মনৰ কথাঃ অসমত "মাৰৱাড়ী" হোৱাটো অপৰাধ নেকি? :: উমেশ খাণ্ডেলীয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ অসমত "মাৰৱাড়ী" হোৱাটো অপৰাধ নেকি?  :: উমেশ খাণ্ডেলীয়া

মনৰ কথাঃ অসমত "মাৰৱাড়ী" হোৱাটো অপৰাধ নেকি? :: উমেশ খাণ্ডেলীয়া

Share This

অসমত 'মাৰৱাড়ী' হোৱাটো অপৰাধ নেকি?

উমেশ খাণ্ডেলীয়া

নিজকে আজি প্ৰশ্ন কৰিব লগা হৈছে, অসমত মাৰৱাড়ী হােৱাটোৱে অপৰাধ নেকি? বিগত দুই দশকত অসমত মাৰৱাড়ী সকলক কেন্দ্ৰ কৰি ঘটা বিভিন্ন ঘটনাসমূহে এই চিন্তাৰ আদি-কাৰণ। অসমলৈ প্ৰবজন ঘটা মাৰৱাড়ীয়েই একমাত্র সম্প্ৰদায় নহয় । কিন্তু সময়ে সময়ে আক্রমনৰ লক্ষ্য বিশেষভাবে মাৰৱাড়ী সম্প্ৰদায়কে নির্ধাৰণ কৰি লোৱাৰ দৰে পৰিলক্ষিত হৈছে। আমাৰ কোনো সম্প্ৰদায়ৰ প্ৰতি বিৰোধিভাৱ নাই। এই সম্প্ৰদায়ৰ ইতিহাস অসমৰ বুকুত শান্তিপূৰ্ণ ভাৱে সামাজিক তথা সহযোগিতামূলক সহ-অৱস্থানৰহে। এই কথা অসমৰ উদ্যোগ, বাণিজ্য, সাহিত্য, সংস্কৃতি আদি সকলো দিশৰ বিকাশত মাৰৱাড়ী সমাজৰ অৰিহনাৰ নিৰপক্ষ আৰু তুলনামূলক গৱেষণা কৰিলে এনে বহু কথাই স্পষ্ট হৈ পৰিব ।    

কানৈ, দেওড়া, জালান, হিমাণী আদি বহুসংখ্যক মাৰৱাড়ীয়ে গঢ় দিয়া শতাধিক বিদ্যালয় , মহাবিদ্যালয় অসমৰ শিক্ষা ক্ষেত্ৰৰ উন্নতিৰ বাবে দিয়া অবদান নহয় নে? য'ত লাখ - লাখ ছাত্ৰ - ছাত্ৰীয়ে শিক্ষা লাভ কৰি নিজৰে নহয় অসমৰ ভৱিষ্যৎ গঢ় দিবৰ বাবে সক্ষম হৈ উঠিছে । একেদৰে অসমৰ চিকিৎসা সেৱা জগততে মাৰৱাড়ী সমাজৰ অৰিহণা ইতিহাসৰ পাতত খোদিত হৈ আছে । ডিব্রুগড়ত জালান, নলবাৰীত মস্কৰা , শিলচৰত সাৰদা আদি উল্লেখনীয় নাম । এইসকলে প্ৰাক - স্বাধীনতাৰ কালত সেই অঞ্চল সমূহত চিকিৎসা সেৱাৰ পাতনি মেলিছিল । 


এনেদৰে ক্ৰীড়া , ধর্মীয় , সাহিত্য , সংস্কৃতি আদি অসমৰ কোনটো ক্ষেত্র বা দিশত মাৰৱাড়ীসকলৰ সহযোগিতাৰ ছাপ নাই ? জ্ঞাতার্থে উল্লেখ কৰা সমীচিন হ'ব যে অসমলৈ প্ৰায় ৪৫০ বছৰ পূর্বে ৰাজপুতানাৰ পৰা অহা বিজয় সিঙক কোঁচ ৰজা নৰনাৰায়নে নিজেই আমন্ত্রণ কৰি আনিছিল । তেখেতৰ সন্তান-সন্ততি সন্তলাল , প্রসন্নলাল বিজনলাল আদি  সকলোৱে অসমৰ ভূমি, বায়ু , পানীত একাকাৰ হৈ অসমী আইৰ প্রতি কৰা সেৱা সর্বজন বিদিত । হৰিবিলাস আগৰৱালা , আনন্দ চন্দ্ৰ আগৰৱালা আদি সকলৰ উল্লেখ কৰাৰ প্ৰয়োজন নিশ্চয়  নাই ।


