চিন্তনঃ 'কেঞ্চাৰৰ ৰাজধানী'ত ধঁপাতৰ খোলা বেপাৰ বনাম অনুজ্ঞা-পত্ৰ নীতিৰ প্ৰয়োজনীয়তা :: ডা° নভনীল বৰুৱা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ 'কেঞ্চাৰৰ ৰাজধানী'ত ধঁপাতৰ খোলা বেপাৰ বনাম অনুজ্ঞা-পত্ৰ নীতিৰ প্ৰয়োজনীয়তা :: ডা° নভনীল বৰুৱা

চিন্তনঃ 'কেঞ্চাৰৰ ৰাজধানী'ত ধঁপাতৰ খোলা বেপাৰ বনাম অনুজ্ঞা-পত্ৰ নীতিৰ প্ৰয়োজনীয়তা :: ডা° নভনীল বৰুৱা

Share This
'কেঞ্চাৰৰ ৰাজধানী'ত ধঁপাতৰ খোলা বেপাৰ বনাম অনুজ্ঞা-পত্ৰ নীতিৰ প্ৰয়োজনীয়তা 
ডা° নভনীল বৰুৱা
'কেঞ্চাৰৰ ৰাজধানী'ত ধঁপাতৰ খোলা বেপাৰ বনাম অনুজ্ঞা-পত্ৰ নীতিৰ প্ৰয়োজনীয়তা  ডা° নভনীল বৰুৱা
ড্রাগ্‌চে সমাজখনৰ এটা প্ৰজন্মক কিদৰে তিলতিলকৈ ধ্বংস কৰিছে সেই ভয়লগা চিত্ৰখন সকলোৰে জ্ঞাত। ড্রাগছৰ সমান্তৰালভাৱে ৰাজ্যৰ যুৱ-প্ৰজন্মৰ মাজত আৰু এটা বৰবিহে দকৈ শিপাইছে। সেয়া হ’ল ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰীৰ অবাধ তথা মুকলি সেৱন আৰু ব্যৱহাৰ। কেৱল কলেজীয়া বা স্কুলীয়া ছাত্র-ছাত্রীয়ে নহয় প্রাথমিক বিদ্যালয় পর্যায়ত অধ্যয়ন কৰা ছাত্র-ছাত্রীৰ মাজতো ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰীৰ ব্যৱহাৰ আৰু সেৱন ভয়লগা ভাৱে বৃদ্ধি পাইছে। সেইবাবেই নিয়ন্ত্ৰণৰ বাবে 'অসমতো ধঁপাত বিক্ৰীৰ অনুজ্ঞাপত্ৰৰ ব্যৱস্থা' কৰিবলৈ 'মুখ্যমন্ত্ৰীলৈ মুকলি চিঠি'ৰ ৰূপত এই লেখাৰ অৱতাৰণা কৰা হৈছে।
'কেঞ্চাৰৰ ৰাজধানী'ত ধঁপাতৰ খোলা বেপাৰ বনাম অনুজ্ঞা-পত্ৰ নীতিৰ প্ৰয়োজনীয়তা  ডা° নভনীল বৰুৱা
কিশোৰ-কিশোৰীৰ মাজতো ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰীৰ ব্যৱহাৰ কিদৰে বৃদ্ধি পাইছে সেইটো অসমৰ বিভিন্ন চহৰত অলপতে চলোৱা সমীক্ষাত স্পষ্ট হৈ পৰিছে। ধঁপাত আৰু পাতজাতীয় সামগ্ৰীৰ ভয়াৱহতাৰ পৰা ৰাজ্যৰ এটা প্ৰজন্মক ৰক্ষা কৰাৰ স্বাৰ্থতে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগতে ৰাজ্যত প্ৰথমবাৰৰ বাবে বলৱত হৈছিল আসাম হেলথ এক্ট-২০১৩। হয়তো আমাৰেই দুর্ভাগ্য যে পৰৱৰ্তী সময়ত ন্যায়ালয়ে এই আইনখন বাতিল কৰে। এই আইনখন বলৱৎ হৈ থাকিলে আজিৰ তাৰিখত অসম দেশৰ ভিতৰতে এখন ধঁপাতমুক্ত ৰাজ্য হিচাপে চিহ্নিত হ’ল হয়।

