পলকতে সুখ-দুখৰ বতৰাঃ ১৬আগষ্ট - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰাঃ ১৬আগষ্ট

পলকতে সুখ-দুখৰ বতৰাঃ ১৬আগষ্ট

Share This
আজিৰ ভাল খবৰবোৰ
১. আজি দুদিনীয়া কাৰ্যসূচীৰে ৩৪বছৰৰ পাছত সংযুক্ত আৰৱ এমিৰেটছত উপস্থিত হোৱা ভাৰতীয় প্ৰধানমন্ত্ৰী ৰূপে উপস্থিত হৈছেগৈ নৰেন্দ্ৰ মোদী। এই ভ্ৰমণে আমাৰ দেশলৈ ভাৰতলৈ বিশাল পৰিমাণৰ বিদেশী পুঁজিৰ বিনিয়োগ আকৰ্ষণ কৰাৰ লগতে তৈল সামগ্ৰীৰ আমদানিৰ ক্ষেত্ৰতো সুচল হোৱাকৈ সহায়ক হব বুলিও বাতৰি প্ৰকাশ পাইছে।

২. চাইনা নেহৱালে ৱৰ্ল্ড বেডমিণ্টন চেম্পিয়নশ্বিপত ৰূপৰ পদক জয় কৰা প্ৰথম গৰাকী ভাৰতীয় হোৱাৰ খ্যাতি অৰ্জন কৰিছে। স্পেইনৰ কেৰ’লিনা মেৰিনে বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে।

৩. দেশবাসীক স্বাধীনতা দিৱসৰ উপহাৰ হিচাবে অভিষেক বাৰ্মাই ৱ্ৰক্লত অনুষ্ঠিত আৰ্চাৰী ৱৰ্ল্ডকাপ ষ্টেজ-৩ ত সোণৰ পদক অৰ্জন কৰাৰ সুখৰ খবৰ। দলীয় ভাৱে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম নোহোৱা সত্বেও ব্যক্তিগত শাখাত অভিষেকে সোণৰ পদক জয় কৰিবলৈ সক্ষম হয় বুলিও জানিব পৰা গৈছে।

৪. ৰাজহুৱা খণ্ডৰ তৈল বিপনন কোম্পানী ভাৰতীয় তেল নিগমে দেশৰ আটাইতকৈ বেছি লাভ অৰ্জন কৰা কোম্পানীৰ তালিকাত শীৰ্ষ স্থান লাভ কৰিছে। কোম্পানীটোৱে এই শীৰ্ষ স্থানৰ পৰা ৰিলায়েঞ্চ ইণ্ড্ৰাষ্টিজ কোম্পানীক স্থানচ্যুত কৰিছে।

৫. ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মহাকাশযান মংগলাযানে স্বাধীনতা দিৱস উপলক্ষে প্ৰেৰণ কৰিছে মংগলগ্ৰহৰ ত্ৰি-মাত্ৰিক ছবি। এই ছবিৰ জৰিয়তে বহু নতুন তথ্য উদঘাটনত সহায়ক হব বুলিও গৱেষণা সংস্থাটোৱে প্ৰকাশ কৰিছে।

৬. দেশৰ ঘৰুৱা সহায়ক হিচাবে কাম কৰা সকলৰ বাবে ৰাষ্ট্ৰীয় নীতি যুগুতাইছে কেন্দ্ৰীয় চৰকাৰে। সুনিপুণ, পূৰ্ণ সময়ৰ ঘৰুৱা সহায়ক সকলৰ বাবে নুন্যতম ৯০০০টকাৰ বেতন আৰু সামাজিক সুৰক্ষাৰ লগতে বাধ্যতামূলক ছুটীৰ ব্যৱস্থাও এই আইনৰ দ্বাৰা কৰিব বিচৰা হৈছে বুলিও সুখবৰ প্ৰকাশ পাইছে।

৭. দেশৰ অৰ্থনৈতিক দিশৰ নীতি তৈয়াৰ কৰাৰ বাবে পৰিকল্পনা আয়োগৰ ঠাইত গঠনক কৰা “নীতি আয়োগ”লৈ নতুন প্ৰতিভাক আকৰ্ষণ কৰাৰ বাবে পৰিকল্পনা আয়োগৰ দৰমহাৰ হাৰতকৈ ৩০শতাংশ অধিক হাৰৰ দৰমহা ঘোষণা কৰা হৈছে।

৮. টেব আৰু লেপটপ নিৰ্মাণ সংস্থা ডাটাৱিণ্ডে মেক ইন ইণ্ডিয়া আহ্বানলৈ সঁহাৰি জনাই ভাৰতত আৰু দুটাকৈ নিৰ্মাণকেন্দ্ৰ স্থাপন কৰিব বুলি সুখবৰ ৰাজহুৱা কৰিছে। আনফালে ফক্সকন নামৰ ইলেক্ট্ৰনিক নিৰ্মাণ সংস্থাই মহাৰাষ্ট্ৰ চৰকাৰৰ সৈতে ৫বিলিয়ন ডলাৰৰ ইলেক্ট্ৰনিক কাৰখানা স্থাপন তথা পঞ্চাশ হাজাৰ নিয়োগৰ সম্ভাৱনা সৃষ্টি কৰিবলৈকো বুজা-বুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰো সুখবৰ প্ৰকাশ পাইছে।

৯. মাইক্ৰচফট কোম্পানীয়ে অন্ধ্ৰ প্ৰদেশ চৰকাৰক নাগৰিক সকললৈ কম মূল্যত ইণ্টাৰনেট সেৱা উপলদ্ধ কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি জানিব পৰা গৈছে। ইয়াৰ বাবে টেলিভিচনৰ অব্যৱহৃত স্পেক্ট্ৰাম ব্যৱহাৰ কৰাৰ বাবে এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰ হোৱা বুলি খবৰ প্ৰকাশ পাইছে। আনফালে মাইক্ৰচফটো বাতৰি পাঠ কৰি দিয়া এটি এপচৰো পৰীক্ষণ সম্পন্ন কৰিছে বুলিও জানিব পৰা গৈছে।

১০. ভাৰত চৰকাৰে ইণ্টাৰনেট নিৰপেক্ষতাৰ বিষয়ত নীতি নিৰ্ধাৰণ কৰিবলৈ ৰাজহুৱা মতামত আহ্বান কৰিছে। এই মতামত অনলাইন যোগে আগবঢ়োৱাৰ শেষ সীমা অহা ২০আগষ্টলৈ বৃদ্ধি কৰা হৈছে বুলি খবৰ প্ৰকাশ পাইছে।

No comments:

Post a Comment