ক্ৰীড়াঃ অলিম্পিকত উজ্জ্বিৱীত ভাৰতীয়ৰ আশাঃ মীৰাবাই চানু লৈ অভিনন্দন :: ৰাতুল কুমাৰ লাহন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ক্ৰীড়াঃ অলিম্পিকত উজ্জ্বিৱীত ভাৰতীয়ৰ আশাঃ মীৰাবাই চানু লৈ অভিনন্দন ::  ৰাতুল কুমাৰ লাহন

ক্ৰীড়াঃ অলিম্পিকত উজ্জ্বিৱীত ভাৰতীয়ৰ আশাঃ মীৰাবাই চানু লৈ অভিনন্দন :: ৰাতুল কুমাৰ লাহন

Share This

অলিম্পিকত উজ্জ্বিৱীত ভাৰতীয়ৰ আশাঃ মীৰাবাই চানু লৈ অভিনন্দন  ৰাতুল কুমাৰ লাহন

অলিম্পিকত উজ্জ্বিৱীত ভাৰতীয়ৰ আশাঃ মীৰাবাই চানু লৈ অভিনন্দন

ৰাতুল কুমাৰ লাহন

নিৰ্ধাৰিত সময় বিৰতিৰ পৰিৱৰ্তে পাঁচ বছৰৰ মূৰত বিশ্বৰ আটাইতকৈ পুৰণি ক্ৰীড়া প্ৰতিযোগিতা অলিম্পিক জাপানৰ টকিঅ' চহৰত ২৩ জুলাইৰ পৰা অনুষ্ঠিত হৈছে। আন সকলো দেশৰ দৰে ভাৰতবৰ্ষয়ো এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ দল প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে ভাৰতে এইবাৰ অলিম্পিকৰ ইতিহাসত সৰ্ববৃহৎ দল প্ৰেৰণ কৰিছে। যোৱা পাঁচবছৰত দেশখনৰ ক্ৰীড়াক্ষেত্ৰত হোৱা প্ৰগতিৰ(?) প্ৰতিফলন এই প্ৰতিযোগিতাতে আমি দেখিবলৈ পাম। আনকি ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা দপ্তৰৰ সদ্য প্ৰাক্তন মন্ত্ৰী কিৰেন ৰিজিজুৱে এক সাক্ষাৎকাৰত কৈছিল যদিহে ভাৰতবৰ্ষই এই অলিম্পিকত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন নকৰে তেনে তেওঁৰ কাৰ্যকালটো আলোচনালৈয়ে আনিব নালাগে। আমিও আশা কৰিম মহামাৰীৰ এই সময়ছোৱাত এই প্ৰতিযোগিতাত দেশখনে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সফলতা লাভ কৰি জনসাধাৰণক সামান্য হ'লেও সুখ প্ৰদান কৰিব। খেলৰ প্ৰথম দিনাই মণিপুৰৰ জীয়াৰী মীৰাবাই চানুৱে ৰূপৰ পদক জয় কৰি এই আশালৈ অধিক সজীৱতা আনিলে। মীৰাবাই চানুৰ জীৱন সংগ্ৰাম আৰু সফলতাৰ কথা এতিয়া দেশবাসীৰ মুখে মুখে। উত্তৰ-পূৱৰ নাৰীক এক অনন্য পৰিচয় দিবলৈ সক্ষম হোৱা মীৰাবাইলৈ এই সফলতাৰ বাবে জনাইছো আন্তৰিক অভিনন্দন।

অলিম্পিকত উজ্জ্বিৱীত ভাৰতীয়ৰ আশাঃ মীৰাবাই চানু লৈ অভিনন্দন  ৰাতুল কুমাৰ লাহন

ভাৰতবৰ্ষই এইবাৰ মুঠ ১৮ টা ক্ৰীড়া শিতানত মুঠ ১২৭ জন খেলুৱৈৰ এটা দল প্ৰেৰণ কৰিছে। এই ১৮ টা শিতানৰ ভিতৰত কেইটামান শিতানত আমাৰ ক্ৰীড়াবিদসকলৰ পদক লাভৰ পূৰ্ণ সম্ভাৱনা থকাৰ বিপৰীতে কেইটামান শিতানত নামমাত্ৰ অংশগ্ৰহণহে কৰিছে বুলি কব পাৰি। দেশখনে পদক লাভৰ সম্ভাৱনা থকা কেইবিধমান খেল  আৰু খেলুৱৈৰ এক আলোচনা আগবঢ়ালোঁ। 