গ্লোৱেল এডাল্ট টবাক’ ছার্ভে-২ অনুসৰি অসমৰ ২৫.৩ শতাংশ পুৰুষ আৰু ০.৮ শতাংশ মহিলাই ধোঁৱাযুক্ত পাত সেৱন কৰে। আনহাতে, ৫০.৫ শতাংশ পুৰুষ তথা ৩২.৫ শতাংশ মহিলাই ধোঁৱাবিহীন ধপাত ব্যৱহাৰ কৰে। পূর্বৰ তুলনাত ৰাজ্যত ধোঁৱাবিহীন ধঁপাত সেৱনকাৰীৰ পৰিমাণ ৯ শতাংশ বৃদ্ধি পাইছে। গেট’ অর্থাৎ গ্লোৱেল এডাল্ট টবাক’ ছার্ভে-১ৰ মতে ৰাজ্যৰ ৩৯.৩ শতাংশ লােকে ধপাত সেৱন কৰিছিল। কিন্তু এই পৰিমাণ ৪৮.২লৈ বৃদ্ধি পায়। বর্তমান ধঁপাত সেৱনকাৰীৰ সংখ্যা অসমত ইয়াৰ তুলনাত বহুত বৃদ্ধি পাইছে। ২০১৯ চনৰ অক্টোবৰ মাহৰ পৰা ডিচেম্বৰ মাহলৈ দেশৰ অন্য ২৫খন চহৰৰ সমান্তৰালভাৱে অসমৰ তিনিখন চহৰ ক্ৰমে গুৱাহাটী, ডিব্ৰুগড় আৰু যোৰহাটত কনজিউমাৰ্ছ লিগেল প্রটেকশ্বন ফ’ৰাম, অসম আৰু কনজিউমাৰ ভয়ছ, নতুন দিল্লীয়ে এক সমীক্ষা চলাইছিল। এই সমীক্ষাত শিক্ষা প্রতিষ্ঠানৰ পৰা ১০০ মিটাৰ দূৰত্বৰ ভিতৰত ধঁপাত আৰু ধঁপাতজাতীয় সামগ্রীৰ বিনা বাধায়ে আৰু মুকলিভাৱে বিক্ৰী কৰি থকাৰ তথ্য পােহৰলৈ আহিছে। সমীক্ষাটোৰ মতে স্কুলীয়া ছাত্র-ছাত্রীক আকর্ষিত কৰিবলৈ ৰাজ্যৰ ৯৫.৮৮ শতাংশ দোকানে ধঁপাত আৰু ধঁপাতজাতীয় সামগ্রী চকুত পৰাকৈ সজাই থয়। বাধ্যতামূলকভাৱে ৰাখিবলগীয়া ধঁপাতৰ স্বাস্থ্য সম্পর্কীয় সতর্কতা ফলক ৭২.১৬ শতাংশ দোকানে নাৰাখে। স্কুলীয়া ছাত্র-ছাত্রীক আকর্ষিত কৰিবলৈ ৯০.৭২ শতাংশ দোকানে চকলেট, চিছ আদিৰ সৈতে ছিগাৰেট একেলগে ৰাখে। ৰাজ্যৰ ৮৫.৫৭ শতাংশ দোকানে এডাল এডালকৈ ছিগাকেট বিক্রী কৰে। এই সমীক্ষাটোৰ পৰা এটা কথা স্পষ্ট হৈছে যে অসমত কটপা,২০১৩ আইনৰ সম্পূৰ্ণৰূপে উলংঘা হৈ আছে।

ধঁপাত আৰু ধঁপাতজাতীয় সামগ্রীৰ বিক্ৰীৰ ক্ষেত্ৰত নিয়ন্ত্রণ পাবলৈ ইতিমধ্যে দেশৰ বহুকেইখন ৰাজ্য যেনে মধ্য প্রদেশ, কেৰালা, হিমাচল প্রদেশ, বিহাৰ, পশ্চিম বংগ, ৰাজস্থান, ঝাৰখণ্ড আৰু গোৱাত ধঁপাত বিক্ৰীৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰৰ ব্যৱস্থা কৰিছে। শেহতীয়াভাৱে যোগী আদিত্যনাথ নেতৃত্বাধীন উত্তৰ প্রদেশ চৰকাৰেও সমগ্ৰ ৰাজ্যখনতে ধঁপাত বিক্ৰীৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে, এই নিয়ম অনুসৰি সকলাে দোকানে সকলো ঠাইতে ধঁপাত আৰু ধপাতজাতীয় সামগ্রী বিক্ৰী কৰিব নােৱাৰে। যিবিলাক দোকানে ধঁপাত বিক্ৰী কৰিব সেইসমূহে স্থানীয় পৌৰ প্ৰশাসনৰ পৰা প্রয়োজনীয় অনুজ্ঞাপত্র সংগ্রহ কৰিব লাগিব।

