বিশ্লেষণঃ ইণ্টাৰনেটত ধনৰ হৰলুকি, ঠগবাজিৰ পৰা বাচিব কেনেকৈঃ লব লগা সাৱধানতাবোৰ :: দেবজিত শৰ্মা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ ইণ্টাৰনেটত ধনৰ হৰলুকি, ঠগবাজিৰ পৰা বাচিব কেনেকৈঃ লব লগা সাৱধানতাবোৰ :: দেবজিত শৰ্মা

বিশ্লেষণঃ ইণ্টাৰনেটত ধনৰ হৰলুকি, ঠগবাজিৰ পৰা বাচিব কেনেকৈঃ লব লগা সাৱধানতাবোৰ :: দেবজিত শৰ্মা

Share This
ইণ্টাৰনেটত ধনৰ হৰলুকি, ঠগবাজিৰ পৰা বাচিব কেনেকৈঃ লব লগা সাৱধানতাবোৰ :: দেবজিত শৰ্মা, how to safeguard against internet fraud
ইণ্টাৰনেটত ধনৰ হৰলুকি, ঠগবাজিৰ পৰা বাচিব কেনেকৈঃ লব লগা সাৱধানতাবোৰ
দেবজিত শৰ্মা
আজিৰ পৃথিবীখনত মবাইল ইণ্টাৰনেট অক্সিজেনৰ সমপৰ্য্যায়ৰ হৈ পৰিছে৷ শিক্ষাৰ পৰা বেপাৰলৈ সকলো দিশতে ইণ্টাৰনেটৰ গুৰুত্ব অপৰিসীম৷ কিন্তু এই ইণ্টাৰনেট ব্যৱহাৰ কৰিয়েই এচাম দুষ্ট আৰু অসৎ লোকে আপোনাৰ কষ্টৰে উপাৰ্জন কৰা সমুদায় ধন বেংক একাউণ্টৰ পৰা সৰকাই লৈ যাব পাৰে৷ বিগত লকডাউনৰ পাছৰে পৰা এই চক্ৰবোৰ অধিক সক্ৰিয় হৈ পৰিছে৷ গতিকে সাৱধান হৈ থকাৰ গত্যন্তৰ নাই৷
ইণ্টাৰনেটত ধনৰ হৰলুকি, ঠগবাজিৰ পৰা বাচিব কেনেকৈঃ লব লগা সাৱধানতাবোৰ :: দেবজিত শৰ্মা, how to safeguard against internet fraud

বিষয়বস্তুৰ পাতনি মেলাৰ পূৰ্বেই এটা কথা উল্লেখ কৰি দিব বিছাৰিছো, কেতিয়াও কোনো কাৰণতেই Team viewer, Anydesk Remote control, Screen share, AirDroid, AirMirror, RemoDroid আদি মবাইল app নিজৰ মবাইলত ইনষ্টল নকৰিব৷

ইণ্টাৰনেটৰ মাধ্যমেৰে হৈ থকা প্ৰধান ঠগবাজিৰ উৎসসমূহ তলত দিয়া ধৰনৰ
১) বেংকিং ঠগ

২) OLX/ Quikr ৰ সামগ্ৰী ক্ৰয়ৰ ঠগ

৩) SMS/Whatsapp ঠগ

(ইণষ্টাত অহা মেচেজো)

৪) DTDC বা অনলাইন ডেলিভাৰি মাচুল বিচৰা ঠগ

৫) Paytm, Phonepe,G oogle pay কেচবেকৰ নামৰ ঠগবাজি

৬) লটাৰীৰ প্ৰলোভন দিয়া ঠগ

৭) ফেচবুকৰ ফেক একাউণ্টৰে টকা বিচৰা ঠগ

৮) work from home,চাকৰি দিয়াৰ ভূৱা চক্ৰ

৯) অনলাইন শ্বপিং ঠগ- সদায় এপৰ যোগেদি হে পেমেণ্ট কৰা,গুগোলৰ কাষ্টমাৰ কেয়াৰৰ নম্বৰ ল'লেও একাউণ্ট নম্বৰ শ্বেয়াৰ নকৰা

