চিন্তনঃ 'খিলঞ্জীয়া' মুছলমানৰ নামত উন্নয়নৰ ৰাজনীতি নে বিভাজনৰ ৰাজনীতি চৰকাৰৰ? :: আশ্ৰাফুল ইছলাম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ 'খিলঞ্জীয়া' মুছলমানৰ নামত উন্নয়নৰ ৰাজনীতি নে বিভাজনৰ ৰাজনীতি চৰকাৰৰ?   :: আশ্ৰাফুল ইছলাম

চিন্তনঃ 'খিলঞ্জীয়া' মুছলমানৰ নামত উন্নয়নৰ ৰাজনীতি নে বিভাজনৰ ৰাজনীতি চৰকাৰৰ? :: আশ্ৰাফুল ইছলাম

Share This

'খিলঞ্জীয়া' মুছলমানৰ নামত উন্নয়নৰ ৰাজনীতি নে বিভাজনৰ ৰাজনীতি চৰকাৰৰ? 

আশ্ৰাফুল ইছলাম 

ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে  গৰীয়া, মৰিয়া আৰু দেশী মুছলমান জনগোষ্ঠীৰ উন্নয়নৰ বাবে বিশেষ কিবা ব্যৱস্থা গ্ৰহণ কৰিলে সেয়া নিশ্চয়কৈ আদৰণীয়। সেয়েহে মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৰীয়া, মৰিয়া আৰু দেশী জনগোষ্ঠীৰ বৌদ্ধিক সমাজৰ একাংশ লোকৰ লগত আলাপ-আলোচনা কৰি পৰিকল্পনা গ্ৰহণ কৰাটো আদৰণীয় পদক্ষেপ। এই ছেগতে উল্লেখ কৰা প্ৰয়োজন আমছুৰ দৰে সংগঠনেও গৰীয়া, মৰিয়া আৰু দেশী জনগোষ্ঠীৰ উপগ্ৰহীয় স্বায়ত্ব শাসনৰ দাবীৰ প্ৰতি সমৰ্থন জনাই আহিছে। 

সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুযায়ী অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগত যোৱা ৪ জুলাই তাৰিখে খানাপাৰাস্থিত অসম প্ৰসানীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত ` আলাপ- আলোচনা– ধৰ্মীয় সংখালঘুসকলৰ সবলীকৰণ` শীৰ্ষক এক বিশেষ অনুষ্ঠানত অসমৰ 'খিলঞ্জীয়া' মুছলমান সমাজক প্ৰতিনিধিত্ব কৰা ডেৰশগৰাকীৰো অধিক বিশিষ্ট ব্যক্তিৰ সৈতে আলোচনাত মিলিত হয়। আলোচনাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই 'খিলঞ্জীয়া' মুছলমানসকলক বৃহত্তৰ অসমীয়া সমাজৰ এক অবিচ্ছেদ্য অংগ বুলি অভিহিত কৰি নিজস্ব সাংস্কৃতিক পৰিচয় অটুট ৰাখি ৰাজ্যখনৰ উন্নয়নত উল্লেখযোগ্য অৱদান আগবঢ়াব পৰাকৈ 'খিলঞ্জীয়া' মুছলমানসকলৰ বিকাশৰ প্ৰক্ৰিয়াটোক তৰান্বিত কৰি তুলিব লাগিব বুলি কয়। আলাপ-আলোচনা অনুষ্ঠানটোত পদ্মশ্রী ডঃ ইলিয়াছ আলী, এলি আহমেদ, চৈয়দ এছ কে আলম, ৱাছবীৰ হুছেইন, ড০ এছ আই আহমেদ, নেকিবুৰ জামান আদিকে প্ৰমুখ্যে কৰি বহু সংখ্যক বিশিষ্ট ব্যক্তিয়ে পৰামৰ্শমূলক বক্তব্য আগবঢ়ায়। তদুপৰি সকলোৱে জনবিস্ফোৰণক এক বৃহৎ সমস্যা বুলি ঐক্যমত পোষণ কৰে আৰু ইয়াৰ সমাধানৰ বাবে পৰামৰ্শ আগবঢ়ায় বুলিও সাংবাদমাধ্যমত প্ৰকাশ পাইছে। অসম চৰকাৰৰ সংখালঘু কল্যান আৰু উন্নয়ন নিগমৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, শিক্ষা মন্ত্ৰী ডঃ ৰনোজ পেগু আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাও আলাপ-আলোচনা অনুষ্ঠানটোত উপস্থিত থাকে। 


