মনৰ কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

নতুন জিলা আৰু “ধাপলি মেলা ঘোঁৰা”
দেৱব্ৰত গগৈ
খুব সম্ভৱ চৰ্তুথ শ্ৰেণীত ভুগোলৰ কিতাপত “কি-ক’ত-কিয় বিখ্যাত ?” শীৰ্ষক সেই বিখ্যাত প্ৰশ্নটোত আমি লিখিছিলো “শিৱসাগৰ জিলাৰ মানচিত্ৰখন এটা ধাপলি মেলা ঘোঁৰাৰ দৰে।“ আমাৰ শিৱসাগৰ জিলাত এয়াৰপৰ্ট আছিল, বিশ্ববিদ্যালয় আছিল, বিশ্ব-বিখ্যাত মাজুলী নদীদ্বীপ আছিল। আমাৰ শিৱসাগৰ জিলাত বেছি চাহ বাগান আছে নে ডিব্ৰুগড় জিলাত আছে তাকে লৈ হিচাব কৰো। আমাৰ শিৱসাগৰ ডাঙৰ নে ডিব্ৰুগড় জিলা ডাঙৰ তাক লৈও চিন্তা কৰো। হয়তো আমাৰ শিৱসাগৰ জিলা ডাঙৰ, কাৰণ আমাৰ শিৱসাগৰ জিলাত তিনিটা মহকুমা আছিল , শিৱসাগৰ , যোৰহাট আৰু গোলাঘাট। আৰু এদিন হঠাত স্কুলত ছাৰে আমাক নতুন তথ্য কিছুমানেৰে “কি-ক’ত-কিয় বিখ্যাত”? পঢ়াবলৈ ধৰিলে। শিৱসাগৰ জিলাৰ তিনিটা মহকুমা শিৱসাগৰ, নাজিৰা আৰু চৰাইদেউ। সেই সময়ৰ অসমৰ সামাজিক আৰু ৰাজনৈতিক জগতখনত হোৱা পৰিৰ্ৱতন সৰ্ম্পকে আমাৰ দৰে সদ্য কৈশোৰপ্ৰাপ্তসকল স্বাভাৱিকতেই অজ্ঞাত আছিলো, মাত্ৰ ইয়াকে জানিছিলো যে এতিয়াৰে পৰা অসমৰ জিলা দহখনৰ পৰিৰ্ৱতে ওঠৰখন হ’ল। তাৰ আগলৈকে অসমৰ দহখন জিলাৰ নাম জিভাৰ আগত আছিল। স্কুলত ছাৰে জিলা দহখনৰ নাম সুধিলে ফৰফৰাই কওঁ --- “ শিৱসাগৰ (নিজৰ জিলাখনৰ নামটো সদায় আগত কওঁ), ডিব্ৰুগড়, লক্ষীমপুৰ , দৰং , কামৰূপ , নগাওঁ , গোৱালপাৰা, কাৰ্বিআলং , উত্তৰ কাছাৰ পাৰ্বত্য জিলা আৰু কাছাৰ।

যিদিনাখন শিৱসাগৰ জিলাখন ভাঙি তিনিখন জিলা গঠন কৰিলে বুলি শুনিছিলো সেই দিনাখন মনটো কিবা এটা বেয়া লাগিছিল। তাৰমানে এতিয়াৰে পৰা আমাৰ শিৱসাগৰ জিলাত এয়াৰপৰ্ট, বিশ্ববিদ্যালয়, মাজুলী এইবোৰ নাথাকিব। সেই ধাপলি মেলি থকা ঘোঁৰাটোক চৰকাৰে কাটি তিনি টুকুৰা কৰিলে। হয়তো প্ৰশাসনিক আৰু আইন শৃংখলাৰ সুবিধাৰ বাবেই চৰকাৰে এই ৰাজনৈতিক সিদ্ধান্ত লৈছিল। নতুন শিৱসাগৰ জিলাতো গৌৰৱ কৰিব পৰাকৈ অনেক কিবাকিবি আছে আৰু তাৰ ভিতৰত আহোম প্ৰশাসনৰ ঐতিসাহিক সমল আৰু স্মৃতি চিহ্নবোৰ অন্যতম। এই স্মৃতিচিহ্নবোৰৰ ভিতৰত চৰাইদেউস্থিত ৰজাঘৰীয়া মৈদামবোৰ কালিৰে পৰা শিৱসাগৰ নামৰ জিলাখনৰ পৰা আঁতৰি গৈছে, কাৰণ চৰাইদেউৱে নতুন জিলাৰ স্বীকৃতি পাইছে। খৱৰটো শুনি মোৰ সেই ধাপলি মেলা ঘোঁৰাটোলৈ আকৌ মনত পৰিল। আগৰ ধাপলি মেলা ঘোঁৰাটোৰ গলধনৰ পৰা মুখখনলৈকে যদি শিৱসাগৰ জিলাৰ ভাগত পৰিছিল, মাজৰচোৱা পৰিছিল যোৰহাটত আৰু নেজৰচোৱা গোলাঘাটত। আৰু কালি ঘোঁৰাটোৰ মুখখন কাটি চৰাইদেউ জিলাক দি দিয়া হ’ল, শিৱসাগৰলৈ বুলি গলধনৰ এচোৱা থাকিল।