১০) ইন্সুৰেন্সৰ পলিচি/ক্ৰেডিট কাৰ্ড,লোণৰ ঠগ

১১) কাষ্টমাৰ কেয়াৰ চেণ্টাৰৰ ঠগ(নিজৰ ডমেইনৰ ইমেইল আই ডি),টাৱাৰ বহুৱা,চিম বন্ধ কৰা

১২) টেক্স ফাইলিঙৰ ঠগ

কথাতে কয় নহয়,চুৰৰ ছটা মন, গৃহস্থৰ এটা৷ আমি সাৱধাৱ হোৱাৰ সমান্তৰালকৈ দৈনিক নিত্য নতুন কৌশল এই ঠগবোৰে অৱলম্বন কৰি আহিছে৷ সামান্য অসাৱধান মানেই বিপদ, আপোনাৰ কষ্টৰ ধন লুটি নিয়াৰ পৰা CIBIL স্ক'ৰ বেয়া কৰালৈকে সকলো সম্ভৱ৷

আহকচোন এটা এটাকৈ বিশদভাৱে জানিবলৈ চেষ্টা কৰো

১) বেংকিং ঠগ: বেংক বুলিলেই আমি খুবেই সক্ৰিয় আৰু তথা তৎপৰ৷ কাৰণ সাঁচতীয়া ধনকেইটা বেংকতে জমা থৈ আমাৰদৰে মানুহবোৰ চলি আছে৷ কিন্তু বেংকৰ পৰা প্ৰদান কৰা এটি এম খনৰ সঠিক ব্যৱহাৰ নাজানিলে আপোনাৰ বিপদ অনিৰ্বায্য৷ অনলাইন দুই নম্বৰী কৰা বোৰে আপোনাক ফোন কৰি ATM কাৰ্ড ব্লক হোৱাৰ ভয় দেখুৱাই আপোনাৰ কাৰ্ডৰ নম্বৰ আৰু পিন নম্বৰ বিছাৰে৷ আপুনি ATM ব্লক হৈ যাব বুলি PIN,OTP আদি দি দিয়াৰ পাছত একাউণ্টত থকা ধন হৰলুকি কৰি লৈ যায়৷ গতিকে আজিৰে পৰা সাৱধান হওঁক আৰু তলৰ কথা কেইটা সদায়েই পালন কৰক

> বেংক হওঁক বা ৰাষ্ট্ৰসংঘৰ অফিচ,য'ৰ পৰায়েই ফোন নাহক কিয় নিজৰ ATM কাৰ্ড তথা বেংকৰ একাউণ্টৰ তথ্য কাৰোৰে আগত প্ৰকাশ নকৰিব৷ কিবা অসুবিধা বা সমস্যা থাকিলে নিজে বেংকলৈ যাওঁক

> ATM ৰ পিন খুব গোপনীয় তথ্য৷ পিন নম্বৰ কাৰ্ডত বা কাৰ্ড সংৰক্ষিত কৰি ৰখা পেকেটত লিখি নাৰাখিব৷

> মবাইলত অহা OTP( one time password) কাৰোৰে আগত প্ৰকাশ নকৰিব৷

> নিজৰ ATM ৰ পিন নম্বৰ সময়ে সময়ে সলনি কৰি থাকিব৷

২) OLX/ Quikr ৰ সামগ্ৰী ক্ৰয়ৰ ঠগ:

