সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

কটনৰ পৰা পদুমলৈঃ খলকনি হিমন্তৰ
অগ্নিভ দত্ত
আজিৰ পৰা প্ৰায় ২৫ বছৰৰ আগৰ কথা। চকুত অযুত সপোন মনত অফুৰন্ত সাহসেৰে ১৯৯০ চনৰ আগষ্ট মাহৰ কোনোবা এটা দিনত চিৰ চঞ্চলা চিৰযৌৱনা কটন কলেজত নাম ভৰ্ত্তি কৰিলোগৈ। কটনত পঢ়িম তাকো হোষ্টেলত থাকি, মনতো উগুল থুগুল লাগি থাকিল। মোৰ ভাগত হোষ্টেল পৰিল ঐতিয্যপূৰ্ণ চেকেণ্ড মেছ। নামভৰ্ত্তিৰ পাছত হোষ্টেলৰ অধীক্ষকৰ ৰুমলৈ গৈ হোষ্টেলৰ ফিজ আদিকে ধৰি বিধিমতে কৰিব লগা কামখিনি কৰি ওলাই আহোতেই হোষ্টেলৰ ইতো মূৰৰ পৰা কোনোবা এজনে মাত দিলে সেই ফালে যাবলৈ । ইমান দিনে ৰেগিঙ , চিনিয়ৰ এইবোৰ শব্দ শুনিহে আছিলো এতিয়া কি দেখো কি শিকো ভাবি ভাবি আগবাঢ়ি গ’লো।

ইতিমধ্যে আৰু দুই তিনিজন গোট খাইছেই। লাহে লাহে সেই খিনি পোৱাৰ পাছত ৰুমটোৰ ভিতৰলৈ মাতি নিলে এজনে। নাম কি ঘৰ ক’ত এইবোৰ সুধি থাকোতেই এজনে বহিবলৈ ইংগিত দিয়াত ওচৰৰে বিচনাখন দেখি তাতেই বহি দিলো। বহাৰ লগে লগেই এজনে চিঞৰ মাৰি উঠিল – খালি খালি তই ক’ত বহিলি ? কি হ’ল ধৰিব নোৱাৰি বিচনাৰ পৰা জাপ মাৰি উঠি বিচনাখনৰ ফালে চাব ধৰিলো কি হ’ল বুলি ।
ধেৎ তই তেনেকৈ বহি দিলি সেইখন বিচনাত। সেৱা কৰ সেৱা কৰ বিচনাখন প্ৰথমে ভুল ভ্ৰান্তি হ’লে মাফ কৰিব বুলি। এইমাত্ৰ যে ওলাই গল কোন আছিল গম পাৱনে ? হিমন্তদা আছিল বুইছ ! তেখেতেই এইখনত বহি আছিল । ইমান ডাঙৰ মানুহ বহি থকা বিচনাখনত ফটকে বহি দিছ। মাফ খুজ মাফ খুজ বিচনা খনক।