নতুন দেশ , ৰাজ্য আৰু জিলা সৃষ্টি হোৱাৰ নেপথ্যৰ ৰাজনীতি বেলেগ বেলেগ হব পাৰে। নতুন দেশৰ জন্ম যাতনা প্ৰায়ে বিভিষিকাময় হয়, এইকথা অন্ততঃ আমাৰ দৰে ভাৰতীয় আৰু আমাৰ দৰে অসমীয়াই ভালকৈয়ে বুজি পাওঁ আৰু নতুন ৰাজ্য সৃষ্টিৰ পৰিস্থিতি তাতকৈ কম অশান্তিপুৰ্ণ হয় যদিও ইয়াৰ বাবে হোৱা শ্বহীদৰ সংখ্যাও কম নহয় আৰু নতুন জিলা সৃষ্টিত শাসকে বিশেষ সমস্যাৰ সন্মুখীন নহয় , কাৰণ জিলা এখন সৃষ্টিৰ অন্যতম আৰু মুখ্য কাৰণ প্ৰশাসনিক সুবিধা তথা আইন শৃংখলা ৰক্ষাৰ বাবে হোৱা সুবিধা। তথাপিও আজিৰ পৰিস্থিতিত আমাৰ ৰাজনীতিকসকলে জিলা গঠনৰ সময়তো ৰাজনৈতিক সুবিধা আদায় কৰিবলৈ বৃথা প্ৰচেষ্টা চলায়।

এই চেগতে চৰাইদেউ সহিতে আন পাঁচখন সদ্য স্বীকৃতিপ্ৰাপ্ত জিলাৰ বাসিন্দাসকললৈ অভিনন্দন জ্ঞাপন কৰিলো। এতিয়াৰে পৰা ডি.চি অফিচলৈ যাওঁ বুলি চৰাইদেউৰ মুহকুমাধিপতিৰ কোনোবা চাকৰিয়ালে শিৱসাগৰ চহৰৰ শহুৰেকৰ ঘৰত দুপৰীয়া ভাতমুঠি খোৱাৰ মুদা মৰিল, ঠিক তেনেকৈ বিশ্বনাথৰ কোনোবা চৰকাৰী চাকৰিয়ালে তেজপুৰলৈ গৈ ছুটি নোলোৱাকৈ মাইকী খুলশালীৰ দেওৰেকৰ বিয়াখন খোৱাৰো মুদা মৰিল।

ইয়াৰ বিপৰীতে নতুন পাঁচটা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সৃষ্টি হব, নতুন ডি.চি ছাৰ, নতুন এছ পি ছাৰ আহিব, আহিব নতুন জিলাৰ আছুতীয়া বাজেট। ঠিকাদাৰ , বিষয়া , কেৰাণীৰ নতুনকৈ ব্যস্ততা বাঢ়িব। বাতৰি কাকতৰ পৃষ্ঠাত চৰাইদেউ , বিশ্বনাথ জিলাৰ নতুন কেলংকাৰীয়ে ঠাই পাব। নতুন পাহাৰীয়া জিলালৈ আহিব নতুন হেজাৰ কোটিটকীয়া অনুদান আৰু হয়তো সৃষ্টি হব আন এটা নতুন হেজাৰ কোটিটকীয়া কেলেংকাৰী।

কিমধিকমিতি ..........................

No comments:

Post a Comment