সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হিমন্ত বিশ্ব আচলতে কিমান প্ৰাসংগিক 
অৰূপজ্যোতি সন্দিকৈ
হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজনীতি জগতৰ এটি ৰোমাঞ্চকৰ অধ্যায়৷ যিটো অধ্যায়ত অসমৰ ৰাইজে ভালদৰেই বুজি উঠিছে ৰাজনীতি 'আচলতে' কি বস্তু৷ হিমন্ত বিশ্বৰ শৰ্মাৰ জনপ্ৰিয়তাৰ আঁৰত কি? সেইয়া আজিৰ সময়ত সকলোৰে বাবে সাঁথৰ৷ যদিও ৰাজনীতিৰ পথাৰত তেখেত এজন সফল খেতিয়ক বুলি সকলোৱে মানি লৈছে৷ তেখেতৰ কৰ্ম-দক্ষতা তথা ব্যক্তিত্বই সকলোকে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে৷ কিন্তু ইয়াৰ অাঁৰৰ আচল ৰহস্য অসমবাসীয়ে জানিৱলৈ বিশেষ চেষ্টা কৰা দেখা নাযায়৷ কুৰি বছৰতকৈয়ো অধিক কাল তেখেতে কংগ্ৰেছ দলত থাকি এই দলৰ পৃষ্ঠপোষকতাত তেখেতে অসমৰ বাবে কি কি কাম কৰিলে সেয়া সকলোৱে জানে আৰু এইদলৰ আশীষতে তেখেত ৰাজনীতৰ কেৰিয়াৰ সুদৃঢ় কৰি ললে৷

কিন্তু বৰ্তমান সময়ৰ অসমৰ ৰাজনীতিৰ পৰিবেশেত হিমন্ত বিশ্ব শৰ্মা কিমান প্ৰাসংগিক সেই প্ৰশ্ন উত্তৰ উলিয়াবলৈ গলে ন ন প্ৰশ্নৰ উদ্ভাৱন হব৷ কংগ্ৰেছ দলৰ পৰা বিজেপি দললৈ হিমন্ত বিশ্ব ডাঙৰীয়াৰ আগমনৰ যিখন ছবি অসমৰ ৰাইজে দেখিলে তাৰ পৰা এটা কথা জানিব পাৰি যে, তেখেতৰ জনপ্ৰিয়তা এটা পৰিধিৰ মাজতেই আৱদ্ধ আৰু সেই পৰিধিৰ পৰিমাপ নকৰাকৈ বিজেপি দলে এটা বিৰাট সফলতা লাভ কৰা বুলি ভবাটো আজিৰ সময়ত সবাতোকৈ মূৰ্খামী হব আৰু ইয়াৰ ফল দলটোৱে সময়ত পাব৷

বিজেপি দলে ভবা উচিত যে এই জনসমাগমৰ প্ৰধান উৎস একমাত্ৰ হিমন্ত বিশ্ব শৰ্মা আৰু এই উৎস অসমৰ ভৌগালিক পৰিসীমাত কিমান ভিতৰলৈকে শিপাই আছে সেয়া অনাগত দিনত ভাৰতীয়া জনতা দলৰ অসমৰ ৰাজ্যিক সমিতিয়ে ভালদৰে বুজি পাব৷ নামনি অসমক বাদ দি যেনেকৈ অসম সম্পূৰ্ণ নহয় তেনেকৈ উজনি অসমক বাদ দি অসম সম্পূর্ণ নহয়। গতিকে উজনি অসমত হিমন্ত বিশ্ব শৰ্মা বিজেপি দললৈ আগমনৰ ফলত বিজেপি দলৰ ভেটি কিমান সুদৃঢ় হব সেয়াও বিবেচনাৰ বিষয়৷ কিয়নো অনাগত দিনবোৰত হিমন্ত বিশ্ব শৰ্মাৰ উজনি অসমত প্ৰভাব কেনে আছিল বা তেখেতে উজনি অসমৰ বাবে বিগত দিনবোৰত কেনেধৰণৰ কাম কৰিছিল, এইসকলোবোৰ তেখেতৰ বিজেপি দললৈ আগমনে সচেতন জনসাধাৰণৰ মাজত আলোচনা-বিলোচনা হোৱা দেখা পোৱা গৈছে আৰু ইয়াৰ ফল আগন্তুক নিৰ্বাচনত ৰাজনৈতিক দলবোৰে পাব৷

হিমন্ত বিশ্ব বিজেপি দললৈ যোৱাৰ লগে লগে এটা কথা বিভিন্ন মাধ্যমৰ মাজেৰে ৰাইজৰ মাজত প্ৰচাৰ হৈছে যে কংগ্ৰেছ দলটো আবৰ্জনা মুক্ত হ'ল ৷ যদি তেনেই আছিল অসম প্ৰদেশ কংগ্ৰেছত অতদিনে আৰ্ৱজনাই ভৰি আছিল নেকি, কিয়নো হিমন্ত বিশ্বৰ কথাত উঠা বহা কৰা লোকেৰে দলটো ভৰি আছিল৷ এতিয়া হিমন্তৰ লগে লগে দলটোৰ বাকীবোৰ
আৰ্ৱজনা কেতিয়াকৈ ডাষ্টবিনত পৰিব তাক লৈ সকলোৰে মাজত চৰ্চা চলি আছে৷ এটা কথা ঠি যে ভালে পায় ভালক আৰু জাবৰে পায় খালত আৰু জাবৰি উতপত্তি হয় ডাষ্টবিনত থাকিৱলৈহে, কোনো দ্ৰয়িং ৰূম শুৱনি কৰিৱলৈ নহয়৷ সঁচাই যদি সেয়ে হয় তেন্তে, এই জাৱৰে বিজেপি দলৰ ভিতৰ চৰা কেনেকৈ শুৱনি কৰিব সেয়াহে অনাগত দিনত লক্ষ্যণীয় হব৷