ধৰক আপুনি নতুন ফ্ৰীজ এটা কিনিছে,সমান্তৰালকৈ মনলৈ অহা চিন্তাটো হ'ল পুৰণাটোৰ কি হ'ব বা কি কৰা যাব! টিভিত দেখুওৱা বিজ্ঞাপন চাই অভ্যস্ত হোৱা আপুনি ওপৰত উল্লেখিত ৱেবচাইট দুটাত নিজৰ পুৰণা ফ্ৰিজৰ ফটো আপলোড কৰি বিক্ৰীৰ বাবে আপডেট এটা দিলে৷ চিনাকি বা নিজৰ ঠাইৰে দুই এজনৰ লগতে ইয়াৰ মাজতে ফ্ৰড পাৰ্টিৰো ফোন আহিবলৈ আৰম্ভ কৰিব৷ তাৰে মাজৰ আপোনাৰ সম্পূৰ্ণ অচিনাকি এজনে ফ্ৰিজটো পচন্দ কৰি আপোনাক তাৰ আধা দাম গুগোল পে কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিব৷ তাৰ পাছত সেইজনে আপোনাক গুগোল পেট QR ক'ডটো স্কেন কৰিবলৈ কব৷ আপুনি কৰি দি কিবা বুজালৈ আপোনাৰ একাউণ্টৰ পৰা টকা সেই ঠগটোৰ একাউণ্টলৈ গুচি যাব৷ কেতিয়াবা এই ঠগৰ দলে আপুনি উপৰোক্ত ৱেবচাইটত ফ্ৰীজ,টিভি আদিৰ ফটো বিক্ৰীৰ বাবে দিয়ে৷ আপোনাৰ পচন্দ হৈ যদি সেই নম্বৰত ফোন কৰে,একেই পদ্ধতিৰে ধন হৰলুকি কৰি নিব৷

এইবোৰ ক্ষেত্ৰত আপোনাৰ কৰণীয় কি?

> কোনো বস্তু বেচা কিনাৰ ক্ষেত্ৰত অনলাইন প্লেটফৰ্মখন সুবিধাৰ হ'লেও টকা দিয়া বা লোৱাৰ প্ৰক্ৰিয়াটো লগ পোৱাৰ (physically)পাছত হে কৰক

> এমাজন,ফ্লিপকাৰ্ট আদিৰ এপৰ জৰিয়তে হে অনলাইন বেচা কিনাৰ ক্ষেত্ৰত আগবাঢ়ক৷ নিজৰ পুৰণা বস্তু বিক্ৰীৰ বাবে প্ৰথমে নিজৰ চিনাকিৰ ভিতৰতে খবৰ কৰক৷

> অনলাইন পেমেণ্টৰ বাবে কোনো বিশ্বাসযোগ্য যেন নলগা লিংকট ক্লিক নকৰিব৷

আলোচনাৰ আৰম্ভনিতে উল্লেখ কৰিছিলো যে Team viewer,A nydesk Remote control, Screen share, AirDroid, AirMirror, RemoDroid নামৰ এপ্লিকেচন কেইটা কাৰোবাৰ পৰা ফোনত নিৰ্দেশ/অনুৰোধ পালেও মবাইলত ইনষ্টল কৰিব নালাগে৷ কিন্তু কিয়? কাৰণ এইবোৰ এপ মবাইলত ইনষ্টল কৰিলে আন এজনে আপোনাৰ মবাইলত কি হৈছে আছে,আপোনাৰ মেচেজ,OTP আদি সকলো দেখা পাই থাকিব৷ অৰ্থাৎ আপুনি যদি নেট বেংকিং কৰিছে বা হোৱাটচ এপৰ মেচেজ খুলিছে,আপোনাৰ ফোনটো স্পৰ্শ নকৰাকৈয়ে বহু দূৰৈত থকা আন এজনে সকলোবোৰ দেখি থাকিব পাৰে৷ গতিকে কোনো কাৰণতে এইকেইটা এপ মবাইলত ইনষ্টল নকৰিব৷