ভাৰতবৰ্ষই পদক লাভৰ প্ৰায় নিশ্চিতি থকা এটা event হৈছে Shooting. দেশখনৰ Shooting ৰ দলটো বিশ্বৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ বুলিও কব পাৰি। বিশেষ সময়ত মানসিক চাপ নিয়ন্ত্ৰণ কৰি নিজৰ সৰ্বোচ্চ উজাৰি দিব পাৰিলে প্ৰতিজন খেলুৱৈয়ে পদক লাভৰ বাবে সক্ষম। তথাপিও মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলত অপূৰ্বি চাণ্ডেলা, মহিলাৰ ১০ মিটাৰ আৰু ২৫ মিটাৰ এয়াৰ পিষ্টলত মনু ভাকেৰ আৰু মহিলাৰ ২৫ মিটাৰ এয়াৰ পিষ্টলত ৰাহি শ্বৰ্ণাৱটৰ পৰা পদক লাভৰ সম্ভাৱনা আছে। তদুপৰি আনসকল খেলুৱৈৰ পৰাও এটামান পদক আশা কৰিব পৰা যায়। 


ইয়াৰ পাছতে পদক লাভৰ সম্ভাৱনা থকা আন এটা খেল হৈছে বক্সিং। ১০ জন খেলুৱৈৰে গঠিত বক্সিং দলটোত মেৰী কম, বিকাশ কিষাণ, অমিত পাংগল পদকৰ অন্যতম দাবীদাৰ। অসমৰ লাভলিনা বৰগোঁহাইৰ পৰা পদক লাভৰ realistic আশা নাথাকিলেও আমাৰ এটা সপোন আছে লাভলিনাই পদক লৈ ঘূৰি আহক। লাভলিনালৈ শুভেচ্ছা জনালোঁ। কেৰিয়াৰৰ অন্তিম অলিম্পিক হিচাপে মেৰী কমে পদক লাভ কৰিবলৈ নিজৰ সকলো উজাৰি দিব বুলি আশা কৰিব পাৰোঁ। 


বেডমিণ্টনত পি ভি সিন্ধু শক্তিশালী খেলুৱৈ যদিও শেহতীয়াকৈ কৰ্টৰ প্ৰদৰ্শন কেনেকুৱা জানিবৰ কোনো উপায় নাই। স্পেইনৰ শক্তিশালী খেলুৱৈ কেৰলিনা মাৰিনৰ অনুপস্থিতিত সিন্ধুৰ মূল প্ৰতিদ্বন্দিতা ঘৰুৱা খেলুৱৈ নাজুমি উকুহাৰা, আকানে য়ামাগুচি, আৰু চীনৰ খেলুৱৈসকলৰ সৈতেই হ'ব। তথাপিও সিন্ধুৰ পৰা এটা পদক আশা কৰাটো ভুল নহ'ব। অন্যহাতেদি পুৰুষ Doubles ৰ খেলুৱৈ স্বাত্বিকচাইৰাজ আৰু চিৰাগ শ্বেট্টীয়ে নিজৰ দিনত যিকোনো দলকে পৰাস্ত কৰিব পৰা ক্ষমতা আছে।


পদক লাভৰ সম্ভাৱনা থকা আন এটা শিতান হৈছে Wrestling. পৰম্পৰাগতভাৱে ভাৰতৰ দখল থকা এইবিধ খেলত বিগত তিনিটা অলিম্পিকত ভাৰতে পদক লাভ কৰি আহিছে। এইবাৰো ভাৰতবৰ্ষৰ Wrestling দলটো শক্তিশালী। বিনেশ ফোগট, দীপক পুনিয়া আৰু বজৰং পুনিয়াৰ পৰা পদক আশা কৰিব পাৰি। 


দলীয় শিতানত ভাৰতবৰ্ষই পুৰুষ আৰু মহিলাৰ হকী দল প্ৰেৰণ কৰিছে। পুৰুষ হকীত আমাৰ এক গৌৰৱোজ্জ্বল ইতিহাস থকাৰ পাছতো ১৯৮০ চনৰ পৰা আমি বিফলতাৰ বাহিৰে বাকী একো পোৱা নাই। অৱশ্যে এইবাৰৰ পুৰুষ হকী দলটো অতি শক্তিশালী। বিশ্ব ৰেংকিংত ৪ নম্বৰ স্থানত থকা দল হিচাপে পুৰুষ হকীৰ দলটোৱে হেৰুওৱা গৌৰৱ উদ্ধাৰ কৰাৰ সম্ভাৱনা নথকা নহয়। মহিলা হকী দলৰ পৰা পদক লাভৰ কোনো সম্ভাৱনা নাই। 


