মনৰ কথাঃ সমৃদ্ধিশালী অসমৰ বাটঃ সম্ভাৱনাৰে ভৰপূৰ অথচ প্ৰত্যাহ্বানমূলক :: সঞ্জীত কুমাৰ বৰদলৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ সমৃদ্ধিশালী অসমৰ বাটঃ সম্ভাৱনাৰে ভৰপূৰ অথচ প্ৰত্যাহ্বানমূলক :: সঞ্জীত কুমাৰ বৰদলৈ

মনৰ কথাঃ সমৃদ্ধিশালী অসমৰ বাটঃ সম্ভাৱনাৰে ভৰপূৰ অথচ প্ৰত্যাহ্বানমূলক :: সঞ্জীত কুমাৰ বৰদলৈ

Share This

সমৃদ্ধিশালী অসমৰ বাটঃ সম্ভাৱনাৰে ভৰপূৰ অথচ প্ৰত্যাহ্বানমূলক,  সঞ্জীত কুমাৰ বৰদলৈ, ROAD TO SELF RELIANT ASSAM

 সমৃদ্ধিশালী অসমৰ বাটঃ সম্ভাৱনাৰে ভৰপূৰ অথচ প্ৰত্যাহ্বানমূলক

সঞ্জীত কুমাৰ বৰদলৈ

অসমৰ চৰকাৰৰ নেতৃত্বৰ দায়িত্ব লোৱা মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ সমস্যা আৰু প্ৰত্যাহ্বানৰ কথা ভালদৰেই জানে বা বুজে বুলি আমি ধাৰণা কৰো৷ তেওঁ বিগত প্ৰায় ২৫ বছৰীয়া প্ৰত্যক্ষ অভিজ্ঞতাৰে পুষ্ট৷ অসমৰ প্ৰায় প্ৰতিটো ক্ষেত্ৰৰ নাড়ী-নক্ষত্ৰক তেওঁ চিনি পায় যেন লাগে। সক্ষমতাৰ লগতে বিভিন্ন সীমাবদ্ধতাৰ কথাও  তেওঁ নিশ্চয়কৈ অৱগত যেনেই লাগে৷ সেয়ে মুখ্যমন্ত্ৰী গৰাকীক পৰামৰ্শ দিয়াৰ ধৃষ্টতা আমাৰ নাই বুলিয়েই ভাবো৷ দিহা পৰামৰ্শ যোগ্যজনে চৰকাৰখনক নিশ্চয়কৈ দিব৷ কিন্তু এগৰাকী সচেতন নাগৰিক হিচাপে আমি অন্তত কিছু ক্ষেত্ৰত তেওঁৰ নেতৃত্বৰ চৰকাৰখনৰ পৰা কি আশা কৰোঁ সেই কথা নিশ্চয় অৱগত কৰিব পাৰি৷ সেই কথা মনত ৰাখিয়েই থাওকতে মনলৈ অহা দুটামান কথা উল্লেখ কৰিব খুজিছোঁ৷

সমৃদ্ধিশালী অসমৰ বাটঃ সম্ভাৱনাৰে ভৰপূৰ অথচ প্ৰত্যাহ্বানমূলক,  সঞ্জীত কুমাৰ বৰদলৈ, ROAD TO SELF RELIANT ASSAM

ৰাজ্যখনৰ আৰ্থিক সমৃদ্ধি কি দৰে কৰিব পাৰি সিয়ে আটাইতকৈ জৰুৰী কথা৷ কৰোনাই আৰ্থিকভাৱে কঙাল কৰা জনসাধাৰণৰ হাতলৈ ধন আহিব লাগিব৷ আৰ্থিক সমৃদ্ধিৰ অবিহনে ৰাইজৰ গতি নাই, উদ্ধাৰ নাই৷ গতিকে আমাৰ সকলো কাৰ্যপন্থাৰ প্ৰধান লক্ষ্য হ’ব লাগিব ৰাজ্যখনৰ সামগ্ৰিক আৰ্থিক বিকাশ৷ আৰ্থিক সমৃদ্ধিৰ দিশত আগবঢ়াৰ সমান্তৰালভাৱে আমি আৰ্থিক অপচয় বোৰ নিয়ন্ত্ৰণ কৰিব লাগিব বুলি অনুভৱ কৰো। 