এতিয়া পুনৰ ঠগবাজীৰ বলি হ'ব পৰা মাধ্যমলৈ ঘূৰি যাওঁ

৩) SMS/Whatsapp ঠগ: ইয়াত কেৱল মেচেজ বা হোৱাটচ এপৰ লগতে ই-মেইলকো সামৰি লব পাৰি৷ আজিকালি প্ৰায়েই মেচেজত Pre-approved Personal loan ৰ খবৰ দি লিংক এটা পোৱা দেখা যায়৷ এইবোৰ লিংকত কোনো কাৰণতে ক্লিক নকৰিব৷ ওচৰৰ বেংক বা ফাইনেন্স কোম্পানীৰ কাৰ্য্যালয়ত গৈ পাবৰ উপযুক্ত হয় নে নহয় খবৰ কৰক৷ লগতে মেচেজত পোৱা ডেটিং, শ্বপিং,ডিচকাউণ্ট অফাৰ আদিও পৰিহাৰ কৰি চলক৷

৪) DTDC বা অনলাইন ডেলিভাৰি মাচুল বিচৰা ঠগ: আপুনি প্ৰায়ে অনলাইন শ্বপিং কৰে৷ ধৰক যোৱা সপ্তাহত এটা মবাইল হেণ্ডচেট অৰ্ডাৰ কৰিছিল৷ আপোনালৈ কেইদিনমান পাছত এটা অচিনাকি নম্বৰৰ পৰা ফোন আহিল আৰু জনালে যে আপোনাৰ অৰ্ডাৰটো আহি ওচৰৰ DTDC বা অন্য কুৰিয়াৰ চাৰ্ভিচৰ অফিচ পাইছে কিন্তু কিবা চাৰ্জ এটা আপুনি পেমেণ্ট কৰাৰ পাছত হে অৰ্ডাৰটো আপোনাৰ ঠিকনাত 'ডেলিভাৰ' কৰিব৷ মনত ৰাখিব এই কুৰিয়াৰ চাৰ্ভিচৰ নাম লৈ আপোনাক অৱগত কৰোৱা চাৰ্জটো খুবেই কম হ'ব,ধৰক ৫০-৬০ টকা মান আৰু এইটো চাৰ্জ আপুনি গুগোল পে বা ফোন পেৰ দ্বাৰা পেমেণ্ট কৰিব লাগিব৷ আপুনি সন্মতি দিয়াৰ লগে লগেই আপোনাৰ গুগোল পে/ফোন পে ত এটা পেমেণ্ট ৰিকুৱেষ্ট আহিব৷ সন্দেহ নকৰি আপুনি এই পেমেণ্ট কৰাৰ লগে লগেই ৫০-৬০ টকাৰ পৰিৱৰ্তে ৫০০০ ৰ পৰা একাউণ্টৰ পৰা যিমান লুটিব পাৰি সমুদায় আদায় কৰি কুৰিয়াৰ চাৰ্ভিচ ৰূপী ঠগৰ দলটো অন্তৰ্ধান হ'ব৷

এই ক্ষেত্ৰত কৰণীয়
> কুৰিয়াৰ চাৰ্ভিচে আজিৰ দিনত এনেদৰে টকা আদায় কৰাৰ নিয়ম নাই৷ আপুনি অনলাইন কিবা অৰ্ডাৰ কৰাৰ সময়তে কুৰিয়াৰ চাৰ্জো ধৰি লোৱা হয়৷ গতিকে কিবা অসুবিধা থাকিলে কুৰিয়াৰ চাৰ্ভিচৰ অফিচলৈ গৈ খবৰ কৰক

> ট্ৰু ক'লাৰত কুৰিয়াৰ চাৰ্ভিচ বা DTDC বুলি দেখুৱালেই প্ৰকৃত কুৰিয়াৰ চাৰ্ভিচৰ নহ'বও পাৰে৷ যিকোনো তথ্যৰ বাবে বা অভিযোগ দিবলৈ ৱেবচাইট বা এপৰ সহায় লওঁক৷

