হিমন্তৰ সুঁতি সলোৱা ৰাজনীতি
আশ্ৰাফুল হুছেইন
আশ্ৰাফুল হুছেইন
নৈ-পৰীয়া মানুহৰ বাবে দল-বাগৰাতকৈ চাগৈ উপযুক্ত আৰু শুনিবলৈ ভাল লগা শিৰোনাম হব চাগৈ "সুঁতি সলোৱা ৰাজনীতি"। একালৰ প্ৰবল প্ৰতাপী মন্ত্ৰী ড° হিমন্ত বিশ্ব
শৰ্মাৰ বিজেপি গমন বহুতৰ বাবে চাকনাৰ লগত মদ গিলা হ’লেও আমাৰ বাবে কিছু
ভাবিবলগীয়া। অৱশ্যেই কওঁ- আমি ৰাজনৈতিক বিশ্লেষক নহয়। অনেকেই হিমন্তক
অন্ধ ভাবে ভাল পায়, কাৰণ টেট আৰু এন আৰ এইচ এমৰ চাকৰি কেইটা। তেওঁলোকক
বুজাবলৈ কি কম, ভাষাৰে অভাৱ পৰিছে ! হিমন্তক যি সকলে ভালদৰে জানিছে
তেওঁলোকেহে জানে হিমন্ত কিমান ভয়ানক ! তেওঁৰ ছাত্ৰ ৰাজনীতি ভায়া দলীয়
ৰাজনীতি টু টেলিভিশ্বন চেনেলৰ আঁৰৰ অনেক কাহিনী আমি জানোঁ বা অনেকেই জানে। সেই বাবেই আগতেই
কৈছিলোঁ অসমৰ ৰাজনীতিত ভয়ানক চৰিত্ৰ
সমূহৰ অন্যতম এজন ড° হিমন্ত বিশ্ব শৰ্মা।
হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত ইমান দপদপাই থকাৰ কাৰণ আন-আন যিয়েই নহওক, মুখ্যত ওপজা মাটিৰ পৰশত জন্মা আৰু অসমৰ বাহিৰত মূল শিপা থকা নিউজ চেনেলটোৰ অৱদানেই সৰ্বাধিক । তেওঁৰ পত্নীৰ নামত আৰু তেওঁৰ কামত থকা চেনেলটোৰ পলিচি সময়ে-সময়ে সলনি হোৱা দেখিছিলোঁ । বিশেষকৈ বিটিএডিৰ সংঘৰ্ষ ২০১২ আৰু ২০১৪ৰ মাজৰ পাৰ্থক্য দেখি হতভম্ব হৈছিলোঁ, কেৱল ৰাজনৈতিক মুনাফা বা ভোটবেংকৰ ৰাজনীতি।
এসময়ত এইজন নেতাৰ মুখেৰেই আমি শুনিবলৈ পাইছিলোঁ “গুজৰাটৰ পানীৰ পাইপেৰে মুছলমানৰ তেজ যায়” এতিয়া তেখেতে চাগে বিজেপি দলত যোগদিলে অসমৰ ব্ৰহ্মপুত্ৰৰে তেজ বোৱাবলৈ ! কংগ্ৰেছ ভাল দল নহয়, কংগ্ৰেছ আৰু বিজেপে এটা মুদ্ৰাৰে ইপিঠি-সিপিঠি। তথাপিও কংগ্ৰেছে কেতিয়াবা তোষামোদ আৰু ভোট বেংকৰ ৰাজনীতি কৰে কিছু অসহায় ভোটাৰকলৈ , কিন্তু বিজেপিৰ সেই মানুহখিনিৰ মুঠেই প্ৰয়োজন নাই বৰঞ্চ দমনেই হ’ল মূল এজেণ্ডা বাবেই বিষয়টো আমাৰ বাবে চিন্তনীয়। কবলগীয়া মনৰ কথা আৰু আছিল যদিও সময়ৰ অভাৱ আৰু পাঠকো বিৰক্ত হ’ব বাবে ইমানতে এৰিলোঁ, প্ৰয়োজনত আগলৈ লিখিম ।

No comments:
Post a Comment