চাকৰিঃ চাহ কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠনত ২৫ টা পদঃ অনলাইন আবেদন ১৪ আগষ্টলৈকে - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চাকৰিঃ চাহ কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠনত ২৫ টা পদঃ অনলাইন আবেদন ১৪ আগষ্টলৈকে

চাকৰিঃ চাহ কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠনত ২৫ টা পদঃ অনলাইন আবেদন ১৪ আগষ্টলৈকে

Share This

Assam Tea Employees Provident Fund Organization (ATEPFO) RECRUITMENT, চাহ কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠনত ২৫ টা পদঃ অনলাইন আবেদন ১৪ আগষ্টলৈকে

চাহ কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠনত ২৫ টা পদঃ 

অনলাইন আবেদন ১৪ আগষ্টলৈকে

অসম চাহ কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠন (ATEPFO) ত জুনিয়ৰ এছিষ্টেণ্টৰ ২৫টা পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। নিয়োগৰ স্থানঃ গুৱাহাটী। দৰমহাৰ হাৰঃ ১৪০০০ৰ পৰা ৪৯০০০ পৰ্যন্ত। বয়সৰ সীমাঃ ২১-৩৮ বছৰ। আবেদন মাচুলঃ ২০০ৰ পৰা তিনিশ টকা।

Assam Tea Employees Provident Fund Organization (ATEPFO) RECRUITMENT, চাহ কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠনত ২৫ টা পদঃ অনলাইন আবেদন ১৪ আগষ্টলৈকে

Assam Tea Employees Provident Fund Organization (ATEPFO)ৰ জুনিয়ৰ এছিষ্টেণ্ট পদৰ বাবে স্নাতক হব লাগিব। কম্পিউটাৰৰ ছমহীয়া ডিপ্লমা থকাৰ আৱশ্যক। ৱৰ্ড, এক্সেল, ডাটাবেচ, ইণ্টাৰনেট, ইমেইল আদিৰ লগতে অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাৰে টাইপিঙত সিদ্ধহস্ত হোৱাটো বাঞ্চনীয়।


নিযুক্তিৰ বাবে প্ৰথমে ষ্টেজ-১ ত Objective Type Test হব। দ্বিতীয় স্তৰত Computer Test and Writing ability test ইংৰাজী ভাষাত অনুষ্ঠিত হব। অনলাইন আবেদনৰ শেষ তাৰিখ ১৪ আগষ্ট ২০২১। অনলাইন আবেদনৰ সৈতে ফটো, মেট্ৰিকৰ এডমিট, ডিগ্ৰীৰ চাৰ্টিফিকেট-মাৰ্কশ্বিট, স্কেনড চহী, জাতিৰ প্ৰমাণপত্ৰ আৰু নিয়োগ বিনিময় কেন্দ্ৰৰ ৰেজিষ্ট্ৰেচনৰ চাৰ্টিফিকেট, ইনকাম আৰু সম্পত্তিৰ চাৰ্টিফিকেট, কম্পিউটাৰ ডিপ্লমাৰ চাৰ্টিফিকেট আপলোড কৰিব লাগিব। বিশেষ ভাৱে সক্ষম সকলে নিজৰ চাৰ্টিফিকেটো গাঁঠি দিয়াটো বাঞ্চনীয়।


মূল বিজ্ঞাপনটো পাবলৈ তলৰ লিংকত ক্লিক কৰক। ইয়াত কেটেগৰি অনুসৰি পোষ্টৰ সংখ্যাও উল্লেখ আছে। অনলাইন আবেদন ১৪ আগষ্ট ২০২১ ৰ ভিতৰত কৰিবলৈ লিংকো এই বিজ্ঞাপনতে দিয়া আছে।

http://atppf.nic.in/data/Advertisement-16-06-21.pdf

চৰকাৰী চাকৰিৰ অন্যান্য খবৰবোৰৰ বাবে ক্লিক কৰকঃ

https://www.xukhdukh.com/search/label/GOVTJOB

No comments:

Post a Comment