মনৰ কথাঃ চন্দ্ৰপুৰঃ ৰাজধানী-উদ্যোগিক চহৰৰ সপোনৰ পৰা ডাম্পিং গ্ৰাউণ্ডৰ নিৰ্মম বাস্তৱতালৈ :: লোকনাথ গোস্বামী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ চন্দ্ৰপুৰঃ ৰাজধানী-উদ্যোগিক চহৰৰ সপোনৰ পৰা ডাম্পিং গ্ৰাউণ্ডৰ নিৰ্মম বাস্তৱতালৈ :: লোকনাথ গোস্বামী

মনৰ কথাঃ চন্দ্ৰপুৰঃ ৰাজধানী-উদ্যোগিক চহৰৰ সপোনৰ পৰা ডাম্পিং গ্ৰাউণ্ডৰ নিৰ্মম বাস্তৱতালৈ :: লোকনাথ গোস্বামী

Share This
চন্দ্ৰপুৰঃ ৰাজধানী-উদ্যোগিক চহৰৰ সপোনৰ পৰা ডাম্পিং গ্ৰাউণ্ডৰ নিৰ্মম বাস্তৱলৈ,  লোকনাথ গোস্বামী, CHANDRAPUR AS DUMPING GROUND
চন্দ্ৰপুৰঃ ৰাজধানী-উদ্যোগিক চহৰৰ সপোনৰ পৰা ডাম্পিং গ্ৰাউণ্ডৰ নিৰ্মম বাস্তৱতালৈ
লোকনাথ গোস্বামী
আশীৰ দশকৰ মাজ ভাগত আমি নামৰূপ তাপ বিদ্যুত কেন্দ্ৰৰ পৰা চন্দ্ৰপুৰ তাপবিদ্যুত কেন্দ্ৰলৈ চাকৰিসূত্ৰে বদলি হৈ আহিছিলো৷ অৱশ্যে এই বদলি আমাৰ ইচ্ছা সাপেক্ষেই হৈছিল৷ নামৰূপত এটা দশকৰ ওপৰ কাল থকাৰ পিছত লাহে লাহে চোং সলোৱাৰ কথা মনলৈ আহিছিল৷ চন্দ্ৰপুৰলৈ আহিব খোজাৰ দুটামান বিশেষ কাৰণো নোহোৱা নহয়৷ চন্দ্ৰপুৰলৈ আহিলে গুৱাহাটী মহানগৰখন আমি সহজে ঢুকি পাব পাৰিম৷ গুৱাহাটী মহানগৰখনৰ সৈতে সম্পৰ্ক স্থাপন কৰাটো আমাৰ কাৰণে অতি প্ৰয়োজন আছিল বুলি ভাৱিছিলো৷ তাৰোপৰি তেতিয়া শুনি আছিলো যে চন্দ্ৰপুৰ অচিৰেই ৰাজ্যখনৰ নতুন আৰু স্থায়ী ৰাজধানীলৈ ৰূপান্তৰিত হ’ব৷ 
চন্দ্ৰপুৰঃ ৰাজধানী-উদ্যোগিক চহৰৰ সপোনৰ পৰা ডাম্পিং গ্ৰাউণ্ডৰ নিৰ্মম বাস্তৱলৈ,  লোকনাথ গোস্বামী, CHANDRAPUR AS DUMPING GROUND
ইতিমধ্যে অসম আন্দোলনৰ উত্তাল পৰিৱেশৰ মাজতেই তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পৰিকল্পনা অনুসৰিয়েই প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে চন্দ্ৰপুৰ তাপবিদ্যুত কেন্দ্ৰৰ সমীপতে কলংপাৰত প্ৰস্তাৱিত ৰাজধানীৰ আধাৰশীলাও স্থাপন কৰিছিলহি৷ আমি নামৰূপত থাকোতেই শুনিছিলো চান্দ্ৰপুৰত ৰাজধানী হ’ব বুলি অঞ্চলটোত আগতীয়াকৈ মাটি লবলৈ এচাম মানুহৰ হেতা-ওপৰা লাগিছিল৷ হেজাৰটকীয়া মাটি নিশাটোৰ ভিতৰতে লাখটকীয়া হৈছিল৷ আমাৰ পিছে তেনে অভিলাষী পৰিকল্পনা মুঠেও নাছিল৷