আলাপ-আলোচনাৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমাধ্যমৰ আগত অৱগত কৰি কয় যে ৰাজ্যৰ 'খিলঞ্জীয়া' মুছলমান সম্প্ৰদায়ৰ বিভিন্ন সমস্যা, যেনে- শিক্ষা, স্বাস্থ্য, দক্ষতা উন্নয়ন, সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষা, বিত্তীয় অন্তৰ্ভুক্তি, মহিলা সবলীকৰণ, জনসংখ্যা নিয়ন্ত্ৰণ আদি বিষয়ত অধ্যয়নৰ বাবে সম্প্ৰদায়টোৰ প্ৰতিনিধিসকলক লৈ ৰাজ্য চৰকাৰে আঠটা উপ-গোট গঠন কৰিব। সম্প্ৰদায়টোৰ এগৰাকী বিশিষ্ট ব্যক্তিক অধ্যক্ষ আৰু  এগৰাকী চৰকাৰী বিষয়াক সদস্য-সচিব হিচাপে লৈ গঠন কৰিবলগীয়া এই উপ-গোটসমূহে তেওঁলোকৰ ওপৰত ন্যস্ত কৰা নিৰ্দিষ্ট বিষয় সন্দৰ্ভত বিস্তৃত আলাপ-আলোচনা আৰু অধ্যয়নৰ অন্তত তিনি মাহৰ ভিতৰত তেওঁলোকৰ পৰামৰ্শৱালীসমূহ প্ৰতিবেদন হিচাপে দাখিল কৰিব। পৰামৰ্শৱালীসমূহৰ ওপৰত ভিত্তি কৰি ৰাজ্য চৰকাৰে 'খিলঞ্জীয়া' মুছলমানসকলৰ সবলীকৰণৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিব আৰু আৰু পৰৱৰ্তী পাঁচ বছৰৰ ভিতৰত ইয়াক ৰূপায়ণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব। 


স্বাধীনতাৰ পিছত পোন প্ৰথমবাৰৰ বাবে ৰাজ্যখনৰ 'খিলঞ্জীয়া' মুছলমানসকলৰ সমস্যাৰ বিষয়ে আলোচনা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়া বুলি আলাপ-আলোচনাত অংশগ্ৰহণ কৰা একাংশ ব্যক্তিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা দেখা গৈছে! কিন্ত আচলতে এয়া সত্য কথা নহয়। পূৰ্বৰ সোনোৱাল চৰকাৰৰ ২০১৯-২০ আৰু ২০২০-২১ বৰ্ষৰ বাজেট দুখনতে গৰীয়া, মৰিয়া আৰু দেশী জনগোষ্ঠীৰ মুছলমানসকল পৰিচয় সংকটত ভোগা আৰু উন্নয়নৰ সুফলসমূহৰ পৰা সম্প্ৰদায়টোৰ লোকসকল বঞ্চিত হৈ থকা বুলি কোৱা হৈছিল। সেয়েহে পূবৰ সোণোৱাল চৰকাৰে এইক্ষেত্ৰত বিশেষ আচঁনি লৈ সম্প্ৰদায়টোৰ সামগ্ৰিক উন্নয়নৰ বাবে বিশেষ প্ৰচেষ্টা হাতত লোৱাৰ প্ৰয়োজন অনুভৱ কৰা বুলি কৈছিল। তাৰ প্ৰথম পদক্ষেপ হিচাপে গৰীয়া, মৰিয়া আৰু দেশী জনগোষ্ঠীৰ মুছলমানসকলৰ আৰ্থ-সামাজিক জৰীপ আৰু লগতে উন্নয়নৰ আচঁনি যুগুত কৰাৰ বাবে এক গৰীয়া, মৰিয়া আৰু দেশী মুছলমানৰ উন্নয়ন পৰিষদ গঠনৰ কথা ঘোষনা কৰিছিল আৰু তাৰ বাবে বাজেটত এশ কোটি টকা ধাৰ্য কৰাৰো প্ৰস্তাৱ লোৱা হৈছিল। কিন্ত কাৰ্যক্ষেত্ৰত একো নহ'ল।