পিছৰ কথাখিনি মনলৈ নোসোমালেগৈ। মনতো হে বেয়া লাগি গ’ল ইমান ওচৰতে পাইও মানুহজনক দেখা নাপাল। হয় সেইজনেই আছিল হিমন্ত বিশ্ব শৰ্ম্মা। তেতিয়াও আজিৰদৰেই চৰ্চিত নাম। অতি কৌশলী আৰু অতি সুচতুৰ ছাত্ৰ নেতা বুলি তেখেতৰ নাম কটনত নাম লিখোৱাৰ আগতেই শুনি আহিছিলো। গতিকে মানুহজনক ওচৰতে পাইও লগ নোপোৱাৰ দুখ এটা থাকিল। লাহে লাহে আমিও কটনৰ আৱহাৱাত মিলি গ’লো। তাৰ লগে লগে হিমন্ দাৰ ভাল বেয়া অসংখ্য মুখৰোচক কথাই মানুহজনৰ প্ৰতি কৌতূহলী কৰি তুলিলে । সেই সময়ত কটনৰ হোষ্টেল সমুহৰ বিশেষকৈ চেকেণ্ড মেছ আৰু থাৰ্ড মেছৰ স্নানাগাৰসমূহৰ যি দূৰবস্থা আছিল সেইবোৰ দেখিলে হয়তো আজিৰ বহুতে কটনত জীৱন নপঢ়ো বুলি শপত খাব। আমি কটন যোৱাৰ আগতে হিমন্ত দাই একক প্ৰচেষ্টাৰে কেনেকৈ সেইসময় মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তক স্নানাগাৰ সমূহ নতুনকৈ নিৰ্মান কৰিবলৈ পইচা মুকলি কৰিবলৈ বাধ্য কৰাইছিল সেইবোৰ সাধুৰ দৰে আমাক আমাৰ চিনিয়ৰ বোৰে কৈছিল। তেনেকুৱা অসংখ্য কথাৰ মাজতে এদিন শুনা পালো হিমন্তদাক আলফাৰ নামত পইচা উঠোৱাৰ অপৰাধত তেতিয়াৰ হিতেশ্বৰ শইকীয়াৰ চৰকাৰে গ্ৰেপ্তাৰ কৰিছে।
ইতিমধ্যে হিমন্তৰ ভাল গুণবোৰৰ লগতে হিমন্তৰ বিপক্ষৰ লোকে হিমন্তৰ বিপক্ষেও প্ৰচাৰ আৰম্ভ কৰি দিয়া লাগিল। ইতিমধ্যে বাতৰি ওলাল হিমন্ত দাই হেনো গোপনে হিতেশ্বৰ শইকীয়াৰ লগত হাত মিলালে। হিমন্তদাক কাঠগড়াত থিয় কৰাই আচামী কৰোৱাত পৰাগ দাসদাই মূখ্য ভুমিকা ল’লে। পৰাগদাহঁতে হিমন্তক এক জাতীয় ইচ্ছু কৰি পেলালে। আৰু হিমন্ত আৰু হিতেশ্বৰ শইকীয়াই কটন কলেজৰ ছাত্ৰ ৰাজনীতি যাতে নিজৰ হাতলৈ নিব নোৱাৰে তাৰ কাৰণে পৰাগদাহঁতে আপ্ৰাণ চেষ্টা চলালে। মোৰ কিন্তু কেতিয়াবা কিয় জানো এনে লাগে সেইয়া আছিল হিমন্তৰ এক সুচুতুৰ জাল, যত নেকি পৰাগ দাৰ নিচিনা মানুহো নিজে নজনাকৈয়ে ভৰি দিলে। যাৰ ফলত হিমন্তৰ হয়তো ক্ষন্তেকীয়া লোকচান হ’ল, কিন্তু হিমন্ত হৈ পৰিল হিতেশ্বৰ শইকীয়াৰ একেবাৰে বিশ্বাসভাজনলোক লগতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ চৰ্চাৰ কেন্দ্ৰবিন্দু।

যি কি নহঁওক পৰাগদাহঁতৰ আহ্বানত আমাৰো তেজে তুমুৰলি দি উঠিব ধৰিলে। হিমন্ত দা আমাৰ চকুতো হৈ পৰিল বিশ্বাসঘাটক কংগ্ৰেছৰ হৈ কাম কৰা দালাল। ইতিমধ্যে হিমন্তদা জেলৰ পৰা মুক্ত হৈ ওলাই আহিল। ওলাই অহাৰ পাছতেই শুনা গল কটন কলেজ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ পদৰ বাবে হিমন্তই হেনো প্ৰতিদ্বন্দিতা আগবঢ়াব। বিশ্বাসঘাটক হিমন্তক এচাট দিবলৈ ইতিমধ্যে সকলো সাজু। সেই ইলেকচন খেলাৰ গুজবৰ মাজতে এদিন খবৰ আহিল হিমন্তদা হোষ্টেল আহিব ল'ৰাবোৰৰ লগত কথা পাতিবলৈ। তেতিয়ালৈ আমি হিমন্তদাৰ কথা শুনিহে আছো প্ৰথমবাৰ দেখা পাম ইমান চৰ্চিত মানুহজনক। সময়ত আহিল হিমন্ত দা মিটিংলৈ। প্ৰথম দেখি মনলৈ আহিল ক'তা একো দেখোন মানুহটো ইম্প্ৰেছিভ নহয় । 

