বিশ্লেষণঃ অসমৰ আচল বিত্তীয় অৱস্থা 'শ্বেত-পত্ৰ'ৰে ৰাইজক জনাবনে চৰকাৰে? :: কিশোৰ কুমাৰ কলিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ অসমৰ আচল বিত্তীয় অৱস্থা 'শ্বেত-পত্ৰ'ৰে ৰাইজক জনাবনে চৰকাৰে? :: কিশোৰ কুমাৰ কলিতা

বিশ্লেষণঃ অসমৰ আচল বিত্তীয় অৱস্থা 'শ্বেত-পত্ৰ'ৰে ৰাইজক জনাবনে চৰকাৰে? :: কিশোৰ কুমাৰ কলিতা

Share This
অসমৰ আচল বিত্তীয় অৱস্থা 'শ্বেত-পত্ৰ'ৰে ৰাইজক জনাবনে চৰকাৰে?  কিশোৰ কুমাৰ কলিতা, ACTUAL FINANCIAL STATUS OF ASSAM
অসমৰ আচল বিত্তীয় অৱস্থা 'শ্বেত-পত্ৰ'ৰে ৰাইজক জনাবনে চৰকাৰে? 
কিশোৰ কুমাৰ কলিতা
অসমৰ গ্ৰামাঞ্চলত এতিয়া ভীষণ হাৰত বাঢ়িছে দৰিদ্ৰতা। বিকশিত অসমৰ ঢাক-ঢোলৰ গুমগুমনিৰ মাজত, আনকি ঋণ পৰিশোধ, জীৱনৰ তাড়ণাত পৰি ৰাজধানী দিছপুৰৰ পৰা কেৱল এশ কিল'মিটাৰৰ ভিতৰতে অৱস্থিত জাগীৰোড অঞ্চলৰ গাঁৱত উন্মোচিত হৈছে, কিডনী তথা অন্য মানৱ অংগ বিক্ৰী কৰি জীৱন-সংসাৰ বচোৱাৰ প্ৰায় ৩০টা পৰিয়ালৰ জীয়া, সঁচা কাহিনী, এইখন অসমতে। 'দৈনিক অসম'ৰ ১১ জুলাই ২০২১ ৰ বাতৰিত প্ৰকাশ পাইছে, অসম চৰকাৰে বিভিন্ন অৰ্থনৈতিক ঋণৰ কেৱল সুত হিচাবে 'এইবছৰ' পৰিশোধ কৰিব লগীয়া ধনৰ পৰিমানে সৰ্বকালৰ অভিলেখ গঢ়ি এই সংখ্যা ৬৫০০ কোটি হোৱাৰ কথা। এই প্ৰেক্ষাপটতে অসম বিধান সভাত চলিছে, বাজেট অধিৱেশন। অসমৰ মানুহক হয়তো এই বাজেটত 'ঘোষণা'ৰ চমক দিয়াৰ ব্যৱস্থা হব! কিন্তু প্ৰশ্ন হৈছে, শ্বেত-পত্ৰ প্ৰকাশেৰে অসমৰ ৰাইজক জনোৱা হবনে, সঁচাকৈ আচলতে কি অৱস্থাত আছে অসম ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা?
অসমৰ আচল বিত্তীয় অৱস্থা 'শ্বেত-পত্ৰ'ৰে ৰাইজক জনাবনে চৰকাৰে?  কিশোৰ কুমাৰ কলিতা, ACTUAL FINANCIAL STATUS OF ASSAM
যোৱা ১০ মে তাৰিখে শপত গ্ৰহণৰ জৰিয়তে দায়িত্ব চম্ভালি লোৱা ড° হিমন্তবিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনৰ সন্মুখত মূল প্রত্যাহ্বান কি বুলি সুধিলে সকলোৱে নিশ্চয়কৈ ‘ক’ভিড’ বুলিয়েই ক’ব। মুখ্যমন্ত্রী ৰূপত প্ৰথমখন সংবাদ মেলত ড° হিমন্তবিশ্ব শৰ্মাই আগত পাঁচ বছৰত অসমক দেশৰ পাঁচখন শ্রেষ্ঠ ৰাজ্যৰ এখনত পৰিণত কৰাটোৱেই চৰকাৰখনৰ মূল লক্ষ্য হ'ব বুলি ঘোষণা কৰিছে। লগতে মুখ্যমন্ত্রীজনে বিজেপি আৰু মিত্রদল দুটাই নির্বাচনত ৰাইজক দিয়া প্রতিশ্রুতি, বিশেষকৈ অৰুণোদয় আঁচনিৰ নতুন ৰূপ আৰু মাইক্র’ ফাইনেন্সৰ ঋণ মাফ আদি প্রতিশ্রুতি পূৰণ, অসমক ঋণমুক্ত কৰাৰ বাবে সময় নির্ধাৰিত কার্যসূচী গ্রহণ আদিয়েই চৰকাৰখনৰ প্রধান দায়িত্ব হ’ব বুলি কৈছে। তাৎপর্যপূর্ণভাৱে ৰাজ্যৰ বিত্তীয় অৱস্থাক লৈ চিন্তা কৰিবলগীয়া একো কাৰণ নাই বুলি মুখ্যমন্ত্রীজনে যি আশ্বাস দিছে, তাত আমাৰ নিচিনা সাধাৰণ নাগৰিকে বিশেষ আশ্বস্ত হ’ব পৰা নাই। ১০ মে'ৰ সংবাদ মেলত সর্বানন্দ সোণোৱাল চৰকাৰৰ বিত্ত মন্ত্ৰীৰ দায়িত্ব পালন কৰা ড° শৰ্মাই ৰাজ্যৰ কোষাগাৰত ৭ হেজাৰ কোটি টকা জমা আছে বুলি ঘোষণা কৰি অসমৰ বিত্তীয় অৱস্থাক লৈ শংকিত হোৱাৰো কোনো কাৰণ নাই বুলি কৈছে। ৰাজ্য চৰকাৰৰ হাতত থকা পুঁজিৰে উন্নয়ন আৰু বিকাশৰ কাম-কাজ নিয়াৰিকৈ চলি থাকিব বুলি মন্তব্য কৰি ড° শৰ্মাই অসমৰ বিত্তীয় অৱস্থা দেশৰ ভিতৰতে অন্যতম শ্রেষ্ঠ বুলি সজোৰে প্রকাশ কৰিছে। এতিয়া প্ৰশ্নটো হ'ল অসমৰ বিত্তীয় পৰিস্থিতি সঁচাকৈয়ে ইমান ভাল নে ?

