২০১৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে মোৰ দৰে সৰহসংখ্যক অসমবাসীৰ মনত হয়তো প্ৰশ্ন জাগিছে, এইবাৰ ভোট কাক দিম? প্ৰতি পাঁচ বছৰৰ মূৰত ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাই জনতাক মন পচন্দৰ চৰকাৰ এখন নিৰ্বাচিত কৰাৰ সুযোগ প্ৰদান কৰে। এই সুযোগৰ সদ্ব্যৱহাৰ কৰাটো জনতাৰ পৰম দায়িত্ব।
আজিৰ সময়ত অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট আকৰ্ষণীয় হৈ পৰিছে। সুদীৰ্ঘ পোন্ধৰ বছৰ জুৰি শাসনৰ বাঘজৰী ধৰি ৰখা কংগ্ৰেছ দলে অহা নিৰ্বাচনত আকৌ এবাৰ ক্ষমতালৈ আহিবলৈ আপ্ৰাণ চেষ্টা চলাব। কেন্দ্ৰত শাসনাধিস্থ ভাৰতীয় জনতা পাৰ্টীয়ে বৰ্ধিত লোকপ্ৰিয়তাৰ আধাৰত ২০১৬ চনত কংগ্ৰেছৰ হাতৰ পৰা শাসন কাঢ়ি আনিবলৈ যত্পৰোনাস্তি প্ৰয়াস কৰিব। ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদে ৰাজ্যত কংগ্ৰেছ আৰু কেন্দ্ৰত ভাজপা দলৰ ব্যৰ্থতা আৰু জাতীয়তাবাদীতক মূলধন হিচাপে লৈ নিৰ্বাচনী ৰণত অৱতীৰ্ণ হ’ব। এ আই ইউ ডি এফ দলে সংখ্যালঘু সকলৰ আশা আকাংখ্যা পূৰণ কৰি তেওঁলোকক এক ৰাজনৈতিক শক্তিৰূপে অৱতীৰ্ণ কৰাৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনত নামিব। সেইদৰে অন্যান্য সৰু বৰ দল সমূহে অঞ্চল বিশেষে বিভিন্ন ইছ্যু লৈ নিৰ্বাচনত প্ৰতিদন্দ্বিতা কৰিব। এইখিনিতে প্ৰশ্ন হয় ২০১৬ চনত অসমবাসীয়ে এখন সঁচা অৰ্থত ৰাইজৰ চৰকাৰ লাভ কৰিবলৈ সক্ষম হ’বনে?
গণতন্ত্ৰত ৰাইজেই ৰজা বুলি কোৱা হয়। আব্ৰাহাম লিংকনে কৈছিল গণতন্ত্ৰ হ’ল “Government of the people, by the people, for the people”। অৰ্থাৎ গণতন্ত্ৰত চৰকাৰ হ’ল ৰাইজৰ দ্বাৰা, ৰাইজৰ বাবে ৰাইজৰ চৰকাৰ। কিন্তু ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাত সাধাৰণতে নিজৰ ভোটটো দিয়াৰ বাহিৰে ৰাইজৰ কোনো বিশেষ ভূমিকা নাথাকে। কোনো ৰাজনৈতিক দলে সমষ্টি সমূহত প্ৰাৰ্থী নিৰ্বাচন কৰোঁতে ৰাইজৰ মতামত লোৱাটো প্ৰয়োজনীয় বুলি নাভাবে। ৰাইজে উপযুক্ত বুলি বিবেচনা কৰা প্ৰাৰ্থীয়ে দলীয় টিকট নাপায়। প্ৰায়বোৰ দলৰে প্ৰাৰ্থী নিৰ্বাচনৰ মূল মাপকাঠী হ’ল প্ৰাৰ্থীজনে দলীয় পুঁজিলৈ কিমান বৰঙনি আগবঢ়াব পাৰিব আৰু তেওঁ ছলে বলে কৌশলে নিৰ্বাচনী ৰণত জয়লাভ কৰাৰ সম্ভাৱনা কিমান।
