পৰিবর্তিত, বিকশিত অসমৰ চাৰিটা মুকলি প্রশ্ন
লীলাকান্ত পায়েং
ধুনীয়া হাঁহি এটা মাৰি মন্ত্রীৰ ফটো লগাই ডাঙৰ ডাঙৰ আখৰৰে নানা ধৰণৰ অসম উন্নয়নৰ পথত, পৰিবর্তিত অসম, বিকশিত অসম ইত্যাদি বহুতো বেনাৰ অলিয়ে-গলিয়ে দেখা যায়।এনে সুন্দৰ বেনাৰ চালে কেতিয়াবা এনে লাগে যেন সঁচাই অসম উন্নয়নৰ পথত আগবাঢ়িছে কিন্তু যেতিয়া বাস্তবতা লৈ ঘূৰি চাও তেতিয়া দেখোন অসম উন্নয়নৰ ফোপোলা স্বৰূপটোহে দেখা পোৱা যায়। নৰেন্দ্র মোদীয়ে শেহতীয়াকৈ স্মার্ট চিটিৰে গোটেই ৰাজ্যতে উন্নত সা-সুবিধাৰ মডেল দেখুওৱাৰ সপোন দেখিছে। ই এক আদৰণীয় পদক্ষেপ আমাৰ সমাজৰ বাবে। কিন্তু নগৰ অঞ্চলৰ বাদেও যদি গাঁও অঞ্চলবোৰ যি এতিয়াও নগৰ-চহৰৰপৰা বিচ্ছিন্ন এইবোৰক লৈ স্মার্ট ভিলেজৰ সপোন লাগিছিল কিন্তু সপোন দেখিলে নহব তাক পূৰাব জানিব লাগিব। মই স্মার্ট চিটীৰ কথা বাদে দিছো কিন্তু সাধাৰণ জীৱন এটা জীয়াই থাকিবলৈ যিখিনি সা-সুবিধা সমূহৰ প্রয়োজন- খাবলৈ এমুঠি অন্ন, থাকিবলৈ আশ্রয় আৰু পিন্ধিবলৈ কাপোৰ। এই সপোনবোৰ আমাৰ ৰাজ্যৰ গাঁও এলেকা অঞ্চলবোৰত কিমান দূৰ আগবাঢ়িছে।আমাৰ গাঁও অঞ্চলবোৰ এতিয়াও সামাজিক আৰু অর্থনৈতিক ভাবে বহু পিছপৰা। এজন সাধাৰণ নাগৰিক হিচাবে মোৰ মনলৈ অহা কিছু প্রশ্ন মুকলিকৈ প্রকাশ কৰিব বিচাৰিছো।
(১) অসমৰ প্রায় সংখ্যকে মানুহে গাঁও অঞ্চলত বসবাস কৰ আরু মূল জীৱিকা হৈছে কৃষি ক্ষেত্র। বানপানী খেতিয়কৰ বাবে এক ডাঙৰ সমস্যা। প্রত্যেক বছৰে কৃষকলৈ এক ডাঙৰ বিপদ। বানপানীয়ে অকল মানুহৰ ঘৰ বাৰী বুলি নহয় কিমান মানুহৰ প্রত্যাক বছৰে মৃত্যুক সাবটি লগীয়া হয় তাৰ সঠিক হিচাপ কাৰো হাতত নাই। প্রত্যেক বছৰে অগণন কৃষকৰ সপোন বানে উটুৱাই নিয়ে, কৃষকক আর্থিকভাৱে জুৰুলা কৰে।এই আর্থিক দৈন্যতাৰ বাবেই কৃষক সকলে নিজৰ লৰা-ছোৱালী শিক্ষা-দীক্ষাৰপৰা আৰম্ভ কৰি প্রয়োজনীয় লাগতিয়াল সামগ্রী দিব নোৱাৰি আত্মহত্যাৰ নিচিনা ঘৃণনীয় কামক সাবটি লয়।চৰকাৰে বহু ক্ষেত্রত খেতিয়েক সকলৰ বাবে বহুখিনি সা-সুবিধা দিছে কিন্তু সঠিক ভাবে প্রয়োগ হোৱা নাই। তাতোকৈ ডাঙৰ কথা হল বছৰে বছৰে খেতি পথাৰ বিনাশ কৰা বানপানী একদম নির্মূল কৰিব পৰা নাই।এয়াই স্মার্ট শতিকাৰ বিকশিত অসম নেকি?