গগৈ পন্থীয়ে প্ৰচাৰ চলোৱাৰ দৰে, বিজেপি দললৈ হিমন্ত বিশ্ব শৰ্মাৰ গমনে কংগ্ৰেছ দলক লাভম্বিত কৰিব নেকি? এইয়াও এক প্ৰশ্ন, যি প্ৰশ্ন উত্তৰ অসমৰ ৰাইজে অতি সোনকালে পাব৷ বিগতদিনচোৱাত হিমন্তই কংগ্ৰেছ দলত থাকি বাদ-বিসম্বাদৰ যি পৰিবেশ সৃষ্টি কৰিছিল, সেয়া এতিয়া অন্ত পৰিব নেকি৷ সূত্ৰধাৰৰ অবিহনে এই বিসম্বাদে এটা নতুন মূৰ লোৱাৰ সম্ভাৱনা নথকা নহয় ৷ যদি অসমৰ কংগ্ৰেছ দলে অতীতৰ সকলো বাদ বিসম্বাদ তথা ভুল বুজাবুজিৰ অন্ত পেলাই সকলো নেতা পালিনেতাই একত্ৰিত হৈ আগন্তুক নিৰ্বাচনত শক্তি প্ৰদৰ্শন বাবে যদি সাজু হয় তেতিয়া বিজেপি দলৰ মিচন ৮৪ত আঘাত হানিব নেকি? হিমন্তৰ বাবেই কংগ্ৰেছ দলটোৰ ভিতৰৰ চৰাত কিছু খেলিমেলি হৈ আছিল বুলি কংগ্ৰেছ কৰ্মীয়ে মুকলি কোৱা দেখা গৈছে, আৰু তেওঁৰ গমনে সকলো খেলিমেলি আঁতৰ কৰিলে৷ যদি সঁচাকৈয়ে এনে হৈছে তেন্তে হিমন্তৰ গমনে কংগ্ৰেছ দলটোৰ লাভম্বিত কৰিব৷

হিমন্ত বিশ্ব শৰ্মাই এতিয়া আত্মা- পৰমাত্মাৰ কথা কৈছে, বিজেপি দলৰ দৰ্শনৰ কথা কৈছে, মোডি ডাঙৰীয়াৰ আদৰ্শৰ প্ৰতি মোহিত হৈছে, ইত্যাদি ইত্যাদি কথাৰে বিজেপি দলৰ ভিতৰলৈ সোমাই যোৱাৰ 'যুক্তি' দেখুৱাবলৈ ধৰিছে৷ কিন্তু কুৰি বছৰতকৈ অধিক কাল কংগ্ৰেছ দলৰ যি আদৰ্শ আৰু দৰ্শনৰ কথা কৈ তেওঁ ৰাজনীতি কৰি আছিল, আজি হঠাৎ কিয় তেওঁৰ আত্মা-পৰমাত্মাৰ বিৰোধী হল কিয়৷ নিজৰ স্বাৰ্থসিদ্ধি বা তেওঁ বিচৰা ধৰণে কংগ্ৰেছ দলটোত থাকিবলৈ পদ নোপোৱাৰ বাবেই তেখেতে এই সিদ্ধান্ত ললে নেকি? নে নিজৰ ক্ষুধা পূৰণ কৰিব নোৱাৰাৰ বাবেই তেখেতৰ আত্মা-পৰমাত্মাই বিজেপি দলৰ দৰ্শনৰ প্ৰতি আকৰ্ষিত হল৷

অপ্ৰিয় হলেওঁ সঁচা যে হিমন্ত বিশ্ব এজন অতিকৈ চতুৰ ব্যক্তিত্বৰ লোক আৰু ৰাজনীতৰ এজন পাকৈত খেলুৱৈ। সেয়ে আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলে এটা বেয়া ফল পোৱাৰ সম্ভাৱনা দেখিয়ে তেখেতে নিজক বচাৱলৈ 'জাৱৰ চাফ হোৱা প্ৰচাৰ কৰাৰ' এই সিদ্ধান্ত ললে আৰু এই কথা সাধাৰণ লোকৰো বোধগম্য৷ গতিকে ইয়াত কোনো আত্মা-পৰামাত্মা কথা নাহে৷ অধিক ভৰত ডুবিব ধৰা নাওঁ এখনৰ পৰা সাতুৰিব জনা লোক এজনে পানীত জপিয়াই নিজকে বচাৱলৈ চেষ্টা কৰিৱই আৰু হিমন্ত বিশ্ব শৰ্মাই তাকে কৰিলে, কিন্তু মনত ৰখা উচিত যে ভৰত ডুবিব ধৰা নাওঁখনৰ ভৰ কমি গলে নাওঁ আকৌ সুস্থিৰ অৱস্থা লৈ অহাৰ সম্ভাৱনাও থাকে৷সমাগত সময়ত এইবোৰ ফলাফল ৰাইজে নিশ্চয়কৈ প্ৰত্যক্ষ কৰিব।

No comments:

Post a Comment