জীৱনৰ অৰ্থনীতি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পিৰামিড ব্যৱস্থাৰ ব্যৱসায়ৰ বাস্তৱতা

ভাস্কৰ জ্যোতি বৰুৱা

ছবিয়ে যদি কথা কয়, তেনেহ’লে এই বিশেষ ছবিখনে কিজানি আটাইতকৈ বেছি কথা কয় পিৰামিড আঁচনিৰ বিষয়ে৷ এইখনৰ উৎস হৈছে আমেৰিকাৰ চিকিঅ’ৰিটি এণ্ড একচেঞ্জ কমিছনৰ ৱেবছাইটত জনহিতাৰ্থে প্ৰকাশিত পিৰামিড আঁচনি সম্পৰ্কীয় লেখাৰ মাজত থকা ছবিখন৷ যিখন ছবিয়ে তথ্যসহকাৰে বুজাই দিয়ে কিয় একোখন পিৰামিডজাতীয় আঁচনি দীৰ্ঘদিন সফলতাৰে বৰ্তি থাকি সকলোৰে মংগল সাধিব নোৱাৰে৷ 

যিসকলে ‘ইউনি পে টু ইউ’ জাতীয় আঁচনিৰ বিধ্বংসী সূত্ৰৰ সম্বন্ধে অৱগত নহয, তেওঁলোকক জনাওঁ যে অৰ্থনৈতিক ক্ষেত্ৰৰ পিৰামিড এনে এটা ব্যৱস্থা, য’ত এজন ব্যক্তিৰ পৰা আৰম্ভ হোৱা মানৱ শৃংখল তললৈ ন ন মানুহক সংযোজিত কৰি ফেৰেঙনি মেলি আগবাঢ়ি গৈ থাকে৷ যাক চিত্ৰত অংকিত কৰিলে এটা পিৰামিড যেন দেখি৷ সেয়ে এনে ব্যৱস্থাৰে মানুহক একত্ৰিত কৰি আগবঢ়া আঁচনিবোৰক পিৰামিড আঁচনি বোলা হয়৷ যিবোৰ আঁচনিত নতুন মানুহৰ অন্তৰ্ভুক্তিৰ বাবেই যোগদান কৰাওঁতাসকলৰ ঊৰ্ধ্বমুখী ৰেখাত থকা মূধচৰ ব্যক্তিজনলৈকে লাভান্বিত হয়৷ 

