বিশ্লেষণঃ হিতাধিকাৰী সৃষ্টিৰ 'নতুন' বাজেট :: অনন্ত কলিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ হিতাধিকাৰী সৃষ্টিৰ 'নতুন' বাজেট :: অনন্ত কলিতা

বিশ্লেষণঃ হিতাধিকাৰী সৃষ্টিৰ 'নতুন' বাজেট :: অনন্ত কলিতা

Share This
হিতাধিকাৰী সৃষ্টিৰ 'নতুন' বাজেট
অনন্ত কলিতা
অসমত বিজেপি চৰকাৰখনে ষষ্ঠখন বাজেট দাখিল কৰিলে। ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ এইখন প্ৰথম বাজেট। অৱশ্যে পূৰ্বৰ সৰ্বানন্দ সোণোৱাল চৰকাৰখনৰ বাজেটকেইখন ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰচনা কৰিছিল। এইখন বাজেট যদিও বিত্ত মন্ত্রী অজন্তা নেওগে দাখিল কৰিছে, মুখ্যমন্ত্রী হিমন্তবিশ্ব শৰ্মাৰ ভূমিকাই প্রাধান্য পাইছে নিশ্চয় বাজেটত। গেৰুৱা দলটোৰ বাজেটখন প্রগতিশীল কবি-সাহিত্যিক ৰূপকোঁৱৰ, অনিল বৰুৱা, হিৰেন ভট্টাচাৰ্যৰ পৰা লক্ষ্মীনাথ বেজবৰুৱাৰ বাণীৰে শোভিত কৰিছে। বাজেটখন নিশ্চয় চমক লগােৱা। সােণােৱাল চৰকাৰৰ বাজেটকেইখন যেনেকৈ বিভিন্ন অংলকাৰযুক্ত আঁচনিৰে শোভিত কৰিছিল, এইখন বাজেটো সেই ধৰণৰে জাকজমকীয়া। 
অসংখ্য হিতাধিকাৰীৰ উপাধি আছে বাজেটখনত। এইখন বাজেটত নতুনকৈ ২৬,৫৮,৭০০ হিতাধিকাৰীৰ নাম সংযোজিত কৰিছে। বাজেটখনটো ঘোষণা কৰিছে ৰাজ্যখনৰ সমস্ত জনসাধাৰণকে স্পর্শ কৰিব বিচাৰিছে। বাজেটৰ আবণ্টনে অধিকাংশ জনসাধাৰণকে স্পর্শ কৰিছে, ভিক্ষাৰীত পৰিণত কৰিছে অর্থাৎ হিতাধিকাৰীত পৰিণত কৰি। চৰকাৰ এখনৰ অর্থনীতিৰ কাৰ্যসূচী সাফল্যমণ্ডিত হোৱা বুলি আচলতে তেতিয়াহে ক'ব পাৰি যদিহে হিতাধিকাৰীৰ সংখ্যা হ্রাস কৰিব পাৰি। আমাৰ ৰাজ্যৰ অর্থনৈতিক কার্যসূচীৰ বাহাদুৰি হ’ল বছৰে বছৰে হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি হৈ আছে। অৱশ্যে ক’ভিড অতিমাৰীয়ে সমাজৰ অধিকাংশ লােকৰে অৱস্থা লাও-লোৱা কৰিছে।।

বিধানসভাৰ নিৰ্বাচনৰ আগতে বিজেপি দলে সংকল্প পত্র প্রচাৰ কৰিছিল। ইয়াৰে এক নম্বৰ আশ্বাস আছিল বানমুক্ত অসম গঢ়িব। বানমুক্ত অসম গঢ়াৰ দীর্ঘম্যাদী বা বিজ্ঞানভিত্তিক কোনো মেগা প্রকল্পৰ উল্লেখ নাই বাজেটত। ১,০০০ কিলােমিটাৰ মথাউৰি শক্তিশালী কৰিব আৰু এই মথাউৰি হেনো ৰাস্তা হিচাপেও ব্যৱহাৰ কৰিব। বানমুক্ত অসম গঢ়িবলৈ জলসম্পদ বিভাগৰ বাবে মাত্র ৮৯৩,৫৬ কোটি টকাহে আবণ্টন কৰিছে। চিকিৎসা, শিক্ষা, বাটপথ উন্নয়ন, কৃষি খণ্ড উন্নয়ন, আন্তঃগাঁথনি উন্নয়ন আদি চৰকাৰৰ মৌলিক দায়িত্ব। প্রত্যেকখন ৰাজ্যৰে ৰাজ্য চৰকাৰে নাগৰিকৰ মৌলিক সুবিধাবোৰ উন্নয়নৰ বিভিন্ন আঁচনি গ্ৰহণ কৰে। আচলতে আঁচনিবোৰৰ সফলতা প্ৰকৃততে ৰাইজে চৰকাৰী প্ৰতিষ্ঠানৰ প্ৰতি ভৰসা বৃদ্ধি হৈছেনে নাই বা উপকৃত হৈছে নে নাই তাৰ মাপকাঠিৰেহে জুখিব পাৰি। যেনে দিল্লী চৰকাৰে চৰকাৰী খণ্ডৰ শিক্ষাৰ উন্নতি ঘটাইছে আৰু ব্যক্তিগত শিক্ষা প্রতিষ্ঠানৰ ছাত্র-ছাত্রী এতিয়া চৰকাৰী স্কুললৈ যােৱা আৰম্ভ কৰিছে। ব্যক্তিগত স্কুল শিক্ষার্থী হ্রাস পাইছে আৰু চৰকাৰী স্কুলৰ শিক্ষার্থী সংখ্যা বৃদ্ধি হৈছে। অসমত শিক্ষা খণ্ডৰ উন্নতিৰ ফলত ব্যক্তিগত খণ্ডৰ শিক্ষা প্রতিষ্ঠানৰ সংখ্যা বৃদ্ধি হৈছে আৰু ব্যক্তিগত স্কুলত পঢ়া শিক্ষার্থী সংখ্যাও বৃদ্ধি হৈছে। 

