প্ৰৱন্ধঃ ‘তেজ দিম তেল নিদিওঁ’ শ্লোগানৰ পৰা হাইড্ৰ’কাৰ্বন ভিছন ২০৩০ লৈ :: দীপাংকৰ মল্ল বৰুৱা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ ‘তেজ দিম তেল নিদিওঁ’ শ্লোগানৰ পৰা হাইড্ৰ’কাৰ্বন ভিছন ২০৩০ লৈ :: দীপাংকৰ মল্ল বৰুৱা

প্ৰৱন্ধঃ ‘তেজ দিম তেল নিদিওঁ’ শ্লোগানৰ পৰা হাইড্ৰ’কাৰ্বন ভিছন ২০৩০ লৈ :: দীপাংকৰ মল্ল বৰুৱা

Share This
‘তেজ দিম তেল নিদিওঁ’ শ্লোগানৰ পৰা হাইড্ৰ’কাৰ্বন ভিছন ২০৩০ লৈ
দীপাংকৰ মল্ল বৰুৱা
‘তেজ দিম তেল নিদিওঁ’ শ্লোগানৰ পৰা হাইড্ৰ’কাৰ্বন ভিছন ২০৩০ লৈ দীপাংকৰ মল্ল বৰুৱা
অসম আন্দোলনৰ সময়ত তেজপুৰৰ সংগ্ৰামী দুলাল শৰ্মাই নিজৰ বুকুৰ তেজেৰে গুৱাহাটীৰ ৰাজপথত লিখিছিল 'তেজ দিম তেল নিদিওঁ’। সেই সময়ত এই ‘তেজ দিম, তেল নিদিওঁ’ শ্লোগানেৰে উদ্ধুদ্ধ হৈ অসমৰ পৰা বৰ্হিৰাজ্যলৈ খাৰুৱা তেলৰ সৰবৰাহ বন্ধ কৰাৰ দাবীৰে হেজাৰ হেজাৰ মানুহ ৰাজপথলৈ ওলাই আহিছিল।
‘তেজ দিম তেল নিদিওঁ’ শ্লোগানৰ পৰা হাইড্ৰ’কাৰ্বন ভিছন ২০৩০ লৈ দীপাংকৰ মল্ল বৰুৱা
এতিয়া সময় সলনি হ’ল। লুইতৰ বুকুৰে বহুত পানী বাগৰি গ’ল। এসময়ত অসমৰ পৰা খাৰুৱা তেল বিহাৰৰ বাৰাউনি শোধনাগৰলৈ লৈ যোৱা হৈছিল। কিন্তু এতিয়া অসমৰ বঙাইগাঁও আৰু গুৱাহাটী শোধনাগাৰৰ কাৰণে বাৰাউনিৰ পৰাহে খাৰুৱা তেল অসমলৈ আহে। নুমলীগড় শোধনাগাৰ স্থাপন হোৱাৰ পাছত অসমৰ তেলেৰে অসমৰ সকলো শোধনাগাৰৰ চাহিদা পূৰণ কৰাটো অসম্ভৱ হৈ পৰিল আৰু সেয়েহে যিডাল পাইপলাইনেৰে খাৰুৱা তেল অসমৰ বাহিৰলৈ পঠোৱা হৈছিল, সেই একেডাল পাইপলাইনেৰে খাৰুৱা তেল বৰ্হিৰাজ্যৰ পৰা অসমলৈ অনাৰ ব্যৱস্থা হ’ল।

