৱা উৎপাদনৰ ৬০ শতাংশই উপভোক্তাৰ চাহিদাই অৰিহণা যােগায়। বর্তমান ভাৰতৰ অর্থনীতি পুনৰুজ্জীৱিত কৰিবলৈ চাহিদাৰ সৃষ্টি কৰিব লাগিছিল। ২০২০ চনৰ কোভিডৰ আগৰে পৰাই ভাৰতৰ অর্থনীতিয়ে মন্দা-অৱস্থাৰ দিশত গতি কৰিছিল। বিমুদ্ৰাকৰণ আৰু অপৰিকল্পিত জি এছ টি কৰ ব্যৱস্থাই বহু কোটি লোকক আয়হীন কৰিছিল। কোভিডে হলা গছত বাগি কুঠাৰ মাৰিলে।
২০১৭-১৮ বিত্তীয় বৰ্ষতে ভাৰতত বিগত ৪৫ বছৰৰ ভিতৰতে অধিকতম নিবনুৱাৰ সৃষ্টি হৈছিল। চি এম আই ই (CMIA) সংস্থাৰ প্ৰতিবেদনে কৈছে, এতিয়া নিবনুৱাৰ সংখ্যা দুগুণতকৈ অধিক হৈছে। যোৱা ৩০ মে’ত ১১.৯ শতাংশলৈ ভাৰতত নিবনুৱাৰ হাৰ। যোৱা জানুৱাৰীত আৰম্ভ হোৱা কোভিডৰ দ্বিতীয় তৰংগৰ আজিলৈ ২৫ নিযুতকৈও অধিক লোকে কাম হেৰুৱাইছে। আজি দেশত বিভিন্ন বৃত্তিত জড়িত বহু কোটি লোকৰ আয় বহুবোৰ সুযোগ নোহোৱা হৈছে। অকল শ্রমিক কর্মচাৰীয়ে নহয় সংস্থাবোৰৰ ৰিচাৰ্ছৰ তথ্য অনুযায়ী ভাৰতৰ ৩২ নিযুত মধ্যবিত্ত লোক যোৱা এবছৰৰ ভিতৰত দৰিদ্ৰ অৱস্থালৈ নামি গৈছে।
অসমতে আমি দেখিবলৈ পাওঁ ক্ষুদ্র উদ্যোগী, ক্ষুদ্র ব্যৱসায়ী, হোটেল-ৰেষ্টুৰেণ্ট, চাহ দোকান, অধিবক্তা, পেছাদাৰী, শিল্পী অভিনেতা, কলাকুশলী, যজমানী-পুৰােহিতলৈকে ধৰি সকলোৱে আয়হীন হৈছে। ফলস্বৰূপে এওঁলোকৰ ক্রয় ক্ষমতা নোহোৱা হৈছে। অর্থাৎ সকলো উৎপাদিত সামগ্ৰীৰে বজাৰ চাহিদা লাগিব। উদ্যোগটোৱে প্রথমবাৰতে উৎপাদন কৰা বস্তুখিনি যদি বিক্ৰী নহয় উদ্যোগটোৱে তাৰ পাছত আৰু উৎপাদন কৰে কেনেকৈ? এই পটভূমিতে উদ্যোগবোৰ বা অর্থনীতিৰ আনখণ্ডবোৰ জীয়াই ৰাখিবলৈ ক্রেতা সৃষ্টিৰ প্রয়োজন।
১৯৩০ দশকৰ অৰ্থনীতিৰ বিশ্ব মহা সংকটক মোকাবিলা কৰাৰ বাবে বিখ্যাত ব্রিটিছ অর্থনীতিবিদ জে এম কেইন্সে তত্ত্ব চুপাৰিচ কৰিছিল যে সংকটত নিমজ্জিত অর্থনীতিক পুনৰুজ্জীৱিত কৰিবলৈ চৰকাৰৰ পৰিচালনাত পূর্ণ কর্মসংস্থান সৃষ্টিৰ বজাৰ চাহিদাৰ সৃষ্টি কৰিব লাগিব। কেইন্সৰ এই তত্ত্ব বাস্তৱায়িত কৰি ইউৰোপ, আমেৰিকাই তেওঁলোকৰ অর্থনীতিক মহাসংকটৰ পৰা উদ্ধাৰ লাভ কৰিছিল।