এই বাজেটত আৰু কেইবাখনো নতুন মেডিকেল কলেজ মুকলি কৰাৰ প্ৰস্তাৱ দিছে, ১,০০০ খন উপ-স্বাস্থ্য কেন্দ্র হাস্পতাললৈ উন্নীত কৰিব। খুব ভাল প্রস্তাৱ। কিন্তু, মন কৰিব লাগিব যে, বর্তমান চলি থকা মেডিকেল কলেজকেইখনতে হেনো পৰ্যাপ্ত শিক্ষক নাই। তদুপৰি ৰাজ্যখনত দিনে দিনে ব্যক্তিগত চিকিৎসালয়ৰ সংখ্যা বৃদ্ধি হৈ আছে। আৰু ৰােগীৰ সংখ্যা ব্যক্তিগত চিকিৎসালয়ত বৃদ্ধি পাইছে। দেশৰ তামিলনাড়ু, কেৰেলা আদি ৰাজ্যত অধিকাংশ ৰােগীয়ে বিনামূলীয়া চিকিৎসাৰ বাবে চৰকাৰী হাস্পতাললৈ যায়। অসমত অধিকাংশ ৰােগী ব্যক্তিগত হাস্পতাললৈ যায়। ৰাইজৰ চৰকাৰী খণ্ডৰ স্বাস্থ্য সেৱালৈ কিয় এতিয়াও ভৰসা বৃদ্ধি হোৱা নাই, সেইটোও কৰিব লগীয়া এটা প্ৰশ্ন।

কৃষি খণ্ড উন্নয়নৰ বাবে বহুকেইটা ভাল প্রস্তাৱ দিছে। কিন্তু কৃষি খণ্ডৰ মৌলিক আন্তঃগাঁথনি, জলসিঞ্চন উন্নয়নৰ বিশেষ প্রস্তাৱ নাই। পঞ্জাৱ হাৰিয়ানাৰ কৃষি খণ্ড উন্নয়নৰ মূলতেই হ’ল ভাক্ৰানাংগল প্রকল্প। ধান ক্রয়ৰ কাৰণে ২০০ কোটি আবণ্টন কৰিছে, উত্তম প্রস্তাৱ কিন্তু পর্যাপ্ত হ'ব জানো। তদুপৰি অসমৰ কৃষকসকলৰ মুখ্য সমস্যা তেওঁলোকৰ ফচলৰ উচিত মূল্য নাপায়। আলু-পাচলি আদিৰ উচিত মূল্য পোৱাৰ আন্তঃগাঁথনি সৃষ্টিৰ আঁচনি এখন বাস্তৱায়িত কৰিলে অসমৰ কৃষি খণ্ডৰ বিস্ময়কৰ উন্নতি বাঢ়িলেহেঁতেন। দহ হেজাৰ গাঁৱত পুখুৰী খান্দি মাছ উৎপাদন, কণী উৎপাদন, গাহৰি, কুকুৰা উৎপাদন আদিৰ আঁচনিবোৰ সহায়ক হ’ব যদিহে বাস্তৱায়িত হয়। ৮০৫ খন চাহ বাগিচাত খােৱাপানী যোগান দিব। প্ৰশ্ন হয়, বেচৰকাৰী তথা কোম্পানীৰ বাগিচাত পানী যোগানত চৰকাৰী ধন কিয় খৰচ কৰে, আচলতে বাগিচাত পানী যোগান বাগিচাৰ মালিকৰ দায়িত্ব নহয় জানো। কংগ্ৰেছ চৰকাৰে নোৱাৰিলে বিজেপি চৰকাৰৰাে ৬ বছৰ গ'ল গুৱাহাটীতে খোৱাপানী যোগান আজিলৈ দিব নােৱাৰিলে।।

