মনৰ কথাঃ অসমীয়াক আত্ম-নিৰ্ভৰশীল হোৱাত বাধা দিছে কোনে? :: গৌতম বৰদলৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ অসমীয়াক আত্ম-নিৰ্ভৰশীল হোৱাত বাধা দিছে কোনে? :: গৌতম বৰদলৈ

মনৰ কথাঃ অসমীয়াক আত্ম-নিৰ্ভৰশীল হোৱাত বাধা দিছে কোনে? :: গৌতম বৰদলৈ

Share This
অসমীয়াক আত্ম-নিৰ্ভৰশীল হোৱাত বাধা দিছে কোনে? গৌতম বৰদলৈ, GAUTAM BORDOLOI, xukhdukh, অসমীয়াৰ সুখ-দুখ

 অসমীয়াক আত্ম-নিৰ্ভৰশীল হোৱাত বাধা দিছে কোনে?

গৌতম বৰদলৈ
(১)
আপোনালোক হয়তো জানি আচৰিত হব যে ফটোত দেখা  নাৰিকলবিলাক, এইবিলাক আচলতে কেৰেলাৰ পৰা অহা। অসমত নাৰিকল উৎপাদন নহয় নেকি? নিশ্চয় হয়। কিন্তু চাহিদা অনুপাতে নহয়। সেইকাৰণে নাৰিকল অন্য ৰাজ্যৰ পৰা আনিব লগা হৈছে।আমি সকলোৱেই জানো যে, অসমৰ সৰ্বাধিক নাৰিকল নগাওঁ আৰু মৰিগাৱৰ ফালে উৎপন্ন হয়। বেছিভাগ নাৰিকলৰ খেতি কৰে পূৰ্ববঙ্গৰ পৰা অহা মানুহে।
অসমীয়াক আত্ম-নিৰ্ভৰশীল হোৱাত বাধা দিছে কোনে? গৌতম বৰদলৈ, GAUTAM BORDOLOI, xukhdukh, অসমীয়াৰ সুখ-দুখ
অসমৰ মাছ আৰু শাক-পাছলিৰ বেছিভাগেই উৎপাদন কৰে পূৰ্ববঙ্গমূলীয় মানুহে,নগাৱতেই হওক, দৰঙতে হওক বা ধুবুৰীতেই হওক।তেওঁলোকেই অসমৰ বেছিভাগ শাকপাছলি আৰু মাছৰ থলুৱাভাৱে যোগান ধৰি আহিছে। এয়া বহুতৰ বাবে এক অপ্ৰিয় সত্য।
অৱশ্যে এই মানুহখিনি নথকা হ'লে হয়তো পৰিশ্ৰমী বিহাৰী মানুহে সেই ঠাই পূৰ কৰিলেহেঁতেন।

অসমৰ মূল বাণিজ্যিক চহৰ দুখন হৈছে গুৱাহাটী আৰু তিনিচুকীয়া। দুইখনতে ব্যৱসায় নিয়ন্ত্ৰণত ৰখা মানুহখিনি মূলতঃ ৰাজস্থান, বিহাৰ আৰু বঙ্গীয়মূলৰ। স্বাধীনতাৰ আঠটা দশক হ'বৰ হ'ল। কিন্তু বজাৰ দখলত আমাৰ অৱস্থান এতিয়াও বিশেষ নাই।

