কেৰিয়াৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা


দুগ্ধ প্ৰযুক্তিৰ আকৰ্ষণীয় কেৰিয়াৰ
 ড° বুলজিৎ বুঢ়াগোহাঁই

ডেইৰী টেকন’লজী (Dairy Technology) পঢ়ি ছাত্র-ছাত্রীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে। ইয়াৰ বাবে ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা পিছত ডেইৰী টেকন’লজীৰ স্নাতক পাঠ্যক্রমত নাম ভৰ্তি কৰিব পাৰে। ডেইৰী টেকন’লজীত ডিপ্লমা , স্নাতকোত্তৰ আৰু পি.এইচ.ডি. পাঠ্যক্রম কৰিব পাৰি। ‘ডেইৰী টেকন’লজী’ত শিক্ষা গ্রহণ কৰিব পৰা কেইখনমান শিক্ষানুষ্ঠান হ’ল - আনন্দ কৃষি বিশ্ববিদ্যালয় (www.aau.in), এলাহাবাদ কৃষি প্রতিষ্ঠান (http://www.shiats.edu.in), কেৰেলা ভেটেৰিনেৰী এণ্ড এনিমেল চাইঞ্চ ইউনিভাৰ্চিটি (http://www.kvasu.ac.in/), ডেইৰী চাইঞ্চ ইনষ্টিটিউট (http://dairy.maharashtra.gov.in) , নেচনেল ডেইৰী ৰিচাৰ্চ ইনষ্টিটিউট (http://www.ndri.res.in) , পশ্চিমবঙ্গ প্রাণী আৰু মীন বিজ্ঞান বিশ্ববিদ্যালয় ( http://www.wbuafsce.org), মহাৰাষ্ট্ৰ প্রাণী আৰু মীন বিজ্ঞান বিশ্ববিদ্যালয় (http://www.mafsu.in), সঞ্জয় গান্ধী ইনষ্টিটিউট অৱ ডেইৰী টেকন’লজী (http://sgidst.org.in) আদি।

ডেইৰী টেকন’লজীৰ বিভিন্ন ডিপ্লমা আৰু ডিগ্রী লাভ কৰা সকলে চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ দুগ্ধ প্রকল্পবোৰত বিভিন্ন পদত নিযুক্তি লাভ কৰিব পাৰে । যেনে - ডেইৰী টেকন’ল’জিষ্ট (Dairy Technologist) , ডেইৰী চাইণ্টিষ্ট (Dairy Scientist), ডেইৰী চুপৰভাইজৰ (Dairy Supervisor), ডেইৰী মেডিকেল অফিচাৰ (Dairy Medical Officer), ডেইৰী কনচাল্টেণ্ট (Dairy Consultant ) আদি । ইয়াৰ উপৰিও দুগ্ধ প্রকল্প তথা আইক্রিম প্রকল্পৰ যোগেদি স্ব-নিয়োজনৰ ব্যৱস্থা কৰিব পাৰে।

লেখক সহকাৰী অধ্যাপক,যান্ত্রিক অভিযান্ত্রিক বিভাগ, গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী, গুৱাহাটী-৭৮১০১৭, অসম। ফোন: ০৯৪৩৫১-৮৮৬৩০

No comments:

Post a Comment