প্ৰথম উদাহৰণ স্বৰূপে বানপানীৰ কথাকে ক’ব পাৰি৷ আমাৰ ৰাজ্যখনত এতিয়াও হাজাৰ হাজাৰ লোক মথাউৰিতে বসবাস কৰি আছে৷ মহানগৰীত থকা মানুহে বা চহৰীয়া বুদ্ধিজীৱিয়ে কিন্তু এই অৱস্থাটোৰ কথা হৃদয়ংগম কৰিব নোৱাৰে। লাখ লাখ লোকে যে বছৰটোৰ প্ৰায় আধা সময় বানপানী-গৰাখহনীয়াৰ স’তে যুজবাগৰ কৰোতেই যায়৷ বৃহৎ পৰিমাণৰ শষ্য নষ্ট হয়,পশুধনৰ মৃত্যু হয়৷বছৰে বছৰে সাজিব লগা হয় ঘৰখন৷ বানাক্ৰান্তক সাহাৰ্য্য,মথাউৰি নিৰ্মাণ আদিৰ নামত প্ৰায় প্ৰতি বছৰে কোটি কোটি টকা খৰছ হয়৷ এই বৃহৎ ক্ষয়ক্ষতিয়ে বানাক্ৰান্ত মানুহবোৰক, আৰু লগতে ৰাজ্য চৰকাৰখনকো জুৰুলা কৰি আহিছে৷ নতুন চৰকাৰে বানপানী নিয়ন্ত্ৰিত কৰিবলৈ যথাযথ ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইতিমধ্যে বিশেষ ভাবে উল্লেখ কৰিছে৷ সেইয়া নিঃসন্দেহে আশাব্যঞ্জক কথা৷ কিন্তু বাস্তৱিক ৰূপৰেখা কেনেকৈ তৈয়াৰ কৰি বাস্তৱিক কৰে, সেয়া হব আটাইতকৈ ডাঙৰ চেলেঞ্জ। কাৰণ হাজাৰ কিল'মিটাৰৰ মাথাউৰি নিৰ্মাণ, মেৰামতি কিমান হাজাৰ কোটিৰ 'লাভজনক ব্যৱসায়' জনাই ভালকৈ জানে! বানপানী প্ৰতিবছৰে হোৱাটো এক শ্ৰেণীৰ বাবে যে লাভজনক বতৰীয়া আমদানিৰ স্থল সেয়াও ৰাইজে ভালকৈ বুজে। গতিকে বানাপানীৰ সমস্যাৰ স্থায়ী সমাধানৰ দিশে চৰকাৰে লোৱা প্ৰতিটো পদক্ষেপত ৰাইজে আগ্ৰহী দৃষ্টি ৰখাতো অতিশয় প্ৰয়োজনীয়।


একেদৰে চৰকাৰে কিছুমান অপ্ৰয়োজনীয় আঁচনি পৰিহাৰ কৰিব লাগিব বুলি আমি অনুভৱ কৰো৷ উদাহৰণ স্বৰূপে বিগত সময়ত বিশেষকৈ কংগ্ৰেছৰ দিনত অসমৰ প্ৰায় ভাগ উন্নয়ন খণ্ড বা পঞ্চায়তৰ অন্তৰ্গত অসংখ্য প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিছিল৷ সেইবোৰৰ বেছি ভাগেই পৰিত্যক্ত অৱস্থাত আছে, গৰুছাগলীৰ বাসস্থানহে হৈছেগৈ! এইবোৰ ৰাজহুৱা সম্পত্তি সৃষ্টি কৰাটো উজু, কিন্তু তাক মেইটেইন কৰি উপযুক্ত ব্যৱহাৰ হৈছেনে নাই তাৰো ওপৰত সমাজ তথা চৰকাৰে চকু দিয়াৰ প্ৰয়োজন আছে। যদি এনে সুবিধাবোৰ সৃষ্টি কৰি ব্যৱহাৰেই নহয়, সেয়া হৈ পৰে এক ধৰণৰ অপচয়হে মাথো। তেনে ধৰনৰ অপচয় ৰোধ নিশ্চয়কৈ কৰা উচিত৷ 