মিটিং আৰম্ভ হোৱাৰ আগতে আমি দুজনমানে হিমন্তদাক কিবা-কিবি প্ৰশ্ন সুধি বিপাংত পেলোৱাৰ কথা ভাবি থৈছো। সুধিম বুলি ভাবিছো যদিও মনত অকনমান সংশয় । দুজনকৈ চি এমৰ লগত উঠা বহা মানুহ'aক কিবা সুধিলে কিবা ধৰণে লয় ? যি হয় যি নহয় এই বুলি ভাবি গুনি হিমন্তদা লৈ বুলি এৰিলো এপাত প্ৰশ্ন বান– আপুনি যে জেললৈ যাব লগা হ’ল কিহৰ কাৰণে ? আপুনি জেললৈ যোৱাৰ কাৰণে জানো ঐতিসাহিক কটনৰ নাম কলংকিত নহ'ল ?
প্ৰশ্ন সুধি আমি মনতে ভাবিলো পাব মজাটো এতিয়া। আমাৰ প্ৰশ্ন একান্ত মনে শুনিলৈ তাৰ উত্তৰ দিবলৈ বুলি হিমন্তদাই প্ৰথমেই আৰম্ভ কৰিলে – 'স্বদেশ আৰু স্বজাতিৰ বাবে হিমন্ত বিশ্ব শৰ্ম্মা এবাৰ কিয় হাজাৰ বাৰ জেললৈ যাব। ব্ৰক্ষ্মপুত্ৰৰ পানী .......', বাক্য শেষেই নহ’ল সকলোৰে লগতে হিমন্তক এচাট দিবলৈ ৰৈ থকা সকলেও হাত তালি মাৰি তত নোপোৱা হ’ল। উদাত্ত কন্ঠেৰে যি ভাষন দিলে তাৰ পাছত জেল যোৱা পইচা তোলাৰ কথা কৰবাত পৰি ৰ’ল। কটনৰ উন্নতিৰ কাৰণে কি কৰিব কি নকৰিব তাৰ পৰিকল্পনাৰ কথাকৈ সকলোৰে হাততালিৰ অভিবাদনলৈ হিমন্ত দা গ’লগৈ সেইবাৰ। প্ৰথম বাৰ লগ পাওতেই দেখাত সেই সাধাৰণ মানুহজনে ভাষণেৰে কি দৰে মানুহক সন্মোহিত কৰি ৰাখিব পাৰে অনুভৱ কৰিলো ।
যি কি নহঁওক কিবা কাৰণত সেইবাৰ ইলেকচনত নিজে থিয় নহৈ নিজৰ মনোনিত প্ৰাৰ্থী এজনক নিউ হোষ্টেলৰ পৰা উঠালে। হিমন্ত বিৰোধীতা আমাৰ বুদ্ধিজীৱিমহলৰ পৰা চলিয়েই থাকিল। গতিকে সেই জোৰতে হিমন্তৰ মনোনীত প্ৰাৰ্থীক পৰাজিত কৰি আমাৰ হোষ্টেলৰ জয়দ্বীপ কলিতাক জয়যুক্ত কৰাবৰ কাৰণে আমি উঠি পৰি লাগিলো। জীৱনত প্ৰথমবাৰৰ কাৰণে এনেকুৱা ধৰণৰ নিৰ্বাচনত ওচৰৰ পৰা জড়িত হৈ পৰিলো। আজিৰ দিনত যে আমি কওঁ মোডী ভক্ত বা কেজৰিৱাল ভক্ত, প্ৰথমবাৰৰ বাবে ঠিক তেনেকুৱা হিমন্ত-ভক্ত চকুৰ আগত দেখা পাইছিলো। হিমন্তদা ইলেকচনত নুঠিলেও মানুহজনৰ কি প্ৰভাৱ সেইয়া প্ৰথমবাৰৰ বাবে অনুভৱ কৰিছিলো। হিমন্তৰ গোট আৰু হিমন্তবিৰোধী