এতিয়া আকৌ ছবিখনৰ গইনা লৈ আগবাঢ়ো আহক৷ মন কৰকচোন, এই ছবিখনৰ জৰিয়তে এনে এটা ব্যৱস্থা বৰ্ণনা কৰিবলৈ বিচৰা হৈছে, য’ত এজন মানুহে মাত্ৰ আন ৬ জন ব্যক্তিক যোগদান কৰোৱাৰ প্ৰয়োজন৷ সেই ৬ জনৰ প্ৰত্যেকেই তেনেকৈ নিজৰ চিনাকি ৬ জনকৈ মানুহক ব্যৱস্থাটোত যুক্ত কৰিব লাগে৷ এনেকৈ প্ৰতিটো স্তৰতে প্ৰত্যেকেই নিজৰ নিজৰ চিনাকি ৬ জন মানুহক যোগাৰ কৰি যোগদান কৰোৱালেই হ’ল৷ ব্যৱস্থাটো আগবাঢ়ি গৈ থাকিব৷ ইমানেই সহজনে এই প্ৰক্রিয়া? চাওঁ আহক৷ পিৰামিডৰ টিঙৰ মানুহজনক মাত্ৰ ৬ জন মানুহৰ প্ৰয়োজন৷ তেনেই সহজ কথা৷ এতিয়া দ্বিতীয় শাৰীৰ ৬ জনৰ প্ৰত্যেককে আন ৬ জনকৈ মানুহৰ প্ৰয়োজন৷ এতিয়াও যথেষ্ট সহজ৷ সেই ৬ জন ব্যক্তিৰ এনে ৬ জন মানুহ নিশ্চয় চিনাকি ওলাব যাৰ সৈতে বাকী ৫ জনৰ সম্পৰ্ক নাই৷ সকলোটি সফল হ’বলৈ মাত্ৰ ৩৬ জন মানুহৰ প্ৰয়োজন৷ এতিয়া এই ৩৬ জনক সফল হ’বলৈ হ’লে মুঠ মানুহ লাগিব ৬ x ৩৬ = ২১৬ জন৷ এতিয়াও খুব কঠিন নহয় কিজানি৷ ইয়াৰ পিচৰ পৰ্যায়ত মানুহ লাগিব ৬ x ২১৬ = ১,২৯৬ জন৷ তাৰ পিচত ৬ x ১,২৯৬ = ৭,৭৭৬ জন৷ কঠিন হৈ গৈ আছে নেকি? তেন্তে ৰ’ব, একেবাৰে তলৰ ১৩ নম্বৰ শাৰীটোলৈ মন কৰক৷ এই ১৩ নম্বৰ শাৰীৰ সকলো মানুহে ৬ জনকৈ মানুহ বিচাৰি পাবলৈ হ’লে যিমান মানুহৰ প্ৰয়োজন হ’ব তাৰ সংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যাতকৈ বেছি৷ বিশ্বাস হোৱা নাই? তেনেহ’লে এইবাৰ কেলকুলেটৰৰ সহায় লওক৷ প্ৰত্যেকটো পূৰণ ফলক আকৌ ৬ ৰে পূৰণ কৰি আগবাঢ়ক৷ প্ৰত্যেক পৰ্যায়তে চিত্ৰত দিয়া সংখ্যাৰ সৈতে মিলাই চাওক৷ কিবা বুজিলেনে? হয়, এই সৰু অথচ মূল্যৱান ছবিখনে প্ৰমাণ কৰে যে পিৰামিড ব্যৱস্থাত অকল মানুহক যোগদান কৰোৱাই লাভৱান হ’বলৈ অনুপ্ৰাণিত কৰা আঁচনিবোৰ দীৰ্ঘ সময় ধৰি বৰ্তি থাকিব নোৱৰাৰ ৰহস্য৷ কেইটামান স্তৰ পাৰ হোৱাৰ পাচতেই প্ৰয়োজনে আপোনাৰ চহৰৰ জনসংখ্যা অতিক্রম কৰে৷ তাৰ পিচত আপোনাৰ জিলা৷ তাৰ পাচত আপোনাৰ ৰাজ্য, আপোনাৰ দেশ - - - - আৰু শেষত এই পৃথিৱীৰ জনসংখ্যা৷ 

আন বহু দেশৰ দৰে ভাৰততো পিৰামিড আঁচনি অবৈধ৷ য’ত নেকি অকল এজন মানুহক যোগদান কৰোৱাই ওপৰৰ এদল মানুহ লাভান্বিত হয়৷ সেয়ে এনে আঁচনিৰ প্ৰস্তুতকৰ্তাই বৰ কৌশলেৰে মাল্টিলেভেল মাৰ্কেটিং বা নেটৱৰ্ক মাৰ্কেটিঙৰ পোছাক পিন্ধি নিজৰ সাম্ৰাজ্য বিস্তাৰত ব্ৰতী হয়৷ মাল্টিলেভেল মাৰ্কেটিঙক পিৰামিড আঁচনিৰ পৰা পৃথক কৰে এটা গুৰুত্বপূৰ্ণ কাৰকে৷ য’ত মানুহে সংঘবদ্ধ হয় একোটা বা একাধিক দ্ৰব্য বিক্রী কৰিবলৈহে৷ কোৱা বাহুল্য যে ভাৰততো মাল্টিলেভেল মাৰ্কেটিং বৈধ ব্যৱসায়৷ এইখিনিতে প্ৰণিধানযোগ্য যে এই মাল্টিলেভেল মাৰ্কেটিঙৰ বৈধতাক লৈ এখন দীৰ্ঘ আইনী যুঁজৰ সুত্ৰপাত হৈছিল আমেৰিকাত৷ ১৯৭৯ চনত আমেৰিকাৰ ফেডাৰেল ট্ৰেড কমিছনে এমৱেক বৈধ ব্যৱসায় বুলি ৰায়দান কৰে৷ তাৰ পিচৰ পৰাই সঁচা অৰ্থত এই মাল্টিলেভেল মাৰ্কেটিঙৰ প্ৰসাৰ ঘটে৷ অৱশ্যে প্ৰাইচ ফিক্সিং আৰু বিতৰকসকলৰ আয়ৰ সম্ভাৱনাৰ সম্বন্ধে অতিৰঞ্জিতকৰণৰ বাবে সেই একেই ফেডাৰেল ট্ৰেড কমিছনে ১৯৮৬ চনৰ ১৯ মে’ত এমৱেক দোষী সাব্যস্ত কৰে আৰু ১ লাখ ডলাৰ জৰিমনা বিহে৷ যদিও মাল্টিলেভেল মাৰ্কেটিং বৈধ ব্যৱসায, ব্যক্তিগতভাৱে মই বিশ্বাস কৰো যে যিসকলে দ্ৰব্য বিক্রীতকৈ নিজৰ অধীনত মানৱ শৃংখল তৈয়াৰ কৰি অধিক বিক্রীৰে সমৃদ্ধিশালী হ’বলৈ প্ৰয়াস কৰে, তেওঁলোকৰ সপোনবোৰ কিন্তু পিৰামিড ধাৰণাৰ ভেটিতেই প্ৰতিষ্ঠিত৷ এতেকে এই বিশেষ ছবিখন তেওঁলোকৰ বাবেও সমানেই তথ্যসম্বলিত৷ 

