মনৰ কথাঃ বৰ্বৰতাৰ মাপকাঠীঃ অসম আৰক্ষীৰ আচৰণ বনাম বাতৰি-কাকতৰ ভূমিকা :: ভাস্কৰজ্যোতি মহন্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal: প্ৰৱন্ধ, বাতৰি, কিতাপ...

মহীৰূহৰ লেখা

মনৰ কথাঃ বৰ্বৰতাৰ মাপকাঠীঃ অসম আৰক্ষীৰ আচৰণ বনাম বাতৰি-কাকতৰ ভূমিকা :: ভাস্কৰজ্যোতি মহন্ত

মনৰ কথাঃ বৰ্বৰতাৰ মাপকাঠীঃ অসম আৰক্ষীৰ আচৰণ বনাম বাতৰি-কাকতৰ ভূমিকা :: ভাস্কৰজ্যোতি মহন্ত

Share This
বৰ্বৰতাৰ মাপকাঠীঃ অসম আৰক্ষীৰ আচৰণ বনাম বাতৰি-কাকতৰ ভূমিকা ভাস্কৰজ্যোতি মহন্ত
বৰ্বৰতাৰ মাপকাঠীঃ 
অসম আৰক্ষীৰ আচৰণ বনাম বাতৰি-কাকতৰ ভূমিকা
ভাস্কৰজ্যোতি মহন্ত
এক
যদিও ক্রিকেট বিশ্বৰ সার্বজনীন খেল নহয়, যদি ও ভাৰত, বাংলাদেশ, পাকিস্তান আৰু শ্রীলংকাৰ দৰে দেশৰ বাহিৰে স্বয়ং ক্রিকেটৰ জন্মভূমি ইংলেণ্ডতে আজি খেলবিধৰ উন্মাদনা নাই, তথাপি সৰুৰে পৰা ক্রিকেট প্রতি এক ধৰণৰ বিশেষ দুর্বলতা আছিল। যদিও বজাৰৰ মসৃণ বেট- বলবোৰ আমাৰ বাবে ঢুকি নোপোৱা উচ্চতাত আছিল, তথাপি  আমি ক্রিকেট নেখেলাকৈ থকা নাছিলোঁ। বাঁহ গছৰ মূঢ়া গোলকৈ কাটি তাৰে আমি ক্রিকেট বল সাজিছিলোঁ। কেতিয়াবা শিলগুটিত কাপোৰ মেৰিয়াই মেৰিয়ায়ো এই কাম কৰা হৈছিল। দাৰে নির্দিষ্ট ভাঁজত কাটি লোৱা কাঠৰ টুকুৰা আছিল আমাৰ ক্রিকেট বেট। পেড হিচাপে ব্যৱহাৰ কৰিছিলোঁ তামোলৰ ঢকুৱা। ঠিক যেন আমীৰ খান অভিনীত ‘লগান’  চিনেমাত খাজনা ৰেহাই পাবৰ বাবে ইংৰাজৰ ক্রিকেট দলৰ বিৰুদ্ধে খেলত অৱতীৰ্ণ হোৱা গাঁৱৰ ক্রিকেট দলটোৰ দৰেই আছিলোঁ আমি। 
বৰ্বৰতাৰ মাপকাঠীঃ অসম আৰক্ষীৰ আচৰণ বনাম বাতৰি-কাকতৰ ভূমিকা ভাস্কৰজ্যোতি মহন্ত
শৈশৱ আৰু  কৈশোৰত, এক নিভাঁজ গ্রাম্য পৰিৱেশত বাঁহৰ মুঢ়াৰ বলেৰে কৰা ক্রিকেট । সেই অনুশীলনে পাছৰ জীৱনতো আমাক সহায় কৰিছিল। পুলিচ একাডেমীত থকাৰ সময়তো আমি আন বিভিন্ন খেলৰ উপৰি বৰ আগ্ৰহেৰে ক্রিকেট খেলত অংশ লৈছিলোঁ আৰু সফলতাও অর্জন কৰিছিলোঁ। ভাইটি শ্যামকানুৱেও অভিযান্ত্রিক মহাবিদ্যালয়ত পঢ়ি থকাৰ সময়ত দক্ষতাৰে ক্রিকেট খেলিছিল আৰু শতক কোবাই প্রশংসা বুটলিছিল। সময়ৰ লগে লগে ক্রিকেটেও ৰূপ সলাইছে। লাঞ্চ ব্রেক, টী ব্রেক মাজেৰে পাঁচ দিন ধৰি চলা আৰু খেলুৱৈসকলেও ধীৰে-সুস্থিৰে খেলা পৰম্পৰাগত টেষ্ট ক্রিকেটলৈ প্রথমে ভাবুকি আনিছিল এদিনীয়াই। 

