মনৰ কথাঃ ডাঃ ভূপেন শইকীয়াৰ 'সৃষ্টি আৰু সান্নিধ্য' সোঁৱৰণ :: ড° অজয় লাল দত্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ ডাঃ ভূপেন শইকীয়াৰ 'সৃষ্টি আৰু সান্নিধ্য' সোঁৱৰণ :: ড° অজয় লাল দত্ত

মনৰ কথাঃ ডাঃ ভূপেন শইকীয়াৰ 'সৃষ্টি আৰু সান্নিধ্য' সোঁৱৰণ :: ড° অজয় লাল দত্ত

Share This

ডাঃ ভূপেন শইকীয়াৰ 'সৃষ্টি আৰু সান্নিধ্য' সোঁৱৰণ  ড° অজয় লাল দত্ত

ডাঃ ভূপেন শইকীয়াৰ 'সৃষ্টি আৰু সান্নিধ্য' সোঁৱৰণ

ড° অজয় লাল দত্ত

জীৱনৰ বাটত লগ পোৱা এগৰাকী প্ৰিয় ব্যক্তিৰ ব্যক্তিত্ব আৰু সত্তাৰ কথা আলোচনা কৰিবলৈ লোৱাৰ এই সময়কনত কাষত আছে পাঁচখনকৈ গ্ৰন্থ, এখনি স্মৰণিকা আৰু এখন প্ৰেচক্ৰিপচন। এয়া হৈছে সময়ৰ বালিত ব্যক্তি গৰাকীয়ে নিজৰ সৃষ্টিৰে ৰাখি যোৱা কেইটিমান চিনহে। এগৰাকী মানুহ ভাল পোৱা, সমাজ ভাল পোৱা বিজ্ঞ ব্যক্তি, যিয়ে জীৱনত নিজে প্ৰাপ্ত কৰা জ্ঞানৰ সঁফুৰা সৰ্ব-সাধাৰণ মানুহৰ কল্যান হোৱাকৈ বিলাই দিয়াৰ বাবে অশেষ চেষ্টা কৰিছিল, তেখেতেই আমাক সকলোকে হচকিত কৰি হঠাতে যোৱা ১২ জুন ২০২১ত, নিজৰ কৰ্মময় জীৱনৰ সামৰণি মাৰিলে। ডাঃ ভূপেন শইকীয়া ডাঙৰীয়ালৈ আমি জনাইছো আন্তৰিক শ্ৰদ্ধাঞ্জলি আৰু শোক-সন্তপ্ত পৰিয়াললৈ যাচিছো এই শূণ্য-সময়ৰ সহমৰ্মিতা।

ডাঃ ভূপেন শইকীয়াৰ 'সৃষ্টি আৰু সান্নিধ্য' সোঁৱৰণ  ড° অজয় লাল দত্ত

ডাঃ শইকীয়াৰ সৈতে আমাৰো চিনাকি বহুজনৰ দৰেই অনলাইনত লেখা-মেলাৰ জৰিয়তেই। তেখেতৰ লেখাৰ গুণগ্ৰাহী পাঠক হিচাবেই তেখেতৰ সৈতে সময়ত অন্তৰংগতা বৃদ্ধি পায়। অসমীয়া ভাষাত আধুনিক চিকিসা বিজ্ঞানৰ সজাগতামূলক লেখা সমূহক একত্ৰে ৰখাৰ বাবে তেখেতে নিজা ব্লগক http://www.drbhupensaikia.com নামেৰে এক পূৰ্ণাংগ ৱেবচাইটৰ ৰূপ দিয়ে।  অসমীয়া ভাষাৰ ব্লগৰ জগতত আধুনিক চিকিসা বিজ্ঞানক সৰল ভাষাত সৰ্ব-সাধাৰণৰ মাজলৈ লৈ যোৱাৰ এই প্ৰয়াস আছিল, একক আৰু অনন্য। অসমীয়াৰ সুখ-দুখ xukhdukh.com ৰ সম্পাদনাৰ সূত্ৰেই তেখেতৰ সৈতে অসমীয়া ভাষাত ইউনিকোড মাধ্যমত ইণ্টাৰনেটত সমল বৃদ্ধিৰ বাবে সহযোগিতাসুলভ সম্পৰ্ক গঢ় লৈ উঠিছিল। সেই সূত্ৰেই তেখেতৰ নিৰ্বাচিত লেখা সমূহক আমাৰ ৱেবচাইটতো এক একত্ৰ লিংকত ৰখাৰ ব্যৱস্থা কৰিছিলো। 