এদিন নৱবিবাহিতা পত্নীক লগত লৈ নামৰূপৰ পৰা চন্দ্ৰপুৰ অভিমুখে যাত্ৰা কৰিলো৷ গুৱাহাটীৰ পূব দিশে নাৰেঙ্গী হৈ চন্দ্ৰপুৰলৈ যাব লাগে৷ নাৰেঙ্গী চন্দ্ৰপুৰৰ দুৱাৰমুখ৷ শ্ৰীমতীৰ চন্দ্ৰপুৰ সম্পৰ্কে কোনো ধাৰণাই নাছিল৷ গুৱাহাটী মহানগৰীৰ সমীপৰ এখন আধুনিক উদ্যোগীক নগৰী বুলিয়েই ভাৱি আছিল, ঠিক নামৰূপ, দুলীয়াজান অথবা ডিগবৈৰ দৰে৷ আমাৰ গাড়ী যিমানেই আগবাঢ়িল, শ্ৰীমতীৰ মুখখনো তিমানেই কেঁহাৰাজ বৰণৰ হবলৈ ধৰিলে৷ অঁকোৱা- পকোৱা ঠেক পাহাৰীয়া পথ, গৈ গৈ অন্তই নপৰে৷ এই বীৰকুচি, বোন্দা,আমবাগান, তাড়ী বাগান, ৰে’ল গে’ট, পানীখাইতি, হাতীশীলা, হাজংবড়ি, তাঁতীমৰা, চন্দ্ৰপুৰ বজাৰ, বেঙ্ক তিনিআলি, ঠাকুৰকুচি, সূতা কল, শিঙিমাৰি, ঔ-তল, কেমিকেল, তাৰ পাছতে নৰসিংহ বজাৰ৷ নৰসিংহ বজাৰতে তাপবিদ্যুং কেন্দ্ৰৰ ভিতৰ চ’ৰালৈ প্ৰৱেশ কৰাৰ মূল তোৰণখন আছে৷ 

এই মূল তোৰণখনেদি প্ৰৱেশ কৰাৰ পিছত প্ৰথমে ‘পাৱাৰ হাউচ’, তাৰ পৰা পুনৰ এক কিলোমিটাৰ মান পাহাৰ বগাই গৈ আমাৰ নিৰ্দ্দিষ্ট আৱাসিক ক্ষেত্ৰ বা কলনি পাব লাগে৷ কলনিৰ ফালে আগবাঢ়োতে মন কৰিছিলো কলংসুঁতিটো কাষে কাষে বৈ যোৱা৷ চাৰিওফালে পাহাৰেৰে আবৃত এক আচহুৱা পৰিৱেশ আছিল আমাৰ বাবে৷ কোৱাৰ্টাৰ এটাত বস্তু-বাহানিসহ সোমাই ল’লো৷ পাহাৰীয়া ঠাই হোৱাৰ কাৰণে যোগাযোগ, যাতায়ত ব্যৱস্থা ভালেই অসূচল পাইছিলো৷ পিছলৈ অৱশ্যে পৰিস্থিতিৰ সৈতে খাপ খবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিলো৷