বিভিন্ন নামত হিতাধিকাৰী আঁচনি গ্ৰহণ কৰা হৈছে যদিও ক’ভিড সংক্ৰমণত বিশেষকৈ ক্ষুদ্র ব্যৱসায়ী, শিল্পী আদিসকলক সাহায্য দিয়াৰ বাবে ২০০ কোটি টকা আবণ্টন কৰিছে। কিন্তু এওঁলোকক কেই হেজাৰমান টকা দিলে লাভ নহয়, ন্যূনতম ৪/৫ লাখকৈ দিব লাগিব। তদুপৰি ক'ভিড অতিমাৰীত নিম্ন মধ্যবিত্ত লাোককে ধৰি অনেক লােকে আয় কৰাৰ উপায় নোহোৱা হৈ সর্বস্বান্ত হৈছে। তেওঁলোকক অন্ততঃ মাহে ৮ হেজাৰ টকাকৈ অহা দহ মাহমানৰ বাবে দিয়াৰ প্ৰস্তাৱ কৰিব লাগিছিল।

যদিও মৃত মৰাপাট কলটো পুনৰুজ্জীৱিত কৰাৰ প্ৰস্তাৱ ৰাখিছে, সামগ্রিকভাৱে বাজেটখনত উদ্যোগীকৰণৰ প্রতি নিমাত। দেশৰ পাঁচখন ৰাজ্যৰ ভিতৰত প্রথম পর্যায়লৈ উন্নীত কৰাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। উদ্যোগীকৰণ অবিহনে দেশৰ পাঁচখন ৰাজ্যৰ ভিতৰত অসমে স্থান পাব জানো। মহাৰাষ্ট্র, তামিলনাড়ু, কর্ণাটক, হাৰিয়ানা, পঞ্জাব, গুজৰাট আদি ৰাজ্যৰ ঘৰুৱা উৎপাদনত উদ্যোগেই বিৰাট অৰিহণা যোগায় তথা ৰাজ্যকেইখনৰ অধিকাংশ লোকৰ উদ্যোগে জীৱন-জীৱিকাৰ পথ দিয়ে। 

বাজেটখনত বৃদ্ধ পেন্সনকে ধৰি অনেক কল্যাণমূলক আঁচনি আছে, কিন্তু সেইবোৰো সামান্য ভিক্ষা দিয়া হিতাধিকাৰীহে। প্রকৃততে অসমৰ মৌলিক উন্নয়নৰ বাবে বাজেটৰ বৃহৎ অংশ ধন বিনিয়োগ কৰা দৰকাৰ মূলধনী খণ্ডত। বাজেটখন মূলতঃ ৰাজহুৱা খণ্ডত খৰচৰ। যি কাৰণে ৰাজ্যখনত চৰকাৰী ধন খৰচ হলেও উৎপাদনকাৰী খণ্ড সৃষ্টি হৈ কর্মসংস্থান সৃষ্টি হােৱা নাই। নিবনুৱাৰে ভৰ্তি ৰাজ্য— এইসকলে হিতাধিকাৰীত নাম লগাইছে।

বর্তমানলৈ প্রাপ্য তথ্যমতে অসমৰ চৰকাৰখন ৮১,৫৫১ কোটি টকাৰ ধৰুৱা যোৱা মার্চলৈ। যোৱা চাৰি মাহত নিশ্চয় ঋণৰ পৰিমাণ আৰু বেছিহে হৈছে। বছৰি সুতেই দিব লাগিব হেনাে প্ৰায় ৭,০০০ কোটি টকা। কেন্দ্ৰয়াে যােৱা বিত্তীয় বৰ্ষৰ তুলনাত ৫ হেজাৰ কোটি টকা কম আবণ্টন কৰিছে অসমক। এই পটভূমিত বাজেট প্রস্তাৱিত অভিলাষী আঁচনিবোৰ বাস্তৱায়িত হ'বনে নে কেৱল ঘোষণা আৰু বাতৰি-কাকতৰ পৃষ্ঠা ভৰাই দিয়া বিজ্ঞাপনৰ ৰূপতে থাকি যাব? এইটো এক ডাঙৰ প্রশ্ন। 
লেখকৰ দূৰভাষ : ৯৪৩৫০-৪১২০৩, লেখাটি অসমীয়া প্ৰতিদিন কাকততো প্ৰকাশ পাইছে। লেখকৰ আন আন প্ৰকাশিত লেখাৰ একত্ৰ লিংকঃ

No comments:

Post a Comment