পলকতে সুখ-দুখৰ বতৰাঃ ১৪আগষ্ট - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰাঃ ১৪আগষ্ট

পলকতে সুখ-দুখৰ বতৰাঃ ১৪আগষ্ট

Share This
আজিৰ ভাল খবৰবোৰ
১. গুৱাহাটী প্ৰেছ ক্লাৱত কালি উন্মোচিত হয় কাৰাবন্দী প্ৰদীপ কাকতিৰ গ্ৰন্থ “কাৰাগাৰৰ ডায়েৰী”। কাৰাগাৰৰ ভিতৰত আৰ.এইচ.খানক জহা চাউলৰ ভাত দিয়া, জেইলৰে পাখি মিঞাৰ দৰে কুখ্যাত অপৰাধীক ছেলুট মৰা আদিকে ধৰি বহুতো বিস্ফোৰক কথাই গ্ৰন্থখনত সন্নিবিষ্ট হোৱাৰ লগতে জেলৰ ভিতৰৰ বহুতো অকথ্য দিশ উদঙাই দিয়া বুলিও বাতৰি প্ৰকাশ পাইছে।

২. অসম ক্ৰীড়া সাংবাদিক সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী আৰু প্ৰাক্তন সভাপতি প্ৰেমধৰ শৰ্মাক ৰাষ্ট্ৰীয় ক্ৰীড়া উ
সাহন পুৰস্কাৰ নিৰ্বাচক কমিটীত অন্তৰ্ভুক্ত কৰা হৈছে বুলিও সুখবৰ প্ৰকাশ পাইছে।

৩. দুলীয়াজান দবা একাডেমী আৰু অইলৰ উদ্যোগত তথা সদৌ অসম দবা সন্থাৰ সহযোগত দুলীয়াজানত সামৰণি পৰা উত্তৰ-পূৱ দবা প্ৰতিযোগিতাতত গুৱাহাটীৰ দেৱাশিস দত্তই চেম্পিয়ন আৰু দুলীয়াজানৰ ঋষিদীপ বৰদলৈয়ে ৰানাৰ্ছ আপৰ খিতাপ অৰ্জন কৰিছে।


৪. গ্ৰাম্য ক্ৰীড়াৰ উত্তৰণৰ হেতু নলবাৰীৰ বৰক্ষেত্ৰীৰ বৃহত্তৰ নাৰায়ণপুৰ ক্ৰীড়া সন্থাই দ্বিতীয় বাৰ্ষিক দীনেশ মহন্ত সোঁৱৰণী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাখন অহা ১৬আগষ্টৰ পৰা আয়োজন কৰিছে। আনফালে ৰঙিয়াৰ বালিসত্ৰত একেদিনাৰ পৰাই অনুষ্ঠিত হব সপ্তদশ বাছা ফুটবল প্ৰতিযোগিতা।

৫. ব্ৰহ্মপুত্ৰৰ মধ্যৱৰ্তী অংশত তিনিটাকৈ বিশাল জলবিদ্যুত প্ৰকল্প স্থাপনৰ বাবে চীনে গ্ৰহণ কৰা পদক্ষেপক লৈ বেইজিং প্ৰশাসনৰ ওচৰত ভাৰত চৰকাৰে আনুষ্ঠানিক ভাৱে উদ্বেগ প্ৰকাশ কৰিছে। এই কথা লোকসভাক বিভাগীয় মন্ত্ৰীয়ে অৱগত কৰে।


৬. ছ’নী টিভিৰ ইণ্ডিয়ান আইডলৰ চূড়ান্ত পৰ্যায়তো স্ব-প্ৰতিভাৰে জিলিকি উঠা বিশ্বনাথ চাৰিআলিৰ জীয়ৰী নাহিদক ভোটদান কৰি বিজয়ী কৰাৰ বাবে বিশ্বনাথ চাৰিআলিত গুণগ্ৰাহী তথা সহপাঠী সকলে এটি সমদলো উলিয়াই। নাহিদৰ সমৰ্থনত ভোটদান কৰাৰ বাবে সকলো অসমীয়া ৰাইজক সদলবলে ওলাই আহিবলৈকো আমিও আহ্বান জনাইছো।


৭. অসম চুক্তি সন্দৰ্ভত আছুৱে আয়োজন কৰা দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনাচক্ৰৰ ১৩টা প্ৰস্তাৱ সংগঠনটোৱে ৰাজহুৱা কৰিছে। অসমত চিনাক্ত হোৱা অবৈধ বাংলাদেসীক উভোতাই পঠোৱাৰ বাবে দ্বিপাক্ষিক চুক্তি বাংলাদেশৰ সৈতে স্বাক্ষৰ কৰাৰ বাবে সংগঠনটোৱে প্ৰধানমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিছে। অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ বাবে সময় নিৰ্ধাৰিত কাৰ্যসূচী গ্ৰহণ, সীমান্ত ছীল, অনুপ্ৰেৱশকাৰীক দেখা মাত্ৰেই গুলীওৱাৰ দৰে পদক্ষেৰ লবলৈতো আছুৱে দাবী জনোৱা বুলি জানিব পৰা গৈছে।


৮. দ্বাদশ মৃত্যুবাৰ্ষিকীত ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ সোঁৱৰণত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি তথা সাংস্কৃতিক কাৰ্যসূচীৰ। ভবেন্দ্ৰ নাথ শইকীয়া শিশু কল্যাণ ন্যাসৰ উদ্যোগত কন কন শিশু সকলে বৰ্ণাঢ্য সাংস্কৃতিক সমলেৰে শ্ৰদ্ধাৰ্ঘ আগবঢ়ায়।


৯. দেশজুৰি পুৰণি গাড়ীৰ পৰা হোৱা প্ৰদূষণ ৰোধৰ বাবে এখন অভিলাষী আঁচনিৰ কথা চিন্তা কৰিছে কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহন বিভাগে। এই অনুসৰি দহ বছৰৰ অধিক পুৰণি গাড়ী সমূহক পথৰ পৰা আঁতৰোৱাৰ বাবে ত্ৰিশ হাজাৰৰ পৰা ডেৰ লাখ টকালৈকে মালিকক দি পুৰণি গাড়ী কিনি লোৱাৰ বাবে প্ৰস্তাৱ বিবেচনা কেন্দ্ৰীয় চৰকাৰে কৰি থকাৰ খবৰো প্ৰকাশ পাইছে।


১০. দীৰ্ঘদিনীয়া প্ৰস্তুতিৰ অন্তত কালিৰে পৰা ৰাজ্যত প্ৰৱৰ্তন হৈছে ডাইনী হত্যাৰ বিৰুদ্ধে কঠোৰতম আইন। সৰ্বসন্মতভাৱে বিধান সভাত গৃহীত হোৱা এই আইন অনুসৰি ডাইনী সজোৱাৰ পৰা অত্যাচাৰৰ বাবে সাত বছৰ পৰ্যন্ত কাৰাবাসৰ ব্যৱস্থা কৰা হৈছে বুলিও জানিব পৰা গৈছে।

No comments:

Post a Comment