পেট্ৰলৰ দাম যিদৰে বাঢ়িছে, গাহৰিৰ দামো ঠিক তেনেদৰেই বাঢ়িছে। শাকপাছলিৰ দামো বাঢ়িছে, বিজুলীৰ বিলো বাঢ়িছে। গৰিষ্ঠ সংখ্যক মানুহৰ দৰমহা বা উপাৰ্জন তেনেকৈ বাঢ়িছে জানো? কেনেকৈ খাব? কেনেকৈ চলিব? কেনেকৈ জীয়াই থাকিব? স্বাৰ্থপৰতা, দুৰ্নীতি,অকৰ্মন্যতা আদিয়ে এটা জাতিক ক্ৰমশঃ দূৰ্বল কৰি তোলা নাইনে? আঢ়ৈশ টকা কিলোৰ গাহৰিৰ দাম হ'ল চাৰিশ টকা। বাহিৰৰ পৰা যদি গাহৰি অনা বন্ধ কৰি দিয়া হয়, তেন্তে পাঁচশ টকা হবলৈ বেছি সময় নেলাগিব। যদি পাঞ্জাবৰ মানুহৰ অসমৰ চাহপাত খোৱাত আপত্তি নাই, তেন্তে অসমৰ মানুহৰ পাঞ্জাবৰ গাহৰি খোৱাত কিয় আপত্তি থাকিব? আপত্তি নাই। আপত্তি আছে কিছু থলুৱা গাহৰিপালকৰ।

আচলতে আপত্তিৰ উৎস অন্য কৰবাতহে। যোৱাবছৰ চোৱাইন ফিভাৰ হৈ শ শ গাহৰি মৰিল। চৰকাৰে সক্ৰিয় পদক্ষেপ লোৱা চকুত নপৰিল। পদক্ষেপ নেদেখাৰ কেইবাটাও কাৰণ হ'ব পাৰে। যেনে বিষয়বস্তুৰ ওপৰত জ্ঞানৰ সীমাবদ্ধতা, বিষয়টো কিমান গুৰুত্বপূৰ্ণ তাৰ উপলব্ধিৰ অভাৱ বা গাহৰি পালনৰ জৰিয়তে যিসকল জড়িত হৈ আছে, সেই সকলক স্বাৱলম্বী কৰি তোলাৰ প্ৰতি অনীহা। ঠন ধৰি উঠা গাহৰি পালনৰ ব্যৱসায়টো এটা বেমাৰে মষিমূৰ কৰি পেলালে।

বিভিন্ন আঁচনিৰে কৰ্মসংস্থানহীন মানুহক পইচা দি থকা হয়। তেনেক্ষেত্ৰত ক্ষতিগ্ৰস্ত হোৱা গাহৰিপালক সকলক আৰ্থিক সাহায্যৰে সহায় কৰাৰ তৎপৰতা কিয় দেখা নগ'ল? চোৱাইন ফিভাৰ ৰোধৰ SOP কিয় দেখা নগ'ল? এনেদৰে থলুৱা অৰ্থনীতি কেনেকৈ ঠন ধৰি উঠিব?যদি ঋণ লৈ ধাৰ নমৰাসকলৰ হাজাৰ হাজাৰ কোটি টকাৰ বোজ চৰকাৰে ল'ব পাৰে, তেন্তে গাহৰি পালনেৰে আত্মনিৰ্ভৰশীল হৈ উঠিব খোজা মানুহবিলাকক কিয় তেনেদৰে সক্ৰিয়ভাৱে আৰ্থিক সহায় দিব নোৱাৰে?

বৰ্হিঃৰাজ্যৰ কিছু ব্যৱসায়ীৰ অসততাৰ বাবে তথা দূৰণিবটীয়া যাত্ৰাৰ বাবে অন্ধ্ৰৰ মাছত গেলা মাছ সোমাই থাকে, কণীৰ মাজত ঘোলা কণী সোমাই থাকে, তেনেকৈ পোক লগা গাহৰিও গাহৰিৰ ট্ৰাকৰ মাজত সোমাই থাকে। অসততা কিয় নহ'ব? যদি অসমত ট্ৰাক সোমোৱাৰ পিছত আল্নাক পাঁচশ দিব লগা হয়,ফাল্নাক পাঁচশ দিব লগা হয়, সেই উৎকোচখিনি বহিৰাজ্যৰ ব্যৱসায়ীয়ে ক'ৰ পৰা মোকলাব? তাৰোপৰি, গেলা ঘোলা সামগ্ৰী বজাৰত মেলি দিবলৈ কোনে অনুমতি দিয়ে? উন্নত দেশলৈ ফল এটাকে ৰপ্তানি কৰকচোন। তিল মাত্ৰ বিষাক্ত সাৰৰ অৱস্থিতিৰ সন্ধান পালেই সেই ফলৰ আমদানি নিষিদ্ধ কৰি দিয়া হয়। সেইবিলাক দেশত কাৰ্বাইদ দি পকোৱা কল কোনোবাই বেচিব পাৰিবনে?

