চিন্তনঃ নিযুক্তি নে ছাটাইঃ প্ৰতিশ্ৰুতি বনাম পদক্ষেপ :: কিশোৰ কুমাৰ কলিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ নিযুক্তি নে ছাটাইঃ প্ৰতিশ্ৰুতি বনাম পদক্ষেপ :: কিশোৰ কুমাৰ কলিতা

চিন্তনঃ নিযুক্তি নে ছাটাইঃ প্ৰতিশ্ৰুতি বনাম পদক্ষেপ :: কিশোৰ কুমাৰ কলিতা

Share This
নিযুক্তি নে ছাটাইঃ প্ৰতিশ্ৰুতি বনাম পদক্ষেপ
কিশোৰ কুমাৰ কলিতা

শেহতীয়াভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সকলাে ঠিকাভিত্তিক শিক্ষকক অব্যাহতি দিয়াৰ সিদ্ধান্তটোৱে ৰাজ্যখনৰ সৰ্বস্তৰৰ অস্থায়ী শিক্ষকসকলৰ মনত তীব্র শংকাৰ সৃষ্টি কৰিছিল। এইক্ষেত্ৰত সমগ্র বিষয়টোক লৈ শাসনাধিষ্ঠিত চৰকাৰখনক দুটামান প্রতিশ্রুতি সোঁৱৰাই দিয়াৰ প্রয়োজন অনুভৱ কৰিছো। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্যজনে বিশেষ ক্ষমতা প্রয়োগেৰে ঠিকাভিত্তিক শিক্ষকক অব্যাহতি দিয়াৰ সিদ্ধান্ত সাময়িকভাৱে বাতিল কৰিছে বুলি ঘোষণা কৰা হৈছে যদিও একে সময়তে আমাৰ দৰে সাধাৰণ নাগৰিকৰ মনত কিছু শংকাৰ জন্ম হৈছে। শেহতীয়াকৈ ৰাইজৰ প্ৰতিক্ৰিয়া দেখি চৰকাৰে এই বিষয়ত হস্তক্ষেপ কৰাৰ খবৰো পোৱা গৈছে।
প্রশ্নবোৰ এনেধৰণৰ— ১। আজি বহু বছৰ ধৰি অসমৰ ভালেসংখ্যক মহাবিদ্যালয় আৰু অন্যান্য শৈক্ষিক প্রতিষ্ঠান যেনে– নৱ স্থাপিত পলিটেকনিক, বি এড কলেজ আদিত চৰকাৰে স্থায়ী শিক্ষক নিযুক্তি নিদিয়াকৈ ঠিকাভিত্তিক শিক্ষক নিযুক্তিৰে বিভিন্ন পাঠ্যক্রম চলাই ৰাখিছে। অসম চৰকাৰে যদি ৰাজকোষত ধনৰ অভাৱ ঘটিছে বুলি কৈ এনে অস্থায়ী শিক্ষকসকলক ছাটাই কৰে তেন্তে শিক্ষকসকলৰ লগতে হেজাৰ হেজাৰ-বিজাৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ কি হ'ব?

২। যদিহে অসম চৰকাৰে বিত্তীয় দুৰৱস্থাৰ বাবে অস্থায়ী ঠিকাভিত্তিক শিক্ষকসকলৰ পদসমূহ নিয়মীয়া কৰিব নােৱাৰে তেন্তে ব্যাপক নিবনুৱা সংস্থাপন দিয়াৰ প্রতিশ্রুতিসমূহ বাৰম্বাৰ কিয় দি আছে?

