প্ৰযুক্তি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ইণ্টাৰনেট.অৰ্গ আৰু নেট-নিৰপেক্ষতা
অভিনন্দন গোস্বামী
বর্তমান ২১ শতিকাৰ তথ্য-প্ৰযুক্তিৰ যুগত প্ৰতিজন মানুহৰ বাবেই ইন্টাৰনেটৰ মাধ্যমেৰে সংযোগ হোৱাটো অতিশয় আৱশ্যকীয়৷ ইন্টাৰনেট অবিহনে আমি বিশ্বায়নৰ দ্ৰুত প্ৰসাৰৰ লগত খোজ মিলাই যাবলৈ অসমর্থ হম৷ ই হৈছে তথ্য আৰু জ্ঞান লাভৰ এক প্ৰধান আহিলা৷ তদুপৰি সকলোধৰণৰ সেৱা আজিকালি ইন্টাৰনেটৰ মাধ্যমেৰে অতি সহজভাৱে উপলব্ধ৷ মাথো এটা মাউচৰ ‘ক্লিক’ কৰিলেই সকলোবোৰ সুবিধা অতি সহজেই মানুহে লাভ কৰিব পাৰে৷ ইন্টাৰনেটে আজি গোটেই বিশ্বক এখন ক্ষুদ্ৰ গাঁৱলৈ ৰূপান্তৰিত কৰিছে য'ত পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা বন্ধু-বান্ধৱীৰ সৈতে ঘৰৰ আৰামদায়ক পৰিৱেশৰ মাজত থাকিয়েই আমি বার্তালাপ কৰিব পাৰিছো৷ সচাঁ অর্থত কবলৈ গ'লে ইন্টাৰনেটে আমাৰ জীৱনক এক নতুন মাত্ৰা প্ৰদান কৰিছে৷ সেয়েহে আজিৰ যুগত ইয়াৰ আৱশ্যকতা আৰু গুৰুত্ব কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ কিন্তু দুর্ভাগ্যৱশত আজি পৃথিৱীৰ দু্ই-তৃতীয়াংশ লোকেই এই সুবিধাৰ পৰা বঞ্চিত হৈ আছে৷

বিশেষকৈ উন্নয়নশীল আৰু অনুন্নত দেশসমূহত ইন্টাৰনেট সেৱা অধিকাংশ জনসাধাৰণৰে কাষ চপাগৈ নাই৷ এই অসুবিধাৰ অন্ত পেলাই প্ৰতিজনলোকৰ বাবে ইন্টাৰনেট সেৱা সহজলভ্য কৰি তোলাৰ প্ৰতিশ্ৰুতিৰে জনপ্ৰিয় ছ'ছিয়েল নেটৱর্কিং চাইট ফেচবুকৰ CEO মার্ক জুকাৰবার্গৰ উদ্যেগত ২০১৩ চনত প্ৰথমবাৰৰ বাবে মুকলি কৰিছিল internet.org নামৰ এক অভিলাষীপ্ ৰকল্প৷ এই প্ৰকল্পৰমূল উদ্দেশ্য হৈছে উন্নয়নশীলদেশসমূহত অতি সহজলভ্য আৰু কম মূল্যত ইন্টাৰনেট সেৱা উপলব্ধ কৰোৱা৷ ইয়াৰ বাবে বিভিন্ন মোবাইল নির্মাণ কোম্পানী সমূহ যেনে ন’কিয়া, ছেমছাং, এৰিকছন, কোৱালকম আদিৰ সৈতে ফেচবুকে ব্যৱসায়িক সম্বন্ধ স্হাপন কৰিছে৷