আমি চন্দ্ৰপুৰ তাপবিদ্যুত কেন্দ্ৰলৈ আহি চাকৰিত যোগদান কৰাৰ সময়ত ৩০ মেগাৱাতৰ এটা উৎপাদন গোটহে আছিল৷ পিছত আমি থকাৰ সময়খিনিতে দ্বিতীয় এটা ৩০ মেগাৱাতৰ উৎপাদন গোটৰ নিৰ্মান কাৰ্য চলাও দেখিলো আৰু পিছত উৎপাদন আৰম্ভ হোৱাও দেখিলো৷ সেয়া আমাৰ বাবে চাকৰি কালত এক ৰোমাঞ্চকৰ আভিজ্ঞতা আছিল৷ তাপবিদ্যুৎ কেন্দ্ৰৰ নিচেই সমীপতে থকা অসম ৰাজ্যিক সাৰ নিগমতো ৰসায়নিক সাৰ ‘চুপাৰ ফচফেট’ৰ লগতে ‘চালফিউৰিক এচিদ’ উৎপাদন পূৰাদমে চলি আছিল৷ নাতি দূৰৈত চলি থকা সূতাকলৰ হোঁ-হোৱনি শব্দই চৌবিশ ঘণ্টাই জাগি থকা চন্দ্ৰপুৰৰ পৰিচয়কে যেন অহৰহ আমাক দি আছিল৷ নাৰেঙ্গীৰ পৰা চন্দ্ৰপুৰলৈ যাওঁতে ৰাষ্টাটোৰ দুয়োকাষে দেখিবলৈ পাইছিলো বহু কেইটা ক্ষুদ্ৰ-মাজলীয়া উদ্যোগ, যেনে লাইম ফেক্টৰী, এলাম ফেক্টৰী, টায়াৰ ফেক্টৰী, ৱাইন ফেক্টৰী আৰু কত যে কিমান৷ ইটাভটাৰ কথা নকলোৱেই বা৷ ‘চন্দ্ৰপুৰৰ সমবায় সমিতি’খনো ৰাজ্যখনৰ ভিতৰতে এখন লেখত ল’ব লগীয়া সমবায় হিচাবে আমাৰ চকুত পৰিছিল তেতিয়া৷

চন্দ্ৰপুৰত থাকোতেই বিশেষ এটা প্ৰশিক্ষণৰ বাবে এবাৰ দূৰ্গাপুৰলৈ যাব লগীয়া হৈছিল৷ দূৰ্গাপুৰ কলকাতা মহানগৰীৰ এক পৰিকল্পিত আৰু সম্প্ৰসাৰিত উদ্যোগীক নগৰী৷ দূৰ্গাপুৰক ‘ষ্টীল-চিটি’ হিচাবেও জানা যায়৷ ‘ডি ভি চি’ অৰ্থৎ ডামোদৰ ভেলী কৰ্পোৰাশ্যন (জলবিদ্যুত প্ৰকল্প)ও তাতে দেখিলো৷ একাধিক বিদ্যুৎ উৎপাদন কেন্দ্ৰ ( ১০০,১৫০ মেগাৱাতৰ), চিমেণ্ট উৎপাদন কেন্দ্ৰকে ধৰি সৰু-বৰ অলেখ উদ্যোগ দেখিলো৷ দূৰ্গাপুৰৰ পৰা ঘূৰি আহোতে এটা নতুন মন লৈ আহিছিলো, কিদৰে চন্দ্ৰপুৰক আধুনিক দূৰ্গাপুৰৰ দৰে এক পৰিকল্পিত আৰু আধুনিক উদ্যোগীক নগৰীলে ৰূপান্তৰিত কৰাৰ কথা ভাৱিব পাৰি৷

কিন্তু সেই সপোন দুঃস্বপ্নত পৰিণত হ’বলৈ বেচি পৰ নেলাগিল৷ ইতিমধ্যেই ৰাজ্যখনত ভালেই ৰাজনৈতিক পট পৰিবৰ্তন ঘটিল৷ কংগ্ৰেচ চৰকাৰখনক ওফৰাই আঞ্চলিক ‘অসম গণ পৰিষদ’য়ে দিচপুৰত ক্ষমতা দখল কৰিলে৷ আঞ্চলিক চাৰকাৰখনে সমগ্ৰ ৰাজ্যখনৰ লগতে চন্দ্ৰপুৰ অঞ্চলটোলৈকো আশাসুধীয়া পৰিৱৰ্তন আনিব বুলি ৰাইজে আশা কৰিছিল৷ কিন্তু কাৰ্যতঃ সেয়া মুঠেও পৰিলক্ষিত নহল৷ আঞ্চলিক চৰকাৰখন অহাৰ কেইমাহ মানৰ পিছতে দেখা গ’ল ৰাজধানী নিৰ্মাণৰ বাবে স্থাপন কৰা আধাৰশিলাৰ ফলকখন কোনোবা দুৰ্বৃত্তই উঠাই লৈ গ’ল৷ কংগ্ৰেছ চৰকাৰৰ দিনত ৰাজধানী স্থাপনৰ উদ্দেশ্যে বৃহত্তৰ চন্দ্ৰপুৰ অঞ্চলক লৈ ন কৈ ঘোষণা কৰা ‘প্ৰাগজ্যোতিষ জিলা’ৰ মান গণ পৰিষদ চৰকাৰে মহকুমালৈ অৱনমিত কৰিলে৷ গোটেই অসমৰ ভিতৰতে উজ্বলি থকা ‘চন্দ্ৰপুৰ সমবায়’খন গৰু গোহালীলৈ পৰিণত হ’ল৷ 