সেয়েহে মুখ্যমন্ত্ৰী মহাশয়ৰ লগত কৰা আলোচনাক লৈ আত্মসন্তুষ্টিত বিভোৰ হৈ মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰশংসাত পঞ্চমুখ হোৱাৰ পৰিৱৰ্তে সোণোৱাল চৰকাৰৰ দিনত যে গৰীয়া, মৰিয়া আৰু দেশী জনগোষ্ঠীৰ উন্নয়নৰ বাবে সুকীয়াকৈ এক উন্নয়ন পৰিষদ গঠন কৰাৰ কথা আছিল আৰু তাৰ বাবে বাজেটত ১০০ কোটি টকা ধার্য কৰাও হৈছিল। সেয়া কি হল? এই প্রশ্নও চৰকাৰখনক কৰা প্ৰয়োজন। চৰকাৰখনে গৰীয়া, মৰিয়া আৰু দেশী জনগোষ্ঠীৰ উন্নয়নৰ বাবে আন্তৰিকতাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে নে ধৰ্মীয় সংখ্যালঘু মুছলমানসকলৰ  মাজত 'খিলঞ্জীয়া-অখিলঞ্জীয়া' ৰ নামত ভাগ ভাগ কৰি এটা জনগোষ্ঠীৰ বিৰুদ্ধে আন এটা জনগোষ্ঠীক থিয় কৰাই বিভাজন আৰু বিদ্বেষৰ ৰাজনীতি স্থায়ী কৰিব বিচাৰিছে? সেই কথাও চিন্তা কৰা প্ৰয়োজন। সতৰ্ক হৈ থকা প্ৰয়োজন। 'মিঞাই মোক ৱাকফ বৰ্ডৰ পৰা খেদিলে' বুলি ইতিমধ্যেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিশিষ্ট অধিবক্তা নেকিবুৰ জামানে ৰাজহুৱাভাৱে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে! এনেকুৱা ধৰণৰ বক্তব্যই কিহৰ ইংগিত প্ৰদান কৰে? আমি সকলোৱে জানো এইবোৰ ৰাজনৈতিক হস্তক্ষেপৰ ফলতেই সাল-সলনি হয়। বিশিষ্ট অধিবক্তা নেকিবুৰ জামান ডাঙৰীয়াৰ লগত যদি কিবা অন্যায় হৈছে সেয়া নিশ্চয়কৈ ৰাজনৈতিক কাৰণত হৈছে, তেনেস্থলত তেখেতৰ ক্ষোভ আৰু অভিযোগ সংশ্লিষ্ট ৰাজনৈতিক দল বা কোনো নেতাৰ বিৰুদ্ধে হব লাগিছিল। মিঞা জনগোষ্ঠীটোৰ বিৰুদ্ধে হোৱা উচিত নহয়। 