তেখেতে কাটাৰত থকাৰ কালত নিৰ্বাচিত লেখাৰ সংকলন প্ৰকাশ কৰাৰ বাবেও আন্তৰিক আলোচনাত অংশ লৈছিলো, দিহা-পৰামৰ্শৰ বাবে তেখেত সদায়েই মুকলি মনৰ আছিল। প্ৰথমবাৰ কিতাপ প্ৰকাশৰ ক্ষণত তেখেতে বহুখিনি অসুবিধাৰ সন্মুখীন হব লগা হৈছিল যদিও, তেখেতে হাৰ মানিব খোজা নাছিল। বিদেশৰ দূৰণিত থাকিও অসমীয়া আখৰত কিতাপ প্ৰকাশৰ দুৰন্ত হেঁপাহক তেওঁ অধিক সৱল ভাৱে বাস্তৱায়িত কৰিছিল। তেখেতৰ 'স্বাস্থ্য-কথা' অসমীয়া ভাষাত আধুনিক চিকিতসা সম্পৰ্কীয় এখন একক গ্ৰন্থ আৰু এমাহ আগতে তেখেতৰ সৈতে স্বাস্থ্য পৰামৰ্শৰ বাবে মিলিত হওতে তুলি দিয়া 'নব্য ও সংবৰ্ধিত সংস্কৰণ'খনে এই প্ৰচেষ্টাক অধিক অৰ্থপূৰ্ণ আৰু  পৰিপূৰ্ণ কৰি তুলিলে। অসমীয়া ভাষালৈ স্বাস্থ্য-কথা এখন স্বয়ং-সম্পূৰ্ণ গ্ৰন্থ বুলি কব পাৰি আৰু এই সৃষ্টিৰ বাবেই অসমীয়া জাতীয় জীৱনৰ ইতিহাসত ডাঃ শইকীয়া জিলিকি থাকিব। তেখেতৰ 'চিনাকি পাচলিৰ অচিনাকি গুণ' গ্ৰন্থই ৰোগ-প্ৰতিৰোধত সহজলভ্য পথ্যৰ উপকাৰিতাৰ বিষয়ে এগৰাকী চিকিসকৰ দৃষ্টিৰে বিশ্লেষণাত্মক লেখাৰে সংকলিত কৰি আন এক পৰিপূৰক কৰ্মও সময়ৰ বালিত জিলিকি থাকিব বুলি অনুভৱ কৰিব পাৰি। 


তেখেতৰ 'মনৰ প্ৰতিবিম্ব'ত তেখেতৰ কাব্য প্ৰতিভাৰ পৰিচয় পালো। 'কাটাৰৰ ডায়েৰী'ৰ যোগেদি আমাক আৰৱ জগতৰ ভিন্ন দিশৰ কথা আমাৰ মাজত ৰাজহুৱা কৰি গ'ল। 'নানান দেশঃ নানান অভিজ্ঞতা'ৰ যোগেদি তেখেতে লিবিয়া, নেপাল, মালদ্বীপ, আয়াৰলেণ্ড আদিত কৰ্ম-জীৱনৰ সংঘাত পূৰ্ণ জীৱন আৰু তাৰ প্ৰাত্যহিক জীৱনৰ মধুৰ বৰ্ণনাৰে সকলোকে আপ্লুত কৰিছে। গ্ৰন্থখনৰ পাতনিত 'আমাৰ অসম'ৰ সম্পাদক তথা গল্পকাৰ মনোজ কুমাৰ গোস্বামীয়ে লিখিছে- "গ্ৰন্থখনক অৱ্শ্যে আক্ষৰিক অৰ্থত ভ্ৰমণ কাহিনী বুলিব নোৱাৰি... 'নানান দেশঃ নানান অভিজ্ঞতা'ই এক বিশেষ মাত্ৰা প্ৰদান কৰিছে-সেই দেশ, সেই সমাজ আৰু ৰাজনীতিৰ গভীৰ পৰ্যবেক্ষণৰ সুযোগ উলিয়াই দিছে পাঠকক... সেই যে অস্কাৰ ৱাইল্ডে কৈছিল- Live with no excuses, travel with no regret. এই গ্ৰন্থখনিত বৰ্ণিত ডাঃ ভূপেন শইকীয়াৰ জীৱন আৰু ভ্ৰমণ বৃত্তান্তই যেন তাকেই প্ৰতীয়মান কৰিছে।" 