Internet.org হৈছে ফেচবুকৰ CEO মার্কজুকাৰ বার্গৰ উদ্যোগত গ্ৰহণ কৰা এক অভিলাষী প্ৰকল্প৷ ইয়াৰ মূল লক্ষ্য হৈছে সহজলভ্য ভাবে মোবাইল আৰু ইন্টাৰনেট সেৱা জনসাধাৰণৰ কাষ চপাই নিয়া, সহজ মোবাইল-এপ আৰু ইন্টাৰনেট প্ৰযুক্তিৰ নির্মাণ কৰা যাৰ দ্বাৰা কম পৰিমানৰ ডাটা সৰবৰাহ কৰিব পাৰি৷

internet.org-য়ে ইয়াৰ সহযোগী মোবাইল সেৱা প্ৰদান কোম্পানী সমূহৰ গ্ৰাহকক বিনামূলীয়াকৈ সীমিত পৰিমাণৰ অনলাইন সেৱা গ্ৰহণ কৰিবলৈ সুবিধা দিয়ে৷ ইয়াৰ ভিতৰত ৱিকিপেডিয়া, ফেচবুক, বিবিচি নিউজ আৰু বছা বছা কিছুমান নিউজ বা খেলজগতৰ ৱেবছাইট অন্যতম৷ এই সুবিধাগ্ৰহণ কৰিবলৈ গ্ৰাহকে কিছুমান বিশেষ এনড্ৰইড-এপ, internet.org ৰ ৱেবছাইট , ফেচবুকৰ নিজা এনড্ৰইডএপ বা অপেৰা মিনিব্ৰাউজাৰ ব্যৱহাৰ কৰিব লাগিব৷ চাব বিচৰা ৱেবছাইট সমূহতো সীমিত পৰিমানৰ ডাটাহেব্যৱহাৰ কৰিব পাৰিব, অর্থ্যাৎ High Resolution Photos, ভইছ বা ভিডিঅ' শ্বেটিং আদিৰ সুবিধা নাথাকিব৷ নেটৱর্ক সেৱা প্ৰদান কৰা কোম্পানী সমূহেও ইয়াত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে, কাৰণ তেওঁলোকে বিশ্বাস কৰে যে গ্ৰাহকে এবাৰ বিনামূলীয়াকৈ সেৱা গ্ৰহণ কৰাৰ পাছত বহুল অর্থত ইন্টাৰনেট সেৱা ব্যৱহাৰ কৰাৰ বাবে বেছি মূল্য দিবলৈও কুন্ঠাবোধ নকৰিব!

২০১৩ চনৰআগষ্টত যেতিয়া এই প্ৰকল্পমুকলি কৰা হৈছিল সেই সময়লৈবিশ্বৰ ৭.৭ বিলিয়নজনসাধাৰণৰ ২.৭ বিলিয়নেহেইন্টাৰনেটসেৱাৰসুবিধালাভ কৰিবলৈ সক্ষম হৈছিল৷ এই প্ৰকল্পৰসমর্থকসকলেবিশ্বাস কৰে যে ইন্টাৰনেটসেৱাবিস্তাৰিত কৰাৰ ফলতনিষ্পেষিতজনসাধাৰনক শক্তিশালী কৰাত ই সহায়কহব তদুপৰি দৰিদ্ৰতা আৰু অনগ্ৰসৰতাৰলগতসবলভাবেতেওঁলোকেযুজঁদিবপাৰিব৷ ইয়াৰোপৰিই অনুন্নতৰাষ্ট্ৰৰলোকসকলকউন্নতৰাষ্ট্ৰসমূহৰসৈতেফেৰমাৰিবপৰাকৈসজুঁলিৰযোগানধৰিবতথাস্বচ্ছতাপ্ৰদান কৰি দুর্নীতিৰবিৰুদ্ধেযুজঁদিয়াতসহায় কৰিব৷ এই প্ৰকল্পমুকলিকৰোতেজুকাৰবার্গেএখন শ্বেতপত্ৰপ্ৰকাশ কৰি কৈছিল যে ইন্টাৰনেটৰ দ্বাৰা সংযোগ হোৱাটো প্ৰতিজনমানুহৰমৌলিক অধিকাৰ আৰু এই অধিকাৰ সকলো লোককপ্ৰদান কৰাৰ বাবে তেওঁ বদ্ধপৰিকৰ৷


