ভাল খবৰঃ ২০০০ গৰাকী মেধা সম্পন্ন শিক্ষাৰ্থীলৈ ONGC ৰ জলপানিঃ অনলাইন আবেদন ৬ আগষ্ট পৰ্যন্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভাল খবৰঃ ২০০০ গৰাকী মেধা সম্পন্ন শিক্ষাৰ্থীলৈ ONGC ৰ জলপানিঃ অনলাইন আবেদন ৬ আগষ্ট পৰ্যন্ত

ভাল খবৰঃ ২০০০ গৰাকী মেধা সম্পন্ন শিক্ষাৰ্থীলৈ ONGC ৰ জলপানিঃ অনলাইন আবেদন ৬ আগষ্ট পৰ্যন্ত

Share This

 ২০০০ গৰাকী মেধা সম্পন্ন শিক্ষাৰ্থীলৈ ONGC ৰ জলপানিঃ অনলাইন আবেদন ৬ আগষ্ট পৰ্যন্ত

২০০০ গৰাকী মেধা সম্পন্ন শিক্ষাৰ্থীলৈ ONGC ৰ জলপানিঃ অনলাইন আবেদন ৬ আগষ্ট পৰ্যন্ত, ONGC SCHOLARSHIP

দেশৰ অগ্ৰণী ৰাজহুৱা তেল কোম্পানী অ'এনজিচিৰ ONGC FOUNDATION ৰ সৌজন্যত শৈক্ষিক বৰ্ষ ২০২০-২১ ৰ বাবে ইঞ্জিনীয়াৰিং, মেডিকেল, এমবিএ আৰু ভূ-তত্ত্ব বিজ্ঞান আৰু ভূ-পদাৰ্থবিদ্যা বিষয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰতি বছৰে ৪৮০০০ টকাকৈ মুঠ ২০০০ জনলৈ স্কলাৰশ্বিপ আগবঢ়াবলৈ লোৱা হৈছে। বছৰি ৯.৬ কোটি টকা ছাত্ৰ-ছাত্ৰীলৈ জলপানিৰ ৰূপত তেল কোম্পানীটোৱে খৰছ কৰিব।

তাৰে ভিতৰত ১০০০ টা স্কলাৰশ্বিপ অনুসূচিত জাতি/জনজাতিৰ ছাত্ৰ-ছাত্ৰীলৈ, ৫০০ টা অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে আৰু ৫০০টা সাধাৰণ জাতিৰ অৰ্থনৈতিক ভাৱে পিছপৰা শিক্ষাৰ্থীলৈ প্ৰদান কৰা হব। ইয়াৰে ভিতৰত পঞ্চাশ শতাংশ স্কলাৰশ্বিপ ছাত্ৰীলৈ দিয়া হব। ইয়াৰ নিৰ্বাচন হব মেধাৰ ভিত্তিত। অনলাইন আবেদনৰ বাবে শেষ তাৰিখ ৬ আগষ্ট ২০২১।

 আবেদনৰ সবিশেষ জানিবলৈ লিংকঃ 

এই লিংকতে কি কি কাগজ পত্ৰ জমা দিব লাগিব, আয়ৰ সীমা কি ইত্যাদি দিয়া হৈছে।

আবেদন কৰিবৰ বাবে ৱেবচাইটত পঞ্জীয়ন কৰিবলৈ লিংকঃ https://ongcscholar.org/

No comments:

Post a Comment