আমাৰেই এচামৰ অকৰ্মন্যতা আৰু অসততাৰ বাবে আজি আমাৰ ৰাইজে হানিকাৰক শাকপাছলি , ঘোলা কণী ,গেলা মাছ আৰু পোক লগা মাংস খাব লগা হৈছে। মই অৱশ্যে নেখাওঁ। মাছ,কুকুৰা,হাঁহ,কণী,কিছু পৰিমাণে শাকপাছলি নিজেই উৎপাদন কৰি থাকোঁ। নলবাৰী ,বৰপেটা আদি বাদ দি কোন কোন অসমীয়া প্ৰধান জিলা খেতিয়ে বাতিয়ে মাছে মঙহে নদন বদন হৈ থকা আপুনি দেখা পাইছে? যোৰহাট, ডিব্ৰুগড়,শিৱসাগৰ , তিনিচুকীয়া আদিৰ উদং পথাৰবিলাকলৈ চাওক। ইয়াত পূৰ্ববঙ্গীয় মূলৰ মানুহৰ সংখ্যা নগাও বা ধুবুৰীতকৈ কম। এই উদং পথাৰ আৰু চন পৰি থকা মাটিবিলাকেই তাৰ প্ৰমাণ।

কৃষিৰ স'তে জড়িত থলুৱা উদ্যমী আছে। কিন্তু সংখ্যাত কম। তেওঁলোকৰ বহুতে উৎপাদনত গুৰুত্ব দিয়ে, কিন্তু বজাৰ দখলত সক্ৰিয় ভূমিকা ল'ব নেজানে বা নোখোজে। সেই উদ্যমীসকলক উৎপাদন, সংৰক্ষণ, বিতৰণ আৰু বিক্ৰীৰ দিশত সহায় কৰাৰ দিশত বিভাগীয় কতৃপক্ষই কিমান তৎপৰতা প্ৰদৰ্শন কৰিছে? এটকীয়া চাউল আৰু যধে-মধে পোৱা ঋণ ধন আদিয়ে এক বুজন সংখ্যক মানুহক এলেহুৱা কৰি পেলাইছে।মানুহক এটকীয়া চাউল দি সহজ উপায়েৰে সমস্যা সমাধান কৰিবলৈ যাওতে আমাৰ কৰ্মসংস্কৃতি ধ্বংসৰ গৰাহলৈ আগবাঢ়িছে। তাৰ ঠাইত এই মানুহবিলাকক শিক্ষা প্ৰদান,প্ৰশিক্ষণ তথা কৰ্মসংস্থানেৰে দহ টকীয়া চাউল কিনি খাব পৰাৰ যোগ্য কৰি তুলিব লাগিছিল।

