সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা


চৰকাৰী বিদ্যালয়লৈ অভিজাতৰ সন্তান
ডাঃ ভূপেন শইকীয়া
সম্পাদক মহোদয়,
উত্তৰ প্ৰদেশৰ চুলতানপুৰ জিলাৰ লম্ভূআ নামৰ ঠাইৰ এজন চৰকাৰী স্কুলৰ শিক্ষকে এলাহাবাদ উচ্চ ন্যায়ালয়ত চৰকাৰী স্কুলসমূহৰ দূৰাৱস্থাৰ প্ৰতিকাৰ বিচাৰি এখন আবেদন দাখিল কৰিলে৷শিক্ষকজনৰ নাম শিৱকুমাৰ পাঠক৷ন্যায়ালয়ে বিষয়টো গুৰুত্ব সহকাৰে ললে আৰু নিৰ্দেশ জাৰী কৰিলে যে প্ৰদেশখনৰ সকলো চৰকাৰী বিষয়া, মন্ত্ৰী বিধায়কসকলৰ ল'ৰা-ছোৱালীয়ে এতিয়াৰ পৰা ব্যক্তিগত অভিজাত বিদ্যালয়ৰ পৰিবৰ্তে চৰকাৰী স্কুলত শিক্ষা গ্ৰহণ কৰিব লাগিব৷এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এই ৰায়ে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷অসমৰ টিভি চেনেলটো এই বিষয়ে আলোচনা চক্ৰ বহিছে৷

উত্তৰ প্ৰদেশ চৰকাৰৰ তৎক্ষাণিক প্ৰতিক্ৰিয়া হ'ল দুটা৷প্ৰথমটো হ'ল চৰকাৰৰ মহাধিবক্তা বিজয় বাহাদূৰ সিঙৰ মন্তব্য - আমি ক'ৰ্টৰ ৰায়টোৰ অধ্যয়ন কৰি আছোঁ - ইয়াক কাৰ্য্যকৰী কৰোঁ নে ইয়াৰ বিৰুদ্ধে উচ্চ আদালতত আপীল কৰোঁ৷ দ্বিতীয়টো প্ৰতিক্ৰিয়া হ'ল শিক্ষক শিৱকুমাৰ পাঠকক স্কুলত অনিয়মীয়া অনুপস্থিতিৰ অজুহাতত ততালিকে চাকৰিৰ পৰা বৰ্খাস্ত কৰা৷

চৰকাৰৰ যুক্তি তৰ্কৰ আগত হয়তো উচ্চ আদালতত এই ৰায় বাহাল নাথাকিব পাৰে ৷ কিন্তু অাদালতৰ ভূমিকাই দেশৰ সচেতন নাগৰিকসকলক দেশৰ চৰকাৰী খণ্ডৰ স্কুলসমূহৰ দূৰৱস্থাৰ বিষয়ে সজাগ হবলৈ এক সঁকিয়নি যে দিলে সেয়া অস্বীকাৰ কৰিব নোৱাৰি৷

No comments:

Post a Comment