চিন্তনঃ জনসংখ্যা নীতিৰ প্ৰয়োজনীয়তা বনাম ‘গেৰুৱা জনগাথঁনি’ৰ তত্ত্বত 'সাম্প্ৰদায়িকতা' :: পাৰভিন চুলতানা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ জনসংখ্যা নীতিৰ প্ৰয়োজনীয়তা বনাম ‘গেৰুৱা জনগাথঁনি’ৰ তত্ত্বত 'সাম্প্ৰদায়িকতা'  :: পাৰভিন চুলতানা

চিন্তনঃ জনসংখ্যা নীতিৰ প্ৰয়োজনীয়তা বনাম ‘গেৰুৱা জনগাথঁনি’ৰ তত্ত্বত 'সাম্প্ৰদায়িকতা' :: পাৰভিন চুলতানা

Share This

জনসংখ্যা নীতিৰ প্ৰয়োজনীয়তা বনাম ‘গেৰুৱা জনগাথঁনি’ৰ তত্ত্বত 'সাম্প্ৰদায়িকতা' পাৰভিন চুলতানা, Saffron Demography, Common Wisdom, Aspirations

জনসংখ্যা নীতিৰ প্ৰয়োজনীয়তা বনাম ‘গেৰুৱা জনগাথঁনি’ৰ তত্ত্বত 'সাম্প্ৰদায়িকতা'

পাৰভিন চুলতানা

সদ্যহতে বিধানসভাত আলোচিত জনসংখ্যা নিয়ন্ত্ৰণ নীতিয়ে আকৌ কিছু গতানুগতিক বিতৰ্কৰ সৃষ্টি কৰিছে। এই নীতিৰ মতে দুটাতকৈ অধিক সন্তান থকা পৰিয়ালবোৰক বিভিন্ন চৰকাৰী সুবিধাৰ পৰা বঞ্চিত কৰা হব। বিভিন্ন অধ্যয়ণে প্ৰমাণ কৰিছে যে জন্মৰ হাৰ সাধাৰতণতে শৈক্ষিক আৰু আৰ্থ-সামাজিক পৰিস্থিতিৰ ওপৰত নিৰ্ভৰশীল। তেনে ক্ষেত্ৰত পিছ পৰা জাতি, জনগোষ্ঠীৰ মাজত জন্মৰ হাৰ বেছি দেখা যায়।

জনসংখ্যা নীতিৰ প্ৰয়োজনীয়তা বনাম ‘গেৰুৱা জনগাথঁনি’ৰ তত্ত্বত 'সাম্প্ৰদায়িকতা' পাৰভিন চুলতানা, Saffron Demography, Common Wisdom, Aspirations

কিন্তু জন্ম নিয়ন্ত্ৰণৰ প্ৰশ্ন বা প্ৰয়োজনীয়তা কেতিয়াও এটি সুস্থ, নিৰপেক্ষ বিতৰ্কলৈ সীমিত নাথাকে। প্ৰত্যেক দহ বছৰৰ মুৰে মুৰে লোকপিয়লৰ পিছত মুছলমান সম্প্ৰদায়ৰ জন্মৰ হাৰকলৈ প্ৰায় তৰল বিতৰ্ক আৰম্ভ কৰা দেখা যায়। এই ৰাজনৈতিক উদ্দেশ্য-প্ৰণোদিত এনে বিতৰ্কৰ আঁৰত কোন থাকে সেয়াও সহজেই অনুমেয়। বিগত  ২০১১ চনৰ লোকপিয়লৰ ধর্ম ভিত্তিক জনসংখ্যা বৃদ্ধিৰ প্রতিবেদনখন ২০১৫ চনৰ আগস্ট মাহতহে প্রকাশ কৰা হৈছিল। আৰু একে ধৰণৰ বিতর্ক গা কৰি উঠিল। ৯০ৰ দশকৰ কুখ্যাত স্লগান “হম দো হামাৰে দো ঔৰ ৱ পাচঁ ঔৰ উনকে পচ্চিশ” আজিও ভালে কেইজনে বিশ্বাস কৰে। এই ধৰণৰ শ্লোগানৰ জৰিয়তে মুছলমান সম্প্রদায়ৰ জনগাথঁনি বিশ্লেষণ কৰা হয় আৰু তেওঁলোকৰ জন্মৰ হাৰ বেছি হোৱাৰ একমাত্র কাৰণ ধর্ম বুলি ধৰি লোৱা হয়।


