গুজৰাটৰ পাইপেৰে এতিয়া
মুছলমানৰ তেজ বয়নে?
মৃদুল কুমাৰ সন্দিকৈ
মৃদুল কুমাৰ সন্দিকৈ

এতিয়া প্ৰশ্ন হয়, অসমবাসীয়ে কোনজন হিমন্ত বিশ্ব শৰ্মাক বিশ্বাস কৰিব? কংগ্ৰেছী হিমন্ত বিশ্ব শৰ্মাৰ তেতিয়াৰ কথানে গেৰুৱা বসন পিন্ধা এতিয়াৰ কথা! শৰ্মা ডাঙৰীয়া, আপুনিয়েই জানো এদিন ৰাজহুৱাকৈ কোৱা নাছিল, ‘মোৰ তেজত কংগ্ৰেছ’। ৰাইজে সেয়া জানিব বিচাৰিছে, বিসম্বাদ কৰি কি আপুনি তেজৰ গ্ৰুপেই কি সলনি কৰি পেলালে।
অসমৰ ৰাজনীতিত সক্ৰিয় নেতা হিচাপে আপোনাৰ ভাল-বেয়া বহু কথাই ৰাইজৰ মাজত আলোচনা হৈছিল। বহু কেলেংকাৰীৰ খবৰ আৰু সেই খবৰৰ খলনায়কৰূপে আপোনাক বিবেচিত কৰি বেজিপৰ ৰাষ্ট্ৰীয় নেতাই পুস্তিকা আকাৰত ছপা কৰি ৰাইজক বিলাই দিছিল, অৱগত কৰিছিল। এতিয়া কি হ’ব অভিযোগবোৰৰ? বিজেপিৰ শিবিৰত অৱস্থান লোৱাৰ পাছত স্বতঃস্ফুৰ্ত ভাৱে আপুনি নিকা হৈ পৰিল নেকি? আপুনি সেইবোৰৰ পৰা মুক্ত বুলি বিজেপিৰ শীৰ্ষ নেতৃত্বই আকৌ ৰাজহুৱাকৈ আপোনাক ক্লীনচীট দিবনে? নহ’লে ৰাইজ বিবুধিত পৰিব। আপোনাৰ গাত জাপি দিয়া বিজেপিৰ অভিযোগ আৰু আপুনি বিজেপিৰ সন্দৰ্ভত কৰা মন্তব্যবোৰে অসমবাসীক ভাবিবলৈ বাধ্য কৰাব যে স্বাৰ্থ সিদ্ধিৰ বাবেহে আপোনালোক এক হৈছে। আপোনালোকে পৰিৱেশ-পৰিস্থিতি সাপেক্ষে অসমবাসীক আভুৱা ভাঁৰিবলৈ নাটক কৰে আৰু ভৱিষ্যতেও কৰি যাব।
কোন ৰাজনৈতিক দলত আপুনি যোগ দিয়ে সেয়া ৰাজনৈতিক দৃষ্টিকোণেৰে আমাৰ বাবে সঁচাকৈয়ে ডাঙৰ খবৰ নহয়। আপোনালোকৰ মুখাবোৰ খোল খোৱাৰ পিছত সঁচা মানুহজনক দেখি তৱধ মনাৰ বাদে আৰু কৰিব পাৰো কি? ২০১৩ চনৰ ১৩জুলাই আপুনি টুইটাৰ লিখিছিল-‘We are loyal congress worker and we have no personal ambition ’ আৰু এতিয়া লিখিব নৰেন্দ্ৰ মোদীৰ অনুগামী বুলি। যাৰে আপুনি অনুগামী নহওক তাত আমাৰ ক’ব লগা একো নাই। সাধাৰণ জনতাৰ উন্নয়ণত বিধি-পথালি হৈ থিয় আপুনি যদি সুবিধা আৰু স্বাৰ্থৰ অন্বেষণতে আছিল তেন্তে স্পষ্টকৈ আজি আপুনি নকয় কিয় যে পূৰ্বতে যিবোৰ কথা কৈছিল সেইবোৰ আপুনি ভুলকৈ কৈছিল। ডঃ শৰ্মা, আপোনাক আকৌ এবাৰ সুধিব খোজো-‘গুজৰাটৰ পানীৰ পাইপেৰে এতিয়া মুছলমানৰ তেজ নবয় নেকি?’ আমাৰ দৰে ঘটিৰাম-বাটিৰামবোৰক আপুনি আৰু বিজেপিয়ে এই প্ৰশ্নৰ উত্তৰ নিদিয়েও কোনোৱে একো কৰিব নোৱাৰে। কথা হ’ল সাধাৰণ ৰাইজক আপোনালোকৰ দৰে নেতাবোৰে চাৰ্কাচৰ বহুৱা কৰে কিয়? আপোনাক বাৰু কি স’তে বিশ্বাস কৰো আমি? আৰু বিজেপিক? একেজন হিমন্তৰ নাম কেলেংকাৰীৰ অভিযোগৰ উল্লেখেৰে কৰা পুস্তিকাবোৰত থকা আপোনালোকৰ ইমান ডাঙৰ ডাঙৰ অভিযোগবোৰৰ ভিত্তি ইমানেই নেকি? এতিয়া সেইজনে আদৰি ডাঙৰ ডাঙৰ হৰ্ডিং লাগিব আদৰণিৰ, আয়োজন হব সমাবেশৰ! নে অসমত এতিয়া বিজেপি হৈ পৰিছে অৱহেলিত আৰু নিস্ক্ৰিয় ৰাজনৈতিক নেতাক আশ্ৰয় দিয়া এটা ডাষ্টবিন!
লেখাটি পূৰ্বে জনসাধাৰণ কাকতত প্ৰকাশিত।
No comments:
Post a Comment