১০ ফেব্ৰুৱাৰী ২০১৫ তাৰিখে internet.orgয়ে ভাৰতত ভুমুকি মাৰে৷ ৰিলায়েন্স কমিউনিকেচনৰ লগত সহযোগিতা স্হাপন কৰি ফেচবুকে internet.org ভাৰতীয় নাগৰিকৰ বাবে মুকলি কৰে৷ internet.org য়ে ৰিলায়েন্স কমিউনিকেচনৰ গ্ৰাহকক বিনামূলীয়া ইন্টাৰনেট সেৱাৰ জৰিয়তে ৩৩টা বিভিন্ন ৱেবছাইট আৰু অনলাইন সেৱাৰ সৈতেসংযোগ কৰাৰ বাবে লক্ষ্য স্হিৰ কৰিছে৷ এই সেৱা সমূহৰ ভিতৰত আছে বিভিন্ন ক্ষেত্ৰৰ ৱেবছাইট যেনে- বিবিচি নিউজ, আইবিএন লাইভ, টাইমছ অব ইন্ডিয়া, ৱিকিপেডিয়া, ৱিকিহাউ, খেলজগতৰ ৱেবছাইট, স্বাস্হ্য আৰু কল্যানধর্মী ৱেবছাইট। যেনে বেবি চেন্টাৰ, ilearn, ছছিয়েল ব্লাড ইত্যাদি৷ এই সকলো সুবিধা ৰিলায়েন্স কমিউনিকেচনৰ গ্ৰাহকসকলৰ বাবে বিনামূলীয়াকৈ উপলব্ধ হব৷ ইয়াৰ বাবে www.internet.orgত লগ ইন কৰি বা internet.org এনড্ৰইড এপচ ডাউনল’ড কৰি ইয়াক ব্যৱহাৰ কৰিব পাৰিব৷

ফেচবুকে এই অভিলাষী উদ্যোগ আৰম্ভ কৰাৰ লগে লগে সমগ্ৰ বিশ্বতে বিশেষকৈ ভাৰতৰ কাৰিকৰীজগত ( Technical Community ) ৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ নেটনিৰপেক্ষতা বা Net Neutrality ৰ প্ৰতি অহা ভাবুকিক লৈ প্ৰায় ভাগলোকেই অসন্তুষ্টি আৰু সংশয় প্ৰকাশ কৰিছে৷ইন্টাৰনেটৰ জগতত এই ভিআইপি সংস্কৃতিক বহুতে সহজে মানি লব পৰা নাই৷ ইয়াৰ বাবে বহুঠাইত প্ৰতিবাদৰ জোৱাৰো উঠিছে৷ Net Neutrality বা নেট নিৰপেক্ষতা হৈছে কোনো ৱেবছাইট বা অনলাইন সেৱাসমূহৰ মাজত কোনোধৰণৰ পক্ষপাতিত্ব নকৰাকৈ সকলো গ্ৰাহককে সমানভাবে সকলো ৱেবছাইট আৰু অনলাইন সেৱাব্যৱহাৰ কৰিবলৈ সুবিধাপ্ৰদান কৰা৷ কিন্তু internet.orgত দেখা গৈছে যে কিছুমান বিশেষ ৱেবছাইট বা সেৱাহে ইয়াত উপলব্ধ যাৰ ফলত নেটনিৰপেক্ষতা ভালেখিনি বিঘ্নিত হোৱাৰ সম্ভাৱনা দেখা গৈছে৷ উদাহৰণস্বৰূপে যদি কোনো গ্ৰাহকে খেলজগতৰ কোনো বা বাতৰিৰ বিষয়ে জানিব খোজে তেন্তে খেল সর্ম্পকীয় নির্দিষ্টদুই-এটা ৱেবছাইটহে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব, ইয়াৰফলত সেই ৱেবছাইট সমূহ বেছিকৈ লাভৱান হব আৰু বাকী ৱেবছাইট সমূহ ৰাজহ আৰ্জনৰ পৰা ক্ষতিগ্ৰস্ত হব৷