শেহতীয়াভাৱে টেষ্ট আৰু এদিনীয়ালৈ ভাবুকি আনিছে বিশ্বজুৰি শিহৰণৰ সৃষ্টি কৰা ক্রিকেটৰ নৱযৌৱনা টি-টুৱেণ্টীয়ে। টি-টুৱেীৰ আৱির্ভাৱে বেটছমেনসকলক সংহাৰী কৰি তোলাই নহয়, ক্রিকেটকো আগ্রাসী কৰি তুলিছে। ভাৰতত বি চি চি আইৰ পৃষ্ঠপোষকতাত আয়োজিত পেছাদাৰী টি-টুৱেণ্টী টুর্নামেন্ট আই পি এলে ক্রিকেটলৈ অভূতপূর্ব পৰিৱৰ্তন কঢ়িয়াই আনিছে। বিশ্বজুৰি প্রসিদ্ধি লাভ কৰা আইপিএল যে গ্লেমাৰ আৰু বিনোদনৰ ককটেইল, ইয়াত যে ক্রিকেটতকৈ বাণিজ্যইহে গুৰুত্ব লাভ কৰে, সেই কথা ইতিমধ্যে প্রমাণিত হৈছে। ইমান দিনে ছেগাচোৰোগাকৈ চলি থকা ক্রিকেটকেন্দ্রিক জুৱাখনকো যেন আই পি এলে সাৰ-পানী যোগালে।

বৃহৎ চক্ৰৰ মাজতে সীমাবদ্ধ নাথাকি ক্রিকেটকেন্দ্রিক এই জুৱা সম্প্রতি দেশৰ বিভিন্ন তথা অসমৰ গাঁৱলৈকে শিপাইছে। সহজ ধনৰ প্রতি লালায়িত, শ্রমবিমুখ এচাম লোক এই জুৱাৰ কবলত পৰি সৰ্বান্ত হ'বলগীয়া হৈছে। এই বাণিজ্যনিৰ্ভৰ আগ্রাসী ক্রিকেটৰ সৈতে আমি তাহানি বাঁহৰ মূঢ়াৰে বল আৰু কাঠৰ টুকুৰাৰে বেট সাজি, তামোলৰ ঢকুৱাক পেড হিচাপে ব্যৱহাৰ কৰি খেলা ক্রিকেটৰ কোনো মিল নাই।

দুই
কিছুদিন পূর্বে নগাঁৱৰ ৰূপহীবিলত বুৰি এজন যুৱকৰ মৃত্যু হৈছিল। কিছু লোকে এইবুলি অভিযোগ তুলিছিল যে ক্রিকেট খেলি থকা অৱস্থাত লকডাউন অমান্য কৰাৰ বাবে আৰক্ষীয়ে যুৱকজনক নির্মমভাৱে প্ৰহাৰ কৰিছিল আৰু আৰক্ষীৰ অধিক আক্ৰমণৰ পৰা হাত সাৰিবলৈ যুৱকজনে ৰূপহীবিলত জাঁপ দিয়াৰ ফলতে পানীত বুৰি তেওঁৰ মৃত্যু হৈছিল। 

চিলনীয়ে কাণখন নিলে বুলি কোৱাৰ পাছত কাণখন খেপিয়াই নোচোৱাকৈয়ে চিলনীৰ পিছে পিছে দৌৰা এচামে অভিযোগ সত্যাসত্য বিচাৰ নকৰাকৈয়ে ঘটনাটোক লৈ আৰক্ষীক গালি পাৰিবলৈ, আৰক্ষীক কঠোৰ ভাষাৰে সমালোচনা কৰিবলৈ লাগি গ'ল। তেওঁলোকে ৰোগ প্রতিৰোধ ক্ষমতা বঢ়োৱাৰ স্বাৰ্থত কৰোনাকালত খেলা-ধূলাৰ প্রয়োজনীয়তাৰ কথা ক'লে, পিছে কৰোনাৰ সংক্রমণ ৰোধৰ বাবে লকডাউন মানি চলাৰ প্রয়ােজনীয়তাক লৈ তেওঁলোক নিমাত হৈ ৰ'ল। 

