আপুনিও 'আছাম বোৰ্ন কনফিউজড দেশী' নেকি?
শোণিত কুমাৰ গোস্বামী
অসমত জন্ম লৈ ইয়াৰে বতাহ-পানী খাই ডাঙৰ হোৱা সকলোকে অসমীয়া বুলি অভিহিত কৰিব পৰা যায়। অসমীয়াৰ এই সূত্ৰটো সাধাৰণ জ্ঞানৰ আধাৰত। কিন্তু এই ৰাজ্যতেই জন্ম লৈ এনে অনেক লোক আছে যিসকলে অসমীয়া শিপা বিচাৰি হাবাথুৰি খাবলগীয়া হয়। এই প্ৰজন্মই অসম-অসমীয়াৰ বাবে কিবা এটা চিন্তা কৰিলেও সেই চিন্তাত ইংৰাজী লালন-পালনৰ চাপ এটা আহি পৰে তাৰ ফলত বিশেষ আগবাঢ়িবলৈ সক্ষম নহয়। এই প্ৰজন্মক আছাম বোৰ্ন কনফিউজড দেশী (Assam Born Confused Deshi- চমুকৈ ABCD) আখ্যা দিব পৰা যায়। এই এবিচিডি প্ৰজন্মৰ বাবেই জাতিটো মূলত ভোগ সৰ্বস্ব জাতিলৈ পৰিগণিত হৈছে।
এই প্ৰজন্মৰ কথা উল্লেখ কৰিবলৈ যোৱাৰ আগতে এই সম্পৰ্কত কেতবোৰ আগকথা আগবঢ়োৱাটো উচিত হ'ব। অসম-অসমীয়াই সম্মুখীন হৈ থকা সমস্যাবোৰৰ ভিতৰত সবাতোকৈ বেছি উল্লেখিত সমস্যাটো হৈছে বিদেশী আগ্ৰাসন, আৰু এই সমস্যাটোৱে সৃষ্টি কৰা আনুষাংগিক সমস্যাটো ভাষাৰ সমস্যা, সংস্কৃতিৰ সমস্যাৰ ৰূপত আমাৰ আগত দেখি দি আহিছে। গতিকে মূল সমস্যাটোৱে ৰাজ্যখনত অন্য একাধিক সমস্যাৰ সৃষ্টি কৰি আহিছে বুলি অভিযোগ সঘনাই উত্থাপিত হয় আৰু এই কাৰণটোৰ বাবেই ৰাজ্যখনত মাজে মাজে আন্দোলন, হিংসাত্মক ঘটনা সংঘটিত হৈ আহিছে। বানপানী আদি প্ৰাকৃতিক দুৰ্যোগৰ সমস্যাতকৈ এই বিদেশী আগ্ৰাসন সমস্যাটো অসমৰ বাবে জটিল সমস্যা। বিশ্বত ভাষা আৰু সংস্কৃতিৰ বিলুপ্তিকৰণ প্ৰক্ৰিয়া অন্য এটা জাতিৰ আগ্ৰাসনৰ ফলতেই হৈ আহিছে। ইংৰাজী, স্পেনিছ, ফৰাচী, পৰ্তুগীজ আদি কেইটামান উদাহৰণ যিয়ে আফ্ৰিকা মহাদেশ আৰু এছিয়া মহাদেশৰ একাধিক ভাষাক গিলি পেলাইছে। আন্তঃদেশীয় পৰ্যায়ত ইংৰাজৰ শাসনকালত ভাৰতত আমি একাধিক ভাষা ইংৰাজীৰ আগ্ৰাসনৰ বাবে হেৰুৱাই পেলাইছোঁ। বাকী দেশীয় আঞ্চলিক ভাষাৰ ৰাষ্ট্ৰীয়কৰণ হোৱাৰ ৰাজনীতি এই দেশত নিৰন্তৰ চলি আছে। অসমৰ ক্ষেত্ৰটো সমস্যাটো বাঙালীৰ পৰা উৎপন্ন হৈছিল, মানে সংশয়ৰ, যেতিয়া এই ৰাজ্যত ইংৰাজৰ শাসনকালত অসমীয়াৰ সলনি ৰাজ্যিক ভাষা বাঙালী হৈ পৰিছিল আৰু স্বাধীন ভাৰতৰ এই ৰাজ্যত এতিয়াও একাধিক জিলাত অসমীয়াৰ লগতে বাঙালী ৰাজ্য ভাষায়েই হৈ আছে। সেয়া বাৰু যিয়েই নহওক, এতিয়াও বাঙালী কিম্বা বাঙালী মূলীয় ভাষাৰ লগতে ইংৰাজীৰ আধিপত্যবাদে অসমীয়া ভাষাৰ কথকীৰ সংখ্যা প্ৰায়েই নিঃশেষ কৰাৰ দিশে লৈ গৈ আছে।