প্রতিশ্রুতিসমূহ মনত পেলাই দিছো। ২০১৬ৰ বিধানসভা নির্বাচনৰ আগে আগে বিজেপিৰ পৰা যিখন ‘আছাম ভিজন ডকুমেন্ট ২০১৬-২৫' শীর্ষক দস্তাবেজ প্ৰকাশ কৰিছিল তাৰ ‘নিয়োগ সৃষ্টি’ শীর্ষক শিতানত দিয়া কেইটামান প্রতিশ্রুতি আছিল এনেধৰণৰ—১। নিযুক্তি নোপোৱাকৈ থকা টেলেন্ট পুল’ৰ প্রতিভাৱান নিবনুৱাসকলক সুবিধা দিবলৈ ১০০ৰো অধিক বি পি অ’ (Business Process Outsourcing) স্থাপন। ২। নিবনুৱা যুৱক-যুৱতীক সংস্থাপন দিবলৈ পর্যটন উদ্যোগ অধিক বিকশিত কৰি তোলা। ৩। মুখ্য চহৰসমূহত চাকৰি মেলাৰ আয়োজন কৰা। আতিথেয়তা (hospitality) নিৰাপত্তা, বি পি অ’, তথা প্রযুক্তি আদি বিভিন্ন খণ্ডৰ নিয়োগকর্তাসকলক নিমন্ত্রণ কৰা। ৪। অসমৰ শৈক্ষিক প্রতিষ্ঠানত কৌশল বিকাশ আৰু বৃত্তিমূলক প্রশিক্ষণৰ শিক্ষা প্রদান। ৫। ব্যৱসায় কৰাটো অধিক সুবিধাজনক কৰি তুলিবৰ বাবে ‘এক খিৰিকী’ (single window) অনুমতি-পদ্ধতি সৃষ্টি কৰা। ৬। নতুন ৩০ খন আই আই টি স্থাপন। ৭। নিবনুৱাক সহায়ৰ বাবে নিয়োগ বিনিময় কেন্দ্ৰৰ মান উন্নত আৰু ডিজিটেল সংলগ্ন কৰা ইত্যাদি। এই ভিজন ডকুমেন্ট উন্মােচন অনুষ্ঠানত ড° হিমন্তবিশ্ব শৰ্মাই তদানীন্তন কেন্দ্রীয় বিত্ত মন্ত্রী অৰুণ জেটলিৰ উপস্থিতিত সাংবাদিকৰ আগত ঘােষণা কৰিছিল যে ২০২১ চনৰ ভিতৰত অসমৰ ২৫ লাখ নিবনুৱাক সংস্থাপন দিয়া হ'ব। 

অৰুণ জেটলিয়ে ইমান বৃহৎসংখ্যক নিবনুৱাক সংস্থাপন দিয়া প্রতিশ্রুতিত আশ্চর্য প্রকাশ কৰি ২৫ লাখ নহ'লেও কিছু নিবনুৱাক সংস্থাপিত কৰিব পৰা যাব বুলি ড° শৰ্মাক প্রায় উভতি ধৰিছিল। প্রয়াত জেটলিয়ে উভতি ধৰাত ড° শৰ্মাই জেটলিক বুজনি দি কৈছিল যে যিহেতু দেশৰ ৫ খন শ্রেষ্ঠ ৰাজ্যৰ ভিতৰত অসমক চিহ্নিত কৰা হ'ব, সেয়েহে ২৫ লাখ নিবনুৱাক সংস্থাপন দিয়াটো একো ডাঙৰ কথা নহয়। আজি ২০২১ চনৰ ছটা মাহ অতিক্রম হোৱাৰ সময়ত বিজেপি চৰকাৰখনে বছৰি গড়ে পাঁচ লাখ চাকৰি দিয়াতো দূৰৰে কথা অস্থায়ী পদত মকৰল হৈ থকা শিক্ষককেইজনকো ছাটাই কৰাৰ সংকল্প লৈছে। আমি মনত ৰখা দৰকাৰ যে আজিও ৰাজ্যখনৰ বিভিন্ন বিভাগত প্রায় ৩ লাখ চৰকাৰী চাকৰিৰ পদ খালী হৈ আছে আৰু সম্প্রতি ৰাজ্যত নিবনুৱাৰ সংখ্যাই ৪০ লাখ অতিক্ৰম কৰিছে।

এতিয়া আহিছাে বিগত ২০২১ৰ অসম বিধানসভা নির্বাচনৰ সময়ত ভাৰতীয় জনতা পার্টিৰ অসম প্রদেশ কমিটীয়ে প্রকাশ কৰা ‘সংকল্প পত্ৰৰ প্ৰসংগলৈ। ‘আত্মনিৰ্ভৰ অসম গঢ়িবলৈ বিজেপিয়ে যি ১০টা সংকল্পৰ কথা মুকলিভাৱে ঘোষণা কৰিছিল তাৰে ৮নং সংকল্পটো আছিল এনেধৰণৰ ‘দেশৰ ভিতৰতে চাকৰি সৃষ্টিত অসম দ্রুততম ৰাজ্য হ'ব আমি অসমৰ যুৱক-যুৱতীসকলক দুই লাখ চৰকাৰী চাকৰি প্রদান কৰিম। ইয়াৰে এক লাখ চাকৰি ২০২২ৰ ৩১ মার্চ আগতে অর্থাৎ পৰৱর্তী শাসনকালৰ প্ৰথম বছৰতে তাৎক্ষণিকভাৱে প্ৰদান কৰা হ'ব। তদুপৰি অসমৰ যুৱকযুৱতীসকলৰ আমি ব্যক্তিগত খণ্ডত ৮ লাখক জীৱিকাৰ উপবন্ধ কৰিবলৈ আমি ব্যৱস্থা তথা সক্ষমতা গঢ় দিম।

