সুখ-দুখৰ বতৰাঃ ২৭আগষ্ট - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰাঃ ২৭আগষ্ট

সুখ-দুখৰ বতৰাঃ ২৭আগষ্ট

Share This
আজিৰ ভাল খবৰবোৰ
১৷ ভাৰতে যোগাযোগৰ ক্ষেত্ৰত ভূমিকা ল'ব লগা  নতুন কৃত্ৰিম উপগ্ৰহৰ  উৎক্ষেপণৰ বাবে যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে৷ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটা ৰকেট প’ৰ্টৰ পৰা জি.এছ.এল.ভি ডি-৬ ৰকেটে কঢ়িয়াই নিবলগীয়া উপগ্ৰহটো উৎক্ষেপণৰ বাবে ইতিমধ্যে ২৯ ঘন্টীয়া খেন গণনা আৰম্ভ হৈছে৷

২৷ লাডাখৰ সৰ্বোচ্চতম গিৰি শিখৰ “মাউন্ট ষ্টক কাংগ্ৰী”ত খোজ পেলোৱা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো দুঃসাহসিক ক্ৰীড়া সংস্থা হ’ল গ্ল’বেল এডভেন্সাৰ এছ’ছিয়েচন৷ সাগৰপৃষ্ঠৰ পৰা ২০১৮৭ ফুট উচ্চতাত অৱস্থিত শিখৰলৈ এই সাতজনীয়া দলটোক নেতৃত্ব দিয়ে পৰ্বতাৰোহী বিক্ৰম বড়োয়ে৷

৩৷ প্ৰকৃতিপ্ৰেমী ৰোহিত চৌধুৰীৰ ৰাজহুৱা স্বাৰ্থজড়িত এক আৱেদনৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে কালি ৰাষ্ট্ৰীয় উদ্যানখনৰ সীমান্তৰ পৰা পাঁচ কিল’মিটাৰ এলেকাৰ ভিতৰত কোনো ধৰনৰ নিৰ্মাণকাৰ্য চলিব নোৱাৰিব বুলি নিৰ্দেশ জাৰি কৰিছে৷

৪৷ ক’লা টকাবিৰোধী যুঁজত পাৰস্পৰিক সহযোগিতাৰ বাবে আফ্ৰিকাৰ দ্বীপৰাষ্ট্ৰ ছিচেলেছৰ সৈতে ভাৰতে গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত কৰে৷ চুক্তিৰ জৰিয়তে দুয়োখন দেশে কৰ ফাঁকি ৰোধ তথা ক’লা টকা সন্দৰ্ভত তথ্য আদান প্ৰদান কৰিব৷

৫৷ গুৱাহাটী বিশ্ববিদ্যালয় আৰু কটন মহাবিদ্যালয়ৰ ২০ গৰাকী ছাত্ৰ ছাত্ৰীৰ মুঠ ৪০ টা কবিতা সন্নিবিষ্ট “খুমজিল” নামৰ কাব্যগ্ৰন্থখন বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত উন্মোচন কৰে বিশিষ্ট কবি নীলিম কুমাৰ, সাহিত্য সমালোচক মনোজ শৰ্মা আৰু ঔপন্যাসিক কিশোৰ মনজিৎ বৰাই৷ পুথিখন সম্পাদনা কৰিছে মানৱজ্যোতি কলিতা আৰু গৰিমা গাঁওখোৱাই৷

৬৷ ডাঃ ভুৱনেশ্বৰ বৰুৱাৰ ১২২ সংখ্যক জন্মদিৱস উপলক্ষে অহা ৪ ছেপ্তেম্বৰত গুৱাহাটীত “ফেমিলী ডাক্তৰৰ পৰা ছুপাৰ স্পেচিয়েলিষ্ট, স্বাস্থ্যসেৱাৰ পৰিৱৰ্তন তথা প্ৰত্যাহবান” শীৰ্ষক এখন আলোচনাচক্ৰ আয়োজন কৰা হৈছে ৷এই আলোচনা চক্ৰত জি এন আৰ চিৰ অধ্যক্ষ ডাঃ নোমল বৰা, শংকৰদেৱ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ উমেশ চন্দ্ৰ শৰ্মা, সাংবাদিক সমুদ্ৰগুপ্ত কাশ্যপ আদিয়ে অংশ ল’ব৷

৭৷ ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰালয়ৰ অধীনস্থ উত্তৰ পূৱ আয়ুৰ্বেদ আৰু হোমিঅ’পেথিক সংস্থান,শ্বিলঙৰ সঞ্চালক ৰূপে নিযুক্তি দিয়া হৈছে নলবাৰীৰ ডাঃ প্ৰদীপকুমাৰ গোস্বামীক৷ তেওঁ বিগত তেৰ বছৰ ধৰি বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ আয়ুৰ্বেদ বিভাগৰ মুৰব্বীঅধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল৷

৮৷ আৰুচি তলৱাৰ হত্যাকাণ্ডক লৈ মেঘনা গুলজাৰে “তলৱাৰ” নামৰ এখন চলচিত্ৰ নিৰ্মাণ কৰি উলিয়াইছে৷ অহা ১০ ৰ পৰা ২০ ছেপ্তেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া টৰন্টো আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হ’বলগীয়া এই ছবিখনত অভিনয় কৰিছে ইৰফান খান কংকনা সেন শৰ্মা, টাবু আদিয়ে৷

৯৷ হিন্দুস্থান টাইমছত প্ৰকাশিত এটা বাতৰি অনুসৰি, কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী মেনকা গান্ধীয়ে মহিলা চৰকাৰী চাকৰিয়ালৰ মেটাৰনিটী লিভ পূৰ্বৰ তিনিমাহৰ পৰিৱৰ্তে আঠ মাহলৈ বৃদ্ধি কৰাৰ বিষয়ত অনুমোদন জনাইছে৷

১০ ৷ নতুন দিল্লীৰ তালকটোৰা ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত ১১তম স্বাধীনতা কাপ কাৰাটে প্ৰতিযোগিতাত অসমে ১০ টা স্বৰ্ণ,৪টা ৰূপ আৰু ৭টা ব্ৰঞ্জসহ ২১ টা পদক লাভ কৰে৷প্ৰতিযোগিতাখনত মুঠ ২৬খন ৰাজ্যৰ ১৭০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল ৷

No comments:

Post a Comment