ডাঃ ভূপেন শইকীয়াৰ সৃষ্টি আন এখন গ্ৰন্থ 'জীৱন-এক বৰ্ণিল যাত্ৰা' হৈছে নিৰ্মল কৌতুক, প্ৰেৰণাদায়ক কাহিনী আৰু অনুভৱৰ ৰেঙনি। এই গ্ৰন্থখনিৰ পাতত আমি শইকীয়াদেৱৰ নিৰ্মল মনত জীৱনৰ সৰু-বৰ ঘটনাত হাস্য-মধুৰ দিশটোৰ লগতে তাৰ পৰা লব পৰা শিকনি বিশ্লেষণ কৰাৰ এক বিশেষ প্ৰতিভা প্ৰত্যক্ষ কৰিবলৈ পাও। এই গ্ৰন্থখন জীৱনৰ অভিজ্ঞতা আৰু নৈতিকতাৰ ভিন্ন দিশ উজ্বলাই তোলা এখনি প্ৰেৰণাদায়ক গ্ৰন্থ। শিৱ খেৰাৰ বেষ্ট-চেলাৰ 'You can win' গ্ৰন্থখনৰ দৰেই, এইখন গ্ৰন্থৰ সমলে মানুহক জীৱনৰ পৰা শিকনি লৈয়ে জীৱনত আগুৱাই যোৱাৰ অনেক প্ৰেৰণা যোগোৱাৰ সামৰ্থ্য বহন কৰা বুলি অনুভৱ কৰিব পাৰি। এইখন গ্ৰন্থও পাঠকৰ মাজলৈ অধিক লৈ যোৱাৰ প্ৰয়োজনীয়তা আছে আৰু অসমীয়া ভাষাৰ আন এখন কালজয়ী গ্ৰন্থ হিচাবে সময়ৰেখাত আৰু মানুহৰ মন-মননত শিকনিবোৰ উজ্বলি থাকিব বুলিও আমি অনুভৱ কৰো।


প্ৰৱাসী জীৱনৰ পেশাগত ব্যস্ততাৰ মাজতো অসমীয়া মাত-কথা, অসমীয়া জাতিৰ কথা চিন্তা কৰা আৰু নিজৰ চৰ্চা আৰু কৰ্মৰে পাৰ্যমানে অৰিহণা যোগাই যোৱা ডাঃ ভূপেন শইকীয়াদেৱৰ সামাজিক অৰিহণাৰো সঠিক মূল্যায়ন হোৱাৰ প্ৰয়োজন আছে। অসম সমাজ কাটাৰৰ সভাপতি ৰূপে তেখেত সামাজিক জীৱনত সাংগঠনিক দক্ষতাকো প্ৰতিপন্ন কৰি থৈ গৈছে। বিশেষকৈ "নেদেখা সোণালী সূতাৰে বন্ধা" নামেৰে অসম সমাজ, কাটাৰে, ইণ্ডিয়ান কমিউনিটি ফেষ্টিভেল ২০১৩ উপলক্ষে তেখেতেৰ নেতৃত্বতে প্ৰকাশ কৰা এখনি সৰ্বাংগ সুন্দৰ স্মৰণিকা, বিদেশৰ মাটিত অসমীয়া ভাষাৰ ধ্বজ উত্তোলন কৰাৰ দৰে এক অনুপম কামৰ উদাহৰণ আছিল। তেখেতে স্মৰণিকাখনো 'অসমীয়াৰ সুখ-দুখ'ৰ অনলাইন পুথিভঁৰাল ( https://www.xukhdukh.com/p/blog-page_2775.html ) ত সংৰক্ষণৰ বাবে কপি প্ৰদান কৰিছিল। এয়া হৈছে ডাঃ ভূপেন শইকীয়াদেৱে লেখা আৰু কলমেৰে ৰাখি যোৱা সময় বালিৰ চিন।


