মনৰ কথাঃ কল্যাণকামী চৰকাৰী আঁচনিৰ 'সু-ফল' বনাম সমাজৰ নিৰ্লিপ্ততা! :: সঞ্জীত কুমাৰ বৰদলৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ কল্যাণকামী চৰকাৰী আঁচনিৰ 'সু-ফল' বনাম সমাজৰ নিৰ্লিপ্ততা! :: সঞ্জীত কুমাৰ বৰদলৈ

মনৰ কথাঃ কল্যাণকামী চৰকাৰী আঁচনিৰ 'সু-ফল' বনাম সমাজৰ নিৰ্লিপ্ততা! :: সঞ্জীত কুমাৰ বৰদলৈ

Share This

কল্যাণকামী চৰকাৰী আঁচনিৰ 'সু-ফল' বনাম সমাজৰ নিৰ্লিপ্ততা  সঞ্জীত কুমাৰ বৰদলৈ

কল্যাণকামী চৰকাৰী আঁচনিৰ 'সু-ফল' বনাম সমাজৰ নিৰ্লিপ্ততা

সঞ্জীত কুমাৰ বৰদলৈ

কেইমাহমানৰ আগতে সহকৰ্মী এগৰাকীৰ স’তে তিতাবৰৰ এখন ভিতৰুৱা গাৱঁৰ এখন বিয়ালৈ গৈছিলোঁ৷ এটি নিন্ম মধ্যবিত্তৰ পৰিয়ালৰ বিয়া৷ মৰমলগা কইনা গৰাকীয়ে মাকৰ স’তে আহি আমাৰ পিনে তামোলৰ বঁটাটি আগবঢ়াই কুশল বাৰ্তা লৈছিল৷ অনুষ্টুপীয়াকৈ পতা বিয়াখনত উপস্থিত হ’বলৈ পাই ভাল লাগিছিল৷ তাতোতকৈ মনটো আৰু বেছি ভাল লাগিছিল যেতিয়া সহকৰ্মী গৰাকীৰ মুখত নতুনকৈ সাংসাৰিক জীৱনৰ পাতনি মেলা মৰমলগা কইনা গৰাকী তথা তেওঁলোকৰ পৰিয়ালটোৰ কথা জানিব পাৰিছিলোঁ৷ 

কল্যাণকামী চৰকাৰী আঁচনিৰ 'সু-ফল' বনাম সমাজৰ নিৰ্লিপ্ততা  সঞ্জীত কুমাৰ বৰদলৈ

দুজনী ছোৱালী সহ পৰিয়ালটি মোটামুটি ঠিকেই চলিছিল৷ কিন্তু ছোৱালী দুজনী প্ৰাথমিক বিদ্যালয়ত পঢ়ি থাকোতেই বাপেকৰ অকাল মৃত্যু হৈছিল৷ দুজনী কনমানি জী সহ মাকজনী হঠাতে নিঠৰুৱা হৈ পৰিল৷ দিনতে যেন আন্ধাৰ নামি আহিল৷ অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি মাকে ছোৱালী দুজনী পঢ়াই শুনাই ডাঙৰ দীঘল কৰিলে৷ যথা সময়ত ডাঙৰ জনী ছোৱালীয়ে গুৱাহাটীৰ ডাউন টাউন মেডিকেল ক’লেজত নাৰ্চিং পঢ়াৰ সুযোগ পালে৷ কিন্তু যেনেতেনে পেটে-ভাতে চলি থকা দুখীয়া পৰিয়ালটোৰ বাবে গুৱাহাটীত গৈ পঢ়াশুনা কৰাটো একেবাৰেই সম্ভৱ নাছিল৷ কিন্তু কথাতে কয় -"If there is will there is ways.”