অসমৰ ডিগবৈত ভাৰতৰ প্ৰথম খাৰুৱা তেলৰ উদ্ঘাটন হোৱাৰ ইতিহাস কম বেছি পৰিমাণে আমি সকলোৱে জানো। খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ অসমত যথেষ্ট পৰিমাণে উত্পাদন হোৱাৰ কাৰণে অসমত কেইবাটাও পেট্ৰ’লিয়াম উদ্যোগ গঢ়ি উঠিছে। ডিগবৈ শোধনাগাৰ বৃটিছৰ সময়তে ১৯০১ চনত স্থাপন হৈছিল আৰু এই শোধনাগাৰে এতিয়া বিশ্বৰ প্ৰাচীনতম কাৰ্যক্ষম শোধনাগাৰৰ ঐতিহ্য বহন কৰি আছে। অসমৰ তৈল অন্বেষণ আৰু উদ্ঘাটনৰ কামত দুটাকৈ ৰাজহুৱা খণ্ডৰ প্ৰতিস্থান অইল ইণ্ডিয়া লিমিটেড (OIL) তথা তেল আৰু প্ৰাকৃতিক গেছ আয়োগ (ONGCL) ব্ৰতী হৈ আছে। ভাৰতীয় তেল নিগমৰ (IOCL) অধীনত আছে ডিগবৈ, গুৱাহাটী আৰু বঙাইগাঁও শোধনাগাৰ। অসম চুক্তিৰ ফলশ্ৰুতিত নুমলীগড় শোধনাগাৰ লিমিটেডে (NRL) ১৯৯৯ চনত নুমলীগড়ত এটা উচ্চ শোধনক্ষমতাযুক্ত শোধনাগাৰ স্থাপন কৰিছে। সেইদৰে প্ৰাকৃতিক গেছৰ আধাৰত অসমত গেছ ক্ৰেকাৰ প্ৰকল্প, তাপ বিদ্যুত কেন্দ্ৰ, সাৰ কাৰখানা, পেট্ৰ’ কেমিকেল উদ্যোগ আদি স্থাপিত হৈছে। এই উদ্যোগসমূহত প্ৰত্যক্ষ বা পৰোক্ষভাৱে কাম কৰি বা উদ্যোগসমূহৰ লগত ব্যৱসায়িকভাৱে জড়িত হৈ অসমৰ হেজাৰ হেজাৰ মানুহে জীৱিকা নিৰ্বাহ কৰিছে। ২০২০ চনৰ তথ্য অনুসৰি উত্তৰ পূৰ্বাঞ্চলত থকা তৈল কোম্পানীসমূহত প্ৰায় সোতৰ হাজাৰ বিষয়া কৰ্মচাৰী প্ৰত্যক্ষভাৱে কৰ্মৰত হৈ আছে।

আজি কেইদিনমানৰ আগতে অসমৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীয়ে এখন প্ৰেছমেলত অসমত তৈল উদ্যোগৰ গুৰুত্বৰ বিষয়ে কেইটামান অতি দৰকাৰী মন্তব্য কৰিছে। অসমত থকা তৈল উদ্যোগসমূহে অসমৰ ৰাজকোষলৈ প্ৰতিবছৰে সন্তোষজনক বৰঙণি আগবঢ়াই আহিছে। মুখ্যমন্ত্ৰীয়ে দিয়া হিচাপ মতে অসমৰ তৈল উদ্যোগৰ পৰা প্ৰায় চৈধ্য হাজাৰ কোটি টকা অসম চৰকাৰৰ হাতলৈ আহে, যি ধন ৰাজ্যখনৰ পৰিচালনা আৰু উন্নয়নৰ কাৰণে অত্যন্ত আৱশ্যকীয় আৰু গুৰুত্বপূৰ্ণ। যোৱা ২০১৯-২০ বিত্তীয় বছৰত অসমে তৈল উদ্যোগৰ পৰা ৰয়েল্টি, কৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ অনুদান ধৰি প্ৰায় সোতৰ হাজাৰ কোটি টকা লাভ কৰিছিল আৰু এয়া ৰাজ্যখনৰ বাৰ্ষিক বাজেটৰ প্ৰায় কুৰি শতাংশ আছিল। যিসময়ত অসম ঔদ্যোগীকৰণত ভাৰতৰ আন ৰাজ্যতকৈ বহুগুণে পিছপৰি আছে, ব্যক্তিখণ্ডৰ উদ্যোগপতিৰ কোনো বৃহত্‍ বিনিয়োগ এতিয়াও অসমত হোৱা নাই, অসমত স্থাপন হোৱা চৰকাৰী খণ্ডৰ বহুতো উদ্যোগ মৃত্যুমুখত পৰিছে, সেইসময়ত কেৱল তৈল উদ্যোগে অসম চৰকাৰৰ ৰাজকোষলৈ বিপুল পৰিমাণৰ অৰিহণা আগবঢ়াই অহাটো মন কৰিবলগীয়া। সেয়েহে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ ওপৰত নিৰ্ভৰশীল উদ্যোগসমূহ সুকলমে চলি থকাটো আমাৰ ৰাজ্যখনৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ সেয়া বহলাই কোৱাৰ প্ৰয়োজন নাই।