আনহাতে, যিবোৰ কামৰ যোগেদি নিবনুৱা সকলে দুপইচা উপাৰ্জন কৰাৰ বাট মুকলি কৰাৰ সম্ভাৱনা থাকে,  চৰকাৰে তেনেবোৰ কামক অগ্ৰাধিকাৰ দিয়া উচিত৷ কৃষি, পশুধন, মীন পালন, উদ্যান শষ্য, ৰেচম, হস্ততাঁত বস্ত্ৰ-শিল্প আদিৰ দৰে কুটীৰ শিল্পৰ যোগেদি বহু সংখ্যক লোকে আৰ্থিক সমৃদ্ধি লাভ কৰাৰ সম্ভাৱনা প্ৰচুৰ৷ যদিও একোজনে তেনে প্ৰকল্পৰে কম সময়ত বহু ধনী হব নোৱাৰিব পাৰে, কিন্তু বিশাল সংখ্যাৰ পৰিয়ালক দৰিদ্ৰতাৰ পৰা মুক্তি দি অৰ্থনৈতিক ভাৱে স্বাৱলম্বী কৰাৰ বাবে এই ক্ষেত্ৰবোৰৰ বিশাল এক শক্তি আছে, যাক সঠিক বিনিয়োগ আৰু কেপাচিটি বিল্ডিঙৰ যোগেদি বাস্তৱিক ৰূপদান কৰাৰ প্ৰয়োজন আছে।


সংশ্লিষ্ট বিভাগ বোৰে নিয়মমাফিক আঁচনি কিছুমানৰ যোগেদি কোনো কোনো ক্ষেত্ৰত কিছু সফল হোৱা দেখা গৈছে৷ কিন্তু সেইয়া অসমৰ তিনি কোটি জনসংখ্যাৰ বেছি সংখ্যককে আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ বাবে পৰ্যাপ্ত হোৱা নাই৷ কৰনীয় বহু আছে৷ কেবল গতানুগতিক আঁচনিৰে নহ’ব৷ নতুন কাৰ্যপন্থা যুগুত কৰিব লাগিব৷ 


আন এটা দিশলৈ আঙুলিয়াই দিব খোজো যে প্ৰচুৰ সম্ভাৱনা থকা ৰেচম বিভাগক চৰকাৰে যিমান গুৰুত্ব প্ৰদান কৰিব লাগিছিল সিমান গুৰুত্ব দিয়া হোৱা নাই৷ কোটি কোটি টকাৰ নিয়মমাফিক আঁচনি অৱশ্যে লোৱা হৈছে। কিন্তু বিভিন্ন কাৰনত আঁচনিবোৰে সৰ্ব-সাধাৰণ অৰ্থনৈতিকভাৱে উদ্ধাৰ কৰিব পৰাকৈ সফল ৰূপায়ণ হোৱা নাই৷ তিতাবৰত থকা ৰেচম পামখনে এশ বছৰ অতিক্ৰম কৰিলে৷ ১৯১৯চনতে তিতাবৰ ৰেচম পাম স্থাপিত হৈছিল৷ ইমান প্ৰাচীন ৰেচম পাম সমগ্ৰ ভাৰততে দ্বিতীয়খন নাই৷  অসম চৰকাৰে উক্ত ঐতিহাসিক ৰেচম পামখনৰ শতবৰ্ষ উদযাপন কৰি পামখনক এখন মডেল পাম হিচাপে গঢ়ি তোলাৰ প্ৰয়োজন আছিল৷ বিভিন্ন মাধ্যমত সেই কথা সংশ্লিষ্ট পক্ষক অৱগত কৰাও হৈছিল৷ কিন্ত বিভাগীয় কৰ্তৃপক্ষৰ অতি দুৰ্ভাগ্যজনক ভাবে নিৰ্লিপ্ত আৰু উদাসীন হৈ থাকিল৷ আৰ্থিক সমৃদ্ধিৰ ক্ষেত্ৰত জোৱাৰ আনিব পৰা অসমৰ ঐতিহ্য আৰু গৌৰৱ স্বৰূপ ৰেচম শিল্পৰ প্ৰতি চৰম অৱহেলাৰ ই এক অন্যতম নিদৰ্শন মাথোন। আশা কৰোঁ নতুন ৰেচম মন্ত্ৰীয়ে এই দিশত উপযুক্ত ব্যৱস্থা গ্ৰহন কৰিব৷ 