খা-খবৰ লৈ তেওঁলোকে জানিব পাৰিলে যে দৰিদ্ৰ পৰিয়ালৰ বাবে যথেষ্ট আঁচনি আছে৷ ঠেঙাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ বিশেষ আঁচনিৰ জৰিয়তে সেই দুখীয়া যুৱতী গৰাকীয়ে গুৱাহাটীত নাৰ্চিং পঢ়াৰ সুযোগ পালে৷ নাৰ্চিং পঢ়াৰ সমুদায় খৰছ(প্ৰায় চাৰে তিনি লাখ টকা)উক্ত স্বায়ত্ত্বশাসিত পৰিষদে বহন কৰিলে৷ যথা সময়ত সেই দৰিদ্ৰ যুৱতী গৰাকীয়ে সুখ্যাতিৰে নাৰ্চিং শিক্ষা শেষ কৰিলে আৰু কিছুদিনৰ পাচতে যোৰহাট মেডিকেল কলেজত চাকৰিও পালে৷ সেই যুৱতী গৰাকীৰ বিয়ালৈকে আমি গৈছিলোঁ৷ পিতৃৰ অকাল বিয়োগে মুহূৰ্ততে অমানিশা নমাই অনা পৰিয়ালটোলৈ আজি পোহৰ আহিছে৷ সেই পোহৰ মৰমলগা কইনাজনী, তাইৰ ভনীয়েক আৰু মাকৰ মুখত জিলিকি উঠা দেখি মোৰ মনটো ভৰি গৈছিল৷ এনে উদাহৰণ হয়তো বিচাৰিলে বহুত ওলাব৷ কিন্তু সাধাৰণতে আমাৰ ইয়াত এনেবোৰ ইতিবাচক তথা প্ৰেৰণামূলক কথাবোৰ কমকৈ প্ৰকাশ হয়৷ নিগেটিভ কথাৰ ৰৌজাল-বৌজালত এনে খবৰবোৰ হেৰায়েই যায়।


শেহতীয়াকৈ মোৰ মামাৰ ছোৱালী এগৰাকীয়ে মেডিকেল পঢ়াৰ বাবে বাচনি হৈছিল৷ গোৱালপাৰাৰ পৰা অহা মামাহঁতৰ স’তে নামভৰ্তিৰ বাবে ডিব্ৰুগড় মেডিকেল কলেজলৈ মইও গৈছিলোঁ৷ নামভৰ্তিৰ সমগ্ৰ প্ৰক্ৰিয়াটো মোৰ মুঠেই ভাল লগা নাছিল৷ দূৰদূৰনিৰ পৰা অহা বহু ছাত্ৰ-ছাত্ৰীৰ যথেষ্ট অসুবিধা হৈছিল৷ বিশেষকৈ দুখীয়া মধ্যবিত্ত ছাত্ৰ-ছাত্ৰী সকলৰ বেছি অসুবিধা হৈছিল৷ তেওঁলোকৰ বহুতে দুদিনৰ পৰা তিনিদিন পৰ্যন্ত ডিব্ৰুগড়ত বাহৰ পাতিব লগীয়া হৈছিল৷ তাতে ক’ভিড কালীন পৰিস্থিতিৰ বাবে থকা-মেলাৰ যথেষ্ট অসুবিধা হৈছিল৷ সেই সময়তে ক’ভিড কালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে মেডিকেল কলেজকে ধৰি সকলো শিক্ষা প্ৰতিষ্ঠানৰ নামভৰ্তি বিনামূলীয়া কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল৷ ইয়াৰ দ্বাৰা স্বাভাৱিকতে আৰ্থিক ভাবে দুৰ্বল বহু ছাত্ৰ-ছাত্ৰী উপকৃত হৈছিল৷ এদিনতে নামভৰ্তি হ’ব বুলি ধাৰণা কৰি সেইমতে নিৰ্দিষ্ট টকাকেইটা হাতত লৈ দূৰদূৰনিৰ পৰা অহা বহু দুখীয়া ছাত্ৰ-ছাত্ৰীয়েও নিজা ব্যৱস্থাপনাৰে দুই-তিনি দিন থাকিব লগীয়া হৈছিল৷ তেনে ছাত্ৰছাত্ৰীৰ অভিভাৱক সকলে যেতিয়া নামভৰ্তিৰ বাবে এটকাও দিব নালাগে বুলি জানিব পাৰিলে সিয়ে তেওঁলোকক যথেষ্ট সকাহ প্ৰদান কৰা দেখিছিলো৷ 


