১৫ আগষ্টৰ পুৱা ৬বাজি ৪৫মিনিট যোৱাত ৰাজধানী চহৰ ডোহাৰ আবু হামুৰস্থিত ভাৰতীয় দূতাবাসৰ অধীনস্থ ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰত উপস্থিত হৈ দেখা পালোঁ যে ভবনটোৰ চৌদিশৰ পথাৰসমূহত আঢ়ৈশখনমান গাড়ী ইতিমধ্যে গোট খাইছেই৷ কুৰিখনমান ক'লা বৰণৰ বাইকত দুই তিনিখনকৈ আমাৰ দেশৰ তিৰংগী পতাকা সগৰ্বে বতাহত নাচি থকা দেখি মনটো ভাল লাগি আহিল৷ প্ৰবেশদ্বাৰৰ সন্মুখত দেখা পালোঁ দুখন কাটাৰী পুলিচৰ চৰকাৰী বাহন৷ কেইজনমান পুলিচে প্ৰবেশদ্বাৰত মেটেল ডিটেক্টৰৰ সহায়ত আগন্তুক লোকসকলক পৰীক্ষা কৰিহে সাংস্কৃতিক কেন্দ্ৰৰ চৌহদত প্ৰবেশৰ অনুমতি দিছে৷বিগত ৫বছৰে এনে ব্যৱস্থা কাহানিও দেখা নাছিলোঁ৷ বিশ্বজুৰি বৰ্ধিত আতংকী গোটৰ ভাবুকিৰ পৰিপেক্ষিততেই এনে অতিৰিক্ত সতৰ্কতামূলক ব্যৱস্থা কৰা হৈছে বুলি বুজি ললোঁ৷
ঘড়ীৰ কাটাত ঠিক ৭টা বজাৰ লগে লগে কাটাৰৰ ভাৰতীয় ৰাজদূত সঞ্জীৱ অৰোৰাই পতাকা উত্তোলন কৰে আৰু তাৰ পিছতে কণকণ স্কুলীয়া ছাত্ৰছাত্ৰী সকলৰ এটা দলে ৰাষ্ট্ৰগান 'জনগন মন--' সমবেত কন্ঠত পৰিবেশন কৰে৷ইয়াৰ পিছত সকলোলোকে সুসজ্জিত অশোকা হলত প্ৰবেশ কৰে৷ অভ্যাগতসকলে আসন গ্ৰহণ কৰাৰ পিছত ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সভাপতি গিৰিশ কুমাৰে সকলোকে আদৰণি জনাই এক চমু ভাষণ দিয়ে৷ইয়াৰ পিছত মঞ্চলৈ আহে ৰাজদূত সঞ্জীৱ অৰোৰা৷ মাননীয় ৰাজদূতে সকলোকে ভাৰতবৰ্ষৰ ৬৯তম স্বাধীনতা দিৱসৰ উষ্ণ অভিনন্দন জনাই আৰু ১৪আগষ্টৰ সন্ধিয়া ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীয়ে দেশবাসীক উদ্দেশ্য কৰি দিয়া ভাষণ পাঠ কৰি শুনায়৷সকলোৰে বিশেষ দৃষ্টি আকৰ্ষণ কৰা ৰাষ্ট্ৰপতিৰ ভাষণৰ দুটিমান কথা হ'ল : আজি ৰণস্থলীত পৰিণত হোৱা সংসদক সংকটমুক্ত কৰাৰ বাবে এক গভীৰ চিন্তনৰ আৱশ্যক৷ আমাৰ গণতন্ত্ৰৰ শিপা গভীৰ কিন্তু ইয়াৰ পাতবোৰ সৰিব ধৰিছে৷ মহাত্মা গান্ধীৰ এটি উক্তিৰ ভাৱাৰ্থ আছিল এনেকুৱা - ভাৰতবৰ্ষ এক মহাসাগৰ৷ কেইটোপালমান অশুদ্ধ পানীয়ে ইয়াৰ পবিত্ৰতা জানো বিনষ্ট কৰিব পাৰিব ?