ভাৰতৰ এক তৃতীয়াংশ লোক এতিয়াও দাৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে। দেশৰ এক চতুৰ্থাংশ লোকে লিখা পঢ়া নাজানে। শিক্ষিত, মধ্যবিত্ত বা উচ্চ শ্ৰেণীৰ বহুতো জনা বুজা লোকে ভোট দিবলৈ নাযায় আৰু নিৰ্বাচনী প্ৰক্ৰিয়াটোৰ পৰাই আঁতৰি থাকে। তেনে পৰিস্থিতিত ৰাজনৈতিক দল সমূহে নিৰ্বাচনৰ সময়ত প্ৰদৰ্শন কৰা চমক আৰু প্ৰলোভনৰ ওপৰতে একোজন প্ৰাৰ্থীৰ ভাগ্য নিৰূপিত হয়। শেষ নিশাৰ খেলত সূতা, কম্বল মদৰ প্ৰলোভন দি এতিয়াও পূৰ্বৰ সকলো কথা তল পেলাই ভোট আদায় কৰিব পাৰি। এতিয়াও অপপ্ৰচাৰেৰে ধৰ্মীয় আৰু জাতিগত আবেগ সৃষ্টি কৰি কোনো কোনো ৰাজনৈতিক দলে মানুহৰ মাজত মেৰু বিভাজন সৃষ্টি কৰি ৰাজনৈতিক সুবিধা গ্ৰহণ কৰি আহিছে। তেনে পৰিস্থিতিত সাধাৰণ মানুহে বিচাৰিলেও এখন জনকল্যাণমুখী চৰকাৰ ৰাজ্যত অধিস্থিত হোৱাটো কিমানদূৰ সম্ভৱ সেয়া এক চিন্তাৰ বিষয়।
এইখিনিতে আমি সাধাৰণ ৰাইজে নিজকে প্ৰশ্ন কৰিব পাৰোঁ, আমি সদায়েই ৰাজনৈতিক দলবোৰৰ হাতৰ পুতলা হৈ থাকিম নেকি? ৰাজনৈতিক দলবোৰে নিজৰ খেয়াল খুচি মতে জাপি দিয়া একোজন প্ৰাৰ্থীকে আমি আমাৰ প্ৰতিনিধি বুলি স্বীকাৰ কৰি ল’ব লাগিব নেকি? ৰাজনীতিকে পেছা বা ব্যৱসায় হিচাপে গ্ৰহণ কৰা ধুৰন্ধৰ সুবিধাবাদী সকলকে আমি সদায় নিৰ্বাচিত কৰি থাকিব লাগিব নেকি? আমি নিজাববীয়াকৈ একো কৰিব নোৱাৰোঁ নেকি?
২০১৩ চনৰ দিল্লী নিৰ্বাচনৰ আগলৈকে কোনেও ভাবিব পৰা নাছিল যে মাত্ৰ কেইমাহমান আগতে গঠন হোৱা ‘আম আদমি পাৰ্টী’ নামৰ এটা নবাগত ৰাজনৈতিক দলে বৰ বৰ ৰাজনৈতিক নেতাৰে গিজগিজাই থকা দিল্লীৰ দৰে ৰাজ্যত অকণো প্ৰভাৱ পেলাব পাৰিব বুলি। সেই দলটোৰ নেতৃত্বত আছিল আন্না হাজাৰেৰ লগত জন লোকপাল বিধেয়কৰ দাবীত আন্দোলন কৰি জনচক্ষুৰ সমূখলৈ অহা অৰৱিন্দ কেজৰিৱাল। ভাৰতীয় প্ৰযুক্তি প্ৰতিস্থানৰ (IIT) স্নাতক, ভাৰতীয় প্ৰশাসনীয় সেৱাৰ প্ৰাক্তন ৰাজপত্ৰিত বিষয়া অৰৱিন্দ কেজৰিৱালে সামাজিক জীৱনৰ দুৰ্নীতি নিৰ্মূল কৰাৰ প্ৰতিশ্ৰুতিৰে আম আদমি পাৰ্টী গঠন কৰিছিল। এই দলটোত নাছিল কোনো বিয়াগোম নামী ৰাজনৈতিক ব্যক্তি। দলটোৰ নেতা হৈছিল সামাজিক জীৱনত জনতাৰ মাজত প্ৰতিপত্তি আৰু প্ৰভাৱ থকা কিছুমান সাধাৰণ অৰাজনৈতিক লোক। বৰ বৰ ৰাজনৈতিক দল সমূহৰ নেতাই এই দলটোক এটা ‘জোকাৰৰ সমষ্টি’ (Bunch of jokers) বুলি উপলুঙা কৰিছিল।