আজি কিছুদিনৰ পৰা ULFA (সংযুক্ত মুক্তিবাহিনী অসম) স্বাধীনৰ দ্বাৰা অসমৰ তৈল উদ্যোগত কৰ্মৰত বিষয়া কৰ্মচাৰীক অপহৰণ কৰি নিয়াৰ কেইটামান ঘটনা সংঘটিত হৈছে। কেইমাহমানৰ আগতে অৰুণাচলৰ পৰা আলফা স্বাধীনে অইল ইণ্ডিয়া লিমিটেডৰ বাবে কাম কৰি থকা কুইপ’ নামৰ এটা ব্যৱসায়িক প্ৰতিস্থানৰ পৰা দুজন কৰ্মচাৰীক অপহৰন কৰিছিল। মনকৰিবলগীয়াযে সেই কৰ্মচাৰী দুজনক মুকলি কৰি দিয়াৰ বাবদ আলফাই বৃহত্‍ পৰিমাণৰ মুক্তিপণ দাবী কৰিছিল। পাছলৈ মধ্যস্থতাকাৰীৰ সহায়ত যেনিবা দুয়োজনে অগা পিছাকৈ মুকলি হ’লগৈ। এইটো অপহৰণৰ উত্কণ্ঠা মাৰ নৌযাওঁতেই আলফাই আকৌ অপহৰণ কৰিলে ONGCL ত কৰ্মৰত তিনিজন অসমীয়া যুৱকক। তাৰে দুজনক সেনাবাহিনীয়ে অভিযান চলাই উদ্ধাৰ কৰে আৰু আনজন ৰিতুল শইকীয়াক শেহতীয়াকৈ আলফা স্বাধীনে মুকলি কৰি দিছে। এই বিষয়ে বিস্তৃত প্ৰতিবেদন বাতৰি কাকতত প্ৰকাশ পাইছে।

অপহৃত হৈ থকা আটাইকেইজন পণবন্দী মুকলি হৈ অহাটো নিশ্চয় এটা ভাল খবৰ। কিন্তু এই কথাৰ নিশ্চয়তা এতিয়াও নাইযে এনে ঘটনা পুনৰ সংঘটিত নহ’ব। উগ্ৰপন্থী সংগঠনসমূহে মুক্তিপণ সংগ্ৰহৰ লক্ষৰে উদ্যোগ প্ৰতিস্থানত কৰ্মৰত বিষয়া কৰ্মচাৰীক অপহৰণ কৰাটো নতুন কথা নহয়। এইদৰে তৈলক্ষেত্ৰৰ পৰা বিষয়া কৰ্মচাৰীক আলফা স্বাধীনে অপহৰণ কৰা কাৰ্যই অসমৰ তৈল উদ্যোগৰ লগত জড়িত হেজাৰ হেজাৰ মানুহক ভীতিগ্ৰস্থ কৰি তুলিছে। যিসকল বিষয়া কৰ্মচাৰীয়ে অশেষ কষ্ট আৰু অধ্যাৱসায়েৰে অসমৰ তৈলক্ষেত্ৰ কাৰ্যক্ষম আৰু উত্পাদনশীল কৰি ৰাখিছে, সেইসকল উগ্ৰপন্থী সংগঠনৰৰ আক্ৰমণৰ লক্ষ হোৱাটো নিশ্চয়কৈ অতি পৰিতাপৰ কথা। আমি এটা কথা মনত ৰাখিব লাগিবযে এনেবোৰ কাৰ্যৰ কাৰণে তৈল উদ্যোগ ক্ষতিগ্ৰস্থ হ’লে আমাৰ ৰাজ্যখনত তাৰ আৰ্থ সামাজিক প্ৰভাৱ সুদূৰপ্ৰসাৰী হ’ব।

অসম যদিও খনিজ সম্পদত দেশৰ ভিতৰতে অন্যতম চহকী ৰাজ্য, কিন্তু আমাৰ ৰাজ্যখনৰ পৰা খাৰুৱা তেল উত্পাদনৰ হাৰ এতিয়া নিম্নমুখী হৈছে। অৱশ্যে প্ৰাকৃতিক গেছৰ উত্পাদন সামান্য পৰিমাণে বৃদ্ধি হৈছে। ভূগৰ্ভত সঞ্চিত সম্পদৰ পৰিমাণ সীমিত হোৱাৰ কাৰণে এই সম্পদৰ পুনৰ নবীকৰণ কৰাটো সম্ভৱ নোহোৱাৰ বাবে সময়ৰ লগে লগে হাইড্ৰ’কাৰ্বনৰ (খাৰুৱা তেল আৰু প্ৰাকৄতিক গেছ) উত্পাদন হ্ৰাস হোৱাটো এক স্বাভাৱিক প্ৰক্ৰিয়া। তৈল অন্বেষণ কৰা কোম্পানীসমূহে নতুন নতুন তৈলক্ষেত্ৰৰ সন্ধান অব্যাহত ৰাখিছে যদিও উত্পাদনৰ হাৰ উৰ্ধমুখী কৰাত বিশেষ সফল হ’ব পৰা নাই। গতিকে আজি কিছু বছৰৰ পাছত অসমৰ হাইড্ৰ’কাৰ্বনৰ উত্পাদন যথেষ্ট পৰিমাণে কমি যোৱাৰ আশংকা ঘনীভূত হৈছে। সেয়েহে তৈল উদ্যোগৰ ভৱিষ্যতৰ বাবেও অশনি সংকেটৰ সৃষ্টি হৈছে। স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে, অসমত তেল আৰু গেছৰ উত্পাদন কমি গ’লে অসমৰ শোধনাগাৰ সমূহৰ কি হ’ব? অসমত তেল আৰু গেছৰ ওপৰত নিৰ্ভৰশীল উদ্যোগসমূহ বন্ধ হৈ যাব নেকি? প্ৰাকৃতিক গেছৰ ওপৰত নিৰ্ভৰশীল চাহ বাগানসমূহ মৃত্যুৰ গৰাহত পৰিব নেকি? অসমৰ উন্নয়ন বহু পৰিমাণে পিছ পৰি যাব নেকি?

পিছে আশাব্যঞ্জক কথা এয়েযে অসমত হাইড্ৰ’কাৰ্বনৰ উত্পাদন কমি আহিলেও কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলক দক্ষিণ পূব এছিয়াৰ হাইড্ৰ’কাৰ্বন উদ্যোগৰ অভিকেন্দ্ৰ ৰূপে গঢ়ি তোলাৰ উদ্দেশ্যেৰে ২০১৫ চনত ‘হাইড্ৰ’কাৰ্বন ভিছন ২০৩০’ ঘোষণা কৰিছে। এই আঁচনিৰ অধীনত অসমত হাইড্ৰ’কাৰ্বন উদ্যোগৰ ভৱিষ্যত্‍ সুনিশ্চিত কৰাৰ বাবে দীৰ্ঘকালিন পৰিকল্পনা কৰা হৈছে। মনকৰিবলগীয়াযে ভূ-বৈজ্ঞানিক সমীক্ষা আৰু অধ্যয়নৰ পৰা জানিব পৰা গৈছেযে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ হাইড্ৰ’কাৰ্বন ভাণ্ডাৰৰ পৰিমাণ ৫০৪০ নিযুত মেট্ৰিকটন আৰু ইয়াৰে মাত্ৰ ৪৪% হে এতিয়ালৈ উত্পাদন কৰা হৈছে। অসম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশত হাইড্ৰ’কাৰ্বন উত্পাদন বহুবছৰৰ পৰা চলি আছে যদিও মিজোৰাম, মণিপুৰ আৰু নাগালেণ্ডত থকা হাইড্ৰ’কাৰ্বন ভাণ্ডাৰ এতিয়াও উদ্ঘাটন হ’বলৈ বাকী আছে। উত্তৰ পূৰ্বাঞ্চলৰ চুবুৰীয়া দেশ বাংলাদেশ আৰু ম্যানমাৰৰ পৰাও হাইড্ৰ’কাৰ্বন উত্তৰ পূৰ্বাঞ্চললৈ আমদানি কৰাৰো পৰিকল্পনা কৰা হৈছে।