গোটৰ মাজৰ টেনচন এনেকুৱা প্ৰৰ্য্যায়লৈ পাইছিল গৈ নিজৰ নিজৰ লগৰ বন্ধু বান্ধৱৰ মাজতেই মাত বোল পৰ্য্যন্ত বন্ধ হোৱাৰ নিচিনা হৈছিলগৈ বাকী দম দিয়া শক্তি প্ৰয়াগ কৰা বিলাকতো আছিলেই। হিমন্তদাই বিভিন্ন কৌশলেৰে ইলেকচনত সৰ্বশক্তিৰে নিৰ্বাচনত নামি পৰিল।
আমাৰ হোষ্টেলৰ ময়ূৰদাহঁতৰ নেতৃত্বত ( ইন্টাৰেষ্টিঙলি গোটেই কটনৰ জীৱনত হিমন্তই সমীহ কৰি চলা মানুহৰ ভিতৰত ময়ূৰদাও এজন আছিল, আদৰ্শৰ প্ৰতীক আছিল এসময়ত মেট্ৰিকত তৃতীয় স্থান লাভ কৰা ময়ূৰ দা) হিমন্তৰ সকলো কৌশল উফৰাই জয়দ্বীপদাক বিপুল ভোটত জয়ী কৰাবলৈ সক্ষম হ’লো আমি। সকলোৱে ধৰি ল’লে হিমন্তৰ মনোনীত প্ৰাৰ্থীৰ পৰাজয়ৰ লগে লগে হিমন্তৰ কটনৰ ৰাজনীতিৰ অন্ত পৰিল। কিন্তু পৰিল জানো অন্ত, হিমন্তৰ কেৰিয়াৰৰ? তাৰ পাছৰ বছৰ হিমন্তদা নিজেই সাধাৰণ সম্পাদকৰ প্ৰাৰ্থী হিচাবে থিয় দিলে । এইবাৰো আগৰবাৰৰ দৰেই আমাৰ হিমন্তদাৰ বিৰোধিতা অব্যাহত থাকিল। ঠিক তাৰ লগে লগে পৰাগদাহঁতেও হিমন্ত-হিতেশ্বৰ শইকীয়াৰ কটন অভিযান ৰুদ্ধ কৰিবলৈ সাদিন, প্ৰতিদিন, বুধবাৰৰ পাত ভৰাই দিলে । হিমন্ত হিতেশ্বৰ শইকীয়া আৰু পৰাগদাহঁতৰ সন্মানৰ যুঁজ হৈ পৰিল। হয়তো এইবাৰো পৰাগদাহঁতে নজনাকৈয়ে হিমন্তৰ জালত ভৰি দিলে তাৰ ফলত হিমন্ত হৈ পৰিল ছাত্ৰ ৰাজনীতিৰ এক অন্য নাম!
সকলো বাধাক প্ৰত্যাহ্বান জনাই হিমন্ত সেইবাৰ সাধাৰণ সম্পাদকৰ প্ৰাৰ্থী জয়ী হোৱাৰ লগে লগে হিমন্ত হৈ পৰিল অসমৰ ঘৰে ঘৰে চৰ্চিত নাম আৰু ছাত্ৰ ৰাজনীতিৰ অপ্ৰতিদ্বন্দী নায়ক বা খলনায়ক যিয়েই নকও । আৰু সকলোতকৈ ডাঙৰ সুবিধাটো হ’ল হিমন্তৰ এই ক্ষেত্ৰত অসমৰ ৰাজনীতিৰ আটাইতকৈ বিচক্ষণ ৰাজনীতিবিদ হিতেশ্বৰ শইকীয়াৰ একেবাৰে বিশ্বস্ত মানুহ হৈ পৰিল । তাৰ পাছৰ খিনি এতিয়া কেৱল ইতিহাস। যদিও তাৰ পাছৰ বছৰ পাছলৈ জোনাইৰ বিধায়ক হোৱা ভুবন পেগুৰ হাতত পৰাস্ত হ’ল কিন্তু অসমৰ ৰাজনীতিৰ পথাৰখনত নিজৰ উপস্থিতি কপকপীয়া কৰি পেলালে তেতিয়াই।

