জীৱনৰ বাটতঃ বৰদলৈ ট্ৰফী অপহৰণ আৰু এখন যুদ্ধ :: প্ৰশান্ত বৰুৱা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জীৱনৰ বাটতঃ বৰদলৈ ট্ৰফী অপহৰণ আৰু এখন যুদ্ধ  :: প্ৰশান্ত বৰুৱা

জীৱনৰ বাটতঃ বৰদলৈ ট্ৰফী অপহৰণ আৰু এখন যুদ্ধ :: প্ৰশান্ত বৰুৱা

Share This

বৰদলৈ ট্ৰফী অপহৰণ আৰু এখন যুদ্ধ

প্ৰশান্ত বৰুৱা

২০০৬ চনৰ নবেম্বৰ মাহৰ কলিকতাৰ এক পুৱা৷ স্থান ভাৰতৰ এক বিখ্যাত ক্লাৱ, ইষ্টবেঙ্গল ক্লাৱ প্ৰাঙ্গন৷ মই সেইবাৰ কলিকতালৈ গৈছিলো আমাৰ ককা নবীন চন্দ্ৰ বৰুৱাৰ (নবীন চাহাব) জন্ম শতবাৰ্ষিকীৰ প্ৰস্তুতিৰূপে তেখেতে পঢ়া বেঙ্গল ইঞ্জিনিয়াৰিং কলেজ [শিৱপুৰ] আৰু তেখেতে কলিকতাত খেলা ফুটবল ক্লাৱ ভৱানীপুৰ ক্লাৱক নিমন্ত্ৰণ কৰাৰ উদ্দেশ্যে। নবীন চন্দ্ৰ বৰুৱাই ১৯২৭-৩১ চনত কলিকতা বেঙ্গল ইঞ্জিনিয়াৰিং কলেজৰ পৰা মেকানিকেল বিভাগত পঢ়ি সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল আৰু সুদক্ষ খেলুৱৈ হিচাবে কলেজৰ বিৰল ট্ৰিপুল ব্লু উপাধি লাভ কৰিছিল । অৰ্থাৎ তেখেতৰ কলেজৰ ফুটবল, ক্ৰিকেট আৰু হকী টিমৰ কেপ্তেইন আছিল৷ সেই সময়তে তেখেত কলিকতাৰ বিখ্যাত ক্লাৱ ভৱানীপুৰ ক্লাৱৰ হৈ ফুটবল খেলিছিল৷ পৰবৰ্ত্তী সময়ত গোটেই জীৱন খেলৰ লগতে জড়িত হৈ থাকি অসম ফুটবল সন্থাৰ সভাপতি তথা অসম ক্ৰিকেট সন্থাৰো উপ-সভাপতিৰূপে কাৰ্য্যনিৰ্ব্বাহ কৰা ককাই আমি সৰু হৈ থাকোঁতে কলেজৰ কথা তথা ভৱানীপুৰ ক্লাৱৰ কথা প্ৰায়েই কৈছিল৷ সেয়ে আমি যেতিয়া তেখেতৰ জন্ম শতবাৰ্ষিকী পাতিবলৈ যো-যা কৰিলোঁ আমাৰ নিমন্ত্ৰণৰ প্ৰথম তলিকাতে তেখেতৰ কলেজ আৰু ক্লাৱৰ নাম আছিল। মই সেইদিনা কলিকতা মৈদানত ভৱানীপুৰ ক্লাৱত সোমাই তাত নিমন্ত্ৰণ কৰি কৌতুহলবশতঃ কিছু আতৰত থকা মোহন বাগান ক্লাৱত ভূমুকি মাৰি একেবাৰে শেষত থকা ইষ্টবেঙ্গল ক্লাৱত সোমলোগৈ । 

সেই সময়ত তাত খেলুৱৈসকলৰ অনুশীলন প্ৰায় শেষ হৈছিল। মই ক্লাৱৰ কিছু বিষয়ৱবীয়াক লগ ধৰি মোৰ চিনাকী দিলো আৰু মোৰ ককাই ৩০ ৰ দশকত কলিকতাত খেলাৰ কথা কোৱাত ককাৰ যহতে বৰ আদৰ-সাদৰ পালো । তাৰোপৰি সৰুৰে পৰা পঢ়া বাংলা খেলাৰ আলোচনী "খেলাৰ আসৰ"ৰ সুবাদতে কিছু পুৰণা দিনৰ খেলা তথা খেলুৱৈৰ কথা কোৱাত তেওঁলোকে বৰ ভাল পালে। আমাৰ স্কুল কলেজৰ সময়ত ভাৰতীয় ফুটবল দলত ইষ্ট বেংগল, মোহন বাগান দলৰ প্ৰায়ভাগ খেলুৱৈয়ে স্থান পাইছিল আৰু তাৰ ভিতৰত মোৰ ফেভাৰিত আছিল ভাৰতীয় দলৰ তথা ইষ্ট বেংগলৰ ৮০-৯০ ৰ দশকৰ দুধৰ্ষ ফৰৱাৰ্ড সুৰজিৎ সেনগুপ্ত । সেইদিনা বৰ কাকতলীয় ভাৱে মই বিষয়ববীয়া সকলৰ লগত বহি কথা বাৰ্তা পাতি থাকোঁতে সোমাই আহিল ইষ্ট বেংগল তথা ভৰতীয় দলৰ প্ৰাক্তন অধিনায়ক মনোৰঞ্জন ভট্টাচাৰ্য আৰু আমাৰ দিনৰ হিৰ' সুৰজিৎ সেনগুপ্ত। মুখত পাতল বগা দাড়িৰে ৫০ ৰ উৰ্দ্ধ সেন গুপ্ত আৰু ভট্টাচাৰ্যক মোৰ লগত চিনাকি কৰি কলে যে মোৰ ককাই ৩০ৰ দশকত কলিকতাত ফুটবল খেলা অন্যতম প্ৰথম অসমীয়া খেলুৱৈ আছিল। তেতিয়া সেনগুপ্ত আহি অমাৰ লগতে বহিলে আৰু অসমৰ বৰদলৈ ট্ৰফী আৰু স্বাধীনতা দিৱস প্ৰতিযোগিতাত খেলাৰ কথা ৰোমন্থন কৰিলে। 


