সুখ-দুখৰ বতৰাঃ ২৮ আগষ্ট - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰাঃ ২৮ আগষ্ট

সুখ-দুখৰ বতৰাঃ ২৮ আগষ্ট

Share This

আজিৰ ভাল খবৰবোৰ
১৷ অসমৰ গুৱাহাটী মহানগৰক কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত “স্মাৰ্ট চিটী”ৰ তালিকাত ৰখা হৈছে৷ কেন্দ্ৰীয় নগৰ উন্নয়ন মন্ত্ৰী এম ভেংকায়া নাইডুয়ে কৰা ঘোষণা মতে এই তালিকাত দেশৰ ৯৮খন চহৰৰ নাম ৰখা হৈছে৷ উত্তৰ-পূৱৰ আন চহৰকেইখন হ’ল –পাছিঘাট,ইম্ফল, শ্বিলং, আইজল, ক’হিমা, নামছি আৰু আগৰতলা৷

২৷ অসমৰ থলুৱা লোককৃষ্টি লোকবাদ্যসমূহৰ লগতে গুৰুজনাৰ অনুপম সৃষ্টিসমূহ প্ৰচাৰ,প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে আগবাঢ়ি আহিছে দৰঙৰ এদল যুৱশিল্পী৷ দুনীৰ শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ ডেৰকুৰি শিল্পীয়ে প্ৰকৃত সুৰ, লয়,তালেৰে থিয়নাম,ভোৰতাল নৃত্য,অংকীয়া ভাওনা,চালি নৃত্য,তিৱা, নাঙেলীগীত আদি পৰিৱেশন কৰি সুকীয়া পৰিচয় বহন কৰিবলৈ সক্ষম হৈছে৷

৩৷ উত্তৰ প্ৰদেশৰ কিন্নৰসকলে বেৰেলিৰ চি বি গঞ্জ এলেকাত মাদাৰ টেৰেছাৰ নামত এটা মন্দিৰ নিৰ্মাণ কৰিছে৷ এই মন্দিৰটোত পিতৃ-মাতৃয়ে অবাঞ্চিত বুলি এৰি যোৱা সন্তান, মাউৰা ল’ৰা-ছোৱালী বিশেষকৈ কন্যা সন্তানক পোহপালনৰ ব্যৱস্থা থাকিব৷

৪ ৷ প্ৰয়াত কবি এম ইব্ৰাহিম আলিৰ স্মৃতিত সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে প্ৰৱৰ্তন কৰা “এম ইব্ৰাহিম কবি সাহিত্যিক বঁটা” প্ৰথমবাৰৰ বাবে আগবঢ়োৱা হৈছে কটন কলেজৰ সহযোগী অধ্যাপক ডঃ পইনুদ্দিন আহমেদলৈ ৷ তেওঁ অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বৰঙণিৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে৷

৫৷ ভাৰতীয় গ্ৰাহকসকলে অচিৰেই একেলগে, এঠাইতে বিদ্যুতৰ মাচুল, বিদ্যালয়ৰ মাচুল, নগৰ নিগমৰ মাচুল, টেলিফ’নৰ বিল, অন্যান্য সেৱাৰ বিল আদায় দিয়াৰ সুবিধা লাভ কৰিব৷ ইয়াৰ বাবে নেচনেল পেমে’ন্ট ক’ৰ্পৰেচন অৱ ইণ্ডিয়া লিমিটেডে “ভাৰত বিল পেমেন্ট চিষ্টেম” নামৰ এক প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰিছে৷

৬৷ ভাৰতত প্ৰায় ২০০ বছৰ শাসন কৰি যোৱা ইষ্ট ইণ্ডিয়া কোম্পানীটো মুম্বাইৰ উদ্যোগপতি সঞ্জীৱ মেহতাই ক্ৰয় কৰে৷ ১৬০০ চনত প্ৰতিষ্ঠিত কোম্পানীটো তেওঁ ১০০ কোটি টকাৰ বিনিময়ত ৪০ গৰাকী অংশীদাৰৰ পৰা ক্ৰয় কৰে৷

৭৷ কৃষি গৱেষণাত চৰ্দাৰ বল্লভ ভাই পেটেল ৰাষ্ট্ৰীয় উৎকৰ্ষ বঁটাপ্ৰাপক আৰু কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ কমলমল্ল বুজৰ-বৰুৱাই জানিবলৈ দিয়ে যে দ্ৰুতগতিত আৱাসিক এলেকা বৃদ্ধি আনহাতে বাণপানী,খহনীয়াত কৃষিভূমি হ্ৰাস পোৱালৈ লক্ষ্য ৰাখি ৰাজ্যৰ জলাশয়,বিল,পিতনিৰ ওপৰত অত্যাধুনিক প্ৰযুক্তিৰে খাদ্যশস্য উৎপাদনৰ বাবে “ভিজন ২০৫০” নামে এক বৃহৎ পৰিকল্পনাৰ কথা জানিবলৈ দিয়ে৷এনে হাইড্ৰ’কনিক এগ্ৰিকালচাৰ ইতিমধ্যে কাশ্মীৰৰ ডাল লেকত সম্ভৱ হৈছে৷

৮৷ বেইজিঙত চলি থকা বিশ্ব এথলেটিকচ চেম্পিয়নশ্বিপত দ্ৰুততম দৌৰবিদ উছেইন ব’ল্টে অনন্য “গল্ডেন ডাবল” অৰ্জন কৰিছে ৷ বাৰ্ডছ নেষ্ট ষ্টেডিয়ামৰ ট্ৰেকত ১৯.৫৫ ছেকেণ্ড সময়েৰে ২৯ বছৰীয়া ব’ল্টে স্বৰ্ণজয় কৰে ৷ এয়া হৈছে চলিত বৰ্ষত ২০০ মিটাৰ ইভেন্টত বিশ্বৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আৰু ব’ল্টৰ উপৰ্যুপৰি চতুৰ্থটো বিশ্ব চেম্পিয়নশ্বিপৰ ২০০ মিটাৰৰ খিতাপ৷

৯৷ ভাৰতে থলুৱা ক্ৰায়’জেনিক ইঞ্জিনেৰে শেহতীয়া কৃটিম যোগাযোগ উপগ্ৰহ জি এছ টি-৬ সফলতাৰে উৎক্ষেপন কৰে ৷ ঘৰুৱাভাৱে নিৰ্মিত ইঞ্জিন ব্যৱহাৰ কৰি ইছৰ’য়ে এই দ্বিতীয়বাৰৰ বাবে সফলতাৰে উপগ্ৰহ উৎক্ষেপনত সফল হয়৷

১০ ৷ মহাৰাষ্ট্ৰৰ পুনেত অহা ১১ ৰ পৰা ১৬ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপলৈ ঘোষিত ভাৰতীয় দলত স্থানলাভ কৰিছে অসমৰ চাৰিগৰাকী খেলুৱৈয়ে৷প্ৰতিযোগীতাত ৬২ কেজি শাখাত অপূৰ্ব চেতিয়া, ৬৯ কেজি শাখাত পাপুল চাংমাই, ১০৫ কেজি শাখাত জমীৰ হুচেইন আৰু জুনিয়ৰ ৬৯ কেজি শাখাত স্বপ্নাপ্ৰিয়া বৰুৱাই ভাগ ল’ব ৷

No comments:

Post a Comment