তেওঁলোকে অভিযোগৰ ভিত্তিতে আৰক্ষীক বর্বৰ আখ্যা দিলে, আৰক্ষীৰ আচৰণক অমানৱীয় বুলি অভিহিত কৰিলে, পিছে প্রত্যক্ষদর্শীৰ ভাষ্য আৰু মৰণোত্তৰ পৰীক্ষাৰ ফলাফলক তেওঁলোকে কৌশলেৰে এৰাই চলিলে। তেওঁলোক ক্রিকেটপ্রেমী হৈ পৰিল, আইন ভংগকাৰী খেলুৱৈকেইজনক নিস্পাপ, নির্দোষ সুজাবলৈ উঠিপৰি লাগিল আৰু আইন ৰক্ষাকাৰী আৰক্ষীক তেওঁলোকে কুকুৰে কাঁইট নোখোৱাকৈ গালি পাৰিলে, আমাকো প্ৰকাৰান্তৰে ক্রিকেট বৈৰী সজালে। 

ইপিনে নগৈ গড়গাঁৱৰ বতৰা দিয়া বিশেষ বাতৰিকাকতত আৰক্ষীৰ বৰ্বৰতাক লৈ সম্পাদকীয়ও প্রকাশ পালে। বিচাৰৰ আগতেই ৰায় প্ৰদান কৰি তাত লিখিলে যে ৰাজ্যখনত পুনৰ এজন যুৱকে আৰক্ষীৰ অত্যাচাৰত প্রাণ হেৰুৱাব লগা হ’ল। সম্পাদকীয়টোত লগতে কোৱা হল যে এফালে লকডাউনসদৃশ পৰিস্থিতি আৰু আনফালে ৰাজ্যখনৰ লাখ লাখ যুৱক-যুৱতীয়ে সংস্থাপনৰ অভাৱত হাহাকাৰ কৰি থকা অৱস্থাত খেলা-ধূলাৰ জৰিয়তে নিজৰ স্বাস্থ্য আৰু মন দুয়োটাই সজীৱ কৰি ৰখাটো অতি প্রয়োজন। ইয়াকে নকৰিলে এইসকল যুৱকে মদ-ড্রাগছ বা আন নিচাজাতীয় দ্রব্যৰ কবলত পৰি নিজৰ লগতে সমাজখনক ধ্বংস কৰি দিয়াৰ সম্ভাৱনাই অধিক। এইসকল যুৱক ধন্যবাদৰ পাত্ৰ এইবাবেই যে তেওঁলােকে ঘৰৰ চুকে চুকে জুৱাৰ আড্ডাত বহা নাই। কথা হল, ধন্যবাদ দিয়া আৰু তিৰস্কাৰ কৰা এই দুয়োটাৰে ক্ষেত্ৰত কিছু সাৱধান হােৱাটো বাঞ্ছনীয়। সেয়া আইন ভংগকাৰী যুৱকক ধন্যবাদ দিয়াৰ ক্ষেত্ৰতেই হওক অথবা জনহিত, জনসেৱাৰ্থে কর্তব্যত নিয়োজিত হৈ থকা আৰক্ষীক তিৰস্কাৰ কৰাৰ ক্ষেত্ৰতেই হওক। 