৫) Paytm,Phonepe,Google pay কেচবেকৰ নামৰ ঠগবাজি: শেহতীয়াকৈ এইটো পদ্ধতিৰ দ্বাৰা বহু গ্ৰাহক প্ৰতাৰিত হৈছে৷ এই পদ্ধতিত উপৰোক্ত সেৱা(চাৰ্ভিচ) ব্যৱহাৰ কৰা সকললৈ Cashback পোৱা বুলি ফোন আহে৷ ফ্ৰীতে কিবা পালে কোনেনো বেয়া পাব! গতিকে cashback পোৱাৰ আশাত আপুনি ফোন কৰা অচিনাকি ব্যক্তিজনৰ কথামতেই নিজৰ PhonePe,Google Pay এপটো খুলি তালৈ অহা মেচেজটো খুলি চাওঁতেই একাউণ্টৰ পৰা টকা কাট খোৱাৰ মেচেজ পালে৷ ইতিমধ্যে ফোনটোও কাট খালে আৰু প্ৰকৃত সত্যটো আপুনি বুজি পোৱালৈ বহুত পলম হৈ গ'ল৷

এই ক্ষেত্ৰত মনত ৰাখিবলগীয়া কথাবোৰ হ'ল

>যি কোনো ধৰণৰ কেচবেকৰ বাবে কোনো কোম্পানী,এপ বা বেংকৰ ফালৰ পৰা কেতিয়াও ফোন নাহে৷ যদি আহিছে সেয়া ঠগৰ বাদে আন একো নহয়৷

> PhonePe, Google Pay বা যি কোনো ধৰণৰ পেমেণ্ট কৰা এপত যদি কোনো মেচেজ বা নটিফিকেচন চাবলৈ আপুনি পেমেণ্ট কৰাৰ পূৰ্বে দিব লগাৰ দৰে পাচৱৰ্ড/PIN দিব লগা হৈছে,তেন্তে আৰু আগনবঢ়াই ভাল৷

৬) লটাৰীৰ প্ৰলোভন: প্ৰায়েই আমাৰ নম্বৰত মেচেজ বা মেইল আহে য'ত অবিশ্বাস্য সংখ্যাৰ ধনৰ লটাৰী বা কোনো কোম্পানীৰ পৰা গাড়ী,ফোন আদিৰ লাকী ড্ৰত বিজয়ী হোৱাৰ খবৰ উল্লেখ থাকে৷

পোনপতীয়াকৈ এইবোৰ মেচেজ মেইল ডিলিট কৰক/অগ্ৰাহ্য কৰক৷ ঠগৰ বাদে আন একো নহয়৷

৭) ফেচবুকৰ ফেক একাউণ্টৰে টকা বিচৰা: এইটো চক্ৰয়ে আপোনাৰ ফেচবুকৰ বন্ধু তালিকাত থকা কোনো ব্যক্তিৰ ফটো ব্যৱহাৰ কৰি ফেক একাউণ্ট খুলি টকা ধাৰে বিচৰা আৰম্ভ কৰে৷ সঁচা বুলি ভাবি বহুতেই দিয়ো দিয়ে৷ গতিকে কোনোবাই এনেদৰে ফেচবুকৰ মেচেঞ্জাৰত টকা ধাৰে বিচাৰিলে তলৰ কথা কেইটা মনত ৰাখিব

> যদি সেইজন ব্যক্তিৰ লগত পূৰ্বতে মেচেঞ্জাৰত কোনো কথা বতৰা হোৱা নাই,তেন্তে টকা নিদিয়াই শ্ৰেয়

> যদি প্ৰথম মেচেজতে আপোনাক ফোন পে বা গুগোল পে আছে নে নাই বুলি প্ৰশ্ন কৰি টকা ধাৰে খুজিছে,তেন্তে একাউণ্টতো ব্লক বা ৰিপৰ্ট মাৰি দিয়ক৷