২০২০ চনৰ মে’ মাহৰ ২১ লাখ কোটিটকীয়া পেকেজৰ নিচিনা বিত্ত মন্ত্রী নির্মলা সীতাৰমণে যোৱা ২৮ জুন ২০২১ত ১.১ লাখ কোটিটকীয়া এটা ঋণ নিশ্চয়তা প্রকল্প ঘোষণা কৰিলে। ইয়াৰ ভিতৰত ৫০ হেজাৰ কোটি টকা দিয়া হ’ব মেডিকেল ক্ষেত্রক। এই ৫০ হেজাৰ কোটি টকা চৰকাৰী চিকিৎসা ব্যৱস্থা উন্নতকৰণৰ বাবে নহয়, টায়াৰ-২, টায়াৰ-৩ চহৰবোৰত বে-চৰকাৰী খণ্ডৰ চিকিৎসা ব্যৱস্থাৰ বাবে কম সুতৰ হাৰত ঋণৰ আঁচনিহে। চৰকাৰী খণ্ডৰ বিনামূলীয়া চিকিৎসা ব্যৱস্থাৰ বিনিয়োগৰ কোনাে প্রস্তাৱ নাই।
এই ঋণ পেকেজৰ আন এটা কাৰ্যসূচী হ’ল বিত্ত মন্ত্রীয়ে বেংকবোৰক নির্দেশ দিছে ক্ষুদ্র ঋণ দাতা সংস্থাসমূহক ঋণ দিবলৈ, যাতে এই সংস্থাবোৰে ২৫ লাখ মানুহক ঋণ দিব পাৰে। মহিলা আৰু শিশুৰ চিকিৎসাৰ বাবে স্বাস্থ্যখণ্ডত ২৩,২২০ কোটি টকাৰ আঁচনিৰ কথা কৈছে। এই আঁচনিৰ দ্বাৰা মেডিকেল ছাত্র, নাৰ্ছ নিয়োগ কৰা, আই চি ইউৰ সংখ্যা বৃদ্ধি, অক্সিজেন সৰবৰাহ বৃদ্ধিৰ কথা কৈছে। কিন্তু ঘোষণাটো অস্পষ্ট। কোনে টকা দিব, কাক দিব সেইটো স্পষ্টকৈ কোৱা নাই। কেন্দ্রীয় চৰকাৰে হেনো মাত্র ১৫,০০০ কোটি টকাহে দিব।
পর্যটন উদ্যোগ পুনৰুজ্জীৱিত কৰাৰ এক আঁচনিও ঘোষণা কৰিছে। ট্রেভেল এজেন্সিবোৰক দহ লাখকৈ ঋণ দিব। টুৰিষ্ট গাইডক এক লাখ টকা দিব। বিদেশী পর্যটকক আকর্ষণ কৰাৰ ববে ৫ লাখ পর্যটকক বিনা মাচুলত ভিছা দিব। বিদেশী পর্যটকক আকৰ্ষণ কৰিবলৈ ভাৰত কোভিড মুক্ত হ'ব লাগিব। ইতিমধ্যেই বিশ্বৰ অনেক দেশে তেওঁলোকৰ দেশৰ লোক ভাৰতলৈ ভ্রমণ কৰাটো নিষিদ্ধ কৰিছে। দেশীয় পর্যটনে দেশৰ মানুহৰ ওপৰতে ভৰসা কৰিব লাগিব। কিন্তু যদি ভাৰত দেশৰ মানুহৰ পেটৰ ভাত যোগাৰ কৰাৰে অৱস্থা নাই, এওঁলোকে ভ্রমণলৈ যাব কেনেকৈ?