‘হাইড্ৰ’কাৰ্বন ভিছন ২০৩০’ৰ যোগেদি উত্তৰ পূৰ্বাঞ্চলত পেট্ৰ’লিয়াম উদ্যোগৰ পৰিকাঠামো শক্তিশালীকৈ গঢ় দিয়াৰ পৰিকল্পনা কৰা হৈছে। এই পৰিকল্পনাৰ অংশ হিচাপে নুমলীগড়, গুৱাহাটী আৰু বঙাইগাঁও শোধনাগাৰৰ শোধন ক্ষমতা বৃদ্ধি কৰা হ’ব। আটাইতকৈ মন কৰিবলগীয়া হ’ল নুমলীগড় শোধনাগাৰৰ শোধন ক্ষমতা তিনি নিযুত মেট্ৰিকটনৰ পৰা ন নিযুত মেট্ৰিকটনলৈ (তিনি গুণ) বৃদ্ধি কৰাৰ ব্যৱস্থা কৰা হৈছে। নুমলীগড় শোধনাগাৰৰ এই বৰ্ধিত ক্ষমতাৰ চাহিদা পূৰণ কৰিবলৈ উৰিষ্যাৰ পাৰাদ্বীপৰ পৰা শিলিগুড়ি হৈ নুমলীগড়লৈকে প্ৰায় ২২০০ কিল'মিটাৰ দৈৰ্ঘ্যৰ পাইপলাইন বহুওৱাৰ প্ৰাৰম্ভিক কাম কাজ আৰম্ভ হৈছে। সেইদৰে প্ৰাকৃতিক গেছৰ যোগান বৃদ্ধি কৰিবলৈ বাৰাউনিৰ পৰা শিলিগুড়ি আৰু গুৱাহাটী হৈ নুমলীগড়লৈ প্ৰায় ১১০০ কিল'মিটাৰ দৈৰ্ঘ্যৰ গেছ পাইপলাইন বহুওৱাৰ কাম পূৰ্ণগতিত আগবাঢ়িছে। উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যক ৰাষ্ট্ৰীয় গেছ গ্ৰিডৰ লগত সংযোজিত কৰাৰ উদ্দেশ্যে উত্তৰ পূৰ্বাঞ্চলত কৰ্মৰত পাঁচটা ৰাজহুৱা খণ্ডৰ পেট্ৰ’লিয়াম কোম্পানীৰ অংশদাৰিত্বৰে ইন্দ্ৰধনুষ গেছ গ্ৰিড লিমিটেড নামৰ এটা যৌথ খণ্ডৰ কোম্পানী গঠন কৰা হৈছে আৰু এই কোম্পানীটোৰ কাম কাজো দ্ৰুতগতিত আগবাঢ়িছে।

শোধন ক্ষমতা বৃদ্ধি হোৱাৰ পাছত বঙাইগাঁও শোধনাগাৰলৈ অতিৰিক্ত প্ৰাকৃতিক গেছ যোগানৰ বাবে ত্ৰিপুৰাৰ আগৰতলাৰ পৰা শিলচৰ আৰু ছিলং হৈ বঙাইগাওঁলৈ নতুন গেছ পাইপলাইন নিৰ্মানৰ পৰিকল্পনা কৰা হৈছে। সেইদৰে বাংলাদেশৰ পৰা প্ৰাকৃতিক গেছ আগৰতলালৈ আৰু ম্যানমাৰৰ পৰা প্ৰাকৃতিক গেছ শিলচৰলৈ পাইপলাইন যোগে সংযোগ কৰাৰ পৰিকল্পনা কৰা হৈছে। নুমলীগড়ৰ পৰা ডেৰগাওঁ, ডিমাপুৰ হৈ কোহিমালৈ, কোহিমাৰ পৰা ইম্ফললৈ, গুৱাহাটীৰ পৰা গহপুৰ হৈ ইটানগৰলৈ, গুৱাহাটীৰ পৰা লামডিং হৈ আইজললৈ, গুৱাহাটীৰ পৰা ছিলং হৈ শিলচৰ হৈ আগৰতলালৈ বিভিন্ন দৈৰ্ঘ্যৰ পাইপলাইন নিৰ্মানৰ পৰিকল্পনা কৰা হৈছে। এই পাইপলাইন নেটৱৰ্ক সংস্থাপিত হোৱাৰ পাছত সম্পূৰ্ণ উত্তৰ পূৰ্বাঞ্চল এহাতে ৰাষ্ট্ৰীয় গেছ গ্ৰিড আৰু আনহাতে চুবুৰীয়া দেশ বাংলাদেশ আৰু ম্যানমাৰৰ গেছ গ্ৰিডৰ লগত সংযোজিত হ’ব। পাইপলাইনৰ বিশাল নেটৱৰ্ক স্থাপন হোৱাৰ পাছত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত প্ৰাকৃতিক গেছ সহজলভ্য হৈ পৰিব আৰু প্ৰাকৃতিক গেছৰ ওপৰত নিৰ্ভৰশীল বহুতো ভটিয়নী উদ্যোগ গঢ়ি উঠাৰ পূৰ্ণ সম্ভাৱনা আছে। উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো মুখ্য চহৰত ঘৰে ঘৰে ৰন্ধন গেছৰ যোগান ধৰিবলৈও পৰিকল্পনা কৰা হৈছে আৰু এই উদ্দেশ্যে পূৰ্ব ভাৰতী গেছ গ্ৰিড লিমিটেড নামৰ আন এটা যৌথ খণ্ডৰ উদ্যোগৰ কাম কাজ আৰম্ভ হৈছে।

