তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পুৰণি ভৱনটোৰ সংৰক্ষণৰ দাবীত
ডo কমল কুমাৰ তাঁতী
ডo কমল কুমাৰ তাঁতী
সম্পাদক মহোদয়,
নিজৰ অতীত-ঐতিহ্য আৰু এইবোৰৰ যথাযোগ্য সংৰক্ষণৰ প্ৰতি থকা অসমীয়া জাতিৰ একধৰণৰ বিৰাগৰ কথা সৰ্বজনবিদিত৷ এনে হোৱাৰ কাৰণতে অসমীয়া জাতিৰ বহুবোৰ আপুৰুগীয়া সম্পদ আমি ইতিমধ্যেই হেৰুৱাই পেলাইছোঁ ৷ প্ৰসংগক্ৰমে, কটন মহাবিদ্যালয়ৰ ঐতিহ্যমণ্ডিত পূৰণি ভৱনবোৰৰ কথা উল্লেখ কৰিব পাৰি ৷ এই লৈ পৰৱৰ্ত্তী সময়ত বহু বিতৰ্ক হৈছে, যদিও আজি আৰু সেই পূৰণি ভৱনবোৰৰ কোনো চিন-মোকাম নাই ৷
সি যি কি নহওক, মোৰ এই চিঠিখনৰ একমাত্ৰ উদ্দেশ্য হৈছে, ‘তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়’ৰ ‘পুৰণি ভৱনটো’ৰ কিছু অংশ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিবলৈ জনমত গঢ়ি তোলাৰ বাবে চেষ্টা কৰা৷ বাতৰি-কাকতত পঢ়িবলৈ পোৱা মতে, অসমৰ এই ঐতিহ্যমণ্ডিত বিদ্যালয়খনৰ নৱনিৰ্মিত ভৱনটো সম্পূৰ্ণ হৈ উঠিছে আৰু সেয়ে বিদ্যালয়খনৰ দেৰশবছৰীয়া পুৰণি ভৱনটো ভাঙি পেলোৱা হ’ব৷ এই কথাটো শুনিবলৈ পাই মই বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ হিচাপে এক অব্যক্ত বেদনাত উচুপি উঠিছোঁ, কিয়নো ১৯৯১-১৯৯৭ চনৰ কালচোৱাত মই এই বিদ্যালয়ৰ ছাত্ৰ হৈ থাকোঁতে পঞ্চম শ্ৰেণীৰপৰা দশম শ্ৰেণীলৈকে আমি এই পূৰণি ভৱনটোতে শিক্ষাগ্ৰহণ কৰিছিলোঁ ৷ নিজৰ অতিকৈ আপোন বিদ্যালয়খনৰ মৰমৰ শ্ৰেণীকোঠাবোৰ ভৱিষ্যতে পুনৰ দেখিবলৈ নোপোৱাৰ অজান আশংকাত মই কঁপি উঠিছোঁ ৷
এই বিদ্যালয়খনৰ এটা বিশেষ বৈশিষ্ট্য আছে৷ অসমীয়া জাতিৰ অমূল্য ৰত্নস্বৰূপ চাৰিজনকৈ প্ৰাত:স্মৰণীয় ব্যক্তি - ৰূপকোৱঁৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য্য ফণী শৰ্মা আৰু সুধাকণ্ঠ ভূপেন হাজৰিকা - আটাইকেইজনেই এইখন বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ আছিল৷ কেৱল সেয়ে নহয়, অসমীয়া জাতিৰ আৰু অনেক বিশিষ্ট ব্যক্তিয়েও এইখন বিদ্যালয়ৰ মজিয়া গৰকি গৈছে৷ বৃহত্তৰ অসমীয়া জাতিৰ বিশিষ্ট লোকসকলৰ স্মৃতি-বিজড়িত হৈ থকা এই ঐতিহ্যমণ্ডিত বিদ্যালয়খনৰ দেৰশবছৰীয়া এই পুৰণি ভৱনটো অসম আৰু অসমীয়া জাতিৰ বাবে নিশ্চয় এক আপুৰুগীয়া সম্পদ ৷
মোৰ মতে, অসমীয়া জাতিৰ এক অমূল্য সম্পদস্বৰূপ এই পূৰণি ভৱনটো যিকোনো মূল্যৰ বিনিময়ত সংৰক্ষণ কৰাটোহে উচিত কাৰ্য হ’লহেঁতেন ৷ সেয়ে অবাক হৈ উঠিছোঁ এই কথা ভাবি - কোনে সাহস কৰিব পাৰিলে এই পুৰণি ভৱনটো ভাঙি পেলোৱাৰ নিজাববীয়া সিদ্ধান্ত ল’বলৈ !!! মই আৰু মোৰ সহপাঠীসকলে এই সিদ্ধান্তক সমস্বৰে গৰিহণা জনাইছোঁ ৷
এই বিদ্যালয়ৰ সমূহ প্ৰাক্তন ছাত্ৰৰ হৈ মই দাবী জনাব খুঁজিছো – আমাৰ ‘তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়’ৰ ‘পুৰণি ভৱনটো’ক ভাঙি পেলোৱাৰ এই সিদ্ধান্তটোক অচিৰেই ৰদ কৰা হওক; তাৰ সলনি এই ঐতিহ্যমণ্ডিত পূৰণি ভৱনটোক যথাযোগ্যভাৱে আৰু উপযুক্তভাৱে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হওক ৷ এই সম্পৰ্কত আমাৰ বিদ্যালয়ৰ সমূহ প্ৰাক্তন ছাত্ৰৰ লগতে অসমৰ সচেতন নাগৰিকসকলৰ বহুমূলীয়া মতামত আশা কৰিলোঁ ৷ লগতে এই সম্পৰ্কে এক জনমত গঢ়ি তুলিবলৈও সকলোকে এই পত্ৰৰ জৰিয়তে আহ্বান জনালোঁ ৷

লেখক শ্বিলঙত কৰ্মৰত, ম’বাইল: ৭৩০৮০০৩৯৪১
No comments:
Post a Comment