সর্বানন্দ সোণোৱাল চৰকাৰৰ প্ৰথমখন বাজেট (২০১৬-১৭ বিত্তীয় বর্ষ) উত্থাপন কৰি তদানীন্তন বিত্ত মন্ত্রী আৰু বৰ্তমানৰ মুখ্যমন্ত্রী ড° হিমন্ত শর্মাই এনেদৰে কৈছিল— ২০১৫-১৬ বৰ্ষত (BE) ৰাজ্যখনৰ সৰ্বমুঠ ৰাজহ সংগ্রহ আছিল ৫৭,০৬৪.১০ কোটি টকা। আৰু সৰ্বমুঠ ৰাজহ ব্যয় আছিল ৫১,৫৬২.৮৫ কোটি টকা। সেই অনুসৰি উদ্বৃত্ত ৰাজহৰ (Revenue Surplus) পৰিমাণ আছিল ৫,৫০১.২৫ কোটি টকা ; মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ বিপৰীতে ঋণৰ অনুপাত আছিল ১৭.৪৩ শতাংশ আৰু মুঠৰাজ্যিক ঘৰুৱা উৎপাদনৰ শতকৰা হাৰত বিত্তীয় ঘাটিৰ পৰিমাণ আছিল (-) ২.৩৩ শতাংশ।

আনহাতে ২০২০-২১ বিত্তীয় বর্ষৰ বাজেট উত্থাপন কৰি ড° শৰ্মাই কৈছিল যে ২০১৫-১৬ বৰ্ষত ৰাজ্য চৰকাৰে নিজৰ কৰ্মচাৰীক কেৱল ৬ মাহ ১০ দিনৰহে দৰমহা দিবলৈ সমর্থ হৈছিল, তেনেস্থলত সোণোৱাল চৰকাৰে নিজ কর্মচাৰীক ৭ মাহ ৯ দিনৰ দৰমহা আদায় দিব পাৰিছিল। বিকাশৰ সেই হাৰ বৰ্তি থাকিলে অতি সোনকালে অসম চৰকাৰে নিজৰ কৰ্মচাৰীসকলক সম্পূর্ণ বছৰটোৰ দৰমহা কেন্দ্রীয় পুঁজিৰ ওপৰত নিৰ্ভৰ নকৰাকৈ ৰাজ্যিক ৰাজহৰ পৰাই আদায় দিব পাৰিব বুলি প্রত্যয়েৰে কৈছিল। বাজেট প্রাক্কলন শিতানত কোৱা হৈছিল— ৰাজহুৱা শিতানত হোৱা ব্যয়ৰ ১৭৬৫৯৮.৬৫ কোটি টকাৰে বছৰটোৰ সৰ্বৰ্মঠ প্রাক্কলিত ব্যয়ৰ পৰিমাণ হ’ব ২৮০৩৬০.২৯ কোটি টকা। এইদৰে বছৰটোত হোৱা প্রাক্-কলিত লেনদেনৰ বাবদ আনুমানিক ১৯৩৪.১০ কোটি টকা ৰাহি হ'ব। ইয়াৰ লগত বছৰটোৰ আৰম্ভণিৰ ঘাটি ৩১৮৩.৬০ কোটি টকাৰ হিচাপ মিলালে ২০২০-২১ বৰ্ষৰ শেষলৈ বাজেট ঘাটিৰ পৰিমাণ ১২৪৯.৫০ কোটি টকা হ'বগৈ। 