পিছে ২০১১ৰ জনগণনাৰ প্রতিবেদনে কিছু ইতিবাচক ধাৰাৰ উমান দিছে। প্রত্যেক সম্প্রদায়ৰ জন্মৰ হাৰ কমিছে আৰু মুছলমান সম্প্রদায়ৰ ক্ষেত্রত এই হ্রাসৰ অনুপাত সবাতোকৈ বেছি। পূর্ববর্তী দশকৰ তুলনাত এইবাৰ মুছলমান সম্প্রদায়ৰ বৃদ্ধিৰ হাৰ আছিল ০.৮%। হিন্দু আৰু মুছলমান সম্প্রদায়ৰ মাজত জনগণ বৃদ্ধিৰ হাৰৰ ব্যৱধান ক্রমশঃ কম হৈ আহিছে। 


এনে ধাৰণাই প্রায় সময় জনসংখ্যাৰ বৃদ্ধিৰ সমস্যাৰ বিষয় এটা নিৰপেক্ষ আলোচনা অসম্ভৱ কৰি তোলে। ৰাজনৈতিক দলবোৰে বিভিন্ন সম্প্রদায়ৰ পক্ষলৈ বোকা ছটিওৱাৰ ৰাজনীতিত লিপ্ত হৈ পৰে। Economic and  Political Weeklyত ৰবিন আৰু পেট্রিছিয়া জেফ্রীৰ প্রকাশিত প্রবন্ধ “Saffron Demography, Common Wisdom, Aspirations and Uneven Governmentalities”ৰ মতে কিছু সোঁপন্থী হিন্দুত্ববাদী ৰাজনৈতিক নেতাই হিন্দু আৰু মুছলমান সম্প্রদায়ৰ জনগণৰ বৃদ্ধিৰ পার্থক্যৰ বিষয়ে মিথ্যাচাৰ প্রচাৰ কৰে। তেনে মিথ্যাচাৰ ইমানবাৰ দোহৰাই থকা হয় যে এইবোৰ সাধাৰণ জ্ঞানৰ অংশ হৈ উঠে। অৱস্থা এনে হয় যে নীতি ৰচনা কৰাৰ সময়তো চৰকাৰে এটা সম্প্রদায়ৰ জনবৃদ্ধি নিয়ন্ত্রণ কৰাৰ কথায় বেছিকৈ চিন্তা কৰা বুলি ভাৱ হয়। জেফ্রীদ্বয় এনে মিথ্যাক ‘গেৰুৱা জনগাথঁনি’ (saffron demography) ৰ তত্ব বুলি কয়।


পিছে এই গেৰুৱা জনগাথঁনিৰ ধাৰণাৰ কোনো তথ্যগত ভেঁটি নাই। এনে ধাৰণা প্রায় এটা সম্প্রদায়ৰ প্রতি থকা ঘৃণাৰ পৰিণাম। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক মোহন ৰাওৱে লিখা “On Saffron Demography” যিটো প্রকাশিত হৈছিল Economic and  Political Weeklyত, কৈছে যে গেৰুৱা জনগাথঁনিৰ ধাৰণাৰ পদ্ধতিমূলক, দার্শনিক আৰু পৰিসংখ্যামূলক সমস্যা আছে। এইবোৰ বৰঞ্চ কিছুমান ভুল ধাৰণাহে। এই ধাৰণাই হিন্দু আৰু মুছলমান সম্প্রদায়ৰ মাজত থকা বিভিন্নতাক আওকাণ কৰে। এই ধৰণৰ ধাৰণাই ইতিহাসৰ বিভিন্ন সময়ত জনগণৰ বৃদ্ধিৰ হাৰ অধ্যয়ন নকৰে। আৰু জন্মৰ বৃদ্ধিৰ হাৰৰ লগত জড়িত বেলেগ আর্থ-সামাজিক কাৰকবোৰো আওকাণ কৰে। এই ধাৰণাই খুব চতুৰভাৱে কিছু তথ্য যেনে দক্ষিণ ভাৰতৰ মুছলমানসকলৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ উত্তৰ ভাৰতৰ কিছু ৰাজ্যৰ হিন্দু পৰিয়ালতকৈ কম, এৰাই যায়।