আমি বিৰোধ কৰিছিলো ঠিকেই, তথাপি স্বীকাৰ কৰিবই লাগিব যে সেইসময়ত হিমন্তৰ নিচিনা অতি বিচক্ষণ, কূট-কৌশলী, বুদ্ধিমান আৰু সকলোতকৈ ডাঙৰ কথাতো হ’ল কৰ্মপটু ছাত্ৰনেতা কটনত খুব কমেই আছিল। কটনৰ ৰাজনীতিতো তাৰ পাছত হৈ পৰিল হিমন্ত এক অভিন্ন অংগ। হিমন্ত হৈ পৰিল এক 'অনুষ্ঠান'ৰ নিচিনা। কটনৰ ৰাজনীতিত যিয়েই নকৰক কটনৰ আন্ত: গাঠনিৰ উন্নয়নৰ ভেটি কিন্তু হিমন্তই চৰকাৰী কলেজ হিচাবে শাসকৰ পৃষ্ঠপোষকতা লভাই যথেষ্ট টনকিয়াল কৰি আহিল।
এই কথাখিনি মনলৈ আহিল এই কেইদিন হিমন্তকলৈ অসমৰ ৰাজনীতিৰ পথাৰখন উত্তপ্ত হৈ থকা বাতৰি বিলাক দেখি। কিয় জানো সেই ২৫ বছৰৰ আগৰ দিনবোৰলৈ মনত পৰি গ’ল। কৰবাত যেন বিৰাট সাদৃশ্য। পৰাগ দাহঁতে যিদৰে হিমন্তৰ জালত ভৰি দি হিমন্তক ছাত্ৰ ৰাজনীতিৰ অপ্ৰতিদ্বন্দী নায়ক কৰি তুলিলে সেই একেই জালত পৰিছে এইবাৰ সকলো ৰাজনৈতিক দলেই । তেতিয়াও হিমন্ত আছুৰ পৰা ব্যক্তি হিচাবে ওলাই ( বহিস্কাৰ কৰা হৈছিল !!) আহি নিজকে আন এক 'অনুষ্ঠান'ৰ ৰুপত থিয় কৰাবলৈ সক্ষম হৈছিল ঠিক একেদৰেই হঠাৎ এতিয়া হিমন্ত এক ৰাজনৈতিক ব্যক্তিতকৈ নিজেই এক 'অনুষ্ঠান'ৰ ৰুপলৈ পেলোৱাৰ নিচিনা পৰিবেশ সৃষ্টি কৰি পেলাইছে। ইয়াত উজান দিছে জনা-নজনাকৈ চৌবিশ ঘণ্টীয়া চেনেল আৰু মেডিয়ায়ো। অনাগত সময়েহে কব এইয়া কিমান শুদ্ধ। আচৰিত ধৰণেৰে আমি সেই সময়ত কটনত নেদেখাৰদৰেই এতিয়া অসমৰ ৰাজনীতিতো এতিয়া হিমন্তৰ দৰে বিচক্ষণ কূট-কৌশলী, বুদ্ধিমান, কৰ্মপটু ৰাজনীতিবিদ চকুত পৰা নাই।

বিজেপিলৈ যোৱাতো হিমন্তদাৰ বাবে ব্যক্তিগত বিষয়েই হওক বা তেওঁক আদৰি লোৱাটো দলটোৰ মিছন৮৪ৰ বাবে অত্যাৱশ্যকীয় পদক্ষেপেও হওক, তথাপি কালিৰে পৰা অসমৰ ৰাইজৰ মাজত কথাবোৰ চৰ্চিত হৈছে। নৈতিকভাবে যদিও বি জে পি ক সমৰ্থন নকৰো তথাপিও হয়তো অনাগত দিন বিলাকত হিমন্তদাই অসমলৈ এক পৰিবৰ্তনৰ বতৰা কঢ়িয়াই আনিব পাৰিব। হিমন্তদাৰ নতুন ৰাজনৈতিক ইনিংচলৈ আন্তৰিক শুভকামনা যাঁচিলো।

No comments:

Post a Comment