হাস্য-ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য-ব্যংগৰে সত্যৰ সন্ধান

হাস্য-ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. স্বাধীন দেশৰ কৃষক খিলখিল গগৈয়ে স্বাধীনতা দিৱসৰ দিনাই অনশন ঘোষণা কৰি নিজৰ প্ৰতিবাদী সত্বাৰ স্বাধীনতা সাব্যস্ত কৰে। অকলে অনশন কৰিবলৈ যোৱা গগৈক গ্ৰেপ্তাৰ কৰি লালটুপি বাহিনীয়েও নিজৰ স্বাধীনতা উপভোগ কৰে। সন্ধিয়ালৈ গগৈক মুক্তি দি প্ৰশাসনেও নিজা সিদ্ধান্ত কাৰোবাৰ ওপৰত জাপি দিয়া নিদিয়াৰ স্বাধীনতা উপভোগ কৰে। সকলো পক্ষই এই দৰে নিজৰ নিজৰ স্বাধীনতা উপভোগ কৰি পৰহিৰ দিনটোত আন্তৰিক সুখ লাভ কৰা বুলি স্বাধীনতা প্ৰেমী নাগৰিক সংঘই প্ৰকাশ কৰিছে।

২. নলগা জেঙত লাগি অভিলেখ গঢ়িব বিচৰা জেঙগুটি গাৰ্গ নামৰ গায়কজনে হাফপেণ্ট আৰু গেঞ্জী পৰিধান কৰি পূৰ্ণ বস্ত্ৰৰে সুসজ্জিত দেহৰক্ষীৰ সৈতে জাতীয় পতাকা উত্তোলন কৰি নতুন বিতৰ্কৰ সূচনা কৰিছে। এতিয়া বিষয়টোত গোচৰ তৰি সংবাদ মাধ্যমত নিজৰ প্ৰচাৰ পাব বিচৰা সচেতন নাগৰিক সন্থাৰ সৌজন্যত জেঙগুটি গাৰ্গৰ নামে এতিয়া ৰাষ্ট্ৰীয় স্তৰৰ মেডিয়াটো খলকনি তুলিবলৈ সক্ষম হৈছে। বস্ত্ৰ পৰিধানৰ স্বাধীনতা, চেলফি তোলাৰ স্বাধীনতা আদিৰ খিচিৰি হোৱাৰ ফলতে এনে ঘটনা সংঘটিত হোৱা বুলিও গাৰ্গ ফেন ক্লাৱে স্পষ্ট কৰি দিছে আৰু শিল্পীৰ খেয়ালী মনক লৈ গোচৰ তৰাৰ তীব্ৰ প্ৰতিবাদ জনাবৰ বাবেও চিন্তা-ভাৱনা কৰি থকা বুলিও গুজৱ নিউজত প্ৰকাশ পাইছে।

৩. কেৱল বাৰ বছৰত উচ্চতৰ মাধ্যমিক আৰু পোন্ধৰ বছৰত স্নাতক হোৱা এগৰাকী প্ৰাৰ্থীক প্ৰাথমিক শিক্ষকৰ স্থায়ী পদত নিযুক্তি দিয়াক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনে প্ৰতিভাধৰক পোনে পোনে ৰাজ্যিক বিশ্ববিদ্যালয়ত নিযুক্তি দিয়া হ’লে তাত নিযুক্তি পোৱা কম মেধাৰ লোকসকলক লৈ সৃষ্টি হোৱা বিতৰ্কও এৰাই চলিব পৰা গ’লহেতেন বুলিও সচেতন নাগৰিক সংঘই পঢ়া-শুনা মন্ত্ৰীক অৱগত কৰিছে।

৪. পৰকীয়া প্ৰেম, বনকৰা যুৱক-যুৱতীক নিৰ্যাতন, ডাইনী সজাই অথবা বোৱাৰী কৰি আনি হত্যা কৰাৰ ক্ষেত্ৰত অসম প্ৰদেশে পুনৰ বাৰ দেশৰ ভিতৰেত শীৰ্ষ স্থান লবই বুলিও পাৰম্পৰিক অপৰাধী অসমীয়া সংঘই দৃঢ় মত পোষণ কৰিছে। প্ৰতিদিনৰ বাতৰি কাকতৰ পৰা কাটিঙ ৰাখি গলেই বছৰৰ মূৰত এই বিষম খিয়াতিৰ বাবে অসম প্ৰদেশ কৃৰ্তিত্ব দাবী কৰিব পাৰিবই বুলিও সন্থাই স্পষ্ট কৰি দিছে।