৮) work from home/full time job ৰ ঠগ: কম বিশ্বাসযোগ্যতা থকা ৱেবচাইট আৰু এপত পোৱা যি কোনো চাকৰিৰ লিংকত পতকৰে ক্লিক নকৰিব৷ যদি চাকৰিটোত আপুনি টাৰ্গেট পূৰণ বা কাম সময়ত কৰিব নোৱাৰিলে কিবা পেনাল্টি/জৰিমণাৰ কথা উল্লেখ আছে,তেন্তে তেনে চাকৰিৰ বাবে আবেদন নকৰাই ভাল৷ লগতে কোনো চাকৰিত আপুনি যোগদান কৰাৰ পূৰ্বেই যদি কিবা কিবি ফীজ দিব লগা হৈছে,ভালকৈ পৰীক্ষা কৰি লওঁক৷ ফীজ দিব লগা হ'লে ফিজিকেলি গৈ নিজে ভেৰিফিকেচন কৰিব পৰা হ'লেহে বিশ্বাসযোগ্যতা থাকে বুলি ভাবিব পাৰি৷

৯) অনলাইন শ্বপিং: যি কোনো ধৰণৰ অচিনাকি ৱেবপেজ,চাইট অথবা ফেচবুক ইনষ্টাগ্ৰামত পোৱা অনলাইন শ্বপিঙৰ বিজ্ঞাপনৰ লিংক,য'ত অবিশ্বাস্য পৰিমানৰ ডিচকাউণ্ট দিয়া হৈছে- দূৰতে বিদূৰ হৈ থকায়েই ভাল৷ লগতে কোনোবা কোম্পানীৰ পৰা ফ্ৰী মবাইল, গাড়ী,ফ্ৰি ডাটা আদি পাবলৈ ক্লিক কৰিব লগা লিংকবোৰ খোলাৰ পৰাও নিজকে বিৰত ৰাখক৷

১০) ইন্সুউৰেন্স,লোণ,ক্ৰেডিট কাৰ্ডৰ ঠগ: আপোনাৰ কোনোবা পলিচি মেচিউৰড হোৱা বুলি কৈ ডকুমেণ্ট,চেক আদি সংগ্ৰহ কৰাৰ চক্ৰ এটা অনলাইনত সক্ৰিয় হৈ থকা দেখা যায়৷ পলিচি সম্পৰ্কে জানিবলৈ সংশ্লিষ্ট কোম্পানীৰ ৱেবচাইটত গৈ তাৰ পৰা সংগ্ৰহ কৰা টলফ্ৰি নম্বৰত ফোন কৰিহে যি কোনো সিদ্ধান্ত গ্ৰহণ কৰক৷ নতুবা নিকতৱৰ্তী কোম্পানীৰ অফিচত গৈ নিজে সকলো বিতং কৈ খবৰ কৰক৷

আন এটা সম্ভাব্য চাইবাৰ ক্ৰাইমৰ উৎস হ'ল, unauthorised উৎসৰ পৰা অহা ঋণৰ সুবিধা প্ৰদান কৰা মেইল বা মেচেজ৷ যিমানেই ঋণৰ প্ৰয়োজন নাথাকক কিয়, এইবোৰ লিংকত ক্লিক কৰি বেংকত থকা টকা কেইটাও হেৰুৱাৰ বাট মুকলি নকৰিব৷

১১) কাষ্টমাৰ কেয়াৰৰ ঠগ: বিগত কেইদিনমানত এইটো প্ৰক্ৰিয়াৰে বহুকেইটা ঠগবাজী বা ধনলুটৰ ঘটনা সংঘটিত কৰাৰ খবৰ ফেচবুকৰ জৰিয়তেই গম পোৱা গৈছে৷ আপোনাৰ মবাইলৰ চিম কাৰ্ড ব্লক হৈ যাব বুলি ভয় খুৱাই মেচেজ বা ফোন কৰিব৷ তাৰ পাছত আপোনাৰ উত্তৰ পালেই ৰিমট'ত লব পৰা( এটা বিশেষ এপৰ জৰিয়তে আপোনাৰ মবাইলত কি হৈ আছে,সকলো দেখা পায় থাকে) এপৰ জৰিয়তে আপোনাৰ একাউণ্টৰ ধনৰ হৰলুকি কৰি নিয়ে৷