মীন পালনৰ ক্ষেত্ৰত আমাৰ ৰাজ্যখন প্ৰায় স্বাৱলম্বী হৈ আহিব ধৰিছে৷ ই এক ভাল খৱৰ৷ নামনি মানে নগাঁৱৰ পৰা সিফালে যি পৰিমানৰ মাছ আৰু পোনাৰ পালনৰ জৰিয়তে কৃষক সকল আৰ্থিক ভাৱে লাভাৱন্বিত হৈছে, সেই অনুপাতে উজনিৰ মীন পালক সকল হব পৰা নাই। উজনিৰ চাহিদা পূৰাবলৈ এতিয়াও নামনিৰ পৰা মাছ গাড়ীয়ে গাড়ীয়ে আহিয়েই আছে। অসমৰ পুখুৰীৰ মাছ খাবলৈকো মানুহৰ এতিয়া ধনৰ আকাল। তাৰ ফলতেই এতিয়াও প্ৰতিখন জিলাতে তুলনামূলক কম দামত পোৱা চালানী মাছৰ পয়োভৰ বিশাল হাৰত চলি আছে। কিন্তু সেইবোৰত কি বৰবিহ আহিছে, তাকো জনাৰ কোনো উপায় নাই বা জনস্বাস্থ্যৰ কিমান ক্ষতি হৈছে, তাৰো লেখ-জোখ কৰিব পৰাৰ ব্যৱস্থা হোৱা নাই। তাৰ অৰ্থ হৈছে যে স্থানীয় মাছৰ এতিয়াও চাহিদা আছে, বজাৰ আছে। নতুন প্ৰযুক্তিৰে বাংলাদেশ যেনেকৈ মাছ-মিছামাছ কুছিয়া আদিৰ পালনত আগবাঢ়ি গৈছে অসমীয়া মীন পালকেও তেনে কথাবোৰ শিকিবলৈ আগবাঢ়িব লাগিব। অসমতো নতুনকৈ বায়ফ্লক আদিৰো প্ৰকল্প আৰম্ভ হোৱাটো এটা ভাল কথা হৈছে। এনে আধুনিক প্ৰকল্পৰ জৰিয়তে কেনেকৈ বহু লাখ যুৱকক স্বাৱলম্বী কৰা হব, তাৰো এক ৰূপৰেখা এইখন চৰকাৰে তৈয়াৰ কৰি বাস্তৱায়িত কৰিব পাৰিলে এক অৰ্থনৈতিক প্ৰগতিৰ ইও এক আকৰ হব পাৰিব। 


একেদৰে বাকীবোৰ ক্ষেত্ৰতো আমি স্বাৱলম্বী হ’ব লাগিব৷ কৃষকৰ উৎপাদিত ফচল যাতে কোনো কাৰনতে নষ্ট নহয় তথা উপযুক্ত মুল্যৰ পৰা কৃষক সকল যাতে কেতিয়াও বঞ্চিত নহয় তাৰ বাবে প্ৰয়োজনীয় আন্তঃগাথনি গঢ়ি তুলিব লাগিব৷ আঙুলিৰ মূৰত লেখিব পৰাকৈহে কল্ড ষ্টৰেজ সৃষ্টি হৈছে। আৰু বেছি চাবচিডি থকা এনে বিশাল মূলধনৰ প্ৰয়োজন হোৱা প্ৰকল্পবোৰত হাত দিব পৰাকৈ অসমৰ গাঁৱে ভূঞে খিলঞ্জীয়া যুৱকৰ হাতত মূলধনৰো অভাৱ। যাৰ ফলত, মন থাকিলেও কৰিব নোৱাৰে। ফলত বহুতো কৃষি ভিত্তিক আঁচনিৰো চৰকাৰী সাহাৰ্যৰে ব্যৱসায়ী বনিক শ্ৰেণীহে লাভান্বিত হৈছে। গতিকে এই দিশবোৰৰো পৰ্যালোচনা নতুন চৰকাৰে কৰা উচিত বুলি আমি ভাবো।

 