ইফালে, অসম ৰাজ্যিক সাৰ নিগমৰ কাৰ্যক্ষমতা ইতমধ্যে যথেষ্ট হ্ৰাস পাই আহিছিল৷ কাৰখানাটোৰ সময়ত উন্নীতকৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল৷ কেলঢোপ কেলঢোপকৈ কেইবছৰমান থাকি মৃত্যুৰ মুখত পৰিল৷ একেদৰে চন্দ্ৰপুৰৰ প্ৰাণস্পন্দন স্বৰূপ চৌবিশ ঘণ্টাই গুমগুমাই থকা কেন্দ্ৰিয় চৰকাৰ অধীনস্থ সূতাকল (National Textile Corporation)টোলৈকো নিস্তব্ধতা নামি অহিল৷ বাকী থাকিল মাথো চন্দ্ৰপুৰ তাপবিদ্যুৎ কেন্দ্ৰ। তেনেতে সেই দুঃসংবাদটোও আহি আমাৰ কাণত পৰিলহি৷ প্ৰথমে বিশ্বাস কৰিবলৈকে টান পাইছিলো৷ ৩০ মেগাৱাটকৈ দুটা গোটে মুঠ ৬০ মেগাৱাট বিদ্যুং উৎপাদন কৰি থকা উৎপাদন কেন্দ্ৰটোও এদিন সঁচাকৈয়ে চকুৰ আগতে নিস্তব্ধ হৈ গ’ল৷ উঃ কি বেদনাদায়ক আছিল সেই দিনটো৷

কাৰণ? কাৰণ হিচাবে কোৱা হ’ল, ইন্ধন (ফাৰ্নেচ অইল)ৰ মাত্ৰাধিক বৰ্দ্ধিত মূল্য৷ আমি জনাত নুনমাটি শোধনাগাৰত উৎপাদিত ফাৰ্নেচ অইল (পেট্ৰলজাত সামগ্ৰী)ৰ ওপৰত ভিত্তি কৰিয়েই প্ৰথমে ৩০ মেগাৱাটৰ গোটটো স্থাপন কৰা হৈছিল৷ পাছলৈ আকৌ সেই কেন্দ্ৰটোতে অতিৰিক্ত ৩০ মেগাৱাটৰ আৰু এটা গোটৰ সম্প্ৰসাৰণ ঘটোৱা হৈছিল৷ উৎপাদনো ঠিকেই চলি আছিল৷ কিন্তু ইন্ধন অৰ্থাৎ ফাৰ্নেচ অইলৰ মূল্য বৃদ্ধি পোৱাত সেই বৰ্দ্ধিত মূল্যত ইন্ধন কিনি বিদ্যুত উৎপাদন কৰিলে বিদ্যুতৰ মূল্যও অস্বাভাৱিকভাৱে বঢ়াব লাগিব৷ সেয়া মুঠেও সম্ভৱপৰ নাছিল৷ সেয়ে উৎপাদনক্ষম বিদ্যুৎ কেন্দ্ৰটো বন্ধ কৰি দিয়া হ’ল৷ বচাই ৰখাৰ কোনো বিকল্প ব্যৱস্থাই উদ্ভাৱন কৰা নহ’ল৷ ফাৰ্নেচ অইলৰ বিকল্প হিচাবে কয়লাভিত্তিক কৰা হ’ব বুলিও শুনিছিলো৷ ইন্ধনৰ বৰ্ধিতমূল্যৰ বিনিময়ত চৰকাৰে ৰাজসাহায্য(Subsidy )আগবঢ়াই হ’লেও উৎপাদনক্ষম কৰি কেন্দ্ৰটো চলাই ৰখাৰ চৰকাৰী জল্পনা- কল্পনাৰ কথা প্ৰাৰম্ভণিতে শুনিছিলো৷ এসময়ত সকলোবোৰ ‘গালোঁ বালোঁ খোলাকটিৰ তাল’ হ’ল৷

