সুখ-দুখৰ বতৰাঃ ২৭জুলাই - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰাঃ ২৭জুলাই

সুখ-দুখৰ বতৰাঃ ২৭জুলাই

Share This
আজিৰ ভাল খবৰবোৰ
১৷ এদিনৰ বাবে শিক্ষক হ’ব ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জী ৷শিক্ষক দিৱসৰ আগদিনা দিল্লী ডঃ ৰাজেন্দ্ৰ প্ৰসাদ সৰ্বোদয় বিদ্যালয়ৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে ৰাষ্ট্ৰপতিয়ে বিশেষ পাঠদান কৰিব ৷ দিল্লী চৰকাৰৰ “শিক্ষক হোৱা” অনুষ্ঠানৰ অংশ হোৱাৰ বাবে অৰবিন্দ কেজৰিৱালে অনুৰোধ জনাইছিল আনৰু তেওঁ সন্মতি প্ৰকাশ কৰে৷

২ ৷ মেঘালয়ৰ ৰি-ভয় জিলাত অৱস্থিত ইউনিৰ্ভাচিটী অৱ ছায়েন্স এণ্ড টেকন’ল’জীয়ে অনুষ্ঠিত কৰা প্ৰথম বাৰ্ষিক উত্তৰ পূৰ্বাঞ্চল মহাবিদ্যালয় আলোচনী প্ৰতিযোগীতাত মৰাণ মহিলা মহাবিদ্যালয়ৰ আলোচনী সম্পাদিকা লুণামনি মহনে শ্ৰেষ্ঠা মহিলা সম্পাদিকাৰ সন্মান অৰ্জন কৰিছে ৷ উপাচাৰ্য ড0 পি জি ৰাৱে প্ৰদান কৰা এই বঁটাত পাঁচ হাজাৰ টকাসহ মানপত্ৰ, স্মাৰক আৰু উপহাৰ আছে৷

৩ ৷ জলপুৰুষ হিচাপে খ্যাত ভাৰতৰ ৰাজেন্দ্ৰ সিঙক আজি 'পানীৰ নোবেল বঁটা' ৰূপে গণ্য কৰা 'ষ্টকহ’ম ৱাটাৰ প্ৰাইজে'ৰে সন্মানিত কৰা হৈছে ৷ ছুইডেনৰ ৰজা কাৰল ষষ্ঠদশ গুষ্টাফে সিঙক উক্ত পুৰস্কাৰ প্ৰদান কৰিব৷

৪ ৷ সংৰক্ষণ আৰু সংৱৰ্ধনৰ ক্ষেত্ৰত ঐতিহ্যমণ্ডিত শিৱসাগৰ অচিৰেই বিশ্ব পৰ্যটনৰ মানচিত্ৰত উজলি উঠিব ৷লোকসভাৰ মজিয়াত যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই জিলাখনক “পৰ্যটন জিলা”ৰূপে ঘোষণা কৰিবলৈ দাবী জনায় আৰু কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী মহেশ শৰ্মাৰ সন্মতিৰ পিছত এই সম্পৰ্কে এখন সভাও অনুষ্ঠিত হয়৷

৫ ৷ এইবছৰৰ দ্ৰোণাচাৰ্য পুৰস্কাৰৰ বাবে মল্লযুদ্ধৰ প্ৰশিক্ষক অনুপ সিং,পেৰা অলিম্পিকৰ প্ৰশিক্ষক নৱাল সিং,এথলেটিকচৰ হৰবংস সিং, বক্সিঙৰ স্ৱতন্ত্ৰ ৰাজ সিং আৰু সাঁতোৰৰ নিহাৰ আমীনক ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বাচনি কৰা হৈছে৷

৬ ৷ কলা মহীৰূহ, জীৱন শিল্পী আদ্য শৰ্মাৰ পৱিত্ৰ স্মৃতিত নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত নিৰ্মান কৰা উদ্যানখন ৰাজহমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷ উদ্যানত গুৰুজীৰ এটি আৱক্ষ মূৰ্তিও প্ৰতিষ্ঠা কৰা হৈছ৷

৭ ৷ দেশত মহিলা সবলীকৰণৰ বাবে আয়োজন কৰা 'এছ বি আই পিংকাথন' সৰ্ববৃহৎ মহিলা মাৰাথান দৌৰ গুৱাহাটীত আয়োজন কৰা হৈছে অহা ২৭ ছেপ্তেম্বৰত৷সোনাৰাম খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া এই দৌৰত সকলো মহিলাই অংশ ল’ব পাৰিব বুলি সদৰি কৰে পিংকাথনৰ প্ৰতিষ্ঠাপক, মডেল মিলিন্দ সুমনে৷

৮ ৷ মৰিগাওঁ জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক সুব্ৰত ৰায় বৰ্ধনক অসম চৰকাৰে প্ৰদান কৰিছে শ্ৰেষ্ঠ প্ৰকল্প সঞ্চালকৰ বঁটা। এম জি এনৰেগা আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে অসমৰ ২৭ খন জিলাৰ সঞ্চালকসকলৰ মাজৰ পৰা তেওঁক বাচনি কৰা হয়৷

৯ ৷ মাতৃপ্ৰেমৰ এক বিৰল দৃষ্টান্ত দাঙি ধৰিছে চীনৰ চেন জিনইনে ৷ দুয়োখন হাত শৈশৱতে হেৰুওৱা জিনইনে ভৰিৰে পাছলি কটা , খেতি কৰা আদি সকলো ঘৰুৱা সকলো কাম কৰাৰ উপৰিও ৯১ বছৰীয়া মাতৃক আলপৈচান ধৰি আহিছে ৷

১০ ৷ যুৱ – শিশুৰ উন্নয়নৰ বাবে কাম কৰা অনুষ্ঠান “ৰূপান্তৰে” শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ললিত কলা বীথিকাত আয়োজন কৰা অচিন্ত্য নাৰায়ন মহন্ত সোঁৱৰণী চিত্ৰ প্ৰদৰ্শনীখন যোৱাকালি মুকলি কৰে বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাই ৷

No comments:

Post a Comment