পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আজিৰ ভাল খবৰবোৰ


১) ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন শপতনামা অনুসৰি মন্ত্ৰী ৰকিবুল হুচেইনে সদনৰ মজিয়াত ডাইনী হত্যা প্ৰতিৰোধৰ বাবে এখন বিধেয়ক উত্থাপন কৰে ৷ বিধেয়কখনৰ নাম – অসম ডাইনী হত্যা (নিষিদ্ধ , প্ৰতিৰোধ আৰু সুৰক্ষা) বিধেয়ক,২০১৫ ৷

২)  ২০১৪ বৰ্ষৰ শংকৰদে‌ৱ বঁটা আগবঢ়ো‌ৱা হৈছে প্ৰথিতযশা সাংবাদিক-সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকালৈ । তদুপৰি ২০১১ বৰ্ষৰ এই বঁটাৰ বাবে মনোনীত কৰা হৈছে ভাৰতীয় নাট্যমঞ্চৰ ইতিহাস ৰচয়িতা ,বিশিষ্ট পণ্ডিত এম এল বৰাডপাণ্ডেক ৷ 

৩) ৰাষ্ট্ৰসংঘৰ 'সম্পদ কেন্দ্ৰ' এটা অতি শীঘ্ৰেই অসমৰ সোনাপুৰত স্থাপিত হ'ব আৰু অহা অক্টোবৰ মাহত গু‌ৱাহাটীত ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত হ'ব ।

৪) গ্ৰাহকৰ নিজৰ ইচ্ছামতে মোবাইল ফোনৰ 'ডাটা আৰম্ভ কৰা আৰু বন্ধ কৰাৰ ক্ষেত্ৰত সহজতম সুবিধা কৰি দিবলৈ টেলিকম ৰেগুলেটৰী অথৰিটি অ‌ৱ ইণ্ডিয়াই সকলো দূৰসংযোগ কোম্পানীলৈকে জাননী দিছে । ট্ৰায়ে বিধান দিয়ামতে অহা ছেপ্তেম্বৰ মাহৰ পৰা যিকোনো মোবাইল গ্ৰাহকে নিজৰ ইন্টাৰনেট সে‌ৱা বন্ধ বা আৰম্ভ কৰাৰ বাবে ১৫২৯ নম্বৰলৈ START বা STOP মেচেছ দিলেই হ'ব বুলি জনা গৈছে ।

৫) অসমৰ চাহ উদ্যোগক নতুন মাত্ৰা প্ৰদানৰ বাবে আগবাঢ়ি আহিছে আমেৰিকাৰ মহাকাশ গ‌ৱেষণা সংস্থা নাছাই । "চইল মইশ্বাৰ এক্টিভ পেছিভ " শীৰ্ষক এটি অভিযানৰ জৰিয়তে নাছাই অসমৰ জলবায়ু অধ্যয়ন কৰি চাহ খেতিৰ বাবে বিশেষ পৰামৰ্শ আগবঢ়াব ।

৬) গো‌ৱালপাৰা জিলাৰ দুধনৈ নিবাসী বিণাপানী কোঁচে ২০১৫ বৰ্ষৰ বাবে ভাৰত চৰকাৰৰ হস্ত-তাত আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ পৰা উৎকৃষ্ট বয়নশিল্পৰ নিদৰ্শন স্বৰূপে 'কাম্বাং' নামৰ বস্ত্ৰবিধৰ বয়নৰ বাবে এক ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে ।

৭) বহু জল্পনা-কল্পনা আৰু প্ৰতীক্ষাৰ অন্তত উত্তৰ – পূৱ সীমান্ত ৰেলসেৱাৰ মুৰ্কংচেলেং – গুৱাহাটীৰ মাজত পোনপ্ৰথমবাৰৰ বাবে ব্ৰডগজ ৰেলসেৱা আৰম্ভ কৰা হৈছে ৷

৮) ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰনালয়ে মাজুলীৰ উদীয়মান খেলুৱৈসকলৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ “ছাই”ৰ এটি সম্প্ৰসাৰন কেন্দ্ৰ মাজুলীত স্থাপনৰ সিদ্ধান্ত গ্ৰহন কৰিছে ৷ 


৯) হাৰিয়ানা চৰকাৰে ৰাজ্যখনৰ কৰ্মচাৰীসকলৰ পদোন্নতি যদি কিবা কাৰণত সময়মতে নহয়, তেন্তে পদোন্নতিৰ পাছত পাবপৰা সকলোধৰণৰ সা-সুবিধা যথাসময়ৰপৰাই পো‌ৱাটো নিশ্চিত কৰাৰ বাবে যত্নপৰ হৈছে ।

১০) আউনিআঁটি সত্ৰৰ শ্ৰীমন্ত শংকৰদে‌ৱ বঁটা গ‌ৱেষণা বঁটা ন্যাস সমিতিয়ে ২০১৪ বৰ্ষৰ বাবে শ্ৰীমন্ত শংকৰদে‌ৱ গ‌ৱেষণা বঁটা আগবঢ়াইছে বিশিষ্ট চিন্তাবিদ ,গ‌ৱেষক তথা 'জনসাধাৰণ' কাকতৰ সম্পাদক ড০ শি‌ৱনাথ বৰ্মনলৈ । ড০ বৰ্মনক তেওঁৰ 'The Unsung Colossus: An Introduction to the Life and works of Shankardev' শীৰ্ষক বঁটাৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে ।

No comments:

Post a Comment