কেন্দ্রীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা মন্ত্রণালয়ে ২০১৭ চনৰ ছেপ্টেম্বৰ মাহতে অসমকে ধৰি ৰাজ্য চৰকাৰসমূহলৈ নির্দেশনা জাৰি কৰি পৌৰ প্রশাসনসমূহক ধঁপাত বিক্ৰীৰ ক্ষেত্ৰত পৃথকে অনুজ্ঞাপত্ৰৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ কৈছিল। ইয়াৰ ঠিক এবছৰ পাছতে ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত নগৰ উন্নয়ন মন্ত্রণালয়েও একেটা নির্দেশ ৰাজ্য চৰকাৰসমূহলৈ প্ৰেৰণ কৰিছিল। ধপাত বিক্ৰীৰ ক্ষেত্ৰত পৌৰ কর্তৃপক্ষসমূহে পৃথকে অনুজ্ঞাপত্ৰৰ ব্যৱস্থা কৰিলে কাঠফুলাৰ দৰে বাটে-পথে গঢ়ি উঠা দোকানত ধঁপাত আৰু ধঁপাতজাতীয় সামগ্রী বিক্ৰীৰ ক্ষেত্ৰত সম্পূর্ণ নিয়ন্ত্রণ আহিব। 

যেতিয়া অনুজ্ঞাপত্ৰ থকা নির্দিষ্ট দোকানেহে ধঁপাত আৰু ধঁপাতজাতীয় সামগ্রী বিক্ৰী কৰিব পাৰিব তেতিয়া স্কুলীয়া ছাত্র-ছাত্ৰী আৰু কিশোৰ-কিশোৰীয়ে সহজে ধঁপাত আৰু ধঁপাতজাতীয় সামগ্রী কিনাৰ ক্ষেত্ৰত বাধা আহি পৰিব। ধঁপাত বিক্ৰীৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰৰ ব্যৱস্থা কৰিলে শিক্ষানুষ্ঠানৰ ওচৰত সাধাৰণ গেলামাল বা অন্য দোকানত ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰীৰ বিক্ৰী বন্ধ হৈ পৰিব। পৌৰ প্রশাসনসমূহে এনে অনুজ্ঞাপত্ৰৰ ব্যৱস্থা কৰিলে এডাল এডালকৈ খোলাকৈ চিগাৰেট বিক্ৰী কৰা, যিকোনো দোকানত পাতজাতীয় সামগ্রীৰ বিজ্ঞাপন আৰু প্ৰচাৰো বন্ধ হৈ পৰিব। যেতিয়া চৰকাৰে এনে অনুজ্ঞাপত্ৰৰ ব্যৱস্থা কৰিব তেতিয়া ধঁপাত আৰু ধঁপাতজাতীয় সামগ্রী বিক্ৰী কৰাৰ দোকানৰ তথ্য চৰকাৰৰ ওচৰত মজুত থাকিব আৰু তেনে ক্ষেত্ৰত কটপা, ২০১৩ৰ দৰে আইন সহজে বলৱত কৰিব পাৰিব। ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰীৰ ক্ষেত্ৰত পৃথকে অনুজ্ঞাপত্ৰৰ ব্যৱস্থা কৰিলে পৌৰ প্রশাসনসমূহৰ ৰাজহৰ পৰিমাণে বৃদ্ধি পাব।

উল্লেখ্য যে ২০১৯ চনৰ ৭ আগষ্টত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব অনুৰাগ গোৱেলে এক নির্দেশযোগে পৌৰ কর্তৃপক্ষসমূহক ধঁপাতৰ বিক্ৰীৰ ক্ষেত্ৰত পৃথক অনুজ্ঞাপত্ৰৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিছিল। ইয়াৰ বাবে প্রয়োজনীয় নীতি-নির্দেশনা প্রস্তুত কৰিবলৈ তেওঁ নগৰ উন্নয়ন বিভাগৰ ওপৰত দায়িত্ব অর্পণ কৰিছিল। এই নির্দেশৰ ভিত্তিতে কনজিউমাৰ্ছ লিগেল প্রটেকশ্বন ফৰামে সমগ্র বিষয়টো এক পাইলট প্রজেক্ট হিচাপে গ্ৰহণ কৰি ইয়াক গুৱাহাটী পৌৰ নিগম এলেকাত প্রথম পর্যায়ত ৰূপায়ণ কৰিবলৈ নিগমৰ সহযোগত কাম অব্যাহত ৰাখিছে। ইতিমধ্যে ধঁপাত বিক্ৰীৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰ বাধ্যতামূলক কৰি নির্দেশনা জাৰী কৰা অন্য ৰাজ্যসমূহত থকা আইন অধ্যয়ন কৰি গুৱাহাটী পৌৰ নিগমৰ বাবে শক্তিশালী নীতি-নির্দেশনা প্রস্তুত কাম ইতিমধ্যে সম্পূর্ণ হৈছে। এই নীতি-নির্দেশনাৰ ওপৰত বিভিন্ন চৰকাৰী বিভাগৰ মতামত গ্রহণ প্রক্রিয়াও সম্পূর্ণ হৈছে। পৌৰ নিগম কর্তৃপক্ষই কেৱল মাত্র ইয়াক চূড়ান্ত কৰি অধিসূচনা জাৰি কৰাৰ প্রক্রিয়াহে বাকী আছে। দুর্ভাগ্যজনকভাৱে বিগত দুবছৰ পূৰ্বে আৰম্ভ হোৱা এই প্রক্রিয়াটো ৰঙা ফিটাৰ মেৰপেচত সোমাই ইতিমধ্যে প্রায় স্থবিৰ হৈ পৰিছে। অথচ উত্তৰ প্ৰদেশকে ধৰি দেশৰ অন্য ৰাজ্যসমূহত অতি ক্ষীপ্ৰতাৰে চৰকাৰসমূহে ধঁপাত বিক্ৰীৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰৰ ব্যৱস্থা কার্যক্ষেত্ৰত ৰূপায়িত কৰিছে।