দ্বিতীয়তে গ্ৰাহকে কি ৱেবছাইট বা কি সেৱা ব্যৱহাৰ কৰিব সেয়া সম্পূর্ণ ৰূপে নিয়ন্ত্ৰণ কৰিব ফেচবুকে, অর্থাৎ তেওঁলোকৰ পছন্দ অনুসৰি বিভিন্ন ৱেবছাইট বা সেৱা অর্ন্তভুক্ত কৰিব আৰু সেইসমূহহে গ্ৰাহকে ব্যৱহাৰ কৰিব পাৰিব৷ সেইবাবেই ফেচবুকৰ এই প্ৰয়াসৰ দ্বাৰা ভাব প্ৰকাশৰ স্বাধীনতা বিঘ্নিত কৰা হৈছে বুলিও বিশ্বজুৰিপ্ৰতিবাদৰ ঢৌ উঠিছে৷ এইপর্যন্ত ৬৭ টা ডিজিটেল অধিকাৰ সংস্হাই এই প্ৰকল্পৰ বিৰোধিতা কৰি জুকাৰবার্গলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ তেওঁলোকৰ যুক্তি যে এই প্ৰকল্পই নেট-নিৰপেক্ষতাত ব্যাপক আঘাত হানিছে৷ সমালোচকসকলে এই মন্তব্যও কৰিছে যে ফেচবুকৰ সামগ্ৰী সমূহ বজাৰত জনপ্ৰিয় তথা বিস্তাৰিত কৰিবৰ বাবেই এই প্ৰয়াস কৰা হৈছে৷ গ্ৰাহক সকলক কম মূল্যত ইন্টাৰনেট সেৱা দিয়া হৈছে যদিও কিছুমান নির্দিষ্ট ৱেবছাইটহে ব্যৱহাৰ কৰিবলৈ দি তেওঁলোকৰ অধিকাৰক খর্ব কৰা হৈছে৷ তদুপৰি internet.orgত ছাইবাৰ সুৰক্ষাৰ দিশটোক সম্পূর্ণ ৰূপে উলাই কৰা হৈছে৷ অর্থ্যাৎ গ্ৰাহকসকলৰ যি কোনো তথ্য বা ডাটা হেকাৰসকলে সহজেই ‘হেক’ কৰিব পৰাৰ সম্ভাবনা থাকে৷ এনে বহু কাৰনতinternet.org ৰ বিৰোধিতা কৰি ইন্টাৰনেটক ভিআইপি সংস্কৃতিৰ পৰা মুক্ত কৰাৰ বাবে বিভিন্ন ঠাইত প্ৰতিবাদ অব্যাহত আছে৷