আচলতে এনেবিলাক গুৰুত্বপূৰ্ণ বিষয় লৈ কোনো এখন চৰকাৰেও গুৰুত্বসহকাৰে বিচাৰ-বিবেচনা, আচনি- পৰিকল্পনা লোৱা আমি নেদেখিলো৷ আমি পূৰ্বতে উল্লেখ কৰি অহাৰ দৰে চন্দ্ৰপুৰ অঞ্চলটো দূৰ্গাপুৰৰ দৰে এখন পৰিকল্পিত, আধুনিক নগৰ (Mini Guuwahati)লৈ ৰূপান্তৰ কৰাৰ সকলোখিনি সমল আজিও আছে৷ তাপবিদ্যুৎ কেন্দ্ৰত থকা আবাসিক এলেকাটো আধুনিক পৰ্যায়ৰ পৰ্যটন কেন্দ্ৰ স্বৰূপে গঢ়ি তুলিব পৰাকৈ মজবুত ঘৰ-দুৱাৰ, অতিথিশালা, অডিটৰিয়াম, অফিচ বিল্ডিং, হস্পিতাল, পানী যোগান ব্যৱস্থা, পকী ৰাষ্টা-পদূলী সকলোখিনি আছে৷ এতিয়া মানে হয়তো কিছু পৰিমানে মেৰামতি কৰি লোৱাৰ প্ৰয়োজন হ’ব নিশ্চয়৷ সেই খৰচৰ পৰিমান আমাৰ পৰ্যটন বিভাগে যোৱাবেলি মুম্বাইৰ পৰা জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক ব্ৰেণ্ড এম্বেচেডৰ কৰাৰ প্ৰস্তুতি কালত যিমান টকা খৰচ কৰিছিল, তাতকৈ বহু কম হ’ব বুলি আমি ভাৱো৷ 

কলং সূঁতিৰ ওপৰেদি ৰ’প ওৱেৰ ব্যৱস্থা কৰাৰ লগতে কলং-ডিগাৰুৰ পৰা কাজলী ঘাটলে নৌকাবিহাৰৰ বৱস্থা সুন্দৰ কৈ কৰিব পাৰি ৷ কাজলি চকী ,মায়ং বুৰঞ্জী প্ৰসিদ্ধ ঠাই৷ তাত যাদুঘৰ স্থাপন কৰিব পাৰি৷ ওচৰ-পাজৰৰ ঠাকুৰ কুচি, পানবাৰী আদি জনজাতীয় গাঁও সমুহক ‘হেৰিটেজ ভিলেজ’লৈ ৰূপান্তৰ কৰিব পাৰি৷ মুঠতে চৰকাৰৰ সদিচ্ছা থাকিলে মহানগৰীৰ সমীপৰ সেই অঞ্চলটোক কেন্দ্ৰ কৰি বহুখিনি জনহিতকৰ কাম কৰিব পাৰে৷ 