৫. স্বাধীনতা দিৱসত জিলা ঘোষণা, বঁটা ঘোষণা, চাকৰি ঘোষণা আদি ইমানকৈ কৰাক লৈ ৰাইজৰ মনতো প্ৰশ্নৰ উদ্ৰেক ঘটিছে। ৰসাল গগৈদেৱে অহা গণতন্ত্ৰ দিৱসলৈ কিবা ঘোষণা কৰিবলৈ বাকী ৰাখিছে নে সকলো এইবাৰেই কৰি শেষ কৰিলে বুলিও এতিয়া প্ৰশ্ন উঠিছে। অৱশ্যে অহা ছমাহত সকলো ফুটুকাৰ ফেন হবই বুলি দাবী কৰি একেখিনি ঘোষণাকে শব্দ সলাই পুনৰ কৰিব পাৰিব বুলি ৰাজনৈতিক-বিশ্লেষক সকলে ইংগিত প্ৰকাশ কৰিছে।

৬. গুৱাহাটীত পানীৰ সৈতে বাৰ্গাৰ খোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলৰ তালিকাক লৈ এতিয়া ৰাইজৰ আগ্ৰহ বাঢ়িবলৈ ধৰিছে। এই প্ৰতিযোগিতাত দাহি মুহি খোৱা সকলক এতিয়া বিপাঙত পেলাবলৈ কেচ তৰা সকলক কেনেকৈ মেনেজ কৰা হব তাকে লৈও এতিয়া সদৌ গুৱাহাটী বাৰ্গাৰ খোৱা সন্থাই চিন্তন বৈঠকৰ আয়োজন কৰা বুলিও গোপন সূত্ৰত প্ৰকাশ পাইছে।

৭. অসমত ভৱিষ্যতে যাতে কোনো মূৰ্তি স্থাপনক লৈ বিতৰ্কৰ সৃষ্টি নহয় তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পদুম পাৰ্টিয়ে আহ্বান জনাইছে। প্ৰতিখন চহৰতে একোটাকৈ পদুম পুখুৰী স্থাপন কৰি তাৰ চৌদিশে সকলো ধৰ্মৰে সকলো দেশৰ যাজক, সন্যাসী, নেতা আদিৰ মূৰ্তি স্থাপন কৰিবলৈ বিশেষ মূৰ্তি জ’ন খুলিলেই ভাল হব বুলিও প্ৰকাশ কৰিছে। পিচে মূৰ্তি সমূহৰ ৰখীয়া পদৰ বাবে থলুৱাৰ নিযুক্তি ১০০শতাংশ সংৰক্ষণ কৰিবলৈ নাপাহৰিবলৈকো পাৰ্টিয়ে সঁকিয়াই দিয়া বুলি খবৰ প্ৰকাশ পাইছে।

৮. ৰসাল গগৈয়ে কোনোবা জনগোষ্ঠীৰ উন্নয়ন পৰিষদ ঘোষণা কৰিবলৈ বাকী ৰৈ গৈছে নেকি তাৰ বাবে ৰাজহুৱা মতামত আহ্বান কৰিছে। জনগোষ্ঠী সমূহৰ পাছত নিৰ্বাচনৰ আগে আগে পৰিয়াল উন্নয়ন পৰিষদ গঠন কৰিও তোষামোদকাৰী সকলক সন্তুষ্ট কৰিবলৈ বিশেষ পদক্ষেপ লব বুলিও কইনাধৰাৰ গেটৰ পৰা কনিষ্টবল কে. হাজৰিকাই সন্দেহ প্ৰকাশ কৰিছে।

৯. অসম প্ৰদেশৰ নপতা-ফুকন গুঞ্জন দত্তই দৰমহাৰ সলনি খাটি থকা শিক্ষকক চাউল দিব বুলি ঘোষণা কৰিছে। তাকে শুনি সাৰদাৰ পৰা ধনো অলপ শাক-পাত কিনিবলৈ মুকলি কৰি দিবলৈ সদৌ অসম অসন্তুষ্ট শিক্ষক সন্থাই দাবী জনোৱা বুলিও জানিব পৰা গৈছে।

১০. ৰকিফুল হুছেইনে “সংবাদমেল পতাৰ হাতপুথি” নামৰ এখনি পুথি লিখি উলিয়াব বুলি জানিব পৰা গৈছে। হোজাইত হাজাৰ হাজাৰ সমৰ্থকক লৈ সংবাদমেল পাতিবলৈ গৈ হোৱা অভিজ্ঞতাৰ ভিত্তিতে নৱ-প্ৰজন্মৰ সহায়ক হোৱাকৈ এই গ্ৰন্থখনি লিখি উলিয়াব বুলিও জানিব পৰা গৈছে।

No comments:

Post a Comment