১ ৷ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, খৰগপুৰৰ প্ৰাক্তন ছাত্ৰ সুন্দৰ পিচাইয়ে ছাৰ্চ ইঞ্জিন কোম্পানী “গুগুল"ৰ মূখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি লাভ কৰিছে। গুগুলৰ প্ৰতিষ্ঠাতা লেৰী পেজ আৰু ছেৰ্গেই ব্ৰিনে এই সুখবৰ প্ৰকাশ কৰিছে৷ উল্লেখ্য সম্প্ৰতি বিশ্বৰ পাঁচটা বৃহৎ প্ৰযুক্তিগত কোম্পানী মাইক্ৰচফট আৰু গুগোলৰ মুখ্য কাৰ্যবাহীৰ দায়িত্বত আছে ভাৰতীয় বংশোদ্ভৱ ব্যক্তি৷
২ ৷ দেশৰ ক্ৰীড়াক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান ৰাজীৱ গান্ধী খেলৰত্ন বঁটা আগবঢ়োৱা হৈছে ছানিয়া মিৰ্জালৈ ৷ মহিলাৰ ডাবলচত বৰ্তমান বিশ্বক্ৰমৰ এক নং স্থানৰ খেলুৱৈ ছানিয়া হ’ব এই বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা টেনিছ খেলুৱৈ৷
৩ ৷ আজি বিয়লি পাঁচ বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগীতা ২০১৫ ত পদকপ্ৰাপ্ত খেলুৱৈক পুৰস্কাৰ বিতৰণ অনুষ্ঠান অনুষ্ঠিত হ’ব৷ বঁটা প্ৰদান কৰিব মূখ্যমন্ত্ৰী তৰুন গগৈয়ে৷
৪ ৷ অসমবাসীৰ বাবে সুখবৰ ৷ সোণাপুৰত অচিৰেই স্থাপন হ’ব ৰাষ্ট্ৰসংঘৰ সম্পদ কেন্দ্ৰ ৷ কেইবাখনো মহাবিদ্যালয় আৰু বেচৰকাৰী সংগঠনৰ সহযোগত অনুষ্ঠিত “ খিলঞ্জীয়া লোকৰ স্বাস্থ্য আৰু কল্যান” শীৰ্ষক এক আলোচনা চক্ৰত ৰাষ্ট্ৰসংঘৰ বাৰ্তাবাহক তথা ৰাষ্ট্ৰসংঘৰ সম্পদ কেন্দ্ৰ, উত্তৰ-পূৱ শাখাৰ কাৰ্যবাহী নিৰ্দেশক ড0 অশ্বিনী শৰ্মাই এই কথা ঘোষণা কৰে৷
৫ ৷ অহা ১৭ আগষ্টত জি এম ডি য়ে কম্পিউটাৰাইজ অট’মেটেড বিল্ডিং পাৰমিছন প্ৰক্ৰিয়াৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব৷ এই অনলাইন প্ৰক্ৰিয়াৰ দ্বাৰা আৱেদনকাৰীসকল প্ৰৱঞ্চনা আৰু জালিয়াতিৰ পৰা মুক্ত হ’ব বুলি আশা কৰিব পাৰি৷
৬ ৷ গুৱাহাটীৰ নৃত্যাঞ্জলি একাডেমীৰ উদ্যোগত ৰবীন্দ্ৰ ভৱন আৰু কলা বীথিকাত অহা ২৪ আগষ্টৰ পৰা ৫০ দিনজোৰা লোককলাৰ বিভিন্ন দিশ সামৰি “বৰ্ণ” শীৰ্ষক এক কাৰ্যসূচী অনুষ্ঠিত হ’ব ৷বিশিষ্ট চিত্ৰশিল্পী ননী বৰপূজাৰীয়ে কয় যে চিত্ৰকলাৰ এনে ডাঙৰ কাৰ্যসূচী ৯০ চনৰ পিছত এয়াই প্ৰথম ,এই কাৰ্যসূচীয়ে নতুন প্ৰজন্ম আৰু সৃষ্টিশীল কৰ্মীসকলক নতুন উৎসাহ দিয়াৰ লগতে শিল্পকৰ্মৰ এক নান্দনিক ,মানসিক তথা বৌদ্ধিক বাতাৱৰন সৃষ্টি কৰিব৷
৭ ৷ ফ্ৰান্সৰ জেকছ ৰোজেৰি নামৰ এজন স্থপতিবিদে এখন অভিনৱ ভাসমান যানৰ নক্সা তৈয়াৰ কৰি উলিয়াইছে, যিখন যানৰ জৰিয়তে ভৱিষ্যতে মানুহে পানীটো বাস কৰিব পাৰিব৷ ২,৯৫০ ফুট দীঘল আৰু ১,৬৫০ ফুট বহল “মেৰিয়েনছত” সাতহাজাৰ মানুহৰ বাবে থাকিব আবাসগৃহ, পৰীক্ষাগাৰ, অৱসৰ বিনোদনস্থলী আদি৷
৮ ৷ গুজৰাটৰ অন্যতম চাহ উৎপাদনকাৰী প্ৰতিষ্ঠান “বাঘ বকৰী টি গ্ৰুপে” অসমত প্ৰায় ১০ খন নতুন চাহ বাগিছা ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে ৷ ইয়াৰ বাবে তেওঁলোকে অসমত ২৫০ কোটি টকা বিনিয়োগ কৰিবলৈ সাজু হোৱাৰ সুখবৰো প্ৰকাশ পাইছে৷
৯ ৷ ৰাষ্ট্ৰপতি প্ৰনৱ মূখাৰ্জীয়ে লোকসভাত কংগ্ৰেছৰ দলপতি এম বীৰাপ্পা মৈলীক ২০১৪ চনৰ সৰস্বতী সন্মান প্ৰদান কৰে৷ কানাড়া ভাষাত ৰচনা কৰা “শ্ৰীৰামায়ণ মহান্মেষণম” শীৰ্ষক গ্ৰন্থৰ বাবে তেওঁক ২৪ সংখ্যক সৰস্বতী সন্মানেৰে বিভূষিত কৰা হয়৷
১০ ৷ প্ৰধান মন্ত্ৰীৰ নিয়োগ সৃষ্টি অভিযান (চি এম ই জি পি)ৰ অধীনত চলিত বিত্তীয় বৰ্ষত যোৱা ১৬ জুলাইলৈকে ভাৰতত ৪১০০০ চাকৰিৰ সৃষ্টি হৈছে ৷ আনহাতে এই অভিযানৰ অধীনত ২০১৪-১৫ বিত্তীয় বৰ্ষত দেশত মুঠ প্ৰায় ৩.৫৭ লাখ চাকৰি সৃষ্টি হৈছিল বুলিও তথ্য প্ৰকাশ পাইছে৷

No comments:
Post a Comment