অর্থনীতি পুনৰুজ্জীৱিত কৰিবলৈ মানুহৰ হাতত পইচা যোৱা, মানুহৰ আয় কৰাৰ সুযোগ সৃষ্টি কৰাৰহে আঁচনি গ্ৰহণ কৰিব লাগিব। দেশৰ অর্থনীতিবিদসকলেও এই কথা বাৰম্বাৰ কৈ আহিছে। বজাৰ চাহিদা বৃদ্ধি কৰিবলৈ জনসাধাৰণৰ হাতত পইচা যোৱা আঁচনি গ্ৰহণ কৰিলেহে অর্থনীতি পুনৰুজ্জীৱিত হৈ উঠিব, জনসাধাৰণৰ দুখ-যন্ত্রণাও হ্রাস পাব। যােৱা ১৭ জুনত কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্রীৰ সভাপতি টি ভি নৰেন্দ্ৰনে চৰকাৰক অনুৰোধ কৰিছে জনসাধাৰণৰ হাতত প্রত্যক্ষভাৱে ধন যােৱাৰ বাবে তিনি লাখ কোটি টকাৰ এক পেকেজ গ্ৰহণ কৰিবলৈ, যাতে দেশত উৎপাদিত সামগ্ৰীৰ বজাৰ চাহিদা বৃদ্ধি হয়। উদ্যোগ সংস্থাৰ সভাপতিয়ে হয়ো ভালকৈ বুজি পায় যে চৰকাৰে কি আঁচনি গ্রহণ কৰিলে উদ্যোগবোৰ পুনৰুজ্জীৱিত হৈ উঠিব। পৰিতাপৰ কথা যে চৰকাৰখনে দেশৰ বিধ্বস্ত অর্থনীতি পুনৰুজ্জীৱিত কৰিবলৈ ফলপ্রসূ আঁচনি গ্রহণ নকৰি জনগণক আভুৱা ভাৰিবলৈ বৃহৎ অংকৰ ঋণৰ পেকেজহে ঘোষণা কৰি অর্থনীতি পুনৰুজ্জীৱিতকৰণ তথা জনসাধাৰণৰ দুখ-যন্ত্রণা মোচনৰ অভিনয় কৰিছে। আচলতে, এই ঋণৰ পেকেজে অর্থনীতি পুনৰুজ্জীৱিত কৰি জনসাধাৰণৰ দুখ-যন্ত্রণা হ্রাস নকৰে যিদৰে ২১ লাখ কোটি টকীয়া উদ্দীপক পেকেজেও দেশৰ বিধ্বস্ত অর্থনীতিৰ সামান্যতমো উন্নতি ঘটাই জনসাধাৰণক দুখ-যন্ত্রণাৰ পৰা সকাহ দিব পৰা নাছিল।
আনফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম আকাশলংঘী হৈছে। সামগ্রীবোৰৰ পাইকাৰী দাম বৃদ্ধিৰ সূচক যােৱা ১১ বছৰত ভিতৰতে অধিকতম হাৰত বৃদ্ধি হৈ ১০.৫ শতাংশ পাইছেগৈ। খুচুৰা সামগ্ৰীৰো দাম তাতোকৈ অধিক হাৰত বৃদ্ধি হৈছে। খাদ্য সামগ্ৰীবোৰ যেনে— তেল, দাইল আদিৰ দাম ১০০ শতাংশই বৃদ্ধি হৈছে। আয়হীন জনসাধাৰণৰ মূল্যবৃদ্ধিয়ে আৰু অধিক ক্রয় ক্ষমতা হ্রাস কৰিছে। ঔষধৰ দাম ৩৫ৰ পৰা ৪০ শতাংশ বৃদ্ধি হৈছে। দেশৰ নিবনুৱাসকলে কোনো কর্মসংস্থান বিচাৰি নাপাই মহাত্মা গান্ধী গ্রামীণ নিশ্চয়তা আঁচনিৰ কাম বিচাৰিছে। এই আঁচনিতো ধনৰ আবণ্টন বৃদ্ধি কৰিছে যদিও প্রয়োজনভিত্তিক ধন আবণ্টন কৰা নাই। পেট্রল-ডিজেলৰ মূল্যবৃদ্ধিয়ে বিশ্বৰ ভিতৰতে নজিৰ সৃষ্টি কৰিবলৈ সমৰ্থ হৈছে মোডী চৰকাৰে। ইউ পি এ চৰকাৰৰ সময়ছোৱাতকৈ প্রায় আধা হৈছে খাৰুৱা তেলৰ দাম আন্তর্জাতিক বজাৰত, কিন্তু ইউ পি এ চৰকাৰৰ সময়ত পেট্রল-ডিজেল প্রতি লিটাৰৰ দাম ক্রমে ৬৭-৭০ টকাৰ ভিতৰত আছিল। বর্তমান ৯৫-১০০ টকা হৈছে কাৰণে ভাৰা বৃদ্ধিৰ ফলত সকলো সামগ্ৰীৰ মূল্যবৃদ্ধিত সহায়ক হৈছে। ১জুলাই ২০২১ৰ পৰা ৰন্ধন গেছৰ প্রতি চিলিণ্ডাৰৰ মূল্য ২৫ টকাকৈ বৃদ্ধি কৰিছে। যোৱা ছয় মাহতে ১৪০ টকা বৃদ্ধি কৰিছে।
কল্যাণকামী ৰাষ্ট্ৰখনৰ জনসাধাৰণৰ কোভিডৰ পেকেজ বর্তমান তেওঁলোক আয়হীন হোৱাৰ সময়তে চৰকাৰে সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ব্যৱস্থা কৰিছে, প্ৰশ্ন হয় কাৰ ‘অচ্ছে দিন’ আনিবলৈ? অক্সফামৰ প্রতিবেদন অনুযায়ী লকডাউনৰ সময়ছোৱাত ভাৰতৰ আম্বানী-আদানিৰ নিচিনা পুঁজিপতিৰ তেওঁলোকৰ সম্পত্তি ৩৫ শতাংশ বৃদ্ধি কৰিব পাৰিছে। কিন্তু তাৰ বিপৰীতে প্রতি ঘণ্টাত ১,৭০,০০০ জন অসংগঠিত শ্রমিকে কাম হেৰুৱাইছে। দেশৰ জনসাধাৰণৰ এই পটভূমিত উদ্দীপক পেকেজৰ নামত ঋণ দিয়াৰ পেকেজ প্ৰৱৰ্তন কৰিলে বাৰু, ঋণ লৈ উৎপাদন কৰিলেই কিন্তু উৎপাদিত সামগ্ৰীৰ ক্রেতা কত পাব? এই পটভূমিত এই উদ্দীপক ঋণৰ পেকেজ 'সাধাৰণ মানুহক' অৰ্থনৈতিক ভাৱে উদ্ধাৰ কৰিব নোৱাৰা, এক মহা-ফাঁকিৰ বাদে যে একো নহয়, তাক সময়েই প্ৰতীয়মান কৰিব, সেই কথাহে কিন্তু নিশ্চত।
লেখক অসমৰ এগৰাকী বিশিষ্ট অৰ্থনীতিবিদ। লেখাটি অসমীয়া খবৰ কাকততো প্ৰকাশ পাইছে। লেখকৰ ফোনঃ ৯৪৩৫০-৪১২০৩। তেখেতৰ আনবোৰ প্ৰকাশিত লেখাৰ বাবে একত্ৰ লিংকঃ
No comments:
Post a Comment