এনে প্ৰতিবাদৰ মাজতে ফেচবুকে এই প্ৰয়াসক সমর্থন কৰি নিজৰ বক্তব্য আগবঢ়াইছে৷ কোম্পানীটোৱে কৈছে যে ফেচবুকে নেটনিৰপেক্ষতাকসমর্থন কৰে আৰু কোনো কাৰনতে ইয়াক বিঘ্নিত হবলৈ নিদিয়ে৷ internet.org ত যাতে গ্ৰাহকে সকলো ৱেবছাইট ব্যৱহাৰ কৰাৰ সুবিধালাভ কৰে তাৰ বাবে তেওঁলোকে কাম কৰি আছে৷ জুকাৰ বার্গৰ মতে নেট-নিৰপেক্ষতা আৰু internet.org সমান্তৰাল ভাবে থকাটো সম্ভব৷ তেওঁ ইয়াৰ বাবে সকলো সংস্হাক internet.org ত অংশগ্ৰহণ কৰাৰ বাবে ইতিমধ্যে আহ্বান জনাইছে৷ ফেচবুকে আন এক অভিযোগ খন্ডন কৰি কৈছে যে internet.org ত অংশগ্ৰহণ কৰাৰ বাবে সংস্হা সমূহৰ পৰা কোনো ধৰণৰ মাচুল বা ধনসংগ্ৰহ কৰা নহয়, আৰু internet.org ৰ দ্বাৰা কোনো বিজ্ঞাপনো প্ৰকাশ কৰা নহয়৷ কোম্পানীৰ মতে ৰাজহ সংগ্ৰহকৰাই এই প্ৰয়াসৰ উদেশ্য হোৱা হলে ফেচবুকে অনলাইন বিজ্ঞাপন প্ৰসাৰিত তথা বিকশিত হোৱা বজাৰৰ ওপৰত সর্বাধিক মনোনিৱেশ কৰিলেহেতেঁন৷ জুকাৰ বার্গে ভাৰতত internet.org ৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে ইন্টাৰনেট হৈছে এক শক্তিশালী সজুঁলি যাৰ দ্বাৰা অর্থনৈতিক আৰু সামাজিক ক্ষেত্ৰত এক ব্যাপক পৰিবর্তন তথা বিল্পৱ আনিব পৰা যায় আৰু এয়া তেতিয়াহে সম্ভৱ হব যেতিয়া সমাজৰ সকলো শ্ৰেনীৰ লোকে ইন্টাৰনেটৰ এই সুবিধা লাভ কৰিব পাৰিব৷ তেওঁ আৰু কৈছে যে নেট-নিৰপেক্ষতাত আঘাত হনাতো internet.org উদেশ্যনহয়, বৰঞ্চ সকলো লোকে যাতে সকলো সেৱা সমান ভাবে আৰু নিৰপেক্ষ ভাৱে লাভ কৰিব পাৰে সেই লক্ষ্যলৈয়ে ফেচবুকে কাম কৰি আছে৷ বর্তমানলৈ ৯ খনদেশৰ ৮০০ মিলিয়নলোকক internet.org ৰ দ্বাৰা সংযোগ কৰা হৈছে আৰু জুকাৰ বার্গে বিশ্বাস কৰে যে সকলো লোকেই ইন্টাৰনেট সেৱাৰ সুবিধা লাভ কৰাতো তেওঁলোকৰ অধিকাৰ আৰু সেই সুবিধা সকলোকে প্ৰদান কৰিবৰ বাবেই তেওঁ প্ৰচেষ্টা চলাই আছে৷ তেওঁ আশা প্ৰকাশ কৰিছে যে ভবিষ্যতে আৰু অধিক সংস্হাই internet.org অংশগ্ৰহণ কৰিব৷

Internet.orgৰ এই উদেশ্য সচাঁ অর্থত বাস্তৱায়িত বা সফল হবলৈ হ'লে আৰু অধিক ৱেবছাইট বা সেৱা ইয়াত অর্ন্তভূক্ত কৰিব লাগিব৷ এই প্ৰকল্পক উন্নত আৰু অধিক কার্যক্ষম কৰিবলৈ ফেচবুকৰ আৰু বহুখিনি কৰণীয় আছে৷ বিশেষকৈ ইন্টাৰনেট সেৱা সমূহৰ মাজত এখন অনুভূমিক খেলপথাৰ তৈয়াৰ কৰাতো অতিশয় প্ৰয়োজনীয়, যাতে কোনো ৱেবছাইট বা সেৱাই পক্ষপাতিত্ব লাভ কৰিব নোৱাৰে৷ যদি ইন্টাৰনেটৰ জৰিয়তে সর্বসাধাৰণক শক্তিশালী কৰাই internet.org ৰ উদেশ্যতেন্তে এই উদেশ্য তেতিয়াহে সফল হব যেতিয়া গ্ৰাহকে কম মূল্যত সকলো অনলাইন সেৱা ব্যৱহাৰ কৰাৰ সুবিধা লাভ কৰিব আৰু নেটনিৰপেক্ষতা অক্ষুন্ন ৰাখিব পাৰিব৷ অনাগতদিনত ফেচবুকে এই ক্ষেত্ৰত গ্ৰহণ কৰিব লগীয়া পদক্ষেপ আৰু স্হিতিৰ ওপৰতে নির্ভৰ কৰিব internet.org ৰ সাফল্য আৰু ভবিষ্যত৷

ঠিকনা- ৰাষ্ট্ৰীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান, অৰুনাচল প্ৰদেশ, ফোন- 08402852801

No comments:

Post a Comment