বিশেষকৈ কাকত এখনৰ নীতি, স্থিতি আদি প্রতিফলিত হোৱা কাকতখনৰ আত্মস্বৰূপ সম্পাদকীয়ত কাৰোবাক ধন্যবাদ দিয়া আৰু কাৰোবাক তিৰস্কাৰ কৰাৰ ক্ষেত্ৰত অধিক সাৱধান হোৱা উচিত। কিয়নো ঘৰৰ চুকে চুকে জুৱাৰ আড়াত নবহি ক্রিকেট খেলাৰ বাবে যাক ধন্যবাদৰ পাত্ৰ বুলি কোৱা হৈছে, তেওঁলোকে সেই দিনা প্ৰকৃততে জুৱাই খেলিছিল। সেই জুৱা আছিল ক্রিকেট জুৱা আৰু মৃত যুৱকজনো আছিল এগৰাকী ক্রিকেট জুৱাৰী। বিভিন্ন ভিতৰুৱা অঞ্চলত কিছু অসাধু লোকে ক্রিকেটৰ নামত জুৱা চলাই আহিছে আৰু ৰূপহীহাটতো সেয়াই হৈছিল। ৰূপহীবিলৰ সমীপত অনুষ্ঠিত হােৱা তথাকথিত ক্রিকেটখনো খেল নাছিল, আছিল অসাধু চক্রৰ জুৱা। ঘটনাক্রমে মৃত্যু হোৱা যুৱকজনো আছিল এই জুৱা চক্ৰৰ অন্যতম মূল জুৱাৰী, যি আনকি গৰ্ভৱতী মহিলাক লৈও জুৱা চলাইছিল। 

ঘটনাৰ দিনা আৰক্ষীৰ উপস্থিতিত তেওঁলোক স্বাভাৱিকতেই ভীতিগ্রস্ত হৈছিল আৰু যেনি-তেনি ফৰিং ছিটিকা দিয়াৰ মাজতে যুৱকজনে সাঁতুৰিব নজনা সত্ত্বেও ৰূপহীবিলত জাঁপ দিয়াৰ ফলত পানীত বুৰি তেওঁৰ মৃত্যু হৈছিল। প্রত্যক্ষদর্শীৰ ভাষ্যও আছিল এয়াই। মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদনতো আঘাতৰ কোনো উল্লেখ নাছিল। ইয়াৰ বিপৰীতে আতুৰ হৈ সাঁতুৰিবলৈ চেষ্টা কৰাৰ ফলত বিলৰ কাঁইটীয়া জলজ উদ্ভিদে হনা আৰু আঁচোৰাৰ চিনহে দেখিবলৈ পোৱা গৈছিল যুৱকজনৰ শৰীৰত। এনেস্থলত নগৈ গড়গাঁৱৰ বতৰা দিয়াসকল ধন্যবাদ নে তিৰস্কাৰৰ পাত্র হ’ব, সেয়াও বিচার্য বিষয়।

বিড়ম্বনাৰ কথা এয়ে যে বিশ্বনাথ, কাছাৰ আৰু ডিব্ৰুগড় জিলাত ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাওঁতে, একেখন কাকতেই জিলাকেইখনত লকডাউনৰ সময়ছোৱাত আৰক্ষী কঠোৰ নোহোৱা বাবেই ক’ভিড গ্রাফ এইদৰে ওপৰলৈ যোৱা বুলি অভিযোগ তুলি সমালোচনাত মুখৰ হৈছিল। যি কি নহওক, ৰূপহীহাটৰ ঘটনাৰ বাবে আওপকীয়াকৈ হ'লেও আমাক ক্রিকেট বৈৰী সজাবলৈ চেষ্টা কৰাসকলক কওঁ—ক্রিকেট আমিও ভাল পাওঁ। পিছে আমি ভালপোৱা সেই ক্রিকেট খেল আছিল। আমাৰ বিৰোধ তথাকথিত ক্রিকেটৰ নামত চলা জুৱাৰ সৈতেহে, খেলৰ সৈতে নহয়।

তিনি
একেটা সম্পাদকীয়তে ৰূপহীবিলৰ ঘটনাটোৰ বাবে আমাকেই দোষাৰোপ কৰা হ'ল। কোৱা হ’ল— আমাৰ ৰাজ্যখনত আৰক্ষীয়ে সাধাৰণ মানুহৰ ওপৰত দাদাগিৰি কৰাোৱেই আৰক্ষীৰ একমাত্র কাম বুলি ধৰি লয়। সান্ধ্য আইন প্রৱর্তন কৰোঁতে আমিও তেনে ভাষাৰেই কথা কোৱাত, অর্থাৎ দাদাগিৰি কৰি কথা কোৱাত স্বাভাৱিকতেই হেনো আমাৰ আৰক্ষী বাহিনীটো এইক্ষেত্ৰত আৰু অধিক উৎসাহিত হৈ পৰিল। আমি যি ভাষাৰে সান্ধ্য আইন সফল কৰাৰ বাবে আৰক্ষীক আহ্বান জনাইছিলোঁ, তেওঁলোকৰ ভাষাত আৰক্ষীক ‘বল প্রয়োগৰ অনুজ্ঞাপত্ৰ দিছিলোঁ, তাক লৈও তেওঁলোকৰ ভীষণ আপত্তি। প্রশ্ন হল— প্ৰকৃততে আৰক্ষীৰ ভাষা, আৰক্ষীৰ আচৰণ কেনে হোৱা উচিত?