অৱশ্যে এই ঋণ তথা ধনেৰে এচাম বুদ্ধিমান মানুহ উপকৃত হৈছে। কিন্তু সেয়া এপাচি শাকত এটা জালুক। সেই উদ্যমীসকলক অত্যাচাৰ কৰিবলৈও আমাৰে কেঁকোৰা এচাম আছে। তাৰোপৰি চান্দাজীৱি সকলতো আছেই। আজি free economy ৰ যুগত protectionism নচলে। আমি এই মুক্ত অৰ্থনীতিৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ নিজকে সক্ষম কৰি তুলিব লাগিব। কৃষিকৰ্মেৰে বা পশুপালনেৰে স্বাৱলম্বী হব খোজা উদ্যমীসকলৰ লগত চৰকাৰী মূৰব্বী,বিষয়-ববীয়া, গৱেষণা সংস্থা আদি একগোট হৈ এই প্ৰত্যাহ্বানক এক সবল থলুৱা অৰ্থনীতি গঢ়ি নেওচিব পাৰিব লাগিব।নহ'লে আৰ্থিক দিশত আত্মনিৰ্ভৰশীলতা এটা শ্লোগান হৈয়ে ৰ'ব আৰু আমি দূৰণীবটীয়া গোন্ধ ওলোৱা গেলা মাছ বা পোক লগা গাহৰি ভক্ষণ কৰি থাকিব লাগিব।
(২)
অসমত শেহতীয়াকৈ সুৰাৰ হোম ডেলিভাৰীৰ অনুমতি প্ৰদান কৰা হৈছে। সেই প্ৰসংগত, সামাজিক গণ-মাধ্যম ফেচবুকত বহুতো পষ্টত এটাই অভিযোগ , মদ ঘৰে ঘৰে যোগান ধৰা হৈছে, অথচ ভেকচিন কিয় ঘৰে ঘৰে যোগান ধৰাৰ ব্যৱস্থা হোৱা নাই? তাৰ উত্তৰবোৰ আচলতে এনে ধৰণৰহে-

1) ভেকচিন ঘৰে ঘৰে দিবলৈ শীত-তাপ নিয়ন্ত্ৰিত বাহন লাগে। মদৰ বটল মোনাত ভৰাই চাইকেলৰ হেণ্ডেলত ওলমাই লৈ গৈয়ো দি আহিব পাৰি।

2) পৰ্যাপ্ত মদ বজাৰত আছে,আনহাতে পৰ্যাপ্ত ভেকচিনৰ নাটনি দেখা গৈছে।

3) ভেকচিনটো শৰীৰত ভৰোৱাৰ বাহিৰে আন কামত নাহে। মদ হাৰপিক, হেণ্ডৱাছ, গাৰ্গল কৰা সামগ্ৰীৰ ঠাইত পানী মিহলাই ব্যৱহাৰ কৰিব পাৰি।

4) ভেকচিনত পইচা যায়, মদত আহে। মদৰ উপাৰ্জনেৰে বহুতো উন্নয়নমূলক কাম কৰা হয়। সেই উপাৰ্জনেৰে মদ নোখোৱা মানুহকো নিয়মিতভাৱে দৰমহা দি থাকিব পাৰি। কোনো মদাহীয়ে ফ্ৰি মদ বিছাৰি আন্দোলন কৰা কোনোদিনে শুনিছেনে?

দেশৰ অৰ্থব্যৱস্থা চলাই থকা এই দেশপ্ৰেমী মদাহীসকলে ইমানকন ভি আই পি ট্ৰিটমেণ্টতো পোৱা উচিত। এইখিনিতে প্ৰশ্ন এটা মনত উদয় হৈছে। মদাহী শব্দটো পুং লিঙ্গ নে উভয় লিঙ্গ? যদি শব্দটো পুংলিঙ্গ হয় তেন্তে সমাৰ্থক স্ত্ৰীলিঙ্গ কি ?
(৩)
আমাৰ অসমৰ সমস্যা কেৱল 'বাংলাদেশী' নে? মোৰ বোধেৰে নহয়, আমাৰ সমস্যা অসমীয়াৰ মাজতেই আছে যেন লাগে। তাৰ কাৰণো আছে। কেইটামান প্ৰশ্নৰ উত্তৰ বিচাৰিলে চাগে আপোনালোকেও নিজে কথাখিনি বুজি পাব।

আমাৰ অসম ৰাজ্যত:
1) উন্নয়নৰ বাবে অহা ধনবিলাক আত্মসাৎ কোনে কৰে, অসমীয়াই নে বাংলাদেশীয়ে?

