পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ইছলাম ধৰ্মীৰ পৰিয়াল পৰিকল্পনাঃ 
ধৰ্মৰ পৰিপন্থীনে? 
 অজয় লাল দত্ত
জনসংখ্যা বিস্ফোৰণ পৃথিৱীৰ বাবে এক বোজা স্বৰূপ হৈ পৰিছে, ভাৰতৰ বাবেও৷ আৰু লগতে অসমতো জনসংখ্যা বৃদ্ধিৰ হাৰ অতি চমক লগা ৰূপত বাঢ়ি আহিছে৷ অসমৰ জনগাঁথনিৰ বৃহৎ পৰিবৰ্তনৰ প্ৰতিচ্ছবি ৰাইজেও অনুভৱ কৰিবলৈ লৈছে৷শেহতীয়াকৈ ২০১১চনৰ ধৰ্মৰ ভিত্তিত হোৱা লোকপিয়লৰ তথ্যও পোহৰলৈ আহিছে। ২০০১-১১ৰ দশকটোত দেশত ইছলামধৰ্মীৰ সংখ্যা ০.৮শতাশ বৃদ্ধি পোৱাৰ বিপৰীতে হিন্দুৰ সংখ্যা ০.৭শতাংশ হ্ৰাস পোৱাৰ কথাও প্ৰকাশ পাইছে। অসমত এই দশকটোত ইছলামধৰ্মীৰ সংখ্যা সৰ্ব-ভাৰতীয় গড়ৰ পাঁচ গুণৰ হিচাবত ৪শতাংশ বৃদ্ধি পাইছে আৰু বৰ্তমান অসমত বাস কৰা লোকৰ ৩৪শতাংশই এই ধৰ্মৰ বুলিও জানিব পৰা গৈছে। এই বৃদ্ধিৰ কাৰক ৰূপে বহুতেই ইণ্ডো-বাংলা সীমান্ত চীল নোহোৱাৰ সুযোগত অৰ্থনৈতিক কাৰণত হোৱা অনুপ্ৰৱেশকো জগৰীয়া কৰিব খোজে। তাৰ বাহিৰেও শিক্ষা আৰু অনগ্ৰসৰতাৰ বাবেও ইছলাম ধৰ্মী লোক সকলৰ পৰিয়ালত জনসংখ্যা বৃদ্ধিৰ উচ্চ হাৰৰ কথাটো সমাজে প্ৰত্যক্ষ কৰিছে। কেতিয়াবা তাকে লৈ সেই ধৰ্ম অৱলম্বন কৰা লোক সকলক কটাক্ষ কৰাও পৰিলক্ষিত হয়৷ এনে পৰিস্থিতিত ইছলাম ধৰ্মীৰ পৰিয়াল পৰিকল্পনা, সঁচাই ধৰ্মৰ পৰিপন্থীনে, সেয়া এক আলোচনা যোগে ৰাইজলৈ আগুৱাই দিয়াৰ প্ৰয়োজন বোধ কৰিলো ৷