তেতিয়া মই আঙুলিয়াই দি কলো যে আমাৰ বাসস্থান যোৰহাটত ১৯৭০চনত বংগ জুনিয়ৰ দলৰ হৈ বি:চি ৰয় ট্ৰফী ত অসমক ফাইনেলত পৰাস্ত কৰি চেম্পিয়ন হৈছিল । তেওঁ সেই কথা কোৱাত বৰ আনন্দিত হ'ল আৰু যোৰহাটৰ সুন্দৰ ঘাঁহৰ গেলেৰীৰ কথা মনত আছে বুলি কলে । আৰু কলে যে অসমত অসমপুলিচ দলৰ পাছতে ইষ্ট বেংগলৰে জনপ্ৰিয়তা আছিল এখন বিশেষ খেলৰ আগলৈকে । ময়ো সেই বিশেষ খেল খনৰ কথা তেওঁক সুধিম বুলি ভাবি আছিলো যিখন খেলে কেৱল অসমত বংগ দলৰে জনপ্ৰিয়তা হ্ৰাস কৰাই নহয় অসমৰ জাতীয় জীৱনৰ আন্দোলনৰো উকমুকনি আছিল বুলি কলে ভুল কোৱা নহব । সেই বিশেষ খেল খন আছিল ১৯৭৮ চনৰ ৫ চেপ্তেম্বৰ তাৰিখে গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত অনুস্থিত বৰদলৈ ট্ৰফী ফাইনেল, ইষ্ট বেংগল দল আৰু অসমত প্ৰথম বাৰৰ বাবে খেলিবলৈ আহি অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰা বেংককৰ পৰ্ট অথৰিটি ফুটবল দলৰ মাজত । সেই সময়ত আমি স্কুলত পঢ়ি থকাৰ বাবে খেল চাবলৈ যাব নোৱাৰিছিলো যদিও অসমৰ বহুস্থানৰ পৰা মানুহ গৈ নেহেৰু ষ্টেডিয়াম বিৰদি বাট পাবলৈ নোহোৱা অৱস্থা হৈছিল। 


অতি উত্তেজনাপূৰ্ণ সেই খেল আমি ৰেডিঅ'ৰ কমেন্টৰীতে শুনি আছিলো আৰু ইষ্ট বেংগল দলে ৪-২ গলত জয়লাভ কৰিছিলে । বেংকক দল আমাৰ দৰ্শকৰ ইমানেই প্ৰিয় হৈ পৰিছিলে যে এই পৰাজয় কোনোপধ্যই মানি লব পৰা নাছিল। সেই দলৰ ফৰৱাৰ্ড চম্পৰন আমাৰ গীলৰ্বাটচন চাংমা, মমিন বৰদলৈ, অমল ফুকন, ৰেৱতী ফুকন, আদিৰ সমানেই জনপ্ৰিয় আছিল। কিন্তু সেই বেংকক দলৰ জনপ্ৰিয়তাৰ বাবে ইষ্ট বেংগল দলৰ কিছু অখেলুৱৈ সুলভ মনোভাবো জগৰীয়া আছিল। সেই দলৰ কেইবাজনো খেলুৱৈৰ আচৰণে দৰ্শকক উত্তেজিত কৰি তুলিছিল। সেইহে খেলৰ শেষত এক অভাৱনীয় পৰিবেশত বৰদলৈ ট্ৰফীটো ইষ্ট বেংগল দলক প্ৰদান নকৰিবলৈ বদ্ধ পৰিকৰ কোনো অতুৎসাহী দৰ্শকৰ গোটে খেল পথাৰৰ পৰা লৈ যায় আৰু বটা বিতৰণ সভা অনুস্থিত কৰিব পৰা নগল। সেই কথা ৰোমন্থন কৰি সুৰজিৎ সেনগুপ্তই প্ৰায় চিঞৰিয়েই ক'লে "সেইটা টো খেলা ছিল না যুদ্ধ ছিল"। অৱশ্যে মই আঙুলিয়াই দিয়াত তেওঁ তেওঁলোকৰ দলৰ কিছু খেলুৱৈৰ ব্যৱহাৰে দৰ্শকক উত্তেজিত কৰাৰ কথা স্বীকাৰ কৰিলে । লগতে কলে যে অসমত তেওঁৰ জনপ্ৰিয়তা বেংকক দলৰ চম্পৰনে কাঢ়ি নিলে। তাৰ পাচৰ বছৰ অৰ্থাৎ ১৯৭৯ চনত পৰ্ট অথৰিটি দলে যোৰহাটত এক প্ৰদৰ্শনী খেলত অসম পুলিচ ফুটবল দলৰ লগত অৱতীৰ্ণ হৈছিল আৰু ৰেডিঅ কমেন্টৰী শুনিয়েই আমাৰ হি'ৰ হোৱা চম্পৰনৰ খেল উপভোগ কৰাৰ সৌভাগ্য হ'ল ।