ৰাজ্যখনৰ এক অন্যতম সম্ভাৱনা থকা ক্ষেত্ৰখন হৈছে-  মনোৰঞ্জনৰ ক্ষেত্ৰখন৷ ইতিমধ্যে অসমত এজাক প্ৰচুৰ প্ৰতিভা সম্পন্ন আৰু দক্ষ গায়ক-গায়িকা, অভিনেতা, শব্দযন্ত্ৰী, নৃত্য শিল্পী, এদিটিং, গ্ৰাফিকছ শিল্পীয়ে আত্মপ্ৰকাশ কৰা দেখা গৈছে৷ সমগ্ৰ দেশে বিদেশে তেওঁলোকৰ বহুজন স্বীকৃতও হৈছে৷ এই প্ৰতিশ্ৰুতি সম্পন্ন প্ৰতিভাক লাগে এখন উপযুক্ত ক্ষেত্ৰ৷ ক্ৰমবৰ্ধমান টিভি চেনেলে তেনে বহুতকে সুযোগ প্ৰদান কৰিছে৷ চৰকাৰে অসমীয়া বোলছবি উদ্যোগটো গতিশীল কৰি তোলা উচিত৷ বহুঠাইত মিনি চিনেমা হল নিৰ্মাণৰ কথা বহু বছৰৰ পৰা শুনি আহিছোঁ৷ কিন্তু বাস্তৱত কেইটা মিনি চিনেমা হল নিৰ্মাণ হৈছে সেই কথা জানিব পৰা নাই৷ ক’ভিডৰ পৰিপ্ৰেক্ষিতত হয়তো সেই প্ৰসংগ তল পৰিছে৷ পৰিস্থিতি স্বাভাৱিক হলে মনোৰঞ্জনৰ ক্ষেত্ৰখন উদ্যোগ হিচাপে অধিক গতিশীল কৰিব পাৰিলে আমাৰ বহু নিবনুৱা সংস্থাপিত হ’ব বুলি আশা কৰিব পাৰি৷ মহামাৰীয়ে বিধস্ত কৰা ভ্ৰাম্যমাণ থিয়েটাৰৰ ক্ষেত্ৰতো যথেষ্ট কৰণীয় আছে৷ 


একেদৰে প্ৰচুৰ সম্ভাৱনা থকা পৰ্যটন উদ্যোগৰ ক্ষেত্ৰতো কৰিব লগা বহু আছে৷  শেহতীয়াকৈ অসমৰ বিভিন্ন প্ৰান্তৰ গ্ৰাম্য, নদী কেন্দ্ৰিক টুৰিজিম আদিৰ উদ্যম খোলা সকলকো চৰকাৰে নতুনকৈ পৰ্যটনক গতি দিয়াৰ বাবে পৰিকল্পনা যোগোৱাৰ বাবে বনোৱা কমিটি সমূহত সদস্য নিয়োগ কৰিছে। চৰকাৰী উদ্যমৰ সৈতে অসমৰ যুৱক সকলৰ থলুৱা উদ্যম সমূহৰ এনে হাতে-হাত ধৰাৰ ব্যৱস্থা কৰাটো এটা প্ৰশংসনীয় উদ্যোগ বুলিয়েই নিশ্চয়কৈ গণ্য কৰিব পাৰি।


ৰাজ্যখনৰ তিনিটাকৈ কাগজ কল, দেৰগাঁৱৰ চেনী কল আদিৰ দৰে উদ্যোগ বোৰক সম্পূৰ্ণ পেছাদাৰী মানসিকতাৰে ৰাজহুৱা খণ্ডত নহলেও ব্যক্তিগত খণ্ডতে গঢ়ি তুলিব নিশ্চয় পাৰি৷ এনে উদ্যমৰ বিফলতাৰ কাহিনীবোৰৰ পৰা বিশ্লেষণ কৰি নতুন উদ্যমবোৰ গঢ়া বা উজ্জীৱিত কৰাৰ পৰিকল্পনা নিশ্চয়কৈ কৰিব লাগিব। অসমৰ চৰকাৰৰ প্ৰায় চল্লিশটা নিজা কোম্পানী আছে। সেইবোৰে কি কৰিছে, লাভেই হৈছে নে লোকচানতে চলিছে তাৰো সবিশেষ ৰাইজক জনোৱাৰ ব্যৱস্থা হব লাগে। উদ্যোগ বিভাগৰ ৱেবচাইটত কিন্তু এনে তথ্য ৰাজহুৱা হৈ থকা নাই। এনে উদ্যোমত কেৱল ৰাজনৈতিক নেতাৰ সংস্থাপনৰ বিষয়েহে পাঁচ বছৰত এদিন বাতৰি প্ৰকাশ হয়। এই কোম্পানীবোৰে নিযুক্তি সৃষ্টিৰ বাবে কিমান অৰিহণা যোগাইছে সেই বিষয়েও সময়ে সময়ে পৰ্যালোচনা হৈ থকা উচিত। চৰকাৰে এই কথা বিৱেচনা কৰিব বুলি আশা কৰিলোঁ৷


