পলকতে সুখ-দুখৰ বতৰাঃ ১৭ আগষ্ট - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰাঃ ১৭ আগষ্ট

পলকতে সুখ-দুখৰ বতৰাঃ ১৭ আগষ্ট

Share This
আজিৰ ভাল খবৰবোৰ
১ ৷ স্বাধীনতা দিৱসৰ ভাষণত মূখ্যমন্ত্ৰী তৰুণ গগৈয়ে ১৬টাকৈ গুৰুত্বপূৰ্ণ ঘোষণা কৰে৷ ইয়াৰ ভিতৰত বিশ্বনাথ , চৰাইদেউ, হোজাই, দক্ষিণ শালমৰা , মানকাচাৰ আৰু পশ্চিম কাৰ্বি আংলং নামে পাঁচখন নতুন জিলা গঠন , ড0 এ পি জে আব্দুল কালাম চেন্টাৰ ফ’ৰ ইন’ভেশ্বন স্থাপন, শিশুৰ যতনৰ বাবে মহিলাসকলক চৰকাৰী চাকৰিৰ পৰা দুবছৰৰ ছুটী, ৬৫০০০ নতুন চাকৰিৰ সৃষ্টি, উচ্চ পৰ্যায়ৰ জ্ঞান আয়োগ আৰু ৰাজ্যিক শিক্ষা আয়োগ গঠন আদিয়েই প্ৰধান৷

২ ৷ অসমৰ কাৰ্বি আংলংৰ ভিতৰুৱা গাৱৰ লাষ্টি মিথি নামৰ এগৰাকী সাধাৰণ মহিলাই তিৱা জনজাতীয় পৰম্পৰাগত সাজ-পাৰ বোৱাত দেখুওৱা পাৰদৰ্শিতাৰ বাবে ভাৰত চৰকাৰৰ বস্ত্ৰশিল্প মন্ত্ৰনালয়ৰ পৰা পুৰস্কাৰ লাঊ কৰিবলৈ সক্ষম হৈছে।

৩ ৷ স্বাধীনতা দিৱস উপলক্ষে দিল্লীৰ মূখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মাথোন আঠ বছৰীয়া মাহিকাক প্ৰদান কৰে সাহসিকতাৰ বাবে “ভাৰত বঁটা” ৷ ইতিপূৰ্বে মাহিকাই ৰাষ্ট্ৰপতিৰ “ৰাষ্ট্ৰীয় সাহসিকতাৰ বঁটা “ লাভ কৰিছিল ২০১৩ চনত উত্তৰাখণ্ডৰ গৌৰীকুণ্ড মন্দিৰত জলপ্ৰলয়ে সৃষ্টি কৰা ধ্বংসলীলাৰ পৰা ভাতৃৰ জীৱনৰক্ষা কৰাৰ বাবে৷

৪ ৷ গণশিল্পী খগেন মহন্তৰ ৭৩ সংখ্যক জন্মদিন উপলক্ষে তেওঁৰ জীৱনাদৰ্শ আৰু কৰ্মৰাজিৰ আধাৰত সম্পাদিত এখন গ্ৰন্থ “খগেন মহন্ত : অসাধাৰণ শিল্পী, সাধাৰন মানুহ” উন্মোচন কৰা হয়৷ সাংবাদিক পাৰ্থপ্ৰতিম হাজৰিকাই সম্পাদনা কৰা কিতাপখন উন্মোচন কৰে বিশিষ্ট নাট্যকাৰ ঔপন্যাসিক অৰুণ শৰ্মা আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ সম উপাচাৰ্য অমৰজ্যোতি চৌধুৰীয়ে৷