বিধান সভা আৰু সংসদত গৰীয়া, মৰিয়া আৰু দেশী মুছলমান জনগোষ্ঠীৰ ৰাজনৈতিক প্ৰতিনিধিত্ব একেবাৰে সীমিত। ইয়াক লৈ অসমীয়া 'খিলঞ্জীয়া' মুছলমানসকলৰ মাজত ক্ষোভ আছে। থকাটো স্বাভাৱিক। কিন্তু ইয়াৰ বাবে দায়ী কোন? একাংশ তথাকথিত দল-সংগঠন আৰু বিজেপি দল-চৰকাৰে চৰ-চাপৰিৰ অসমীয়া মুছলমান (মিঞা) জনগোষ্ঠীটোক আগ্ৰাসী হিচাপে আখ্যায়িত কৰি দায়ী কৰা দেখা যায়! আচল সমস্যাটো ইয়াতেই। ৰাজনৈতিক দলবোৰে যে অসমীয়া 'খিলঞ্জীয়া' মুছলমানসকলক গুৰুত্বহীন কৰিছে আৰু দলীয় টিকট প্ৰদান নকৰে তাৰ বাবে ৰাজনৈতিক দলবোৰকহে সমালোচনা কৰা উচিত। চৰ-চাপৰিৰ অসমীয়া মুছলমান (মিঞা) জনগোষ্ঠীক কাঠগাৰত থিয় কৰোৱা উচিত নহয়। বৰং ৰাষ্ট্ৰপতি হোৱাৰ সৌভাগ্য হোৱা একমাত্ৰ অসমীয়া ৰাজনীতিক ফখৰ উদ্দিন আলী আহমেদদেৱে চৰ-চাপৰিৰ অসমীয়া মুছলমান (মিঞা) অধ্যুষিত জনীয়া বিধান সভা সমষ্টি আৰু বৰপেটা লোকসভা সমষ্টিৰ পৰা ৰাইজে প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰি পঠাইছিল। ছাৰ চৈয়দ ছাদুল্লা, আনোৱাৰা টাইমূৰ, আতোৱাৰ ৰহমান, মইদুল ইছলাম বৰা, নূৰুল হুছেইন, ৰকিবুল হুছেইন, ৰেকিব উদ্দিন আহমেদ আদি জনপ্ৰতিনিধিসকলৰো উদাহৰণ আছে। ভৌগলিক অসুবিধা আৰু কম জনসংখ্যাৰ বাবে যিবোৰ সৰু-সৰু জনগোষ্ঠী আৰু জনজাতিৰ লোকসকলে ৰাজনৈতিক প্ৰতিনিধিত্বৰ পৰা বঞ্চিত হৈছে তেওঁলোকৰ ৰাজনৈতিক প্ৰতিনিধিত্ব সুনিশ্চিত কৰাৰ বাবে অসমত বিধান পৰিষদ গঠনৰ দাবী উত্থাপন কৰা উচিত।


ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি মিত্ৰজোঁট চৰকাৰৰ এই পদক্ষেপ গ্ৰহণ সম্পৰ্কত অসমৰ নাগৰিক সমাজৰ সাধাৰণ সম্পাদক পৰেশ মালাকাৰে নিজৰ ফেচবুকৰ জৰিয়তে প্ৰকাশ কৰা প্ৰতিক্ৰিয়া প্ৰসংগক্ৰমে  উল্লেখ কৰিব বিচাৰিছো। পৰেশ মালাকাৰে নিজৰ ফেচবুকত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে," মুঠৰ ওপৰত পূৰ্ববংগীয়মূলৰ চৰ-চাপৰিত বাস কৰা মিঞা সকল, দেশ বিভাজনৰ অৰ্দ্ধ শতিকা আগতে অহা মিঞা সকল, তেওঁলোকে অসমীয়া ভাষা গ্ৰহণ কৰি, অসমীয়া সংস্কৃতি গ্ৰহণ কৰি বৃহত্তৰ অসমীয়া সমাজত জিন যাব বিচাৰিলেও তেওঁলোকক আদৰি লোৱা নহ’ব৷ ইয়াত চন তাৰিখৰ কথা নাই৷ মিঞা,মিঞাই ৷ কিয়নো এই বিষয়টো জীয়াই ৰাখিব নোৱাৰিলে অসমৰ ৰাজনীতি সঁচা অৰ্থত বিকাশৰ ৰাজনীতি হ’ব লাগিব৷ বিভাজনৰ ৰাজনীতি হ’ব নোৱাৰিব৷ কিন্তু বিকাশৰ ৰাজনীতিৰ চাবিকাঠি এই চৰকাৰৰ হাতত নাই৷ তেওঁলোকৰ দক্ষতা কেৱল বিভাজনতহে৷ মিঞাৰ বিৰুদ্ধে অসমৰ সকলো জাতি-জনজাতিক এক কৰি, মিঞাৰ ভয় দেখুৱাই শাসনৰ গাদী মজবুত কৰাই হৈছে এই চৰকাৰৰ মূল লক্ষ্য৷ খিলঞ্জীয়া মুছলমান সকলকো এই মিঞা বিৰোধী বিভাজনবাদী ঐক্যলৈ আনিব লাগিব৷ এইটো হৈছে এতিয়া অসমৰ ৰাজনীতিৰ প্ৰাথমিক কথা৷ কিন্তু, ই এটা ভয়ংকৰ কথা"! 