গতিকে-
> চিম কাৰ্ড বন্ধ হোৱাৰ মেচেজ আহিলে, আপুনি ব্যৱহাৰ কৰি থকা এয়াৰটেল/জিঅ'/ ভডাফোনৰ কাষ্টমাৰ এপটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি নিজৰ অভিযোগ তাতহে কৰক৷

> এমাজন,ফ্লিপকাৰ্ট আদিৰ সামগ্ৰীক লৈ কিবা অভিযোগ থাকিলে এমাজন বা ফ্লিপকাৰ্টৰ এপত হে অভিযোগ কৰক৷ গুগোলত চাৰ্চ কৰি পোৱা কাষ্টমাৰ কেয়াৰৰ নম্বৰটো কোনোবা দুষ্টচক্ৰৰো হ'ব পাৰে৷

> কোনো কাষ্টমাৰ কেয়াৰে ফোনত আপোনাক OTP বা পাচৱৰ্ড নিবিচাৰে৷ যদি বিচাৰিছে,সেয়া ঠগৰ বাদে আন একো নহয়৷

>ইয়াৰ লগতে আপোনাৰ ঘৰত মবাইলৰ টাৱাৰ বহুৱাবলৈ ফোন কৰা বা যোগাযোগ কৰা ব্যক্তিৰ লগত কথা পতাৰ সময়তো সাৱধান হওঁক৷ কোনোবাই মবাইল টাৱাৰ বহুৱাৰ অনুমতি বিচাৰি আহিলে প্ৰথমে সেই ব্যক্তিজনৰ বিভাগীয় আই কাৰ্ড আছেনে নাই নিশ্চিত হৈ লওঁক আৰু লেনদেন সম্পৰ্কীয় সকলো কাগজ পত্ৰৰ সকলো কাম কোম্পানীৰ অফিচত হে কৰক৷

১২) টেক্স ফাইলিঙৰ ঠগ : টেক্স, জি এছ টি আদি আজিকালি অনলাইনতে ফাইলিং কৰিব পাৰি৷ আপুনি নিজে ভালকৈ নাজানিলে CA বা টেক্স কনচালটেণ্টৰ সহায় লওঁক৷ মেইলত পোৱা যি কোনো ধৰণৰ লিংকত ক্লিক কৰি অযথা বিপদ মাতি নানিব৷

শেষত এটা কথা পুনৰ উল্লেখ কৰিম,কোনো কাৰণতেই ফোনৰ যোগেদি অন্যক নিজৰ একাউণ্ট নম্বৰ, মেচেজত অহা OTP, আধাৰ নম্বৰ, এ টি এম কাৰ্ডৰ সবিশেষ কেতিয়াও নিদিব৷ মনত ৰাখিব আপোনাৰ বেংক একাউণ্ট বা চিম কাৰ্ড কাৰণ অবিহনে কেতিয়াও বন্ধ কৰি নিদিয়ে আৰু ইমান এটা সংবেদনশীল বিষয়ৰ ক্ষেত্ৰত নিজে বেংক বা টেলিফোন কোম্পানীৰ কাৰ্য্যালয়ত গৈ খবৰ কৰাটোৱে আপোনাৰ বাবে বুদ্ধিয়কৰ কাম হ'ব৷

আপোনাৰ লগতে পৰিয়ালৰ কোনোবা,বন্ধু বান্ধৱৰ লগত অনলাইনত এনেধৰণৰ ঠগবাজী হৈছে, ঘটনাটো হোৱাৰ প্ৰথম ২৪ ঘণ্টাৰ ভিতৰতে অসম পুলিচৰ চাইবাৰ ক্ৰাইম বিভাগক ১৫৫২৬০ নম্বৰত যোগাযোগ কৰক৷ সতৰ্ক হৈ থাকক,সজাগ হৈ থাকক৷
লেখক তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰত কৰ্মৰত, ঠিকনাঃ জাগী গাওঁ,মৰিগাওঁ,অসম, দূৰভাষ-৯৫৭৭৮৬৩১৩৯

No comments:

Post a Comment