আমাৰ প্রশ্ন কোনোবা এজন ব্যক্তিবিশেষ পুঁজিপতিয়ে  কৰা  অপকৰ্ম(?) বা অপৰাধৰ বাবে সমগ্ৰ মাৰৱাড়ী সম্প্ৰদায়ক দায়বদ্ধ কৰি আক্ৰমনৰ লক্ষ কৰি লোৱা কিমান যুক্তিসংগত ? কোনো কাবৰা, লোহিয়াই কৰা বেয়া কামৰ বাবে যিসকলে সমগ্র মাৰৱাড়ী সমাজক জগৰীয়া কৰে সেই সকলে হনুমান বক্স কানৈ , হীৰালাল পাটৱাৰী , জি. এল. আগৰৱালা, মহাদেৱ লাল খাকোলিয়া আদিয়ে কৰা ভাল কামৰ বাবে কিন্তু প্রশংসা নকৰে। আকৌ চাওক, কোনোবা বৰুৱা , কলিতা বা ডেকাই কৰা কামৰ বাবে সমগ্ৰ অসমীয়া সমাজখনক দায়বদ্ধ নকৰে কিয়?


উপৰোক্ত বক্তব্যৰে আমি কোনোবা এজন মাৰৱাড়ী ব্যক্তিয়ে কৰা অপৰাধ মূলক কামৰ সপক্ষে যুক্তি দাঙি ধৰিব বিছাৰা নাই । অপকৰ্মৰ বাবে প্রতিজন অপৰাধীয়ে বা ব্যক্তি-বিশেষে ন্যায়-সংগত শাস্তি পোৱাটো আমাৰো কাম্য ।সেইয়া বিধি আৰু ন্যায় ব্যৱস্থাৰ মতে হব ও লাগে। কিন্তু, অসমত মাৰৱাড়ী মাত্রই বেয়া , এই চিন্তাধাৰা তথা এনে বিভেদকামী সাম্প্ৰদায়িক উচতনি মূলক চিন্তা ত্যাগ কৰাৰ প্রয়োজন আছে। 


অসমৰ জনগাঁথনিত মাৰৱাড়ী সকলৰ অৱস্থান মাত্র ১-২ শতাংশহে যদিও আমি ডাঠি ক'ব পাৰো যে অসমৰ সর্বাঙ্গীন বিকাশত অৰিহণা অন্য সংখ্যা গৰিষ্ঠ সমাজ বা জনগোষ্ঠীৰ তুলনাত যথেষ্ট অধিক তথা চালেই প্ৰতিফলিত হোৱা ধৰণৰ। আমাৰ অনুৰোধ অসমৰ মাৰৱাড়ী সমাজ কেন্দ্রীক এক বিস্তৃত আৰু বিজ্ঞানসন্মত অধ্যয়নৰ দায়িত্ব অসম চৰকাৰ বা অসমৰ বিশ্ববিদ্যালয় কর্তৃপক্ষই লওঁক। এক শৈক্ষিক আলোচনাৰ জৰিয়তে এই সম্প্ৰদায়ৰ অসম আৰু অসমীয়াৰ প্ৰতি থকা বৰঙণি, তথা জাতীয় জীৱনত বহন কৰা ভূমিকাৰ কথাও জন-মানসত প্ৰতিষ্ঠা হওক।


মাৰৱাড়ীসকল যথেষ্ট কষ্টসহিষ্ণু, ধৈর্য্যশীল, নিজ জ্ঞাতে অন্যৰ প্রাপ্য অধিকাৰ বা সম্পত্তিৰ প্ৰতি লালসা নকৰে। এই সম্প্ৰদায়ৰো বহু শতাধিক লোক মধ্যবিত্ত বা একেবাৰে নিম্নবিত্ত লোক । অসমৰ অন্যান্য ভূমিপুত্র সকলৰ দৰে অসমতে জন্মগ্রহণ কৰা মাৰৱাড়ী সকলেও অসমীয়া মাধ্যম বা ইংৰাজী মাধ্যমত শিক্ষিত হৈছে কিন্তু উদ্দেশ্যপ্রণোদিতভাবে চৰকাৰী  চাকৰিৰ পৰা বঞ্চিত হৈ আছে। অসমত থকা মাৰৱাড়ী সমাজতো জনজাতি , অনুসূচিত জনজাতি বা হৰিজন সম্প্রদায়ৰ লোক আছে কিন্তু সেই সকলো চৰকাৰীৰ চাকৰিৰ প্রতি বৰ আগ্রহী নহয়। ইয়াৰ এটা কাৰণ থলুৱা সকলৰ প্রতি তেওঁলোকৰ দায়বদ্ধতা , সন্মান আৰু মৰমো হয়।