আমি লক্ষ্য কৰিছো ইমান দিনে বিজেপি দল আৰু চৰকাৰৰ একাংশ নেতাই মুকলিকৈ সংখালঘু মুছলমান বিদ্বেষী বক্তব্য প্ৰদানেৰে মেৰুবিভাজনৰ ৰাজনীতি কৰি আহিছে। বিশেষকৈ নিৰ্বাচনৰ পূৰ্বে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলিকৈ ৩৫% আৰু ৬৫ % লোকৰ সভ্যতাৰ নিৰ্বাচনী যুজঁ বুলি অভিহিত কৰি চূড়ান্ত সাম্প্ৰদায়িক ৰাজনীতি কৰিছিল। ৩৫ % বুলি কৈ অসমত বসবাস কৰি থকা সকলো মুছলমান লোককে একাকাৰ কৰিছিল, মোগলৰ বংশধৰ বুলিও কটাক্ষ কৰিছিল আৰু তেওঁলোকৰ ভোট নালাগে বুলিও চূড়ান্ত  সাম্প্ৰদায়িক আৰু অসাংবিধানিক বক্তব্য প্ৰদান কৰিছিল। অসমক 'শংকৰ-আজানৰ' সম্প্ৰীতিৰ পূণ্যভূমি বুলি কোৱাতো আপত্তি কৰিছিল; শংকৰদেৱৰ লগত আজান পীৰৰ নাম কিয় লোৱা হব বুলিও বিজেপি দল আৰু চৰকাৰৰ একাংশ লোকে তীব্ৰ আপত্তি কৰিছিল। এতিয়া ভূতৰ মুখত ৰাম নাম!