প্ৰায় একে সময়তে মোৰ সম্পৰ্কীয় ভাইটি এটাই গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়াৰ সুযোগ পাইছিল৷ আৰ্থিক ভাবে তেনেই দুৰ্বল সেই ভাইটিয়েও নামভৰ্তি বিনামূলীয়া হোৱা বাবে যথেষ্ট সকাহ পাইছিল৷ নিজৰ প্ৰত্যক্ষ অভিজ্ঞতাৰ আলমত এই উদাহৰণ কেইটা উল্লেখ কৰাৰ কাৰনটো হৈছে-আমি সাধাৰণতে চৰকাৰী আঁচনি বোৰৰ নেতিবাচক কথা বোৰ বেছিকৈ প্ৰকাশ কৰোঁ৷ কিন্তু চৰকাৰী বিভিন্ন আঁচনিৰ যোগেদি বহুজন যে উপকৃত হৈ আহিছে সেই কথা উল্লেখ কৰাৰ ক্ষেত্ৰত আমি প্ৰায়ে কৃপনালি কৰোঁ৷ তাৰোপৰি বিভিন্ন বিভাগৰ চৰকাৰী আঁচনি সমূহৰ পৰা আশা কৰা ধৰনে ফল নোপোৱা বাবে তথা সঠিককৈ ৰূপায়ণ নোহোৱা বাবে একপক্ষীয় ভাবে কেবল সংশ্লিষ্ট বিভাগ তথা চৰকাৰকে দোষাৰোপ কৰা হয়৷ বহুক্ষেত্ৰত আঁচনিত থকা বিভিন্ন আসোঁৱাহ বা সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰীৰ দুৰ্নীতি আৰু পালমৰা মনোবৃত্তিৰ বাবেও বহু জনকল্যানমূলক আঁচনি সঠিককৈ ৰূপায়ণ নহয় সেইটো সঁচা৷ কিন্তু এই ক্ষেত্ৰত কেৱল বিষয়া-কৰ্মচাৰী তথা চৰকাৰেই একমাত্ৰ জগৰীয়া হ’ব নোৱাৰে৷ আমি নিজেও বহু আঁচনিৰ স’তে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জৰিত হৈ দেখিছো -প্ৰকৃত অৰ্থত কামকৰা মানুহৰ খুবেই অভাৱ৷ দক্ষ,পৰিশ্ৰমী তথা উপযুক্ত হিতাধিকাৰী বিচাৰি বহু সময়ত হাবাথুৰি খাব লগা হয়৷ বেছিভাগেই চৰকাৰী আচনিৰ সা-সুবিধা লোৱাতহে আগ্ৰহী,আঁচনিৰ সৎব্যৱহাৰ কৰি স্বাৱলম্বী হোৱাৰ আগ্ৰহ(যিটো আঁচনিৰ মূল লক্ষ্য) থকা হিতাধিকাৰীৰ সংখ্যা তেনেই নগন্য৷ 


