সুখ-দুখৰ বতৰাঃ ১৯ আগষ্ট - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰাঃ ১৯ আগষ্ট

সুখ-দুখৰ বতৰাঃ ১৯ আগষ্ট

Share This
আজিৰ ভাল খবৰবোৰ
১ ৷ অসমৰ ন-খন নদীক ৰাষ্ট্ৰীয় জলপথৰূপে ঘোষণা কৰিবলৈ সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ৷ এই নদীকেইখন হ’ল – বৰাক, সোৱণশিৰি, লোহিত, গংগাধৰ, আই, বেঁকী,পুঠিমাৰী, কপিলী আৰু দিহিং৷ উল্লেখ্য যে , যোৱা সপ্তাহত “ৰাষ্ট্ৰীয় জলপথ বিধেয়ক ২০১৫”সংসদীয় সমিতিৰ পৰামৰ্শসহ সংসদত দাখিল কৰা হৈছিল৷

২ ৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ তৰফৰ পৰা নটসূৰ্য ফণী শৰ্মা বঁটা বিশিষ্ট অভিনেতা ভোলানাথ কলিতাক আৰু সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা “মঞ্চসূৰ্য” ধৰনী বৰ্মনক ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰে মূখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷

৩ ৷ কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী মহেশ শৰ্মাই প্ৰকাশ কৰা তথ্যানুসৰি কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৱৰ প্ৰচুৰ সম্ভাৱনীয়তা থকা পৰ্যটন খণ্ডটোৰ বিকাশৰ বাবে উত্তৰ পূৱৰ দুৱাৰমুখ গুৱাহাটীক “হেলিকপ্তাৰ হাব”ৰূপে স্থাপন কৰিব৷

৪ ৷ Dosomething.i ৰ সমীক্ষাত বিশ্বৰ আটাইতকৈ চেৰিটেবল স্পৰ্টছ ষ্টাৰ হিচাপে স্থান পাইছে ভাৰতৰ তাৰকা বেডমিন্টন খেলুৱৈ ছাইনা নেহৱালে ৷ এই তালিকাৰ শীৰ্ষস্থান লাভ কৰিছে ক্ৰিষ্টিয়ানো ৰনাল্ড’ৱে ৷

৫ ৷ নলবাৰীৰ উদ্যোগী যুৱক দেৱজিত বৰ্মনে মীনপালন আৰু গাহৰি পালনেৰে প্ৰতিষ্ঠা লাভ কৰাৰ লগতে এইবাৰ স্বাধীনতা দিৱসত মূখ্যমন্ত্ৰীৰ “Best Community Action Award for Development 2015 “ লাভ কৰিবলৈ সক্ষম হয় ৷

৬ ৷ এখন কৃত্ৰিম ভৰিৰে মাউন্ট এভাৰেষ্ট জয় কৰা প্ৰথমগৰাকী মহিলা অৰুনিমা সিনহাই এইবাৰ ছুইজাৰলেণ্ডত থকা আল্পছ পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগ মন্টে ৰোজাতো (৪৬৩৪ মিটাৰ ) ত্ৰিৰংগা উৰুৱাবলৈ সক্ষম হৈছে ৷ ভাৰতৰ স্বাধীনতা দিৱসৰ দিনাই সিনহাই এই কৃতিত্ব অৰ্জন কৰে৷

৭ ৷ ৰাজ্য চৰকাৰে চলিত বৰ্ষৰ পৰা দেৱকুমাৰ বৰা সোঁৱৰণী ভ্ৰমনৰ পৰিসৰ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সেই অনুসৰি চলিত বৰ্ষৰ পৰা শিক্ষান্ত পৰীক্ষাত প্ৰথম দহটা স্থানপ্ৰাপ্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ প্ৰথম তিনিজন স্থানপ্ৰাপ্তক সামৰা এই আঁচনিয়ে ভাৰতৰ ভাৱা আনৱিক গৱেষনা কেন্দ্ৰ,এ ইমচ, জে এন ইউ আদি বিভিন্ন উন্নত শিক্ষানুষ্ঠানৰ লগতে ঐতিহ্যমূলক ঠাইসমূহো পৰিদৰ্শন কৰাব৷পৰৱৰ্তী সময়ত নাছালৈ নিয়াৰো ব্যৱস্থা কৰা হ’ব বুলি শিক্ষামন্ত্ৰীয়ে বিবৃতিটোত কয়৷

৮ ৷ ১৯৬৫ চনত স্থাপিত গুৱাহাটী চিনে ক্লাৱে চলিত বছৰৰ ২৬ এপ্ৰিলৰ পৰা সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিছে৷ ইয়াৰ লগত সংগতি ৰাখি চিনে ক্লাৱে অহা ৩০ আগষ্টৰ পৰা ৫ ছেপ্তেম্বৰলৈকে সাতদিনীয়া “চলচিত্ৰ ৰসস্বাদন পাঠ্যক্ৰম”ৰ আয়োজন কৰিছে৷ আন্ত:ৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত চলচিত্ৰ পৰিচালক গৌতম বৰাই এই পাঠ্যক্ৰম পৰিচালনা কৰিব৷

৯ ৷ দেশৰ সৰ্ববৃহৎ বেংক এছ বি আয়ে মাষ্টাৰ কাৰ্ড আৰু এক্সেঞ্জাৰৰ সহযোগত আজি এক ম’বাইল ৱালেট এপ “এছ বি আই বাডি” মুকলি কৰে ৷ ১৩ টা ভাষাত উপলব্ধ এই এপ ব্যৱহাৰ কৰি গ্ৰাহকে ফাণ্ড ট্ৰেনছফাৰ,হোটেল বুকিং, ফ্লাইট টিকেট, বজাৰ সমাৰো কৰিব পাৰিব৷

১০ ৷ কবি অমূল্য বৰুৱাৰ ৬৯তম মৃত্যু দিৱসটি
গুৱাহাটী প্ৰেছ ক্লাৱত কালি কামৰূপ জিলা কবি সন্মিলনৰ উদ্যোগত  আৰু সদৌ অসম কবি সন্মিলনৰ সহযোগত “যুদ্ধ ,সন্ত্ৰাস আৰু সাম্প্ৰদায়িকতাবিৰোধী দিৱস”ৰূপে পালন কৰা হয়।
যুগুতালেঃ শ্বিলঙৰ পৰা বিপাশা বৰাই

No comments:

Post a Comment