ব্যক্তিগত ভাৱে, এগৰাকী সু-চিকিসক হিচাবে তেখেতৰ সৈতে প্ৰায় বিগত দহটা বছৰৰ আন্তৰিকতাপূৰ্ণ সহযোগিতাৰ বাবে আমাৰ পৰিয়াল চিৰদিনেই কৃতজ্ঞ হৈ থাকিব। মুম্বাইত কৰ্মৰত অৱস্থাত হোৱা কেইবাটাও শাৰিৰীক সমস্যাৰ সময়ত তেখেতে অনলাইনযোগেই ৰিপৰ্ট চাই পৰামৰ্শ দিয়াৰ উপৰিও তেনে ৰোগৰ কথা বুজাই দিবলৈ এদিনৰ ভিতৰতে নতুন প্ৰৱন্ধ লিখি আমাক বুজোৱাৰ লগতে চিৰদিনৰ বাবেই এক সৃষ্টি ৰাখি গৈছিল। এনে মন আৰু প্ৰতিভা, অতি বিৰল। এই কৰোনা কালতো চিকিসকৰ ওচৰলৈ যাব নোৱাৰা অৱস্থাত আমাৰ দেউতাৰ সৈতে ভিডিঅ' কলৰ জৰিয়তেই স্বাস্থ্যৰ বুজ লৈ পৰামৰ্শ দি এই জটিল সময়চোৱা পাৰ কৰাত যি সহায়ৰ হাত আগবঢ়াই গ'ল, তাৰ বাবে ডাঃ শইকীয়ালৈ মনভৰা কৃতজ্ঞতাক শব্দৰে প্ৰকাশ কৰিব নোৱাৰো। 


তেখেতেৰ সৈতে অনলাইন আন্তৰিকতাৰ বাবেই তেখেতেৰ পুত্ৰৰ বিয়াত সপৰিয়ালে গৈ উপস্থিত হৈছিলো আৰু প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ গ্ৰীণ-উড ৰিজৰ্টত ৰুমঝুম বৌৰ সৈতেও চিনাকি হৈছিলো। অনলাইন চিনাকি  বিদ্যা দাস বৌ আৰু অঞ্জনা তামূলীৰ সৈতে সোঁ-শৰীৰে লগ পাইছিলো। তেখেতৰ আটোম-টোকাৰীকৈ গঢ়া সৰু সংস্কৃতিবান পৰিয়ালটোকো ওচৰৰ পৰা চাবলৈ পাইছিলো। তেখেতৰ অসমলৈ প্ৰত্যাবৰ্তনত সুখী হৈ 'সুখ-দুখ LIVE'ত দুটাকৈ কভিড সংক্ৰান্তীয় অনলাইন আলোচনাতো তেখেতে সমল ব্যক্তিৰূপে আমি আমন্ত্ৰণ কৰিছিলো। সেই সমলো অনলাইন জীয়াই থাকিব। দ্বিতীয়বাৰৰ বাবে কায়িক ভাৱে ডাঃ শইকীয়াক লগ পাইছিলো যোৱা দহ এপ্ৰিলত। তেখেতৰ নতুন ঠিকনাত গৈ চুগাৰ নিয়ন্ত্ৰণৰ বিষয়ে তেখেতেৰ পৰামৰ্শ লৈছিলো। দৰৱ খাই পুনৰ পৰীক্ষা কৰি তেখেতক জনালে পুনৰীক্ষণৰ কথাও কৈছিল। জনা নাছিলো যে, সেই কায়িক সাক্ষাতেই শেষ সাক্ষা হব। হঠাত গা-বেয়া হোৱাৰ খবৰটো পাই তেখেতৰ সৈতে হোৱাটচএপতে কুশল বাৰ্তা সুধিছিলো। কিন্তু হাজাৰজনক মাজৰাতিও ফোন ধৰি 'বিনা-পইচা'ই সেৱা আগবঢ়োৱা জনসেৱকজনৰ সেই বাৰ্তা 'নীলা' হোৱা কেতিয়াও নেদেখিলো, সঁহাৰি নাপালো। তেখেতৰ ডাঙৰ ডাঙৰ আখৰৰ প্ৰেচক্ৰিপচনখন হাতত লৈ এতিয়া ভাবিছো, এতিয়া কাৰ ওচৰলৈ যাম, কাক বাৰু তেখেতৰ দৰে ফোন কৰিলেই পাম.... !!