গেৰুৱা জনগাথঁনিৰ ওপৰত ভিত্তি কৰি গঢ়ি তোলা অদ্ভুত কিছু তত্বই হিন্দুত্ববাদী নেতাসকলৰ ভাষণতো ঠাই পায়। সাম্প্রদায়িক ভাষণত এই নেতাবোৰে হিন্দু পৰিয়ালসমূহক পৰিয়াল পৰিকল্পনা নীতিসমূহ বর্জন কৰিবলৈ উপদেশ দিয়ে। দুই সম্প্রদায়ৰ মাজত এটা জনগাথঁনিমূলক ‘যুদ্ধ’ চলি থকা বুলি কৈ বিশ্ব হিন্দু পৰিষদৰ নেতাবোৰে হিন্দু মহিলাক বেছিকৈ সন্তান জন্ম দিবলৈ আহ্বান কৰে। জনসংখ্যা বিস্ফোৰণৰ দৰে এটা গুৰুত্বপূর্ণ সমস্যাক সাম্প্রদায়িক ৰঙ সানি দিয়াৰ চেষ্টা কৰে এই নেতাসকলে। 


এইখিনিতে এইটো উল্লেখ কৰা উচিত যে জনসংখ্যাৰ বৃদ্ধিৰ সমস্যাৰ সমাধানৰ বাবে অসম চৰকাৰেও কিছু পদক্ষেপ লোৱাৰ চেষ্টা কৰিছে। চৰকাৰে অসমৰ বাবে এটা সুকীয়া জন সংখ্যা নীতি ৰচনা কৰাৰ কথা চিন্তা কৰিছে। ইয়াৰ বাবে চৰকাৰে যিবোৰ চৰকাৰী কর্মচাৰীৰ কেৱল দুটা সন্তান, তেওঁলোকক কিছু সুযোগ-সুবিধা যেনে তেওঁলোকৰ সন্তানৰ বাবে শিক্ষানুষ্ঠানত আসন সংৰক্ষণ কৰাৰ ব্যৱস্থা ইত্যাদি কৰাৰ কথা চিন্তা কৰিছে। কিছু বাতৰি কাকতৰ মতে চৰকাৰে দুটাতকৈ বেছি সন্তান থকা মানুহক চৰকাৰী চাকৰিৰ পৰা আৰু আন চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত কৰাৰ ব্যৱস্থাও হাতত লব পাৰে। তেনে মানুহক গাওঁ পঞ্চায়ত আদিত নির্বাচনত প্রতিযোগীতা কৰাৰ পৰাও বঞ্চিত কৰা হব। 


পিছে এনে এটা কথাও উঠিছে যে কোনোবা বিশেষ কাৰণত যদি কোনো চৰকাৰী কর্মচাৰীয়ে তৃতীয় সন্তানৰ জন্ম দিব লগা হয়, তেনেহলে ওপৰৰ বিষয়াৰ পৰা আগতীয়াকৈ সন্মতি লব লাগিব। পিছে, এয়া ব্যক্তিগত জীৱনৰ ওপৰত 'পেশাগত' হস্তক্ষেপ বুলি বিবেচিত নহবনে? ১৮ বছৰৰ পৰা ২১ বছৰ বয়সত বিয়া হোৱা এটা অপৰাধ বুলি ধৰি লোৱা হব। এনে এখন ৰাজ্য যত প্রত্যেক বছৰ বান আৰু গঢ়াখহনীয়াৰ বাবে মানুহে মূল্যবান প্রাকৃতিক সম্পদ হেৰুৱাব লগা হয় আৰু মাটিৰ অভাৱ প্রায় গোষ্ঠীসংঘর্ষৰ কাৰণ হৈ উঠে, তেনে ক্ষেত্রত জনসংখ্যা নীতি এটাৰ নিশ্চয় প্রয়োজন আছে। ইয়াৰ ওপৰিও মুখ্যমন্ত্ৰীৰ ভাষণত উল্লেখিত জনসংখ্যা কৰ্মীৰ ভূমিকা গুৰুত্বপূৰ্ণ হব।