অসমত থকা মাৰৱাড়ী সকলৰ ৭০ শতাংশতকৈ অধিক লোক ইতিমধ্যে অসমৰ স্থায়ী বাসিন্দা হৈ পৰিছে । সেইসকলে অসমৰ মাটি, পানী , বায়ুৰ ঘ্ৰাণত জন্ম লৈ ইয়াতে ডাঙৰ দীঘল হৈছে । তেওঁলোকে ইয়াতে বিকশিত হৈছে আৰু ইয়াৰ মাটি , বায়ুত বিলীন হৈ যোৱাৰহে কামনা কৰে । এই সত্তৰ শতাংশ লোকে নিজৰ আয়ৰ ১০০ শতাংশ অসমতে ব্যয় কৰে । ইয়াতে পঢ়াশুনা কৰি নিজৰ উদ্যোগ বাণিজ্য ইয়াতে প্রতিষ্ঠা কৰি মনে - প্রাণে অসমীয়া হৈ পৰিছে । অন্য ৩০ শতাংশ লাোক ( ইয়াৰে ৮০ শতাংশতকৈ অধিক লোক গুৱাহাটী বা ফাঁচি বজাৰ এলেকাৰ ) চাকৰি , অস্থায়ী ব্যৱসায়ত জড়িত থকাৰ হেতুকে নিগাজি বাসিন্দা হব পৰা নাই । অর্থাৎ আমি ক’ব পাৰো যে মাৰৱাড়ীসকলে অসমৰ পৰা অৰ্জন কৰা ধনৰ খুউব কম অংশহে অসমৰ পৰা ওলাই যায় । 


এই খিনিতে ইতিমধ্যে দুই এজনে জানিবলৈ দিয়ামতে অসমত জন্ম লাভ কৰা বহু মাৰৱাড়ী লোক অসমৰ বাহিৰত গৈ অৰ্জন কৰা ধন অসমত সেৱা কাৰ্যত ব্যৱহাৰ কৰি আছে। ১৯৯০ -৯২ বৰ্ষত অসম মুক্তি বাহিনীৰ চৰম উৎকৰ্ষ কালত অসম এৰি বৰ্হি প্ৰদেশত ব্যৱসায় কৰি আৰ্থিক ভাবে আৰু অধিক সফল হোৱা বহু লোক এতিয়াও অসমৰ নিগাজী বাসিন্দা হযৈ আছে। ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰৰ তেনে এজন ব্যবসায়ী বাঙ্গালোৰুত অৰ্জন কৰা ধনেৰে বহ লক্ষ টকা মূল্যৰ ৰাজহুৱা ভৱন নিৰ্মাণ কৰি দিছে।


বৰ অসমৰ পৰিকল্পনাত সততে সমর্থন থকা মাৰৱাড়ীয়ে অসমৰ স্বাৰ্থৰ হকে হোৱা প্ৰতিটো আন্দোলনত অতি আন্তৰিকতাৰে সক্রিয় অংশীদাৰ হৈ পৰিছিল। অসমৰ ক্ষতি হোৱা কোনো কামত মাৰৱাড়ীয়ে জড়িত থকাৰ কোনো নজিৰ নাই । সৰহ সংখ্যক মাৰৱাড়ী লােকৰ সৎভাৱ , নিষ্ঠা আৰু দায়িত্ব সহকাৰে নিজ জন্মভূমি আৰু কৰ্মভূমিৰ প্ৰতি কৰা সেৱা ভাৱনাক তৎক্ষনাত নস্যাৎ কৰি এচাম অতি ক্ষুদ্র ব্যক্তিকেন্দ্রিক স্বার্থপৰ লোকে অতি উদ্দেশ্যপ্রণোদিত ভাৱে সর্বসাধাৰণ ৰাইজক ভ্ৰমিত কৰিবৰ বাবে সমান্য সুযোগ পালেই কোনো এজন মাৰৱাড়ীয়ে কৰা ভুল ( ? ) ৰ বাবে বা অধিকাংশ সময়ে নিজেই তেনে পৰিৱেশ সৃষ্টি কৰি সমগ্ৰ মাৰৱাড়ী সমাজখনক জগৰীয়া কৰি সম্প্রীতি বিনষ্ট কৰি তোলে ।  


অসমৰ জ্যেষ্ঠ, বৌদ্ধিক মহল আৰু নিৰপেক্ষ ৰাইজলৈ মোৰ অনুৰোধ , আবেগত নহয় সুস্থ চিন্তাধাৰাৰে সমস্ত পৰিৱেশৰ অধ্যয়ন কৰক । প্রকৃত দোষীক চিনাক্ত কৰক আৰু শাস্তি বিধান কৰক । এনে কঠোৰ ব্যৱস্থা কৰা হওক যাতে পৰৱর্তী কালত কোনেও অসমক অশান্ত কৰাৰ ষড়যন্ত্রৰ সাহস গোটাব নোৱাৰে ।

(লেখক এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা সমাজকৰ্মী। তেখেতে সাংবাদিক সন্থাৰ উপৰিও বিভিন্ন স্কুল-কলেজ প্ৰতিষ্ঠাৰ বাবে সততে আগৰণুৱা ভূমিকা পালন কৰি আহিছে।)

No comments:

Post a Comment