সেয়ে, অর্থনীতিৰ একেবাৰে সামান্য জ্ঞানেৰে আমি বুজিছো যে বিগত পাঁচটা বছৰত অসমৰ আর্থিক অৱস্থাটো বৰ বিশেষ ভাল নাছিল আৰু বিত্তীয় দুৰৱস্থা সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ কাকতে পত্রই উত্থাপিত হৈছিল। এনে অভিযোগসমূহৰ কেইটামান এনেধৰণৰ-

১) বিগত সোণোৱাল চৰকাৰখনৰ বিৰুদ্ধে থকা এক অভিযোগ হৈছে এয়ে যে এই চৰকাৰখনে কার্যতঃ ধাৰ কৰিয়েই নিজৰ শাসনকাল চলালে। ২০১৬ চনত ৰাজ্যত বিজেপি চৰকাৰ প্রতিষ্ঠা হোৱাৰ সময়ত অসমৰ সমুদায় ঋণ আছিল ৩৫,৬৯০.২২ কোটি টকা । ২০২০-২১ বিত্তীয় বৰ্ষৰ সামৰণিলৈ চৰকাৰে লোৱা সমুদায় ঋণৰ পৰিমাণ হ'বগৈ ৭৯,৭৫১.৫০ কোটি টকা। অর্থাৎ ৰাজহ সংগ্ৰহৰ হাৰ অভাৱনীয়ভাৱে বৃদ্ধি পোৱা বুলি প্ৰচাৰ চলোৱা বিজেপি চৰকাৰখনে পাঁচ বছৰীয়া কার্যকালত ৪৪,০৬১.৩৩ কোটি টকা ঋণেৰেহে ৰাজ্যখন চলালে।

তদুপৰি পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি সোণোৱাল চৰকাৰে মাত্ৰ চাৰিটা বছৰত অভিলেখ পৰিমাণৰ ১৫,১৫৫ কোটি টকা কেৱল সুত পৰিশোধ কৰাতে ব্যয় কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২০২০ৰ ১৩ অক্টোবৰত প্রকাশিত পৰিসংখ্যা সম্পর্কীয় এক প্রতিবেদন অনুযায়ী সোণোৱাল চৰকাৰে ক্ষমতালৈ অহাৰ পিচত ২০১৬-১৭ বৰ্ষত ২,৯৬৪ কোটি টকা; ২০১৮-১৯ বৰ্ষত ৪,১৯৩ কোটি টকা আৰু ২০১৯২০ চনত ৪,৭৯৩ কোটি টকা কেৱল সুত পৰিশোধ কৰাতে ব্যয় কৰিছে। তদুপৰি ঠিকা-ঠুকলি আদিৰ বাবদ ৰাজ্য চৰকাৰে বিভিন্ন বিভাগক দিবলৈ বাকী আছে প্রায় উনত্রিশ হেজাৰ কোটি টকা। অর্থাৎ আজিৰ দিনত অসম চৰকাৰখনক কেৱল ঋণ পৰিশোধ আৰু বিভাগসমূহক দিবলগা আছে প্রায় এক লাখ আঠ হেজাৰ কোটি টকা। ইয়াৰ উপৰি আছে চৰকাৰখনৰ প্রতিশ্ৰুতিবদ্ধ দায়বদ্ধতা (Committed expenditure)। আর্থিকভাৱে ইমান দায়বদ্ধতা থকা চৰকাৰখনে বিকাশৰ দিশত কেনেদৰে আগবাঢ়িব সি এক ডাঙৰ প্রশ্ন।