ইয়াতে উল্লেখ কৰা উচিত যে জনসংখ্যা নীতি সদায় ভাৰতৰ পঞ্চ বার্ষিকী পৰিকল্পনাৰ অংগ আছিল আৰু এই নীতি কার্য্যকৰী কৰাৰ বাবে বন্ধ্যাকৰণৰ পদ্ধতি প্রায় ব্যৱহৃত হৈছিল। পিছে জৰুৰীকালীন সময়ত সঞ্জয় গান্ধীৰ নেতৃত্বত যি ধৰণৰ পৰিয়াল পৰিকল্পনা নীতি প্রচলিত কৰা হৈছিল, তাৰ কথা চিন্তা কৰিলে মানস পটত এটা ভয়ংকৰ চিত্র ফুটি উঠে। অল্পবয়স্ক, অবিবাহিত ল’ৰাবোৰৰ বন্ধ্যাৰণ কৰা হৈছিল একমাত্র চৰকাৰে বান্ধি দিয়া লক্ষ্য পূৰণ কৰাৰ বাবে। আজিৰ দিনতো বন্ধ্যাকৰণৰ পদ্ধতিৰ বিফলতাৰ ফলত বহুসংখ্যক মহিলাৰ মৃত্যু হয়। এনে ক্ষেত্রত উচ্চতম ন্যায়ালয়ে চৰকাৰক এই বন্ধ্যাকৰণৰ শিবিৰবোৰ বন্ধ কৰাৰ আদেশ দিছে।


পৃথিৱীৰ বিভিন্ন দেশে জনসংখ্যা নীতি কার্য্যকৰী কৰে। আমেৰিকাই Title X Family Program ১৯৭০ চনত আৰম্ভ কৰিছিল। ইয়াৰ জৰিয়তে মানুহৰ মাজত পৰিয়াল পৰিকল্পনাৰ বিষয়ে সজাগতা বিস্তাৰ কৰা হৈছিল আৰু পৰিয়াল পৰিকল্পনাৰ সুবিধা উপলব্ধ কৰোৱা হৈছিল। এই নীতি নিম্ন আয় থকা পৰিয়ালবোৰক প্রাধান্যতা দিছিল। ইন্দোনেশিয়াত ‘বঞ্জৰ’ পদ্ধতিৰ জৰিয়তে সম্প্রদায় সমূহৰ সহায়ত পৰিয়াল পৰিকল্পনাৰ বিষয়ে সজাগতা বিস্তাৰ কৰা হৈছিল। এই নীতিটো সফল হৈছিল কাৰণ বহুতো ৰক্ষণশীল ধর্মীয় ব্যক্তিয়ে পৰিয়াল পৰিকল্পনাৰ বিষয় নিজৰ ধাৰণা পৰিবর্ত্তন কৰিছিল। বাংলাদেশে দক্ষিণ এশিয়াৰ ভিতৰত জন্মৰ বৃদ্ধিৰ হাৰটো সকলো দেশতকৈ কমাই অনাত সফল হৈছে কল্যানকামী সহকাৰীৰ সহায়ত। এওঁলোক ঘৰে ঘৰে গৈ জন্ম নিয়ন্ত্রনৰ বিষয়ে মানুহবোৰক অৱগত কৰায় আৰু গর্ভনিৰোধৰ বাবে লাগতিয়াল বস্তুবোৰৰ যোগান ধৰে। 


ওপৰত উল্লেখিত প্রত্যেকটো উদাহৰণত নীতিটো তলৰ পৰা হে কার্য্যকৰী কৰা হৈছে। জন্ম নিয়ন্ত্রণৰ বিষয়ে বিভিন্ন তথ্য আৰু স্বাস্থ্য সেৱা সাধাৰণ মানুহৰ বাবে সহজলভ্য কৰা – এই দুটায় আছিল এই সফল নীতিবোৰৰ মূল মন্ত্র। কিন্তু ইয়াৰ ঠাইত কেৱল ওপৰৰ পৰা নীতি জাপি দি তৃণমূল পর্য্যায়ৰ সমস্যাৰ সমাধান সম্ভৱ নহয়। দণ্ডনীয় আৰু বহিষ্কৰণমূলক নীতিয়ে আচল সমস্যা এৰাই যোৱা সম্ভাৱনা বেছি। 