আঁচনিৰ নিৰ্দিষ্ট সা-সুবিধা পাই লোৱাৰ পাচত বহু হিতাধিকাৰীয়ে কাম কৰিবলৈ এৰি দিয়ে৷ইয়ো জানো দুৰ্নীতি নহয়? কাম-বন নকৰি সহজলভ্য ধনৰ প্ৰতি থকা আগ্ৰহে আমাৰ মানসিকতা কলুষিত কৰাই নহয় আমাৰ সমাজখন তিল তিলকৈ ধংসৰ পিনে লৈ গৈছে৷ মাৰ্কুয়েজে তেওঁৰ এখন উপন্যাসত ইজি মানি তথা সহজ লভ্য ধনৰ প্ৰতি আগ্ৰহ ড্ৰাগছতকৈয়ো ক্ষতিকাৰক বুলি কৈছিল৷ আমি সকলোৱে নাগা সকলৰ জাতীয় স্বাভিমানৰ কথা জানো৷ তেওঁলোকৰ আপোচহীন সংগ্ৰামী সত্তাৰ কথা সৰ্বজনবিদিত৷কিন্ত নাগা সকলৰ সেই সংগ্ৰামী সত্তাৰ চোক এতিয়া আগৰ দৰে নাই৷ই য়াৰ অন্যতম কাৰন হৈছে-সহজ লভ্য ধন৷ বিগত সময়চোৱাত নগালেণ্ডলৈ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আচনি-সাহাৰ্যৰ যোগেদি ইমানেই ধনৰ সোত ববলৈ আৰাম্ভ কৰিলে যে বিশেষ পৰিশ্ৰম নকৰাকৈ সহজতে নাগা সকলৰ হাতলৈ ধন আহিব ধৰিলে৷ যি কেন্দ্ৰীয় চৰকাৰে বহুযুগ ধৰি সামৰিক শক্তিৰে নাগা সশস্ত্ৰ সংগ্ৰামক প্ৰতিৰোধ কৰিবলৈ সক্ষম হোৱা নাছিল সেই কেন্দ্ৰীয় চৰকাৰে বিভিন্ন আঁচনিৰ নামত ধনৰ আৱন্তন দি সংগ্ৰামী নাগা সকলক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে৷ এই কথা চাৰ্লছ চেছিৰ দৰে নাগা বুদ্ধিজীৱীয়ে কৈছে যিবোৰ কথা হোমেন বৰগোহাঞিয়ে বিভিন্ন প্ৰসংগত উল্লেখ কৰিছে৷ সি যি হওক,ইজি মনিৰ প্ৰতি লালসা সমাজৰ বাবে সাংঘাতিক ক্ষতিকাৰক৷


চৰকাৰী বিভিন্ন আঁচনিক এনে মানসিকতাৰে গ্ৰহণ কৰিলে আমাৰ সমাজখন আগবাঢ়িব নোৱাৰে৷ আমাৰ উঠি অহা কৰ্মৰ প্ৰতি আগ্ৰহী তথা শ্ৰমৰ মৰ্যাদা বুজা যুৱক যুৱতী সকলে একো একো গৰাকী প্ৰকৃত হিতাধিকাৰী হিচাপে মন দৃঢ় কৰি বিভিন্ন চৰকাৰী আঁচনি সঠিককৈ ৰূপায়ণ কৰিবলৈ আগবাঢ়ি আহিব লাগিব৷ সকলো দায়িত্ব কেবল চৰকাৰ তথা সংশ্লিষ্ট বিভাগকে অৰ্পণ কৰিলে নহ’ব৷ আঁচনিৰ সঠিক ৰূপায়ণ কেবল চৰকাৰী পক্ষই অকলে কৰাটো সম্ভৱ নহয়৷ আঁচনিৰ সা-সুবিধা গ্ৰহণ কৰি উপযুক্ত হিতাধিকাৰী হ’ব পাৰিলে দুৰ্নীতিও নিয়ন্ত্ৰিত হ’ব, একাংশ বিষয়া কৰ্মচাৰীয়ে তেওঁলোকৰ অকৰ্মণ্যতা অদক্ষতাৰ প্ৰতিও সচেতন হ’বলৈ বাধ্য হ’ব৷