ইয়াৰ পিছত ভাৰতীয় স্কুলৰ ছাত্ৰ ছাত্ৰীৰ দলে মঞ্চত সুললিত কন্ঠত পৰিবেশন কৰে - 'এ মেৰে বতনকে লোগো', 'বন্দে মাতৰম'কে ধৰি কেইটিমান শিহৰণকাৰী দেশপ্ৰেমমূলক গীত৷ ইয়াৰ পিছত শলাগৰ শৰাই আগবঢ়ায় ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সাংস্কৃতিক বিভাগৰ মুৰব্বী শ্ৰীমতী জয়তী মৈত্ৰই৷ এনেদৰেই এক চমু অথচ গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানৰ সামৰণি পৰে৷ অনুষ্ঠানৰ শেষত ডোহাৰ 'ইণ্ডিয়ান কফি হাউসে' যোগান ধৰা দক্ষিণ ভাৰতীয় জলপানেৰে সকলো অতিথিক অপ্যায়ণ কৰা হয়৷ পৰম্পৰাগতভাবে স্বাধীনতা দিৱসৰ পৰৱৰ্তী নানাবৰণীয়া সাংস্কৃতিক অনুষ্ঠান এটি বিশাল ভব্য ভৱনত অহা মাহৰ ১৮তাৰিখ শুকুৰবাৰে গণ্যমান্য আমন্ত্ৰিত দেশী-বিদেশী অতিথিসকলৰ আগত আয়োজন কৰা হব৷
বিয়লিলৈ কাটাৰ অসম সমাজৰ এজন সক্ৰিয় সদস্য বন্ধু অভিজিত চন্দাৰ পৰা বাৰ্তা পালোঁ - আজি ভাৰতীয় হিচাবে গৰ্বিত অনুভৱ কৰিছোঁ৷ মই কাম কৰা অন্তৰ্ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানটোৰ মুৰব্বী এড্ৰিয়ান ক্লিচবাই এজন ব্ৰিটিছ নাগৰিক৷ তেওঁৰ ককাক আৰু তেওঁৰ সতি-সন্তনি এই চাৰিওটা জেনেৰেচনৰে ভাৰতৰ সৈতে সুসম্পৰ্ক আছে৷ আজি আমাৰ কোম্পানীৰ সকলোলোকে একগোটহৈ ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস পালন কৰিলে৷ কৰ্মচাৰীসকলৰ ভিতৰত ১১জন ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশৰ আৰু ১৩জন বিশ্বৰ ভিন্ন ভিন্ন দেশৰ নাগৰিক- তাৰ ভিতৰত পাকিস্তান আৰু ব্ৰিটেইনৰলোকো আছে৷ এড্ৰিয়ান ক্লিচবাইয়ে দিয়া উদ্বোধণী ভাষণেৰে আমাৰ কাৰ্যসূচীৰ শুভাৰম্ভ হয়৷ অফিচৰ বহল স্ক্ৰীণত চনু নিগম আৰু আন আন গায়কে ন ৰূপত গোৱা জন গণ মন উপভোগ কৰোঁ- য’ত আমাৰ অসমৰ পাপনেও অংশ লোৱা দেখা পালোঁ৷
স্বাধীনতা দিবসৰ বিষয়ে লিখনি ইমানতেই শেষ হোৱা নাই৷ভাৰতবৰ্ষৰ প্ৰখ্যাত কথক নৃত্যৰ শিল্পী প্ৰাচী শ্বাহে কাটাৰৰ স্বাধীনতা দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি যোৱা ৬আগষ্টত ডোহাৰ বিৰলা পাব্লিক স্কুলত এক মনোমোহা নৃত্যানুষ্ঠানত অংশগ্ৰহণ কৰে৷কাটাৰলৈ অহাৰ আগতে তেওঁৰ দলটোৱে ইজিপ্ত আৰু জৰ্ডানত ভাৰতীয় দূতাবাসৰ সাংস্কৃতিক অনুষ্ঠানত ভাগ লৈছিল৷৫আগষ্টত ডোহাৰ কাটাৰা সাংস্কৃতিক ভিলেজৰ মঞ্চটো কাটাৰী, ভাৰতীয় আৰু অনেক বিদেশী দৰ্শকৰ আগত কথকৰ নৃত্যানুষ্ঠান কৰি ৰাইজ আৰু প্ৰেছৰ ভূয়সী প্ৰশংসা লাভ কৰিছিল৷
মোখনিত ইমানেই কমযে প্ৰবাসত স্বাধীনতা দিৱস উদযাপনৰ এক সুকীয়া আমেজ,স্বকীয় মাদকতা আছে যাক বৰ্ণনা কৰিব নোৱাৰি মাথো উপলদ্ধিহে কৰিব পাৰি৷ ইতিমধ্যে আন আন প্ৰবাসী অসমীয়াই পালন কৰা চিত্ৰসমূহ ফেচবুকৰ মাধ্যমেৰে আপোনালোকৰ বহুতৰে দৃষ্টিগোচৰ হৈছে নিশ্চয়৷

১৬আগষ্ট ২০১৫, কাটাৰৰ ডোহাৰ পৰা প্ৰেৰিত৷
No comments:
Post a Comment