‘হাইড্ৰ'কাৰ্বন ভিছন ২০৩০’ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এক আশাৰ কিৰণ বুলিব পাৰি। কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনি সফল হ'লে উত্তৰ পূৰ্বাঞ্চল সমগ্ৰ দেশৰ হাইড্ৰ’কাৰ্বন উদ্যোগৰ প্ৰাণকেন্দ্ৰ হৈ পৰিব। ঘৰুৱা উত্পাদনৰ লগতে বৰ্হিৰাজ্য আৰু চুবুৰীয়া দেশৰ পৰা হাইড্ৰ’কাৰ্বনৰ যোগান আৰম্ভ হ’লে অসম তথা উত্তৰ পুৰ্বাঞ্চলত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ উভৈনদী হৈ পৰিব বুলি আশা কৰা হৈছে। হাইড্ৰ’কাৰ্বনৰ সহজলভ্যতাই বৰ্তমানে থকা উদ্যোগসমূহক সকাহ দিয়াৰ লগতে তেল আৰু গেছ নিৰ্ভৰশীল নতুন উদ্যোগৰ বাট মুকলি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। উত্তৰ পূৰ্বাঞ্চল তেল আৰু গেছৰ প্ৰাণকেন্দ্ৰ ৰূপে গঢ়ি উঠিলে আমাৰ নিবনুৱা সমস্যা বহু পৰিমাণে লাঘৱ হোৱাৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নো খৰতকীয়া হ'ব বুলি আশা কৰিব পাৰি।

পিছে অসমৰ তৈলক্ষেত্ৰৰ ক্ষতি কৰিব পৰা যিকোনো কাৰ্যই হাইড্ৰ’কাৰ্বন ভিছন ২০৩০ বাধাগ্ৰস্থ কৰিব পাৰে। কোনো উগ্ৰপন্থী সংগঠনৰ অযুক্তিকৰ দাবী ধমকিয়েও তৈলখণ্ডৰ উদ্যোগৰ কাম কাজৰ পৰিৱেশ বিঘ্নিত কৰে। অসমত এতিয়া সক্ৰিয়ভাৱে থকা উদ্যোগসমূহ ক্ষতিগ্ৰস্থ হ’লে নতুন উদ্যোগ স্থাপনৰ বাবে আগ্ৰহী বিনিয়োগকাৰীৰ অভাৱ হ’ব। সেয়েহে অসমৰ নৱ নিৰ্বাচিত চৰকাৰখনে তৈল উদ্যোগৰ কাম কাজ আৰু নতুন প্ৰকল্প সমূহ যাতে কোনো প্ৰকাৰে বাধাগ্ৰস্থ নহয় তাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাটো সময়ৰ দাবী। সেইদৰে তৈল উদ্যোগৰ লগত জড়িত কোম্পানীসমূহেও ৰাজ্যখনৰ আৰ্থসামাজিক উন্নয়নৰ কাৰণে উদাৰহস্তে অনুদান আগবঢ়াই সামাজিক দায়বদ্ধতাৰ পৰিচয় দিয়া উচিত। ‘তেজ দিম তেল নিদিওঁ’ শ্লোগান আওৰোৱা সময়ৰ পৰা বহুদূৰ আগবাঢ়ি এতিয়া হাইড্ৰ’কাৰ্বন ভিছন ২০৩০ আঁচনিৰ সাকাৰ ৰূপ দিয়াৰ দিশে আগবাঢ়িব পাৰিলেহে আমাৰ ৰাজ্যখনৰ মংগল হ’ব।
লেখকৰ নিজা ব্লগৰ ঠিকনাঃ https://likhoni.blogspot.com , লেখাটি নিয়মীয়া বাৰ্তা কাকততো প্ৰকাশ পাইছে। অসমীয়াৰ সুখ-দুখৰ পাতত প্ৰকাশিত লেখকৰ লেখা সমূহৰ একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/DIPANKAR%20MALLA%20BARUAH

No comments:

Post a Comment