অসমৰ এগৰাকী প্ৰবীণ বু্দ্ধিজীৱীয়ে টেলিভিচনৰ আলোচনাত ইছলামধৰ্মী নিজৰ সম্প্ৰদায় তথা ধৰ্ম্বালম্বী মানুহখিনিৰ দুৰ্দশাৰ কথা কৈ খেদ প্ৰকাশ কৰিলে৷ তেখেতৰ মতে, নিৰক্ষৰতা আৰু কম বয়সতে পঢ়া এৰি দিয়াৰ প্ৰৱণতাই এই সকল লোকক এতিয়াও সমাজৰ মূলসুঁতিৰ পৰা যেন নিলগতে ৰাখিছে৷ চৰ-চাপৰিত ঘাম বোৱাই শ্ৰম কৰি সেউজ সপোন ৰচা বহু লোকেই আধুনিক শিক্ষা, স্বাস্থ্য তথা আন আন মৌলিক সা-সুবিধা পোৱাৰ পৰা বঞ্চিত হৈ থাকিব লগা হৈছে৷ ধৰ্মীয় গুৰুৰ উপদেশ তথা শিক্ষাই একমাত্ৰ জ্ঞানৰ প্ৰদীপ হৈ পৰা লোকো যথেষ্ট৷ এই সকল অভিভাষী লোকৰ সন্তানে চৰকাৰী বিদ্যালয়তে অসমীয়া মাধ্যমতে পঢ়ি অসমীয়াক মাতৃভাষা ৰূপে বুকুত সামৰি ৰাখিছে, তাৰ ফলতেই আজিও অসমীয়া ভাষা গৰিষ্ঠ সংখ্যক লোকে অসমত কোৱা ভাষা ৰূপে স্বীকৃতি পায় বৰ্তি আছে৷ চৰ-চাপৰি সাহিত্য পৰিষদেও যথেষ্ট সচেতনতাৰ কাম কৰিছে, সাহিত্যৰ দিশতো যথেষ্ট শলাগনীয় কাম কৰি আহিছে৷ সংখ্যাত ক্ৰমান্বয়ে বাঢ়ি অহা ইছলাম ধৰ্মী লোক সকল সমবিকাশ নোহোৱাকৈ অসম উন্নতিৰ দিশত আগবঢ়াৰ সপোনটো একেবাৰেই মিছা। গতিকে চৰ-চাপৰি-গাঁও-চহৰত বসবাস তথা কৰ্মৰত এই লোক সকলক আজিৰ আধুনিক শিক্ষাৰে শিক্ষিত কৰি একেলগে আগুৱাই নিয়াৰ কথা চিন্তা কৰিবই লাগিব৷


কোমল বয়সত ছোৱালীক বিয়া দিয়া বা পতাৰ প্ৰৱণতাৰ বাবেই নাৰী শিক্ষাৰ ক্ষেত্ৰত বহুখিনি পিছ পৰি থাকিব লগা হৈছে৷ আৰু ঘৰৰ আঁত ধৰা নাৰী গৰাকীৰ সৱলীকৰণ তথা শিক্ষাৰে শিক্ষিত নকৰাকৈ নৱ-প্ৰজন্মক সৱলীকৰণ কৰাৰ চিন্তাটোও আচলতে এটা বাতুলামিহে৷ কাৰণ এজন পুৰুষ শিক্ষিত হ’লে তেওঁ কৰ্মৰ পৃথিৱীলৈ গৈ আৰ্জন কৰি আনে, কিন্তু এগৰাকী মাতৃ শিক্ষিত হ’লে তেওঁ সেই বিদ্যাৰ আলোকেৰে ঘৰখনকে পোহৰাই তুলিব পাৰে৷ সেয়ে আজিৰ তাৰিখত আধুনিক জন-জীৱনৰ শিক্ষাৰে এই নাৰী সমাজক শিক্ষিত কৰাৰ বাবে বিশেষ কাৰ্যসূচী বা আঁচনি লোৱাৰ প্ৰয়োজনীয়তা আছে৷ জন-জীৱনৰ শিক্ষা বুলি কওতে পাৰম্পৰিক আনুষ্ঠানিক শিক্ষাৰে লগতে, শিশুৰ পুষ্টি, স্বাস্থ্য ৰক্ষাৰ সচেতনতা, জন্ম-নিয়ন্ত্ৰণৰ বিধি, বিকল্প আৰ্জনৰ পথৰ বাবে পেশাদাৰী শিক্ষাৰ প্ৰয়োজনীয়তাৰ কথাও ইয়াত সামৰিব খোজা হৈছে৷ এইদৰে একোগৰাকী নাৰী তথা মাতৃ সজাগ আৰু শিক্ষিত হ’লে নিৰক্ষৰতাক জনসংখ্যা বিস্ফোৰণৰ অন্যতম কাৰণ বুলি কোৱাৰো বাট বন্ধ হব নিশ্চয় ৷ ইছলাম ধৰ্মীৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক হোৱাৰ অন্যতম কাৰণ বহু-বিবাহো৷ শিক্ষিত নাৰীক সহজে এৰি ভূৱা দি বহু-বিবাহ কৰিবলৈ সাহস কৰা মানুহ খুৱ কমেই আছে৷ কাৰণ সচেতন নাৰীয়ে আইনৰ সাহাৰ্যৰে এনে চলনাময় পুৰুষক সেকা দিয়াৰ বহুবাট আজিৰ তাৰিখত সমাজ ব্যৱস্থাই নকৈ মুকলি কৰি দিছে৷