এতিয়া আহিছাে মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাই সম্প্রতি লােৱা কিছু সিদ্ধান্তৰ প্ৰসংগলৈ। যোৱা ১১ মে'ত শর্মা নেতৃত্বাধীন প্রথমখন কেবিনেট মিটিঙত যিবাোৰ সিদ্ধান্ত লােৱা হৈছিল তাৰে প্ৰথমটোৱেই আছিল—'ৰাজ্যখনৰ শিক্ষিত নিবনুৱা শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ ১ লাখক চাকৰিৰ সংস্থাপন দিবলৈ কমিটী গঠন। আনহাতে শিক্ষাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীজনে অসম অভিযান্ত্রিক সেৱা নিয়োগ ব'ৰ্ডৰ নিচিনা স্বতন্ত্র নিয়োগ সংস্থা (পলিটেকনিক আৰু অভিযান্ত্রিক প্রতিষ্ঠানৰ বাবে) গঠনৰ ঘোষণা কৰাৰ লগতে শৈক্ষিক বিষয়ত কেবিনেটে নিম্নোক্ত সিদ্ধান্তসমূহ লৈছিল। চৰকাৰী বিদ্যালয়ত খালী হৈ থকা শিক্ষকৰ পদবীসমূহ ততাতৈয়াকৈ পূৰণ কৰাৰ ব্যৱস্থা।

  • নতুন আদর্শ বিদ্যালয় মুকলি কৰা আৰু শিক্ষকৰ বাবে অৱধাৰণ নীতি (retention policy) গ্রহণ।
  • চাহ বাগানৰ বিদ্যালয়ৰ বাবে পদবীৰ সৃষ্টি কৰা। মহাবিদ্যালয়ৰ শিক্ষকৰ নিয়মীয়া নিয়োগৰ ব্যৱস্থা কৰা।
  • ২০২১ৰ ১ জুনৰ ভিতৰত প্ৰাদেশীকৃত সকলাো স্তৰৰ বিদ্যালয়ৰ শিক্ষক আৰু টিউটৰক দৰমহা প্রদান ইত্যাদি।
গতিকে দেখা যায় যে নির্বাচনী প্রতিশ্রুতিৰ পৰা আৰম্ভ কৰি কেবিনেট সিদ্ধান্ত লৈ ক'তো অসম চৰকাৰৰ মুৰব্বী, কেবিনেটৰ সদস্য অথবা শাসনাধিষ্ঠিত বিজেপি দলৰ মুৰব্বী বিষয়াই শিক্ষক ছাটাইৰ প্ৰসংগত ঘুণাক্ষৰেও উল্লেখ কৰা নাই। তেন্তে অকস্মাৎ নিযুক্তিৰ সলনি ছাটাই কৰা, ঋণ মাফ সলনি ঋণ ৰেহাইৰ বিবেচনা, ৰাজহুৱা প্রতিষ্ঠান পুনরুজ্জীৱনৰ সলনি বিক্ৰী কৰা আদি পৰিঘটনা কিয় ঘটিবলৈ লাগিছে। নে কেন্দ্রীয় চৰকাৰৰ আর্থিক সহায় অবিহনে ৰাজ্য চৰকাৰখনৰ চলিব নােৱৰা এক অৱস্থা ইতিমধ্যে হৈছেই? চৰকাৰৰ পৰা বিষয়টোৰ প্রসংগত এক সদুত্তৰ কামনা কৰিলাে।
(লেখাটি অসমীয়া প্ৰতিদিন কাকততো প্ৰকাশ পাইছে। লেখকৰ আনবোৰ প্ৰকাশিত লেখা পঢ়িবলৈ ক্লিক কৰক একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/KISHOR%20KUMAR%20KALITA

No comments:

Post a Comment