ক’ভিডজনিত পৰিস্থিতিত ইয়াৰ সংক্রমণ ৰোধৰ ক্ষেত্ৰত ধঁপাত আৰু ধঁপাতযুক্ত সামগ্রী ব্যৱহাৰ বন্ধ কৰিবলৈ ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থা, কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে সময়ে সময়ে নীতি-নির্দেশনা জাৰি কৰি আহিছে। যাৰ ফলত ৰাজ্যত ধঁপাত বিক্ৰীৰ বাবে অনুজ্ঞাপত্ৰৰ ব্যৱস্থা অধিক প্রাসংগিক হৈ পৰিছে। গুৱাহাটী পৌৰ নিগমত অব্যাহত থকা এই প্রক্রিয়া শীঘ্ৰে সম্পূৰ্ণ কৰি ইয়াক কার্যকৰী ৰূপ দিয়াৰ বিষয়টো নতুন চৰকাৰখনে অগ্রাধিকাৰ ভিত্তিত গ্ৰহণ কৰিব লাগে। নিজৰ ব্যৱসায়ীক লাভালাভৰ স্বাৰ্থত ধপাত কোম্পানীসমূহে কিশোৰ-কিশোৰী আৰু যুৱক-যুৱতীক আকর্ষিত কৰিবলৈ বিভিন্ন ধৰণৰ বাণিজ্যিক কৌশল অৱলম্বন কৰিবই। কিন্তু এই কৌশলৰ পৰা তেওঁলোকক ৰক্ষা কৰাটো চৰকাৰৰ লগতে সমাজখনৰো যথেষ্ট দায়িত্ব আছে। ধঁপাত আৰু ধঁপাতজাতীয় সামগ্রী সেৱনৰ ফলত ৰাজ্যত কৰ্কট ৰোগীৰ সংখ্যা যে অবাধ হাৰত বৃদ্ধি পাইছে। সেইটো তথ্য সহজতে ইতিমধ্যে স্পষ্ট হৈ পৰিছে। সেয়ে চৰকাৰে শীঘ্ৰে গুৱাহাটী পৌৰ নিগম এলেকাত প্রথমে ধঁপাত বিক্ৰীৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰৰ ব্যৱস্থা কৰি পৰৱৰ্তী সময়ত ইয়াক সমগ্ৰ ৰাজ্যতে বলৱৎ কৰাৰ ক্ষেত্ৰত প্রয়োজনীয় কার্যব্যৱস্থা গ্ৰহণ কৰক। শীঘ্ৰে কৰা উচিত। এই ক্ষেত্ৰত যিমানে বিলম্ব হ'ব, আমাৰ বিপদ সিমানে বাঢ়িব। বিশেষজ্ঞসকলে ইতিমধ্যে অসমক উত্তৰ-পূৰ্বাঞ্চলৰ কৰ্কট ৰোগৰ ৰাজধানী হিচাপে চিহ্নিত কৰিছে।
(ডাঃ বৰুৱা ৰাজ্যৰ বিশিষ্ট চিকিৎসা বিশেষজ্ঞ, লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে)। ডাঃ বৰুৱাৰ অন্যান্য প্ৰকাশিত লেখা পঢ়িবলৈ ক্লিক কৰকঃ https://www.xukhdukh.com/search/label/DR-NAVANIL-BARUAH

No comments:

Post a Comment