বহু বিবাহৰ বিষয়ে যদিও পুৰুষতান্ত্ৰিক মতবাদত বিশ্বাসী সকলৰ মতে ইছলামত এনে বিবাহ প্ৰযোজ্যই বুলি যুক্তি দিয়ে৷ কিন্তু তাৰ বিপৰীতে নাৰীবাদী অথচ ধৰ্মীয় জ্ঞানেৰে সমৃদ্ধ সকলে ‘ৱৰ্ল্ড ইছলামিক নেটৱৰ্ক’ নামৰ টিভি চেনেলত বাখ্যা কৰা মতে ইছলাম ধৰ্মৰে গ্ৰন্থ ৰুবায়তত নাৰীক আল্লাই কৰা এক দানৰ ৰূপতহে গণ্য কৰাৰহে উপদেশ দিছে৷ মনৰ খুচিত তালাক দি “পেলনীয়া” ৰূপত দুৰ্ভোগ ভূগিবলৈ দিয়াৰ কথা কোৱা নাই৷ আনকি যেতিয়া এগৰাকী নাৰীক এজন পুৰুষে আল্লাৰ দান ৰূপে পত্নী হিচাবে পায় আৰু গৃহস্থী কৰিবলৈ ঘৰ সোমোৱায়হি; তেতিয়া পত্নীৰ চৰণ ধূলি পানীত মিহলাই ঘৰৰ চৌপাশে পতিয়ে চটিয়াই দিব লাগে বুলিহে পৰামৰ্শ দিছে৷ লগতে কৈছে নাৰীক প্ৰকৃত সন্মান কৰা মানেই আচলতে আল্লাৰ দানক সন্মান কৰি ওপৰৱালাক কৃতজ্ঞতা জনোৱাটোহে বুজায় ৷

শেহতীয়াকৈ বিগত দশকটোত অসম চৰকাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ইলিয়াছ আলীৰ নেতৃত্বত অসমৰ চৰ-চাপৰি অঞ্চলত পৰিয়াল পৰিকল্পনা সম্পৰ্কে ভুল ধাৰণা আঁতৰাবলৈ শলাগণীয় কাম কাজ হাতত লৈছে৷ লাহৰীঘাটত আয়োজিত এক সজাগতা সভাত জিএমচিৰ জৰুৰীকালীন বিভাগৰ মুৰব্বী আলিদেৱে কয় যে-“পৰিয়াল পৰিকল্পনা আঁচনি ইছলাম ধৰ্মৰ পৰিপন্থী নহয়, বৰং পৰিয়াল নিয়ন্ত্ৰণৰ আঁচনিৰ বিশেষ পদ্ধতি ইছলাম ধৰ্মই আৰম্ভণিতেই মান্যতা দিছে৷ আৰু এইবাবেই ইণ্ডোনেছিয়া তথা ইৰাণৰ দৰে গোড়া ইছলামিক দেশতো জন্মনিয়ন্ত্ৰণ আঁচনি দিনে দিনে জনপ্ৰিয় হৈ উঠিছে৷ দেখা গৈছে যে ইণ্ডোনেছিয়া আৰু ইৰাণত কেইটামান দশকতে মহিলাৰ প্ৰজনন ক্ষমতা ক্ৰমে ২.২ আৰু ১.৮৮লৈ নিম্নগামী হৈছে, যিটো ভাৰতীয় মহিলাৰ প্ৰজনন ক্ষমতা ২.৫তকৈও কম৷” আনে গৈ বক্তৃতা দিলে মানুহে কথাবোৰ গ্ৰহণ কৰিবলৈ যিমান অসুবিধা পায়, তাত স্ব-ধৰ্মীয় নেত্ৰীস্থানীয় লোকৰ এনে পদক্ষেপে তথা বাখ্যাই নিশ্চয়কৈ জনমানসত অধিক ফলপ্ৰসূ প্ৰভাৱ পেলাব পাৰে। উক্ত সভাত ডাঃ নৰুল আমিন, ডাঃ এছ ইউ এফ আহমেদ, ডাঃ আবুল কাচেম, ডাঃ এম আলম, জিলা পৰিয়াল পৰিকল্পনা বিষয়া এছ চুলতানা, জিলা প্ৰচাৰ বিষয়া মিৰাজ আলম আদিয়ে সক্ৰিয়তাৰে অংশ গ্ৰহণ কৰি এক ৰাইজক সচেতনতাৰ নতুন এক বাট দেখুৱাৰ কথা কাকতত পঢ়িবলৈ পালো৷ প্ৰগতিশীল চিন্তা ধাৰণাক গ্ৰহণ কৰি প্ৰচাৰ কৰিবলৈ স্থানীয় পঞ্চায়ত, এন. জি.অ’ কৰ্মীৰ লগতে ইছলাম ধৰ্মীয় নেতা তথা মৌলানা হালিমুদ্দিন, মৌলানা চিৰাজুল ইছলাম, মুফতি মজিবৰ ৰহমান, মৌলানা হিজবুৰ হৰমান, মৌলানা আব্দুল কাদেৰকে ধৰি অন্যান্য ধৰ্মপ্ৰাণ ব্যক্তিয়ে সভাত অংশ গ্ৰহণ কৰাৰ বাতৰিও অতিশয় ইতিবাচকেই৷