এতিয়া আহিছোঁ মূল প্ৰসংগলৈ। অসমত ইংৰাজীৰ প্ৰচলন পূৰ্বৰ পৰাই আছে। ইয়াত হিন্দীৰ উপৰি ইংৰাজী এটা জনপ্ৰিয় মাধ্যম। ৰাজ্যখনৰ ল'ৰা-ছোৱালী শুদ্ধ উচ্চাৰণেৰে ইংৰাজী ক'ব জানে বুলি এটা সুবাদো আছে। উত্তৰ-পশ্চিম ভাৰত মূলত দিল্লী, মুম্বাইত উত্তৰ পূব ভাৰতৰ (অসম সমণ্বিতে উত্তৰ-পূৰ্বাঞ্চলৰ সমূহ ৰাজ্য) মানুহে ভাল ইংৰাজী কয় বুলি এটা সুবাদ আছে। এই যহতে উত্তৰ-পূবৰ ল'ৰা-ছোৱালীবোৰে তাত কৰ্মসংস্থাপন লাভ কৰিবলৈও সক্ষম হৈছে, নাম কৰিবলৈ সক্ষম হৈছে। এয়া ভাল কথা। কিন্তু সমস্যাটো সেইখিনিত নহয়, অন্য এঠাইতহে আছে। অসমীয়া শিক্ষাৰ্থীয়ে ভাল ইংৰাজী জানে মানে যি বিদ্যালয়ৰ মাধ্যমত তেওঁ শিক্ষা লাভ কৰিছে সেই মাধ্যমবোৰ কটকটীয়া ইংৰাজ ষ্টাইলত (ইংৰাজ প্ৰশাসক মেককুলেই প্ৰবৰ্তন কৰি থৈ যোৱা শিক্ষা পদ্ধতি) চলি থাকে বাবে এই স্কুলবোৰৰ পৰা শিক্ষা লোৱা অধিকাংশ (একাংশৰ অৱশ্যে ঘৰত উচিত শিক্ষা থাকে) শিক্ষাৰ্থী পাছলৈ এক ৰৱটসমদৃশ জীৱন নিৰ্বাহ কৰাৰ বাবে বাধ্য হৈ পৰে। অসমীয়া ভাষাৰ নূন্যতম জ্ঞানৰ অভাৱ বা অসমীয়া ভাষাৰ মহত্ব উপলব্ধি কৰিব নোৱাৰাৰ বাবে পাছলৈ এওঁলোকে অসমীয়া জাতিৰ হৈ বা অসমীয়া ভাষাৰ হৈ অৰিহনা আগবঢ়াব পৰা ক্ষমতা পোৱাৰ পাছতো একো কৰিব নোৱাৰা হৈ পৰে। উদহাৰণস্বৰূপে, স্কুলীয়া পৰ্যায়ত আৰ্চি কমিকচ বা গোথাম চহৰৰ স্বপ্নৰ পৃথিৱীত বন্দী হৈ থকা শিশুটিয়ে ৰংমন বা বুঢ়ী আইৰ সাধু উপলব্ধি কৰিব নোৱাৰে ঠিক তেনেদৰে ৰক ষ্ট্ৰীট জাৰ্নেল বা হেৰী পটাৰ ছিৰিজ আদি পঢ়া শিক্ষাৰ্থীয়ে অসমীয়া জনজীৱনৰ চৰিত্ৰৰ মাধ্য়মত স্বপ্ন দেখিবলৈ হাবাথুৰি খাবলগীয়া হয়। শেষলৈ শিক্ষাৰ বোজা কঢ়িয়াই প্ৰতিযোগিতাত পৰি এওঁলোক এবিচিডি হৈ যায়। জীৱনটো কেৱল কাম কৰি ধন ঘটি দায়িত্ব সামৰা নাগৰিকলৈ পৰিৱৰ্তিত হৈ পৰে।