মুখ্যমন্ত্ৰীৰ লগত হোৱা আলাপ-আলোচনাত জনবিস্ফোৰণৰ সমস্যা আৰু জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে আইনৰ প্ৰয়োজনীয়তাৰ কথা বিশেষভাৱে গুৰুত্ব পায় বুলি সংবাদমাধ্যমত প্ৰকাশ পাইছে। গৰীয়া, মৰিয়া আৰু দেশী জনগোষ্ঠীৰ মাজত জনবিস্ফোৰণৰ সমস্যা আছে নেকি? এই মুছলমান জনগোষ্ঠীসমূহৰ মাজত জনবিস্ফোৰণৰ সমস্যা আছে বুলি আগতে কেতিয়াও শুনা নাই! চৰ-চাপৰিৰ অসমীয়া মুছলমান (মিঞা)ৰ মাজতহে জনবিস্ফোৰণৰ সমস্যা আছে বুলি ইমানদিনে চৰ্চা আৰু আলোচনা হৈ আহিছে! যদি চৰ-চাপৰিৰ অসমীয়া মুছলমান (মিঞা)ৰ মাজত হৈ থকা জনবিস্ফোৰণৰ সমস্যা সমাধানৰ বাট বিচাৰি উলিয়াব লাগে তেন্তে চৰ-চাপৰিৰ অসমীয়া মুছলমান (মিঞা) জনগোষ্ঠীৰ বৌদ্ধিক সমাজৰ লগতো আলাপ- আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে! সেই কাম মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিবনে? মুখ্যমন্ত্ৰীয়ে 'খিলঞ্জীয়া' অসমীয়া মুছলিমসকলক বৃহত্তৰ অসমীয়া জাতিৰ অংগ বুলি অভিহিত কৰি তেওঁলোকৰ সাংস্কৃতিক স্বকীয়তা অক্ষুন্ন ৰাখি উন্নয়নৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা আদৰণীয়। কিন্তু মুখ্যমন্ত্ৰীৰ দৃষ্টিত চৰ-চাপৰিৰ অসমীয়া মুছলমান (মিঞা) অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ নহয় নেকি? মুখ্যমন্ত্ৰীগৰাকীৰ নিশ্চয় অসমৰ সকলো জাতি, জনগোষ্ঠী আৰু জনজাতিৰ প্ৰতি সমান দায়িত্ব আৰু কৰ্তব্য আছে। গতিকে আৰ্থ-সামাজিক আৰু শৈক্ষিক ক্ষেত্ৰত অতিকৈ পিছপৰা চৰ-চাপৰিৰ অসমীয়া মুছলমান (মিঞা) ৰ উন্নয়নৰ বাবেও মুখ্যমন্ত্ৰী গৰাকীয়ে বিশেষ পদক্ষেপ লওক। নিৰক্ষৰতা আৰু দৰিদ্ৰতাৰ কৰাল গ্ৰাসত ককবকাই থকা চৰ-চাপৰিৰ অসমীয়া মুছলমান (মিঞা) সমাজখন ধৰ্মান্ধতা, অন্ধবিশ্বাস, কুসংস্কাৰ, বাল্যবিবাহ, বহুবিবাহ, দেৱানী মাতব্বৰ প্ৰথা, জন বিস্ফোৰণ আৰু অপৰাধজনিত বিভিন্ন সমস্যা দূৰীকৰণৰ কৰি জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে বিশেষ ব্যৱস্থা লোৱাটো সময়ৰ আহ্বান। 


লেখাটোৰ আৰম্ভণিতেই উল্লেখ কৰিছো যে ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে গৰীয়া, মৰিয়া আৰু দেশী মুছলমান জনগোষ্ঠীৰ উন্নয়নৰ বাবে বিশেষ কিবা ব্যৱস্থা গ্ৰহণ কৰিলে সেয়া নিশ্চয়কৈ আদৰণীয়। কিন্তু চৰকাৰখনৰ যদি সস্তীয়া আৰু বিভাজনৰ ৰাজনীতি কৰাৰ উদ্দেশ্য নহয় তেন্তে 'খিলঞ্জীয়া-অখিলঞ্জীয়া'ৰ নামত ভাগ ভাগ কৰি নহয় গৰীয়া, মৰিয়া আৰু দেশী জনগোষ্ঠীয় মৰ্যদাৰে তেওঁলোকৰ উন্নয়নৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰক। 'খিলঞ্জীয়া-অখিলঞ্জীয়া'ৰ নামত ভাগ-ভাগ কৰি কিবা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিলে কোনোবাই তাৰ বিৰুদ্ধে ন্যায়ালয়ত প্ৰত্যহ্বান জনালে সেয়া কাৰ্যকৰী কৰা সম্ভৱ নহব। কিয়নো 'খিলঞ্জীয়া'ৰ এতিয়াও কোনো চৰকাৰী সংজ্ঞা নাই আৰু 'খিলঞ্জীয়া'ৰ নামত কোনো কোনো মুছলমান জনগোষ্ঠীক বিশেষ সুবিধা দিয়া আৰু কোনো কোনো মুছলমান জনগোষ্ঠীক বঞ্চিত কৰাৰ ষড়যন্ত্ৰ ন্যায়ালয়ৰ মজিয়াত ব্যৰ্থ হব পাৰে।

লেখক ৰাইজৰ দলৰ ৰাজ্যিক সম্পাদক। লেখাটি দৈনিক গণ-অধিকাৰ, কাকততো প্ৰকাশ পাইছে।

No comments:

Post a Comment