নিজৰ সম্প্ৰদায়, জাতি বা দেশক প্ৰগতিৰ পোহৰ দেখুৱাবলৈ আমাৰ নিজৰ মানুহেই এনে প্ৰচেষ্টা হাতত লব লাগিব৷ আনে বিদেশৰ পৰা আহি ইয়াত বাণিজ্য কৰিব, কিন্তু আমাৰ সমস্যাক সমাধান কৰি নিদিয়েহি, সেই কথাৰ মৰ্ম আজিৰ বিশ্বায়নৰ দিনতো বুকুত বান্ধি ৰাখিব লাগিব৷ তেহে এতিয়াও এচাম ধৰ্ম-ভীৰু, নেতা-পালিনেতা, মুৰব্বী-মাতব্বৰে “পৰিয়াল পৰিকল্পনাৰ আঁচনি গ্ৰহণ কৰিলে মৃত্যুত জানাজা নহয়” বুলি চলাই থকা ক্ষতিকৰ অপপ্ৰচাৰক ৰোধ কৰিব পৰা যাব৷

চৰকাৰেও চৰ-চাপৰি উন্নয়নৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। আৰ্থ-সামাজিক উন্নয়নৰ এই আঁচনিবোৰ দুৰ্নীতিৰ বাবেই তৃণমূল পৰ্যায়ত কুশলী হৈ উঠিব পৰা নাই। স্ব-গোত্ৰীয় লোকেই এই ধনৰ আত্মসাত কৰি স্ব-গোত্ৰীয়ৰ উন্নয়নত বাধাৰ প্ৰাচীৰ হৈ দেখা দিছে। এনে বাধাৰ প্ৰাচীৰ উফৰাই প্ৰকৃত উন্নয়নৰ গতি দিবলৈ সম্প্ৰদায়টোৰ সচেতন ব্যক্তি, সামাজিক সংগঠন সমূহে মাৰ বান্ধি থিয় দিব লাগিব আৰু তথ্য জনাৰ অধিকাৰ, ন্যায়ালয় আদিৰ সদ ব্যৱহাৰ কৰিও কাৰ্যকুশলতাৰ নিশ্চিতি লব লাগিব। সময়ৰ সতে খোজ মিলাই আপোন সমাজখনক শিক্ষা আৰু সচেতনতাৰে অন্ধ-বিশ্বাস তথা অপবাখ্যা অপপ্ৰচাৰৰ পৃথিৱীৰ পৰা প্ৰগতিৰ দিশে লৈ যোৱাৰ বাবে কোনো গত্যন্তৰ নাই৷ তাৰ বাবে আমি সকলোৱে নিজৰ কৰ্তব্য নিৰূপণ কৰি লোৱাৰ সময় আহিল৷

লেখাটি পূৰ্বতে সুখ-দুখৰ সম্পাদকীয় শিতানত প্ৰকাশ পাইছিল আৰু ইয়াৰ সম্পাদিত ৰূপ আজি 'অসমীয়া খবৰ' কাকতৰ সম্পাদকীয় পৃষ্ঠাতো প্ৰকাশ পাইছে।

No comments:

Post a Comment