৫ ৷ এখন সুন্দৰ পৃথিৱীৰ সোপান বুকুত বন্ধা কবি অমূল্য বৰুৱাৰ ১৯৪৬ চনৰ ১৮ আগষ্টত কলকাতাত এক সাম্প্ৰদায়িক সংঘৰ্ষত মৃত্যু হৈছিল ৷ এই জনমুখী কবিতাৰ অগ্ৰদূত কবিগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে নিৱেদিত সাহিত্যৰ চানেকিৰে সচেতনতা জগোৱাৰ উদ্দেশ্যে ইতিহাসৰ সেই দিনটো “সাম্প্ৰদায়িকতা বিৰোধী সাহিত্য দিৱস”ৰূপে নতুন সাহিত্য পৰিষদে পালন কৰাৰ সিদ্ধান্ত লৈছে৷ এই অনুষ্ঠানত মূখ্য আলোচকৰূপে অংশ ল’ব বিশিষ্ট নিৱন্ধকাৰ শিৱপ্ৰসাদ ডেকাই৷

৬ ৷ আৰ্চাৰী বিশ্বকাপ পৰ্যায়-৩ ত পুৰুষ কম্পাউণ্ডৰ ব্যক্তিগত শাখাত স্বৰ্ণ পদক জয়েৰে দেশক গৌৰৱান্বিত কৰিছে ভাৰতৰ অভিষেক বাৰ্মাই৷ তেওঁ বৰ্তমান বিশ্বক্ৰমৰ ১৮ নং স্থানৰ খেলুৱৈ ৰূপে পৰিগণিত হৈ আছে৷

৭ ৷ গুৱাহাটীত প্ৰতিদিনে প্ৰায় ৪৫০ টন জাবৰৰ সৃষ্টি হয়৷ দীপৰ বিলৰ সমীপৰ পৰা জাবৰ পেলোৱা ঠাইডোখৰ স্থানান্তৰ কৰাৰ পাছত হোৱা অসুবিধাসমূহ দূৰ কৰাৰ বাবে পৌৰ নিগমে জাবৰৰ পৰিমান হ্ৰাস কৰাৰ বাবে আৰু নিস্কাসনৰ বাবে বিজ্ঞানসন্মতভাৱে প্ৰতিটো ঘৰ আৰু এপাৰ্টমেন্টত “এনভাইৰণ” আৰু “ডেইলী ডাম্পিং” নামে দুটা সংস্থাৰ জৰিয়তে জাবৰ পৰিশোধনৰ ব্যৱস্থা আৰম্ভ কৰিছে৷

৮ ৷ উত্তৰ পূৱৰ ৰাইজৰ বাবেও এয়াৰটেলে মুকলি কৰিছে ৪-জি ইণ্টাৰনেট সেৱা। অসমৰ লগতে মেঘালয় আৰু ত্ৰিপুৰাতো এই সেৱা মুকলি কৰাৰ বাতৰি প্ৰকাশ পাইছে।

৯ ৷ জি এম ডি এ ৰ মূখ্য কাৰ্যবাহী বিষয়া অনুৰাগ সিং আৰু জি এম চিৰ আয়ুক্ত নাৰায়ণ কোঁৱৰে জানিবলৈ দিয়ে যে আজিৰে পৰা গৃহ নিৰ্মাণৰ যাৱতীয় অনুমতিৰ বাবে অনলাইন ব্যৱস্থা আৰম্ভ হ’ব৷ অৱশ্যে অহা ১ অক্টোবৰৰ পৰাহে এই ব্যৱস্থা সম্পূৰ্ণৰূপে কাৰ্যকৰী হ’ব৷

১০ ৷ মাইক্ৰ’ ব্লগিং ৱেবচাইট টুইটাৰত আনুষ্ঠানিক একাউন্ট থকা বিশ্বৰ প্ৰথমটো ঐতিহাসিক স্মৃতিসৌধ হোৱাৰ গৌৰৱ অৰ্জন কৰিছে তাজমহলে৷ উত্তৰ প্ৰদেশৰ মূখ্যমন্ত্ৰী অখিলেশ যাদৱে আনুষ্ঠানিকভাৱে এই একাউন্টটো মুকলি কৰে ৷

-যুগুতালে শ্বিলঙৰ পৰা বিপাশা বৰাই

No comments:

Post a Comment