২) ২০২০-২১ বিত্তীয় বৰ্ষত অসম চৰকাৰৰ প্রতিশ্রুতিবদ্ধ দায়বদ্ধতা ধৰা হৈছিল ৪৪,৫৪৫ কোটি টকা (যি ব্যয় কৰা হয় দৰমহা, পেন্সন আৰু সুত পৰিশোধ কৰাৰ ক্ষেত্ৰত)। আনহাতে ২০২০-২১ বৰ্ষত চৰকাৰখনে ৯১,৯৩১ কোটি টকা ৰাজহ লাভ কৰিব বুলি ধৰা হৈছিল। ইয়াৰে ৩০,৫১৪ কোটি টকা (সর্বমুঠ পাব লগা ৰাজহৰ ৩৩ শতাংশ) ৰাজ্যখনে নিজৰ ৰাজহ উৎসৰ পৰা আৰু বাকী ৬৭ শতাংশ, অর্থাৎ ৬১,৪১৭ কোটি টকা কেন্দ্ৰৰ পৰা [কেন্দ্রীয় কৰৰ পৰা ৰাজ্য চৰকাৰে পাব লগা অংশ আৰু সহায়তা অনুদান (grant in aid)] পাব লগা হৈছিল। আমাৰ শংকা যে এইবেলি লকডাউন আৰু কৰোনাৰ বাবে অসম চৰকাৰে কেন্দ্রীয় কৰৰ অংশৰ লগতে সহায়তা অনুদান পূর্বৰ তুলনাত কমকৈ পাব। তেনে এক আর্থিক পৰিপ্ৰেক্ষিতত মাইক্রফাইনেন্সৰ ঋণ মাফ [২০১৭ চনত মাইত্ৰ ফাইনেন্স ইনষ্টিটিউচন নেটৱৰ্কৰ পর্যালোচনা অনুসৰি ৰাজ্যখনত প্রায় ২৭ লাখ একক (single) ঋণী আছে। এই ঋণীসকলে প্রায় ১২,৫৬৪ কোটি টকা ঋণ লৈছিল। সম্প্রতি ইয়াৰ পৰিমাণ হ’ব প্রায় ত্রিশ হেজাৰ কোটি টকা] আৰু পূর্বে ঘোষিত বিভিন্ন আঁচনি ৰূপায়ণ কিদৰে কৰা হ’ব সেয়া এক ডাঙৰ প্রশ্ন।

সেয়েহে আমাৰ আহ্বান হৈছে ২০১৬ চনত ড° হিমন্তবিশ্ব শৰ্মাই যেনেদৰে এখন বিত্তীয় শ্বেতপত্র প্রকাশ কৰি উলিয়াইছিল, একেদৰে বৰ্তমানৰ নতুন বিত্ত মন্ত্রী অজন্তা নেওগ ডাঙৰীয়ানীয়েও ৰাজ্যখনৰ বিত্তীয় পৰিস্থিতি সন্দৰ্ভত এখন শ্বেতপত্র প্রকাশ কৰিব লাগে। যদি সঁচাকৈ অসমৰ ৰাজ্য চৰকাৰৰ তহবিলত মুখ্যমন্ত্ৰীৰ ঘোষণা মতেই কেৱল ৭০০০ কোটি জমা আছে আৰু 'দৈনিক অসম' কাকতৰ ১১ জুলাইৰ বাতৰি মতে এই বিত্তীয় বৰ্ষত ভৰিব লগা ঋণৰ সুতেই ৬৫০০কোটি হয়, তেন্তে ৰাজ্য চলাবলৈ বা উন্নয়নৰ বাবে সঁচাকৈ কি মাত্ৰ ৫০০ কোটিৰ ধনহে হিচাবত থাকিব নেকি?

সেয়ে অসমৰ সচেতন ৰাইজে, ৰাজনৈতিক উদ্দেশ্যৰে বাজেটৰ চমকমুখী ঘোষণাৰ আগতে, অসমৰ আচলৰ বিত্তীয় অৱস্থাৰ কথা জানিব বিচাৰিছে। এই কথা বিধান সভাত শাসক-বিৰোধী সকলোৱেই জোৰ দিয়া উচিত। অসমৰ জনসাধাৰণে ৰাজ্যখনৰ আচল বিত্তীয় পৰিস্থিতিৰ বিষয়ে যথাযথভাৱে অৱগত হলে তেওঁলোকৰ আশা-আকাংক্ষাৰ দৌৰো হয়তো তীব্ৰ নহ'ব আৰু চৰকাৰখনেও সামর্থ্য অনুযায়ীহে কাম কৰাৰ এক স্বচ্ছ পৰিবেশ লাভ কৰিব। 'হাতত নাই কনটো, বৰ-সবাহলৈ মনটো' ফঁকৰাৰ দৰে অৱস্থাৰ বাস্তৱতাৰ মাজত থাকি ঘাটি বাজেটৰ চমকে যে প্ৰকৃতাৰ্থত ৰাজ্য-বাসীলৈ কাংখিত বিকাশ আৰু নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণক প্ৰকৃতাৰ্থত বাস্তৱায়িত কৰিব নোৱাৰিব, সেই কথাও কিন্তু নিশ্চিত।
লেখকৰ ই-মেইল : kishorassam@gmail.com, 
লেখকৰ আনবোৰ প্ৰকাশিত লেখাৰ একত্ৰ লিংকঃ 


No comments:

Post a Comment