যদিহে এনে নহ’লহেঁতেন তেন্তে আজি অসমীয়া ভাষা সংস্কৃতিয়ে অন্য এক শিখৰ চুবলৈ সক্ষম হ’লহেঁতেন। কিয়নো অসমীয়া শিক্ষাৰ্থী ইউৰোপ-আমেৰিকাত উচ্চ আসনত অধিষ্ঠিত হোৱাৰ লগতে কাৰিকৰী প্ৰতিষ্ঠানবোৰত থকাৰ পাছতো আজিও আমি গুগুলত অসমীয়া বিচাৰি নাপাওঁ(বাংলাৰ বাবে)। ভাৰত চৰকাৰৰ প্ৰকাশন বিভাগে প্ৰকাশ কৰা নিয়োগ বাৰ্তা (এম্প্লয়মেন্ট নিউজ) এটা সময়ত অসমীয়া ভাষাতো প্ৰকাশ হৈছিল, এতিয়া নাই। বৰ্তমান ছপা হৈ থকা যোজনাৰ অসমীয়া সংস্কৰণ পয়োভৰা পঢ়া পঢ়ুৱৈ তেনেই নগন্য। ৰাষ্ট্ৰীয় ছপা সংবাদ মাধ্যমৰ ৱেবচাইটবোৰ অন্য আঞ্চলিক ভাষাত আছে কিন্তু অসমীয়াত নাই। এনেকুৱা অনেক উদাহৰণ চাৰিওফালে আছে। এবিচিডি প্ৰজন্মৰ নিজৰ ভাষা-সংস্কৃতিৰ ক্ষেত্ৰত থকা দুৰ্বল স্থিতিৰ বাবেই এনে হৈ আহিছে।
জাতীয়বোধৰ প্ৰশ্ন অসমীয়াই উত্থাপন কৰিলে সেই অসমীয়াক অন্য একাধিক অসমীয়াই এটা লেবেল লগাই দিয়ে আৰু ধিক্কাৰ দিয়ে কিন্তু এই একেই অসমীয়াই আকৌ ইউৰোপৰ দেশবোৰৰ উগ্ৰ জাতীয়বাদক সমৰ্থন জনায়। নিজৰটো বেয়া, আনৰটো ভাল বুলি কৈ ভাল পোৱা আমাৰ অসমীয়াই নিজৰ পৰিচয়টো ব্যক্ত নকৰাকৈ বিদেশত স্বাচ্ছন্দ্যৰে জীৱন অতিবাহিত কৰিবলৈ ভাল পায়। বাঙালী লোকে যিদৰে সকলোকে বাঙালী ফাৰ্ষ্ট মানে বাঙালীয়েই মূল বুলি দম্ভালি মাৰি সকলোকে বাঙালী কৰিবলৈ বিচাৰে তেনেকুৱা হোৱাৰ পৰা অসমীয়া লোক সহস্ৰ যোজন আঁতৰত। চৰকাৰী চাকৰিৰ পৰা আৰম্ভ কৰি ব্যৱসায় বাণিজ্যলৈ, সকলোতে বাঙালীয়ে সকলো বস্তুতেই বাঙালী ভাৱাপন্ন সৃষ্টিৰ বাবে উঠিপৰি লাগে কিন্তু আমাৰ অসমীয়াই (যিসকলে ক্ষমতাসম্পন্ন ঠাই অধিকাৰ কৰিবলৈ সক্ষম হৈছে) কেৱল জীৱন নিৰ্বাহৰ প্ৰশ্নটোৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া দেখা যায়। ইয়াৰ মাজত দুই এজন অসমীয়াৰ আশাশুধীয়া প্ৰচেষ্টা অসমীয়া ভাষা আৰু ইয়াৰ সৈতে জড়িত হৈ থকা জাতীয়বাদক লৈ অনেক প্ৰচেষ্টা হাতত লোৱাৰ বাবে আজি বিশ্বৰ দৰবাৰত অসমীয়াই এটা সুকীয়া পৰ্যায় লাভ কৰিবলৈ সক্ষম হৈছে। অসমীয়াই নিজৰ পৰিচয় উকমুকাই থকা অৱস্থাতো দিবলৈ সক্ষম হৈছে কিন্তু যদিহে এই এবিচিডি প্ৰজন্মও সমানেই সক্ৰিয় হ'লহেঁতেন তেন্তে অসম-অসমীয়াৰ স্থিতি নিশ্চিতভাৱেই অন্য এক উচ্চ পৰ্যায়ৰ হ'লহেঁতেন! আশা কৰোঁ এই হেঁতেনবোৰ এদিন নাইকীয়া হ'ব।
লেখক নতুন দিল্লী নিবাসী এগৰাকী জ্য়েষ্ঠ সাংবাদিক , ফোনঃ ৯৮৯৯৬৬০৫৮২,
তেখেতৰ আন আন প্ৰকাশিত লেখাৰ একত্ৰ লিংকঃ
No comments:
Post a Comment