প্ৰয়োজনীয় নীতি এটা কেৱল জনপ্রিয় কিন্তু ফোঁপোলা হৈ থকাটো আমি নিবিচাৰোঁ। চৰকাৰী কৰ্মচাৰীৰ লগতে এই নীতিৰ মূল লক্ষ্য হোৱা উচিত নিম্ম আয় কৰা গ্রামীণ জনতা, চৰ-চাপৰিত বসবাস কৰা আৰু সাধাৰণ স্বাস্থ্য সেৱাৰ পৰা বঞ্চিতসকল। আৰু সা-সুবিধাৰ পৰা বঞ্চনাৰ আগতে জনসংখ্যা নিয়ন্ত্রণৰ প্রয়োজনীয়তাৰ বিষয়ে সজাগতা আৰু পৰিয়াল পৰিকল্পনাৰ সহজলভ্য সুযোগ সুবিধাৰ ব্যৱস্থা কৰা উচিত। এই ক্ষেত্ৰত বিধান সভাৰ মজিয়াত বাঘবৰৰ বিধায়ক শ্বেৰমান আলী ডাঙৰীয়ায় কিছু গুৰুত্বপূৰ্ণ উপদেশ আগবঢ়াইছে। অঙ্গনৱাদী আৰু আশাকৰ্মীৰ জৰিয়তে মহিলাসকলৰ বাবে গৰ্ভ নিৰোধক সহজলভ্য কৰোৱা, বিবাহৰ বয়স বঢ়াই দিয়া ইয়াৰ ভিতৰত উল্লেখনীয়।


কিছু বাতৰি কাকতে খোলাখুলি ভাৱে এই নীতিৰ মূল লক্ষ্য বঙ্গমূলীয় মুছলমানৰ সংখ্যা নিয়ন্ত্রণ কৰি খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষা কৰা বুলি কৈছে। কিন্তু এটা সম্প্রদায়ক এনেকৈ বাচি লোৱাৰ ঠাইত চৰকাৰী নীতিয়ে সেই সম্প্রদায়টোৰ সমস্যাবোৰ যেনে শিক্ষাৰ অভাৱ, দৰিদ্রতা, উচ্চ শিশুৰ মৃত্যুৰ হাৰ, স্বাস্থ্য সেৱাৰ অভাৱ আদি সমাধানত গুৰুত্ব দিব বুলি আশা কৰোঁ। দৰিদ্রতাই পিতৃ-মাতৃক বহু ক্ষেত্রত বাধ্য কৰে ছোৱালীক কুমলীয়া বয়সত বিয়া দিবলৈ। এই সমস্যা ছোৱালীবোৰৰ বাবে স্কলাৰশিপ, ছোৱালীৰ চাকৰিৰ সুবিধা আদিৰ ব্যৱস্থা কৰিলেহে সমাধান হব, ছোৱালীৰ পৰিয়ালক অপৰাধী সাব্যস্ত কৰি কাৰাবাসত দিলে নহয়। জনসংখ্যা নীতিয়ে এইবোৰ সমস্যাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব আৰু লগতে পৰিয়াল পৰিকল্পনাক উদ্গনি দিব লাগিব। এনে কিছু ব্যৱস্থা গ্ৰহণ কৰিলে সঁচা অৰ্থত আমাৰ জনগণ 'Demographic Dividend' অৰ্থাৎ দেশৰ সম্পদ হৈ উঠিব।

লেখাটি অসমীয়া খবৰ কাকততো প্ৰকাশ পাইছে। লেখিকাৰ ফোন - ৮০১১৯০৩৬২৩, লেখিকাৰ নিজা ব্লগৰ ঠিকনাঃ https://parvinsultana.blogspot.com/ 

লেখিকাৰ সুখ-দুখৰ পাতত পূৰ্বে প্ৰকাশিত প্ৰৱন্ধবোৰ পঢ়িবলৈ একত্ৰ লিংকঃ 

https://www.xukhdukh.com/search/label/PARVIN-SULTANA

ইছলামধৰ্মীৰ পৰিয়াল পৰিকল্পনা ধৰ্মৰ পৰিপন্থী নেকি? অজয় লাল দত্তৰ কলমত 'চিন্তন'টো পঢ়িবলৈ ক্লিক কৰক তলৰ লিংকঃ

https://www.xukhdukh.com/2015/08/ISLAMIC-BIRTHCONTROL.html

No comments:

Post a Comment