তাৰমানে এনে ব্যৱস্থাত কোনো লাভৱান নহয় নেকি? হয়৷ কিছুমান মানুহ অকল্পনীয়ভাৱে সমৃদ্ধিশালী হ’ব পাৰে যদিহে তেওঁলোক একো একোটা সুউচ্চ পিৰামিডৰ টিঙত অৱস্থান ল’ব পাৰে আৰু তলৰ মানুহখিনিক কাম কৰি যাবলৈ সন্মোহনেৰে বাধ্য কৰিব পাৰে৷ গৱেষণাই কয় যে মুঠ জড়িত মানুহৰ ১০ শতাংশতকৈও কম মানুহ এনে ব্যৱস্থাত লাভৱান হয়৷ সেয়া সম্ভৱ হয় শৃংখলাত তেওঁতকৈ তলত থকা গৰিষ্ঠ সংখ্যক মানুহৰ মৰীচিকা খেদা প্ৰৱণতাৰ বাবে৷ যেতিয়া মানুহৰ সপোন ভাগে তেওঁলোক এনে ব্যৱস্থাৰ পৰা আঁতৰি যায়৷ কাজেই শৃংখল ভাগে৷ নতুন সপোন লৈ নতুন মানুহ আকৌ জড়িত হয়৷ এনেকৈ শৃংখল ভঙা-গঢ়াৰ মাজেৰেহে এনে ব্যৱস্থা দীৰ্ঘদিন জীয়াই থাকে৷ মসৃণ গতি এনে ব্যৱস্থাত অসম্ভৱ৷ সম্ভৱ হোৱা হ’লে একো একোখন দেশৰ সকলো নাগৰিকেই কম সময়ৰ ভিতৰতে এনে ব্যৱস্থাত জড়িত হ’বলগা হ’লহেঁতেন৷ যিটো সত্যক ওপৰৰ চিত্ৰই প্ৰমাণ কৰে৷ 

মুঠৰ ওপৰত আজি যিমান পাৰে সিমান এই ছবিখন চাওক আৰু ভাবক৷ অৱশ্যে মাল্টিলেভেল মাৰ্কেটিঙত জড়িত মোৰ পুৰণি বন্ধু কেইজনৰ দৰে মোক ‘ঋণাত্মক শক্তি’ হিচাপে চিহ্নিত কৰি মোৰ বিশ্লেষণক নস্যাৎ কৰাৰ গণতান্ত্ৰিক অধিকাৰ আপোনাৰ নিশ্চয় আছে৷ 
* * * *

দূৰভাষঃ ৯৯৫৪০৬২০৯৫, লেখাটি অসমীয়া প্ৰতিদিন কাকতত ২০১৪ চনৰ ২৫ চেপ্তেম্বৰ তাৰিখে প্ৰকাশ পাইছিল।

No comments:

Post a Comment