মাননীয় মুখ্যমন্ত্ৰীৰ হাতত যিহেতু লোক নিৰ্মাণ বিভাগটো আছে। সেয়ে এটা বিশেষ কথা ক’বলৈ মন গৈছে৷ চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে হাজাৰ হাজৰ গছ কাটিব  লগা হৈছিল৷ এই চাৰিলেনযুক্ত পথৰ দুুুয়োকাষে থলুৱা সৌন্দৰ্যবৰ্ধক,ফলমূল আৰু ঔষধী গছ-গছনি ৰোপনৰ ব্যৱস্থা কৰা উচিত৷ তাৰ বাবে তেনে আঁচনিত নিৰ্দিষ্ট ধনো ধাৰ্য কৰা হয়৷ চাৰিলেনযুক্ত পথৰ দাঁতিত এইদৰে গছ-গছনি ৰোপন কৰিব পাৰিলে কেবল প্ৰকৃতিৰ ক্ষেত্ৰতে উপকৃত হ’ব তেনে নহয় তেনে পথেৰে অসম ভ্ৰমণ কৰিবলৈ অন্য এক অনন্য পৰিৱেশৰ সৃষ্টি হব। বিহাৰৰ দৰে ঘাইপথৰ দাঁতিৰ গছৰ প্ৰতিপালনৰ দায়িত্বও স্থানীয় লোকক দিয়াৰ উদাহৰণ গ্ৰহণ কৰিব পাৰি।  মাননীয় মুখ্যমন্ত্ৰীয়ে এই কথাবোৰতো গুৰুত্ব প্ৰদান কৰিব বুলি আমি আশা কৰিছো৷


মহাত্মা গান্ধীয়ে কৈছিল যে তেওঁ একেসময়তে তিনিটা শক্তিৰ বিৰুদ্ধে যুদ্ধ কৰিব লগা হৈছিল৷ বৃটিছৰ বিৰুদ্ধে, নিজৰ দেশৰ মানুহৰ বিৰুদ্ধে আৰু নিজৰ বিৰুদ্ধে৷ আমাৰ ধাৰণা নতুন মুখ্যমন্ত্ৰীয়েও তিনিটা কাৰকৰ বিৰুদ্ধে যুদ্ধ কৰিব লাগিব-দেশৰ একাংশ মানুহ তথা কিছুমান পূৰ্ব-নিৰ্ধাৰিত বাকধাৰাৰ বিৰুদ্ধে,অসম বিৰোধী কিছুমান চক্ৰৰ বিৰুদ্ধে আৰু নিজৰ বিৰুদ্ধে৷ তাৰোপৰি মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই অকলে সকলো কৰিব নোৱাৰে৷ বৃহত্তৰ স্বাৰ্থত,ৰাজ্যখনৰ সামগ্ৰিক বিকাশৰ হকে সকলোৱে চৰকাৰখনক সহযোগিতা কৰিব লাগিব৷ অলপতে মুখ্যমন্ত্ৰী গৰাকীয়ে বিধান সভাত সৰ্বসাধাৰণৰ অংশীদাৰিত্ব তথা ৰাইজৰ অংশগ্ৰহণৰ বাবে যি আহ্বান জনাইছে তাক সকলোৱে সমৰ্থন জনোৱা উচিত৷ একাংশই সেই আহ্বানৰ অৰ্থ নুবুজি নেতিবাচক সমালোচনা কৰাও দেখা গৈছিল৷ এই ধৰণৰ একপক্ষীয় আৰু প্ৰিজুডিছৰ কিছুমান ধ্যানধাৰণাৰ পৰা অসমবাসী মুক্ত হ’ব পাৰিব লাগিব৷ ৰাজ্যখনক সমৃদ্ধিশালী কৰি তোলাৰ হকে ৰজা-প্ৰজা, বিৰোধী সকলোৱে হাত উজান দিয়া উচিত৷ যোগাত্মক ও সমালোচনাৰ ধাৰাবাহিকতাও অবিৰত হব লাগিব, সেই পৰিৱেশো চৰকাৰে ৰাখিব লাগিব। তাৰ অবিহনে চৰকাৰ এখন যে প্ৰকৃতাৰ্থত গণতন্ত্ৰত সফল হব নোৱাৰিব, সেই কথাও কিন্তু নিশ্চিত।

লেখকৰ আনবোৰ প্ৰকাশিত লেখাৰ একত্ৰ লিংকঃ

https://www.xukhdukh.com/search/label/SANJIT-KR-BORDOLOI

No comments:

Post a Comment