তেখেত পৰলোকগামী হোৱাৰ খবৰটো লাভ কৰি ব্যক্তিগত ভাৱে শোকাকুল হোৱা পোষ্ট সামাজিক মাধ্যমত দিয়াৰ পাছতে,  অসমৰ বহু শুভাকাংখী, তেখেতৰ গুণগ্ৰাহী তথা পৰিচিত লোকে আমালৈকে ফোন কৰি সৱিশেষ খবৰ লবলৈ যোগাযোগ কৰে। তেখেত সকলৰ প্ৰতিজনৰ মাতত আছিল জনদৰদী, প্ৰকৃত সমাজ-সেৱক, সৃষ্টিৰ নিৰৱ সাধক ডাঃ ভূপেন শইকীয়া দেৱ গুণৰ বৰ্ণনা আৰু কৃতজ্ঞতাৰ শৰাইহে। ডাঃ শইকীয়া কায়িক ভাৱে আমাৰ পৰা জীৱনৰ এক তিতা বাস্তৱৰূপে  আঁতৰি গলেও আমাৰ মনত তথা অসমীয়া জাতীয় জীৱনৰ ইতিহাসত 'কৰ্ম আৰু সৃষ্টি'বোৰ যোগেদিয়েই জীয়াই থাকিব। আৰু তেখেতৰ স্মৃতিক সজীৱ কৰি উজ্বলাই ৰখাৰ দায়িত্ব আমাৰ দৰে সান্নিধ্য ধন্য তথা কৃতজ্ঞ গুণগ্ৰাহী সকলেই যে লব লাগিব, সেই কথাও নিশ্চিত। তেখেতৰ 'অসমীয়াৰ সুখ-দুখ'ৰ পাতত প্ৰকাশিত আন আন লেখা সমূহৰ একত্ৰ লিংকঃ 

https://www.xukhdukh.com/search/label/DR-BHUPEN-SAIKIA


অসমীয়াৰ সুখ-দুখ xukhdukh.com অনলাইন দৈনিকৰ এগৰাকী নিয়মীয়া লেখক ডাঃ শইকীয়াৰ স্মৃতিত বাৰ্ষিক পুৰস্কাৰ বা নবীন বিজ্ঞান লেখকলৈ প্ৰেৰণামূলক পুৰস্কাৰ প্ৰদান কৰা আদি বিষয়ৰ ওপৰতো আমি আলোচনা কৰিছো আৰু পৰিয়ালৰ অনুমতিক্ৰমে তাক ৰূপদান কৰি তেখেতলৈ কৃতজ্ঞতা জনাবলৈ অতি আগ্ৰহী সেই কথাও প্ৰকাশ কৰি, তেখেতেৰ চৰণত একাঁজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।


ডঃ ভূপেন শইকীয়া দেৱৰ স্মৃতিচাৰণ কৰি শ্ৰী বিকাশজ্যোতি বৰুৱাৰ সম্পাদনাৰে প্ৰকাশিত হোৱা চাৰিশ পৃষ্ঠাৰ বিশাল ই-স্মৰণিকা খনি 'অসমীয়াৰ সুখ-দুখ'ৰ ই-পুথিভঁৰালত ৰখাৰ ব্যৱস্থা কৰা হৈছে। এই স্মৰণিকাখনৰ পিডিএফ পাবলৈ তলৰ ফটোত ক্লিক কৰক।


লেখক xukhdukh.com ৰ প্ৰতিষ্ঠাপক সম্পাদক, তেখেতৰ 'অসমীয়াৰ সুখ-দুখ'ৰ পাতত প্ৰকাশিত আন আন লেখা সমূহৰ একত্ৰ লিংকঃ 

https://www.xukhdukh.com/search/label/AJOY%20LAL%20DUTTA

No comments:

Post a Comment