নিৰ্বাচনৰ সময়ত দেশৰ সাধাৰণ জনতাই এখন চৰকাৰৰ পৰা কি আশা কৰে, এই বিষয়টোৰ ওপৰত কেতিয়াও যথোচিত গুৰুত্ব দিয়া নহয়। সাধাৰণতে দেখা যায় যে প্ৰতিটো নিৰ্বাচনতে এটা দলে আন এটা দলৰ ব্যৰ্থতা বোৰকে ইছ্যু হিচাপে লৈ পৰিৱৰ্তনৰ আশ্বাসেৰে জনতাৰ মন জয় কৰিবলৈ চেষ্টা কৰে। কিন্তু তৃণমূল পৰ্যায়ত জনতাৰ সমস্যা সমূহ আৰু সেইবোৰৰ সমাধানৰ উপায়ৰ বিষয়ে মুখ নোখোলে। আম আদমি পাৰ্টীয়ে এই বিষয়ত দিল্লীত এক পৰিৱৰ্তনৰ সূচনা কৰিবলৈ সক্ষম হৈছিল। দলটো গঠন হোৱাৰ পিছতে আম আদমি পাৰ্টীয়ে দিল্লীৰ সাধাৰণ মানুহৰ আয়কৰ সম্পৰ্কীয় সমস্যা, বিজুলী আৰু পানীৰ অসুবিধা, অনাময় ব্যৱস্থাৰ শোচনীয় অৱস্থা আদি বিষয়ত জনসাধাৰণক সজাগ কৰাৰ কাম আৰম্ভ কৰে। তথ্য জনা আইনৰ সুবিধা লৈ অৰৱিন্দ কেজৰিৱালে দিল্লী পোৰ নিগম, আয়কৰ বিভাগ, ৰাজহুৱা বিতৰণ ব্যৱস্থা আদিত সংঘটিত কেলেংকাৰী সমূহ উদ্ঘাটন কৰিবলৈ আৰম্ভ কৰি এক দুৰ্নীতি বিৰোধী ভাৱমূৰ্তি গঢ়ি তুলিছিল। সমাজ জীৱনৰ বহু গভীৰলৈ শিপাই পৰা দুৰ্নীতিয়ে ত্ৰাহি মধুসূদন দেখুওৱা সাধাৰণ মানুহে অৰৱিন্দ কেজৰিৱালৰ মাজত বিচাৰি পাইছিল দুৰ্নীতিৰ বিৰুদ্ধে জিহাদ ঘোষণা কৰা এজন সাহসী যোদ্ধা। আম আদমি পাৰ্টীয়ে বহুতো ব্যতিক্ৰমী উপায়েৰে জনতাৰ মূল সমস্যা সমূহৰ লগত সহমৰ্মিতা প্ৰদৰ্শন কৰি জনতাৰ অন্তৰ ষ্পৰ্শ কৰিবলৈ সক্ষম হৈছিল। ঢাক ঢোল বজোৱা, চমকপ্ৰদ প্ৰচাৰৰ সলনি দলটোৱে চুবুৰিয়ে চুবুৰিয়ে নাগৰিক সভা অনুস্থিত কৰিছিল, ৰিক্সাত উঠি, পদূলিয়ে পদূলিয়ে ছাফাই অভিযান চলাই নিৰ্বাচনী প্ৰচাৰ কৰিছিল। ঝাড়ুক প্ৰতীক হিচাপে ব্যৱহাৰ কৰা দলটোৰ কৰ্ম কাণ্ডত মানুহে বিচাৰি পাইছিল এক আন্তৰিক সংযোগ। এনে আন্তৰিক সংযোগৰ ফলশ্ৰুতিতে দিল্লীৰ জনতাই প্ৰথমতে ২০১৩ চনত আৰু শেহতীয়াকৈ ২০১৫ চনৰ নিৰ্বাচনত দলটোৰ সপক্ষে বিপুল পৰিমাণে ভোটদান কৰিছিল। ২০১৫ চনৰ নিৰ্বাচনত অভিলেখ সংখ্যক আসন লাভ কৰি দলটোৱে অপ্ৰতিৰোধ্য দল হিচাপে দিল্লীৰ শাসনভাৰ হস্তগত কৰিবলৈ সক্ষম হ’ল।