2) হাজাৰ হাজাৰ বিঘা মাটি খেতি নকৰাকৈ কোনে পেলাই থৈ দিয়ে বা আনক বিক্ৰী কৰি দিয়ে? অসমীয়া নে বাংলাদেশীয়ে?

3) কাম-বন কৰাৰ ঠাইত চান্দা তুলি কোন ঘূৰি ফুৰে? ধোদৰ পচলা হৈ আৰু সহজ ধনৰ পিছত দৌৰি থাকি, আমাৰ কামবিলাক কৰি দিবলৈ বিদেশী মানুহ অহাৰ সুযোগ কোনে দিয়ে?

4) চাকৰি দিম বুলি ঘোঁচ কোনে বিচাৰে? অফিচত কাম কৰাই দিয়াৰ নামত দালালি কোনে কৰে?

5) এজন অসমীয়াৰ উন্নতি দেখিব নোৱাৰা আন এজন কোন? অসমীয়া নে বাংলাদেশী?

6) আমাৰ ডেকাশক্তিক সঠিক জীৱন ধাৰণৰ দিশ নেদেখুৱাই পথভ্ৰষ্ট কোনে কৰি থাকে? অসমীয়া নেতাই নে বাংলাদেশী নেতাই?

7) সুযোগ পালেই অফিচবিলাকত দুৰ্নীতি কোনে কৰিব খোজে? বন্ধুৰ পৰা, দোকানীৰ পৰা, ব্যৱসায়ীৰ পৰা পইচা ধাৰলৈ বিচাৰি কোনে ঘূৰাই নিদিয়ে?

9) চহৰ নগৰ তামোলৰ পিক আৰু জাবৰেৰে কোনে সজায়? মদৰ বটল ৰাস্তা আৰু নলালৈ কোনে দলিয়ায়?

10) ডাঙৰ ডাঙৰ ভাষণ দি কামৰ বেলিকা কোনে দক্ষতা দেখুৱাব নোৱাৰে?

আচলতে আমি আমাৰ দুৰ্বলতাবিলাক ঢাকি ৰাখিবলৈ, ভোটবেঙ্ক সৃষ্টি কৰিবলৈ, ৰাজনৈতিক উদ্দেশ্যৰে তথা চান্দাৰ ধান্দা অটুট ৰাখিবলৈকে বিদেশী 'অপশক্তি'লৈ বাৰে বাৰে আঙুলি টোৱাঁই থকা যেন নেলাগেনে?  আচলতে, যি জাতি পৰিশ্ৰমী, নিজক লৈ দায়বদ্ধ, সেই জাতিৰ প্ৰগতিক কোনেও ৰোধ কৰিব নোৱাৰে। এতিয়া আমি সকলোৱেই আত্ম-বিশ্লেষণেৰে আত্ম-সংশোধনৰ পথ লোৱাৰ সময়, তেহে অসম আৰু অসমীয়াক সৱল কৰাৰ বাবে এক আত্ম-নিভৰশীল জাতি ৰূপে গঢ় দিয়াটো সম্ভৱপৰ হৈ উঠিব, সেই কথাও কিন্তু নিশ্চিত।
বিঃদ্ৰঃ ওপৰৰ কথাখিনি সকলো অসমীয়াৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়।
লেখক পেশাগত ভাৱে চেৰামিক ইঞ্জিনীয়াৰ আৰু চীন দেশৰ ব্যৱসায় গঢ়াৰ অভিজ্ঞতাৰে পুষ্ঠ এক  বিশিষ্ট উদ্যমী, তেখেতে বগীবিলত কাঞ্চনজংঘা নামৰ এটি পৰ্যটন প্ৰকল্পও স্থাপন কৰিছে। লেখকৰ আনবোৰ প্ৰকাশিত লেখা পঢ়িবলৈ ক্লিক কৰক তলৰ লিংকঃ

No comments:

Post a Comment