চৰকাৰী আঁচনিৰ প্ৰতি আমাৰ বেছিভাগৰে উদাসীনতা, নিৰ্লিপ্ততা আৰু প্ৰায়ে পোষণ কৰা নেতিবাচক ধ্যান-ধাৰণা সলনি কৰাৰ সময় আহিল৷ আজিৰ তথ্য প্ৰযুক্তিৰ যুগত বিভিন্ন চৰকাৰী সা-সুবিধা, আঁচনিৰ কথা অৱগত হোৱাটো অধিক সহজ হৈ পৰিল৷ বহুক্ষেত্ৰত উপযুক্ত লোকে আঁচনিৰ বাবে বাচনি নহয় বুলি এক অভিযোগ প্ৰায়ে শুনা যায় ৷কিন্ত আঁচনিৰ খা-খৱৰ ল’বলৈ সংশ্লিষ্ট বিভাগৰ স’তে কিমানজনে যোগাযোগ কৰিছে সিয়ো চালিজাৰি চোৱা উচিত৷ বিভিন্ন বিভাগৰ ক্ষেত্ৰ বিষয়া সকলে পঞ্চায়তৰ যোগেদিয়ে হওক বা আন আন উপায়েৰে আঁচনিৰ কথা প্ৰচাৰ কৰে৷ তাৰোপৰি বেছি ভাগ আঁচনিৰ কথা প্ৰচাৰ মাধ্যমৰ যোগেদি প্ৰচাৰ কৰা হয়,সংশ্লিষ্ট ৱেবছাইটত উপলব্ধ হয়৷ তথাপিও উপযুক্ত হিতাধিকাৰী বিচাৰি হাবাথুৰি খাব লগা হয়৷ অথচ এইখন সমাজতে নিবনুৱা নিবনুৱা বুলি হাত সাবটি বহি থকা লাখ লাখ যুৱকযুৱতী আছে৷ এওঁলোকৰ বেছি ভাগেই বিভিন্ন ডিগ্ৰী, ডিপ্লোমাৰ প্ৰমাণ পত্ৰ লৈ কেবল চৰকাৰী চাকৰিৰ আশাত বন্দী৷ শ্ৰমৰ মৰ্যাদাৰ মূল্য আমাৰ সমাজত নাই৷ পৰিশ্ৰম কৰি ব্যৱসায় বাণিজ্য কৰি, তথা কৃষি পাম খুলি,গৰু গাহৰি পালন কৰি, মৎস্য পালন কৰি,পলুপালন আদিৰে লাখ টকা উপাৰ্জন কৰি স্বাৱলম্বী হোৱা জনতকৈ ৩০-৪০ হাজাৰ দৰ্মহা পোৱা তৃতীয়, চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰিয়ালেহে আমাৰ সমাজত গুৰুত্ব বেছি পায়৷ এনে মানসিকতা সলনি হ’বৰ হ’ল৷ অৱশ্যে ক্ৰমে এনে মানসিকতা পোষণ কৰা লোক কমিব ধৰিছে৷ কেবল ডিগ্ৰী, ডিপ্লোমাৰ প্ৰমাণ পত্ৰখন লৈ গ’পতে গংগাটোপ হৈ বহি থকা দিন উকলিল৷ ব্যৱহাৰিক জ্ঞান তথা হাতৰ বিদ্যাত দক্ষতা থকা সকলে স্বাৱলম্বী হোৱাৰ যথেষ্ট উপায় আছে৷