আম আদমি পাৰ্টীৰ আটাইতকৈ মন কৰিবলগীয়া কথা বৈশিষ্ট আছিল এয়ে যে দলটোৱে পুঁজিৰ বাবে সাধাৰণ মানুহৰ পৰাহে অনুদান সংগ্ৰহ কৰিছিল। কোনো বৃহৎ কৰ্প’ৰেট গোষ্ঠীৰ ওচৰত শৰণাপন্ন নোহোৱাকৈ ইণ্টাৰনেট আৰু অন্যান্য প্ৰচাৰ মাধ্যমৰ জৰিয়তে দলৰ বাবে অৰিহণা আহ্বান কৰিছিল। আচৰিত ভাৱে দেশ বিদেশৰ পৰা দলীয় পুঁজিলৈ বিপুল পৰিমাণৰ অৰিহণাৰ সোঁত বৈছিল। কিছুদিন আগতে দলীয় পুঁজিৰ শোচনীয় অৱস্থা হোৱাত অৰৱিন্দ কেজৰিৱালে পুনৰ অনুদানৰ বাবে আহ্বান জনাইছিল আৰু এই আহ্বানৰ সঁহাৰি স্বৰূপেও বিপুল পৰিমাণৰ ধন সংগৃহীত হৈছিল।
দিল্লীৰ আম আদমি পাৰ্টীৰ সাফল্যৰ নমুনাই এই কথা প্ৰতিপন্ন কৰিছে যে ভাৰতীয় গণতন্ত্ৰত এতিয়াও ৰাইজে নখ জোকাৰিলে নৈ বয়। ৰাইজে বিচাৰিলে এতিয়াও সাধাৰণ ৰাইজৰ প্ৰতিনিধিয়ে শাসনৰ বাঘজৰী নিজৰ হাতলৈ নিয়াৰ ক্ষমতা আছে। আম আদমি পাৰ্টীৰ সফলতাই এই কথাও প্ৰতিপন্ন কৰিছে যে বিয়াগোম ৰাজনৈতিক দল সমূহৰ ধনবল আৰু সকলো ছল কৌশলৰ বিপৰীতে জনতাই মাৰ বান্ধি ঠিয় দিব পাৰিলে এতিয়াও জনতাৰ প্ৰকৃত প্ৰতিনিধিৰ হাতলৈ ক্ষমতা হস্তান্তৰ হোৱাটো সম্ভৱ।
আজিৰ পৰিস্থিতিত অসমত জনতা যথেষ্ট বিভ্ৰান্ত হৈছে। অহা বিধানসভাৰ নিৰ্বাচনত কোনটো ৰাজনৈতিক দলৰ সপক্ষে ভোটদান কৰিব জনতাই সঠিককৈ ঠাৱৰ কৰিব পৰা নাই। কোনো এটা দলৰ সপক্ষে প্ৰবল নিৰ্বাচনী ঢৌ এতিয়াও সৃষ্টি হোৱা নাই। কোনো এটা প্ৰতিস্থিত ৰাজনৈতিক দলৰ পৰা জনতাই সাংঘাটিক পৰিৱৰ্তন আশা কৰিব পৰা নাই। ভাজপা দলে নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা আৰু উন্নয়নৰ শ্লোগানৰ আধাৰত এক পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি আগবঢ়াইছে যদিও জনতা বৰকৈ আশ্বস্ত হ’ব পৰা নাই। হাইকমাণ্ড সৰ্বস্ব সৰ্বভাৰতীয় ৰাজনৈতিক দল সমূহৰ হাতত ৰাজ্যখনৰ স্বাৰ্থ সুৰক্ষিত হ’ব বুলি জনতা পতিয়ন যোৱা নাই। আনহাতে অগপ দলৰ দুৰ্বল স্থিতি আৰু এক শক্তিশালী তৃতীয় বিকল্পৰ অভাৱত আঞ্চলিক স্বাৰ্থৰ হকে মাত মতা দলৰ প্ৰতিও মানুহ আকৰ্ষিত হোৱা নাই। এনে পৰিস্থিতিত অসমত এখন ওলোমা বিধান সভাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। আনহাতে এনে পৰিস্থিতিয়ে জনতাৰ বাবে এক বিকল্প চিন্তাৰ সম্ভাৱনাৰ দুৱাৰো মুকলি কৰিছে।