বিগত কেইটামান অলিম্পিকত ভাৰতে আৰ্চাৰীত শক্তিশালী দল প্ৰেৰণ কৰি আহিছে যদিও প্ৰতিবাৰেই খেলুৱৈসকলৰ প্ৰদৰ্শন অতি দুখ লগা। বিশ্ব ৰেংকিঙৰ ওপৰৰ স্থানত থকাৰ পাছতো জয়ন্ত তালুকদাৰ, মংগল সিং চাম্পিয়াৰ দৰে খেলুৱৈয়ে কোনোদিনেই পদকৰ দৌৰত থকা দেখা পোৱা নগল। বিগত তিনিটামান অলিম্পিকত দেখা গৈছিল যে আৰ্চাৰসকলে এটা চেটৰ এডাল বা দুডাল কাঁড় অতি কম স্কৰত মৰাৰ বাবেই পদকৰ আশা নাথাকে। ইয়াৰ এটা কাৰণ মানসিক চাপ আৰু পদকৰ হেঁচা হব পাৰে। আশা কৰো এইবাৰ ইয়াৰ ব্যতিক্ৰম হওক। অতনু দাস আৰু দীপিকা কুমাৰী দম্পত্তিৰ পৰা কমেও এটা পদক আশা কৰাটো ভুল নহ'ব। 


এথলেটিকচত স্বাধীনতাৰ পাছৰ পৰাই আমি পদকৰ মুখ দেখা নাই। পি টি উষা আৰু মিলখা সিঙে ফাইনেলত প্ৰৱেশ কৰিছিল যদিও মূৰকত পদক লাভ কৰাত বিফল হৈছিল। অৱশ্যে এইবাৰ জেভলিন থ্ৰৱাৰ নীৰজ চোপ্ৰাই পদক লাভৰ পূৰ্ণ সম্ভাৱনা দেখুৱাইছে। আঘাতে সমস্যাৰ সৃষ্টি নকৰাহেঁতেন চোপ্ৰাৰ পদক প্ৰায় নিশ্চিত আছিল। এতিয়াও চোপ্ৰাই নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ (৮৮.০৭ মিটাৰ) আশে পাশে থাকিলে এটা পদক আহিবও পাৰে কিয়নো যোৱা দুটা অলিম্পিকৰ পুৰুষৰ জেভলিন থ্ৰত ৮৫.৩৮ মিটাৰ আৰু ৮৩.৩৪ মিটাৰ ব্ৰঞ্জৰ পদক লাভৰ বাবে পৰ্যাপ্ত আছিল। আশা কৰো চোপ্ৰাই ইতিহাস সৃষ্টি কৰিব। এথলেকিচত আন কোনো খেলুৱৈ যদিহে ফাইনেললৈ অগ্ৰসৰ হব পাৰে তেনে সেয়াও হ'ব বৃহৎ প্ৰাপ্তি। 


উপৰোক্ত ইভেণ্টসমূহৰ বাহিৰেও Weightlifting ত মীৰাবাই চানুৰ পৰা পদক লাভৰ আশা কৰা হৈছিল। ৪৯ কেজি শাখাত বিশ্বৰ দ্বিতীয় স্থানৰ মীৰাবায়ে শ্ৰেষ্ঠ প্ৰদৰ্শন ডাঙি ধৰি পদক আনিব বুলি ভবা গৈছিল যদিও ৰূপৰ পদক জয় কৰে। সামান্য চমক সৃ্ষ্টি কৰিব পাৰে গল্ফাৰ অদিতি অশোকে। একেদৰে ফেন্সিঙত ভাৰতক পোনপ্ৰথমবাৰৰ বাবে প্ৰতিনিধিত্ব কৰা ভৱানী দেৱী, জিমনাষ্টিকত প্ৰণতি নায়কৰ বাবে অলিম্পিকত অংশগ্ৰহণ এক সুন্দৰ অভিজ্ঞতা হওক। 


ভাৰতত বিশেষ জনপ্ৰিয়তা নথকা আনকেইবিধমান খেল Sailing, Equestrian, Golf, জুডু, Rowing আদিত নিজৰ উপস্থিত জাহিৰ কৰিব পৰাটোকেই দেশবাসীয়ে বিশেষ সফলতা বুলি ধৰিব।


পদকৰ সংখ্যাৰে ২০১২ ৰ অলিম্পিক আছিল ভাৰতৰ শ্ৰেষ্ঠ অলিম্পিক। উক্ত প্ৰতিযোগিতাত দেশখনে ২ টা ৰূপ আৰু ৪ টা ব্ৰঞ্জ সহ মুঠ ৬ টা পদক লাভ কৰিছিল। আমি আশা কৰিম এইবাৰ পদকৰ সংখ্যা দুই অংকৰ ঘৰলৈ যাওক।

No comments:

Post a Comment