সমাজে বিভিন্ন পদবীত কার্যনির্বাহ কৰা লোকসকলৰ বাবে তেওঁলােকৰ পদমর্যাদা অনুসৰি পালন কৰিবলগীয়া কিছুমান ভূমিকা নির্ধাৰণ কৰি দিয়ে। আমি যদি শূন্যৰ পৰা দহলৈকে থকা এপাট স্কেল বা মানদণ্ড কল্পনা কৰি লওঁ আৰু শূন্যক নৰম গণতান্ত্রিক আচৰণ বুলি গণ্য কৰোঁ, তেন্তে দহ হ’ব ইয়াৰ সম্পূর্ণ বিপৰীত। অর্থাৎ দহ হ'ব একনায়কত্ববাদী বা স্বৈৰাচাৰী আচৰণ। বেলেগ বেলেগ পদমর্যাদাধাৰীয়ে সমাজে সেই পদমর্যাদাৰ বিপৰীতে নির্ধাৰণ কৰি দিয়া ভূমিকা পালন কৰাটো সমীচীন। এই অর্থত এগৰাকী অধ্যাপকৰ স্থান হ’ব স্কেলপাটৰ চাৰি অথবা পাঁচৰ ওচৰে-পাঁজৰে। 

এগৰাকী মনোবৈজ্ঞানিক পৰামৰ্শদাতা (কাউন্সেলৰ)ৰ স্থান হ’ব দুই অথবা তিনিৰ আশে-পাশে, এগৰাকী শিল্পীৰ স্থান হ’ব তিনি অথবা চাৰিৰ আশে-পাশে আৰু এগৰাকী অসামৰিক প্রশাসকৰ স্থান হ’ব পাঁচ অথবা ছয়ৰ আশে-পাশে। সেইদৰেই আমাৰ দৰে আত্মমুখৰ, বিশৃংখল আৰু নিয়ম মানি বেয়া পোৱা এখন সমাজত আৰক্ষী বিভাগৰ এগৰাকী মুৰব্বীৰ স্থান আঠতকৈ তলত হােৱা উচিত নহয়। সমাজে নির্ধাৰণ কৰি দিয়া ভূমিকাসমূহ যদি সঠিকভাৱে পালন কৰা নহয়, তেনেহলে কেৱল সেই পুতৌজনক সম্পাদকীয়টোৰ ক্ষেত্ৰতে নহয়, সামগ্রিকভাৱে আমাৰ যি সামাজিক বান্ধোন সেয়া বিশৃংখল, ওলটপালট হৈ যাব। 

এবাৰ শিল্পী, কাউন্সেলৰ অথবা অধ্যাপকক স্কেলপাটৰ ন নম্বৰ স্থানত কল্পনা কৰকচোন! সেইদৰেই আৰক্ষীয়ে যদি স্কেলপাটৰ দুই অথবা তিনি নম্বৰ স্থানত নিজকে থিয় কৰায়, তেনেহ'লে ক্রিকেট নামত চলা জুৱাৰ দৰে ঘটনাও ঘটি থাকিব আৰু ক'ৰোনায়ো অধিক ভয়াৱহ ৰূপত নিজৰ তাণ্ডৱ নৃত্য চলাই থাকিব। অৱশ্যে, অসম আৰক্ষীয়ে যে কেতিয়াও স্কেলপাটৰ দুই অথবা তিনি নম্বৰ স্থানত নিজকে থিয় নকৰায়, তেনে কথাও নহয়। অসম আৰক্ষীৰ আশ্বাস, শিশু আৰু নাৰী মিত্ৰ আদিৰ দৰে প্ৰকল্পত আৰক্ষীয়ে যেতিয়া কাউন্সেলৰৰ ভূমিকা পালন কৰে, তেতিয়া আৰক্ষীয়ে নিজকে স্কেলপাটৰ দুই অথবা তিনি নম্বৰ স্থানতে থিয় কৰায়। 