এই সময়ত অসমত আৱশ্যক হৈছে অৰৱিন্দ কেজৰিৱালৰ দৰে এজন শক্তিশালী আৰু বিচক্ষণ নেতাৰ, যিজনৰ নেতৃত্বত সমাজত সাধাৰণ মানুহৰ বাবে কাম কৰিব পৰা সৎ আৰু নিস্থাবান মানুহৰ এটা দল গঠন হ’ব পাৰে, যিটো দলে জনতাৰ কাষলৈ গৈ তেওঁলোকৰ মৰ্ম বেদনা অনুভৱ কৰি মানুহক আশ্বস্ত কৰিব পাৰে যে অনাগত দিনলৈ মানুহে আশাৰে বাট চাব পাৰে।
তেনে এজন অবিসম্বাদী নেতাৰ অভাৱত অহা বিধানসভাৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী নিৰ্বাচনৰ প্ৰস্তুতি জনতাই নিজাববীয়াকৈও আৰম্ভ কৰিব পাৰে। প্ৰতি অঞ্চলতে এনে কিছুমান প্ৰভাৱশালী ব্যক্তি নিশ্চয় আছে, যিসকলৰ জনতাক প্ৰতিনিধিত্ব কৰিব পৰা গুণ আছে আৰু যিসকলৰ সততা আৰু কৰ্তব্যনিস্থাৰ প্ৰতি জনতাৰ আশ্বাস আছে। প্ৰতি অঞ্চলৰ পৰা তেনে লোকৰ এখন তালিকা প্ৰস্তুত কৰাৰ পিছত সমষ্টি ভিত্তিত এখন গণসভা অনুস্থিত কৰি সেই প্ৰাৰ্থী সকলক নিজৰ বক্তব্য আৰু আঁচনি ডাঙি ধৰাৰ ব্যৱস্থা কৰিব পৰা যায়। সেই গণসভাতে গণভোটৰ জৰিয়তে সমষ্টিৰ বাবে আটাইতকৈ উপযুক্ত প্ৰাৰ্থীজন নিৰ্বাচিত কৰি তেওঁক জয়যুক্ত কৰোঁৱাৰ দায়িত্ব ৰাইজে নিজেই ল’ব পাৰে। সকলোৱে অলপ অলপকৈ অৰিহণা যোগালেও এক বৃহৎ পুঁজি গোট খাব আৰু সেই পুঁজিৰ সদ্ব্যৱহাৰ কৰি প্ৰাৰ্থী জনক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জিকাই অনাৰ দায়িত্ব ৰাইজে নিজেই ল’ব পাৰে। প্ৰতিটো সমষ্টিৰ পৰা এইদৰে যদি একোজন সৎ আৰু কৰ্মোদ্যমী লোকক নিৰ্বাচন কৰি আনিব পৰা যায়, তেতিয়া ৰাজ্যখনৰ ৰাজনৈতিক পৰিস্থিতিয়েই হয়তো সলনি হৈ পৰিব। জিকি অহা এই ব্যক্তিসকলৰ মাজৰ পৰা দলপতি নিৰ্বাচন কৰি শাসনৰ গুৰিয়াল পাতিব পাৰিলে সেয়া হ’ব গণতন্ত্ৰৰ বাবে মহান জয়।
এই সময়ত এয়া হয়তো এক অলীক সপোন যেন লাগিব পাৰে। কিন্তু প্ৰকৃত পৰিৱৰ্তন আহিবলৈ হ’লে এনে ব্যতিক্ৰমী চিন্তাৰো যথেষ্ট গুৰুত্ব আছে। ৰাইজে মাৰ বান্ধি সংকল্প কৰিলে কোনো কথাই অসম্ভৱ নহয়। আজি দেশৰ নাটঘৰত ৰাইজে নিজেই ভাৱৰীয়া হৈ পৰিৱৰ্তনৰ সূচনা কৰাৰ সময় আহিছে। ড° ভূপেন হাজৰিকাৰ ভাষাত ক’বলৈ হ’লে, “ৰাইজ আজি ভাৱৰীয়া, দেশেই নাটঘৰ। কোনে কি ভাও ল’বা আহা, সময় যে তাকৰ”।

No comments:
Post a Comment