(২) বহুখিনি গাঁও অঞ্চল এতিয়াও বৰ বেয়া অৱস্থাত আছে। যিবোৰ অঞ্চল চহৰ নগৰৰ পৰা দূৰত আছে এই অঞ্চলবোৰত এখন ভাল বিদ্যালয়, কলেজ আৰু চিকিৎসালয় নাই। খোৱাপানী আৰু বিজুলিবাতিৰ কথাটো দূৰৰ কথা। প্রায়ভাগ গাঁৱতে খোৱা পানীৰ অভাৱৰ বাবে মহামাৰী ৰোগৰ ৰূপ ধাৰণ কৰে আৰু মৃত্যুক সাবটিব লগীয়া হৈছে। এই খিনিতে এখন অঞ্চলৰ কথা উল্লেখ কৰিব বিচাৰিছো। লখিমপুৰ জিলাৰপৰা ১৫-১৭ কিমি দূৰত থকা এটি অঞ্চল-ঘুঁনাসুতি।ৰজনী কান্ত বৰদলৈৰ ‘মিৰি-জীয়ৰী’ৰ নিচিনা জীৱন্ত উপন্যাসৰ সৃষ্টি হোৱা এইখন অঞ্চলৰ কথাই কব বিচাৰিছো।এই অঞ্চলত এতিয়াও ভাল বিদ্যালয়, ভাল কলেজ আৰু চিকিৎসালয় নাই। খোৱা পানী আৰু বিজুলি বাতিৰ কথাটো বাদেই দিয়ক। এই অঞ্চলৰ মানুহে খোৱা পানীৰ বাবে নদী, জান-জুৰিৰ পানীকে ব্যৱহাৰ কৰে। স্বাধীন হোৱাৰ ৬৯ তম এই বছৰ পূর্ণ হ'ল কিন্তু পৰিবর্তিত অসম এই গাঁও অঞ্চলবোৰ কেনেকৈ আৰু কেতিয়ালৈ পাব?
(৩) আমি একৈশ শতিকাৰ মানুহ। সপোন দেখো স্মার্ট চিটীৰ। মানুহবোৰ হেনো স্মার্ট হ'ল। অসম পৰিবর্তন হটল। কিন্তু ক'ত পৰিবর্তন হ'ল।অসম এতিয়াও মুঠেও সুৰক্ষিত নহয় নাৰী তথা শিশুৰ বাবে। বেলতলাৰ কাণ্ড আৰু জি এছ ৰোডৰ কাণ্ডই এসময়ত গোটেই অসম ৰাজ্যক জোকাৰি গৈছিল। মাত্র দুটা উদাৰণেই দাঙি ধৰিছো। আমি যদি ভালদৰে চাও তেন্তে এনে আন কিছুমান ঘটনাও পোহৰলৈ আহিব। যেতিয়া আপুনি এই কাকতখন পঢ়ি আছে তেতিয়াও চাগে কোনো নজনাকৈ কোনোবা ঠাইত এনে ঘটনা সংঘটিত হৈ আছে ।এনে ঘটনা প্রায় আমাৰ অসমত ঘটি থাকে। নিজকে স্মার্ট বনালো কিন্তু আমাৰ মানুহবোৰ চিন্তা-ধাৰাবোৰ কিয় স্মার্ট নহ'ল? কিয় আমি সদায় এনে কাণ্ডবোৰৰ বাবে নাৰীক জগৰীয়া কৰো। সকলোৱে নাৰীৰ সম অধিকাৰৰ কথা কৈ আহিছে, কিন্তু কিমানখিনি তাৰ বাস্তৱতা আছে? পৰিবর্তিত অসমৰ বিকশিত অসমৰ স্মার্ট মানুহৰ চিন্তা-ভাৱনাবোৰ ইমান তলখাপৰ নে? দেশ স্বাধীন হোৱাৰ ৬৯ তম বছৰ হ'ল যদিও, নাৰীয়ে সঁচাকৈ স্বাধীনতা পালে নে?
(৪) অসমৰ সঁচাকৈয়ে পৰিবর্তন হ'ল। কিয় জানে, কাৰণ দিনক দিনে নিৱনুৱাৰ সংখ্যা বাঢ়ি গৈছে। কিন্তু কিয় এনেকুৱা হৈছে। বর্তমান হাৰত যদি নিৱনুৱাৰ সংখ্যা বাঢ়ি গৈ থাকে তেন্তে এই ক্ষেত্ৰত অসমে এক অভিলেখ ৰচিব, কাৰণ প্রত্যেক বছৰে শিক্ষিত নিৱনুৱাৰ সংখ্যা বৃ্দ্ধি পাইছে। আমাৰ নিচেই ওচৰ চুবুৰীয়া ৰাজ্য পছিমবংগ, বিহাৰ আরু আগৰতলাই ইমান দূৰ কেনেকৈ আগবাঢ়িল নিৱনুৱা সমস্যাক ৰোধিবলৈ। কিন্তু আমাৰ যদি এনেদৰে নিৱনুৱাৰ হাৰ বাঢ়ি থাকে, তেন্তে নিশ্চয় নৱ-প্রজন্মৰ মাজত বিভিন্ন ধৰণৰ অসামাজিক কাম বাঢ়িব। কোনেও চিন্তা নকৰিলে আমাৰ নৱ প্রজন্মৰ ভৱিষ্যত কি হব। তেন্তে প্ৰশ্ন হয়, এয়াই পৰিবর্তিত অসমৰ বিকশিত অসম নেকি?
লেখকৰ ফোনঃ ফোনঃ ৮০১১৭৭৮০৩৮
No comments:
Post a Comment