সৰু-বৰ উদ্যোগ সমূহ এটা এটাকৈ বন্ধ হৈ যোৱাৰ লগে লগে এই বিশাল অঞ্চলটোলৈ কি ভয়াবহ অমানিশা নামি আহিবলৈ ধৰিছিল, সেয়া নেদেখা সকলৰ বাবে কল্পনা কৰাটোও কঠিন হ’ব৷ শ শ যুৱক-যুৱতীৰ জীৱনলৈ নিমিষতে অন্ধকাৰ নামি আহিছিল৷ সেই অন্ধকাৰ আজিও আঁতৰা নাই৷ এতিয়া চৰকাৰৰ উচিত কাম আছিল অঞ্চলটোৰ কি ধৰণে উন্নয়ন সাধিব পাৰি, কি দৰে অঞ্চলটোৰ অৰ্থনৈতিক বুনিয়াদ সুদৃঢ় কৰি দিনে দিনে বাঢ়ি অহা নিবনুৱা সকলৰ জীৱন-জীৱিকাৰ পথ প্ৰশস্ত কৰিব পাৰি, সেইটো চিন্তা কৰা৷ অঞ্চলটোৰ সামাজিক, সাংস্কৃতিক মানদণ্ড কিদৰে বঢ়াব পাৰি, সেইটো চিন্তা কৰাত অগ্ৰাধিকাৰ দিব লাগিছিল৷ যিহেতু চন্দ্ৰপুৰ অঞ্চলটো তাহানিৰ পৰাই পৰিত্যক্ত অঞ্চল নাছিল৷ অথচ এতিয়া তাকে কৰিবলৈ লোৱা হৈছে৷ উন্নয়ন, বিকাশৰ প্ৰচূৰ সম্ভাৱনাপূৰ্ণ অঞ্চলটোক এতিয়া  ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত কৰিবলৈ লোৱা হৈছে৷ এই সিদ্ধান্ত এক অদূৰদৰ্শী, পৰিকল্পনাবিহীন, হঠকাৰী সিদ্ধান্ত বুলি ভাৱিবলৈ আমি বাধ্য হৈছোঁ৷ ইতিমধ্যে চন্দ্ৰপুৰ অঞ্চলৰ সচেতন ৰাইজে চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ দুৰ্ঘোৰ বিৰোধিতা কাৰিছে৷ চৰকাৰে বিষয়টো সময় থাকোতেই পুনৰ বিবেচনা কৰিব বুলি আমি আশা কৰোঁ৷ মঠ-মন্দিৰ, সত্ৰ-নামঘৰ, মূৰ্তি নিৰ্মাণ আদি উৎপাদনহীন কামত অত্যধিক গুৰুত্ব দিয়াত কৈ সধাৰণ মানুহখিনিৰ জীৱন-জীৱিকা আৰু সুনিশ্চিত ভৱিষ্যতৰ বাবে অধিক উৎপাদনশীল কৰ্ম-আচনি আদিত মনোনিৱেশ কৰিলেহে দেশখনৰ প্ৰকৃত বিকাশ সম্ভৱ হ’ব৷

উত্তৰ-পূৱৰ দুৱাৰডলি তথা সংযোগৰ মূল থলি গুৱাহাটীৰ কাষৰীয়া অঞ্চলটোক লৈ চৰকাৰে নতুনকৈ চিন্তা কৰক। এয়া আমাৰ লগতে অসমৰ সচেতন সমাজৰ এক সৱল দাবী তথা আহ্বান। স্থানীয় ৰাইজৰ প্ৰতিবাদকো নেওচি, ইয়াক বলপূৰ্বক ডাম্পিং গ্ৰাউণ্ডলৈ ৰূপান্তৰিত কৰিলে, কিন্তু চন্দ্ৰপুৰ অঞ্চলটোৰ প্ৰাকৃতিক শোভা, ঐতিহ্যপূৰ্ণ ইতিহাস, পৰ্যটনৰ সমল, উদ্যোগিক চহৰ ৰূপে গঢ়াৰ বিশাল সুযোগ আদিকে লৈ থকা, চন্দ্ৰপুৰৰ সমূহ সম্ভাৱনাকো আৱৰ্জনালৈ ৰূপান্তৰিত কৰাৰ দৰেহে হব, সেই কথাও কিন্তু নিশ্চিত।
লেখক অসমৰ এগৰাকী বৰেণ্য শিল্পী তথা সমাজ-সচেতন লেখক। লেখাটি 'চন্দ্ৰপুৰ দুৰ্গাপুৰ নহ’ল, জামছেদপুৰো নহ’ল হ’লগৈ ডাম্পিং গ্ৰাউণ্ড' শীৰ্ষকেৰে অসমীয়া প্ৰতিদিন কাকততো প্ৰকাশ পাইছে। লেখকৰ আনবোৰ প্ৰকাশিত লেখাৰ একত্ৰ লিংকঃ 

No comments:

Post a Comment