সুখ-দুখৰ বতৰাঃ ২০ আগষ্ট - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰাঃ ২০ আগষ্ট

সুখ-দুখৰ বতৰাঃ ২০ আগষ্ট

Share This

আজিৰ ভাল খবৰবোৰ
১ ৷ নামনি অসমৰ নি:সন্তান দম্পতীসকলৰ জীৱনলৈ আশাৰ ৰেঙনি কঢ়িয়াই বঙাইগাঁৱৰ স্বাগত হাস্পাতালে এগৰাকী ছেৰ’গেট মাতৃৰ গৰ্ভত চিকিৎসা বিভাগৰ কাৰিকৰী কৌশল প্ৰয়োগ কৰি সংস্থাপন কৰা ভ্ৰুণৰ সহায়ত এটি সন্তান জন্ম দিবলৈ সক্ষম হৈছে৷ কৃতিত্বৰ অংশীদাৰ হস্পিতেলখনৰ স্বত্বাধিকাৰী তথা স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ শংকৰ দাস বুলিও জানিব পৰা গৈছে।

২ ৷ ৰন্ধন গেছৰ ৰাজসাহাৰ্য ( পহল) আঁচনিয়ে বিশ্বৰ বৃহত্তম নগদ সুবিধা কাৰ্যসূচী হিচাপে গীনিজ অভিলেখ স্থাপন কৰিছে৷ ভাৰত পেট্ৰ’লিয়ামে গীনিজবুক কৰ্তৃপক্ষক জনোৱা আৱেদনুসৰি ভাৰতৰ তেল কোম্পানীসমূহৰ ৮০% গ্ৰাহক এই আঁচনিখনৰ হিতাধিকাৰী আৰু ১২৫.৭ নিযুত হিতাধিকাৰীৰ বেংক একাউন্টলৈ হস্তান্তৰ কৰা ৰাজসাহাৰ্যৰ পৰিমাণ ১৯৮.৫ বিলিয়ন টকা হ’ব ৷

৩ ৷ এছিয়া মাণ্ডলিক সহযোগীতা পৰিষদ চমুকৈ “ছাৰ্ক” দেশসমূহৰ চকু চিকিৎসকসকলৰ এখন মহা সন্মিলন অহা ১৯ -২০ ছেপ্তেম্বৰত নলবাৰীত অনুষ্ঠিত হ’ব৷নলবাৰী চকু চিকিৎসালয়ৰ স্বত্বাধিকাৰী ডাঃ শুভ্ৰকিংকৰ গোস্বামীয়ে জানিবলৈ দিয়ামতে এই চিকিৎ্সালয়ে পঁচিশ বছৰত পদাৰ্পণ কৰা উপলক্ষে বৰ্ষজোৰা পঁচিশটা জনমুখী কাৰ্যসূচীও হাতত লোৱা হৈছে৷

৪ ৷ নতুন ৰূপত দৰ্শকৰ আগলৈ আহিব খানাপাৰাৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ কয়লাখনি৷ইয়াৰ বাবে মাৰ্ঘেৰিটাৰ ক’ল ইণ্ডিয়াৰ সৈতে হোৱা আনুষ্ঠানিক চুক্তিনুসৰি প্ৰতীকি খনিটোত প্ৰকৃত খনিৰ সাম্যক ধাৰণা দিয়াৰ বাবে বিভিন্ন যন্ত্ৰ পাতি ক’ল ইণ্ডিয়াই যোগান ধৰিব৷

৫ ৷ সন্মানীয় টাটা ইন্সষ্টিটিউট অৱ ছ’চিয়েল চায়েন্সৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী সুনীল যাদৱ হ’ল এক বিৰল ব্যতিক্ৰম ৷ পেছাত তেওঁ মুম্বাইৰ পৌৰ নিগমৰ এগৰাকী “সমাৰ্জক” অৰ্থাৎ নলা-নৰ্দমা-পাইখানা চাফা কৰোতা ৷ বিশ্বাস কৰিবলৈ টান লাগিলেও সঁচা যে বৰ্তমান এম ফিল কৰি থকা সুনীল যাদৱৰ চাৰিটাকৈ শৈক্ষিক ডিগ্ৰী আছে৷

৬ ৷ অসম চৰকাৰে প্ৰদান কৰা ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ সৰ্বোচ্চ ৰাজ্যিক সন্মান “বীৰ চিলাৰায় বঁটা” এইবছৰ চিনিয়ৰ ডিভিজনত চাবুৱা ডি ডি আৰ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ এন চি চিৰ চিনিয়ৰ আণ্ডাৰ অফিচাৰ নিৰংকুশ মাউতক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মূখ্যমন্ত্ৰী তৰুণ গগৈয়ে প্ৰদান কৰে ৷

৭ ৷ ইছলামৰ পৱিত্ৰ নগৰী মক্কালৈ আজি উত্তৰ পূৱৰ প্ৰথমটো হজযাত্ৰীৰ দলে যাত্ৰা কৰিব ৷ বুধবাৰে গুৱাহাটীৰ ইছলামপুৰস্থিত হাজী মুছাফিৰখানাত অনুষ্ঠিত এখন বিদায় সম্বৰ্দ্ধনা সভাত মূখ্যমন্ত্ৰী তৰুণ গগৈয়ে মক্কালৈ যাবলগীয়া মুঠ ৪,০১৪ গৰাকী হজযাত্ৰীক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্দ্ধনা জনায় ৷

৮ ৷ আৱাহন থিয়েটাৰৰ ৩৬ সংখ্যক নাট্যবৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰযোজক কৃষ্ণ ৰয়ে ড0 ভৱেন্দ্ৰ নাথ শইকীয়াৰ স্মৃতি উজ্জীৱিত কৰি ৰখাৰ উদ্দেশ্যে প্ৰদান কৰা ড0 ভৱেন্দ্ৰনাথ শইকীয়া বঁটা প্ৰদান কৰা হয় বিশিষ্ট নাট্যকাৰ পদ্মশ্ৰী অৰুণ শৰ্মাক ৷

৯ ৷ গুৱাহাটীৰ লখৰাস্থিত এন পি এছ ইন্টাৰনেছনেল স্কুলে গ্ৰামাঞ্চলৰ মেধাৱী শিক্ষাৰ্থী এগৰাকীক নাছা ভ্ৰমনলৈ পঠোৱাৰ উদ্যোগ লৈছে ৷ বিদ্যালয়খনৰ ২০ গৰাকী শিক্ষাৰ্থীৰ লগত এই বছৰ শিক্ষান্ত পৰীক্ষাত শীৰ্ষ পাঁচটা স্থানৰ এগৰাকীয়েও এই সুযোগ লাভ কৰিব৷

১০ ৷ ৰেল মন্ত্ৰালয়ে অসমৰ তিনিটা ষ্টেচনক আদৰ্শ ৰেল ষ্টেচন ৰূপে গঢ়ি তোলাৰ সিদ্ধন্ত লৈছে ৷ উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ অধীনস্থ এই ষ্টেচনকেইটা হ’ল ফৰকাটিং, জাগীৰোড আৰু বঙাইগাঁও ৷কেন্দ্ৰীয় ৰেলমন্ত্ৰী সুৰেশ প্ৰভূৱে এক পত্ৰযোগে এই কথা মূখ্যমন্ত্ৰীক জনায় ৷

যুগুতালে শ্বিলঙৰ পৰা বিপাশা বৰাই

No comments:

Post a Comment