প্রথমবাৰ লক ডাউনৰ সময়ত, আগতে সন্মুখীন নোহোৱা এক অচিনাকি কঠিন সময়ৰ সন্মুখীন হৈ দিক-বিদিক হেৰুৱাই পেলোৱা দুখীয়া লোকসকলক সাধ্য অনুযায়ী খাদ্য-সামগ্রী আগবঢ়াওঁতে, অকলশৰীয়া বৃদ্ধ লোকসকলক ঘৰতে ঔষধ-পাতি আদি যোগান ধৰোতে, ঘৰৰ ভিতৰতে সোমাই থাকি মানসিক সমস্যাত ভোগা লোকসকলৰ বাবে হেল্প লাইন নম্বৰ মুকলি কৰোঁতে, পদপথৰ অঘৰী লোকসকলৰ ভোক নিবাৰণৰ প্ৰয়াস কৰোঁতে, আনকি হোটেল-ৰেষ্টুৰেণ্ট আদি বন্ধ থকাৰ ফলত এৰেহা খাবলৈ নাপাই ভোকত থকা বাটৰ কুকুৰ, গৰু আদিক খোৱাবস্তু দিয়াৰ ব্যৱস্থা কৰোঁতেও আৰক্ষীয়ে নিজকে স্কেলপাটৰ দুই অথবা তিনি নম্বৰ স্থানতে থিয় কৰাইছিল। ইয়াৰ বিপৰীতে সমাজত অশান্তি বিয়পােৱা অপৰাধীৰ ক্ষেত্ৰত, অসামাজিক কামত লিপ্ত অসাধু চক্ৰৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে শূন্য সহনশীল নীতিৰে নিজৰ ভূমিকা পালন কৰিব আৰু কোনো কাৰণতে সেই স্কেলপাটত নিজকে আঠৰ তলত চাবলৈ নিবিচাৰিব।

এক কথাত ক'বলৈ গলে আমি পৰিস্থিতিয়ে দাবী কৰা অনুসৰি আমাৰ ভূমিকা পালন কৰোঁ, কিছুমান সম্পাদকীয়ৰ আঙুলিৰ ঠাৰত নহয়। আমি ভাবো, নিজকে একোখন সমাজৰ পথ প্রদর্শক বুলি ভবা আৰু নগৈ গড়গাঁৱৰ বতৰা দিবলৈ বিচৰাসকলেও উল্লিখিত কাল্পনিক স্কেলপাটৰ সঠিক স্থানত নিজকে থিয় কৰাই সমাজে নির্ধাৰণ কৰি দিয়া ভূমিকা পালন কৰা উচিত। বিচাৰৰ আগতেই ৰায় দিবলৈ যত্ন কৰাটো স্বৈৰাচাৰী প্রৱণতাৰে প্রতিফলন। এনে প্ৰৱণতাৰ বাবে তেওঁলোকে বহুক্ষেত্ৰত সমাজে নির্ধাৰণ কৰি দিয়া ভূমিকা পাহৰি যায়। দহৰ আশে-পাশে অৱস্থান কৰাৰ প্ৰৱণতা পৰিহাৰ কৰি তেওঁলোকে দুই অথবা তিনিৰ আশে-পাশে অৱস্থান কৰিলেহে সমাজৰ অধিক মংগল হ’ব বুলিও আমি ব্যক্তিগতভাৱে আৰু দৃঢ়তাৰে বিশ্বাস কৰোঁ।
লেখক অসম আৰক্ষীৰ সঞ্চালকপ্রধান। লেখাটি নিয়মীয়া বাৰ্তা কাকততো প্ৰকাশ পাইছে। লেখকৰ অসমীয়াৰ সুখ-দুখৰ পাতত পূৰ্বে প্ৰকাশিত আনবোৰ লেখা পঢ়িবলৈ ক্লিক কৰক তলৰ একত্ৰ লিংকঃ 

No comments:

Post a Comment