আমাৰ ৰাজ্যত সময়ে সময়ে বহু গুৰুত্বপূৰ্ণ আঁচনি বা প্ৰকল্প গ্ৰহণ কৰা হয়৷শেহতীয়া তেনে এক প্ৰকল্প হৈছে-অসম কৃষি উদ্যোগ আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প বা চমুকৈ এপাৰ্ট(APART)প্ৰকল্প৷ বিশ্ববেংকৰ অধীনত হোৱা এই প্ৰকল্পৰ যোগেদি মুঠ ২৬২.৪৬ নিযুত ডলাৰ খৰছ কৰা হ’ব৷ এনে বৃহৎ পুজিৰ প্ৰকল্প তেনেই বিৰল বুলি ক’ব পাৰি৷ কিন্তু দুৰ্ভাগ্যজনক কথাটো হ’ল এই প্ৰকল্পৰ প্ৰতি আমি যিমান গুৰুত্ব প্ৰদান কৰিব লাগিছিল সিমান গুৰুত্ব প্ৰদান কৰা হোৱা নাই৷ ইয়াৰ মূলতে হৈছে ইতিপূৰ্বে কৈ অহাৰ দৰে চৰকাৰী আঁচনি বা প্ৰকল্পৰ প্ৰতি আমাৰ উদাসীনতা,নিৰ্লিপ্ততা তথা নেতিবাচক ধাৰনা৷ আজিলৈকে এই প্ৰকল্পৰ কথা কোনেও ক’তো বিশেষ ভাবে লিখা নাই(মই যোৱা বছৰে ’আমাৰ অসম’ত লিখিছিলো),কোনো টকশ্ব’ হোৱা নাই৷ অথচ সকলোৱে মিলি এই বৃহৎ প্ৰকল্পটো সঠিককৈ ৰূপায়ণ হোৱাত আগভাগ লোৱা হলে আমাৰ ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতি সবল হোৱাৰ থল আছিল,বহু যুৱক যুৱতী স্বাৱলম্বী হোৱাৰ অৱকাশ আছিল৷ 


প্ৰথম পৰ্যায়ত ৭খন জিলাত এই প্ৰকল্পৰ সূচনা কৰা হৈছে৷ প্ৰথম বাৰলৈ অসমৰ প্ৰকল্পত বিভিন্ন বিদেশী এজেঞ্চিৰ সহায় লোৱা হৈছে৷ উৎপাদনৰ পৰা বজাৰলৈকে সকলো দিশ সামৰি এই প্ৰকল্পৰ যোগেদি কৃষি, পশুপালন, মীন পালন, ৰেচম, বস্ত্ৰ শিল্প আদিকে ধৰি কেইবাটাও বিভাগে একত্ৰিত হৈ কাম কৰাৰ ব্যৱস্থা এই প্ৰকল্প আছে৷ ইমান এক গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অংশীদাৰ হ’বলৈ তথা প্ৰকল্পটো সঠিক ৰূপায়ণৰ হকে বিভিন্ন পক্ষই হাত উজান দিয়া উচিত আছিল৷ কিন্তু আমি বেছি ভাগেই কেবল সমালোচনাত্মক দৃষ্টিভংগীৰে আন্দোলন কৰাতহে বেছি আগ্ৰহী৷ আঁচনি-প্ৰকল্পৰ অংশীদাৰ হৈ স্বাৱলম্বী হোৱাৰ আগ্ৰহ থকা লোকৰ সংখ্যা তেনেই নগন্য৷ আঁচনি সমূহক কেবল নিৰ্বাচনৰ সময়ত ভোট বিচৰাৰ আহিলা হিচাপে ব্যৱহাৰ নকৰি চৰকাৰে আঁচনি প্ৰকল্পৰ যাতে সঠিককৈ ৰূপায়ণ কৰা হয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব৷ উঠি অহা প্ৰজন্মই এনে আঁচনি প্ৰকল্পৰ যোগেদি সা-সুবিধা গ্ৰহণ কৰিব পাৰিলে নিজে স্বাৱলম্বী হোৱাৰ লগতে ৰাজ্যখনকো প্ৰগতিৰ দিশত আগুৱাই নিয়া হ’ব৷ ইয়াৰ বাবে প্ৰথমে আমি আমাৰ মানসিকতা সলনি কৰিব লাগিব৷ চৰকাৰী বিভিন্ন আঁচনি-প্ৰকল্পৰ প্ৰতি থকা আমাৰ উদাসীনতা, নিৰ্লিপ্ত দৃষ্টিভংগীক আঁতৰ কৰিব লাগিব৷

লেখকৰ ফোনঃ ৯৮৫৪৬০৪৩৬৬, তেখেতৰ প্ৰকাশিত লেখাবোৰৰ একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/SANJIT-KR-BORDOLOI

No comments:

Post a Comment