সেই সময়তে মঙ্গলদৈ লোকসভাৰ উপ-নিবাৰ্চনৰ সময়ত অসমত প্ৰথমে বহিৰাগত আৰু পাচত বিদেশী বহিস্কাৰ আন্দোলনৰ প্ৰায় আৰম্ভনিৰ সময়তে এই খেলৰ নেতিবাচক প্ৰভাৱ ৰূপে এক পশ্চিম বংগ বিৰোধী মনোভাৱ অসমত গঢ় লৈ আন্দোলনত প্ৰভাৱ বিস্তাৰ কৰিছিল । ফলস্বৰূপে ১৯৭৯ চনত অসম ফুটবল সন্থাৰ সৌজন্যত প্ৰথম বাৰৰ বাবে গুৱাহাটীত অনুস্থিত হোৱা ফেডাৰেচন কাপ কলিকতাৰ তিনি প্ৰধান দল মোহন বাগান, ইষ্ট বেংগল আৰু মহমদান দলে বৰ্জন কৰিছিল । সেই সময়ত অসম ফুটবল সন্থাৰ সভাপতি আছিল প্ৰয়াত নবীন চন্দ্ৰ বৰুৱা আৰু সম্পাদক আছিল প্ৰয়াত ৰাজকুমাৰ নৃপেন্দ্ৰ নাৰায়ন সিংহ । ফেডাৰেচন কাপ উদ্বোধন কৰি দিয়া ভাষণত নবীন চন্দ্ৰ বৰুৱাই কৈছিল যে কলিকতীয়া দল নাহিলেও নেহেৰু ষ্টেডিয়াম ভৰা দৰ্শকে দেখুৱাই দিব যে ফেডাৰেচন কাপ অসমত সুকলমে তথা সফলতাৰে অনুস্থিত হব । আৰু প্ৰকৃততে সমাপ্ত হৈছিলেও। কিন্তু কলিকতাৰ কিছু বাতৰি কাকত তথা আলোচনীয়ে নবীন চন্দ্ৰ বৰুৱাৰ সেই উদ্বোধনী ভাষনৰ বিৰূপ মন্তব্য দাঙি ধৰি অসম আৰু বংগৰ ফুটবল দল সমুহৰ মাজত এক প্ৰাচীৰ গঢ়ি তুলিছিল। পাচলৈ এই প্ৰাচীৰ নাইকীয়া হৈছিল আৰু নিয়মীয়াভাৱে বংগৰ দল সমূহে অসমৰ প্ৰতিযোগিতা সমূহত অংশ গ্ৰহণ কৰিছিল। কথাৰ প্ৰসঙ্গতে কলো যে সেই সময়ত যি জন ব্যক্তিৰ উক্তিক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সেই জন ব্যক্তিৰ জন্ম শতবাৰ্ষিকী অনুস্থানৰ প্ৰাৰম্ভিক নিমন্ত্ৰণৰ বাবেই মই কলিকতালৈ আহিছো । তেতিয়া সুৰজিৎ সেনগুপ্ত তথা আন কৰ্মকৰ্তা সকলে কলে যে পুৰনা ভূল বুজাবুজি ধৰি ৰাখি কোনো লাভ নাই আৰু জন্ম শতবাৰ্ষিকীৰ সফলতাৰ বাবে আগতীয়া শুভেচ্ছা জনালোঁ । কিন্তু অহাৰ সময়ত সুৰজিৎ সেনগুপ্তই অতি আক্ষেপৰে কোৱা সেই কথা মোৰ এতিয়াও মনত পৰে ' যুদ্ধতা জিতলেও কেপ্টেইন ৰূপে বৰদুলই ট্ৰফীটা মাথাই তুলে ধৰতে পাৰলাম না, সেই দুখতা চিৰদিনেৰ জৈন্য থেকে যাবে ।"

লেখাটি দৈনিক জনমভূমি কাকততো পূৰ্বে প্ৰকাশ পাইছে।

No comments:

Post a Comment