সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আকস্মিক দুৰ্ঘটনা, কাৰক আৰু ইয়াৰ প্ৰতিকাৰ
সত্যম কুমাৰ চাহু
সম্পাদক মহোদয়,
সঘনাই শুনিবলৈ পোৱা এটা শব্দ, দুৰ্ঘটনা! আপুনি হয়তো সেই সময়ত অফিছতে থাকিব নাইবা ঘৰলৈ বুলি বজাৰ কৰি থাকিব। হঠাত অহা এটা ফোন কলে আপোনাক অস্থিৰ কৰি তুলিব । কিনো কলে এই ফোন কলটোত ।

হয়, আপোনাৰ মনলৈ কেতিয়াও নহা কেইটামান শব্দই আপুনি শুনিবলৈ পালে । অৰ্থাত আপুনি খবৰ পালেযে আপুনি শ্ৰী অমুক নহয়নে, অমুক আপোনাৰ আপোন নহয় জানো, তেওঁৰ দুঘৰ্টনা হৈছে, বৰ্তমান অমুক হস্পিতেলত ভৰ্তিহৈ আছে, মূৰত যথেষ্ট আঘাত পাইছে, সোনকালে হস্পিতেললৈ আহিব নেকি...!

আপুনি পৰিয়ালৰ সদস্য লগতলৈ হস্পিতেল পালেগৈ আৰু দেখিলে কেইগৰাকীমান তিৰোতাই খুৱ কান্দি আছে আৰু কেইজনমান পুৰুষে সান্ত্বনা দিয়াত ব্যস্ত আছে । আপোনাৰ আৰু বুজি পোৱাত দেৰি নালাগিব । আপোনাৰ আপোনজনৰ মটৰ চাইকেলত উঠা লগৰজনৰ ইতিমধ্যে মৃত্যু হৈছে আৰু আপোনাৰ আপোনজনে ইন্টেনছিভ কেয়াৰ ইউনিটত হয়তো জীৱন মৰণৰ যুজত অৱতীৰ্ণ হৈ আছে। এনেয়ে আপোনাৰ গা-মোৰ আছন্দ্ৰাই কৰি আছে তেনেতে আপোনাক আৰক্ষীৰ লোকে সুধিৱ না-না প্ৰশ্ন ।

সম্ভেদ পাই যেতিয়া আপুনি ভাবিৱ তেতিয়াহে আছৰিত হব। কাৰণ আপোনাৰ ল'ৰাটো বা আপোনজন অমুক মাষ্টৰৰ ওচৰত টিউছন বা বজাৰ কৰিবহে গৈছিল, তেওঁ মদ খালে কেতিয়া, দুৰ্ঘটনা কৰিবলৈ সেই খিনি ঠাইততো কোনো ৱাইন বাৰ বা ধাৱা নাছিল মদ কিনিবলৈ বা খাবলৈ । আপোনাৰ মনত সঠিক প্ৰশ্নই উঠিছে, কিন্তু হলে কি হব, সেই ঠাইত থকা গেলামালৰ দোকান খনৰ কথা ভাৱিছিল জানো । জানি লওক, সিহঁতে তাতেই কিনিছিল আৰু তাতেই বহি খাইছিল। এতিয়া, আপোনাৰ ল'ৰা বা আপোনজনৰ দুৰ্ঘটনা আৰু লগৰ জনৰ মৃত্যুৰ বাবে আপুনি কাক জগৰীয়া কৰিব, কৰবালৈ কাম বুলি ওলাই যোৱা আপোনাৰ আপোনজনক, নে তেওঁৰ লগৰজনক, নে সেই মদ বিক্ৰী কৰা গেলা মালৰ দোকানীজনক!

এতিয়া আঁহো আছল কথালৈ, উক্ত দুৰ্ঘটনাৰ বাবে প্ৰধান জগৰীয়া হৈছে অসমৰ আৱকাৰী বিভাগ, অসমৰ আৰক্ষী আৰু স্থানীয় সচেতন ৰাইজ । সুৰা বেছা-কিনাৰ বাবে এখন আইন আছে যদিও, সেইখনক চুড়ান্ত অৱমাননা কৰি অসম আৱকাৰী বিভাগে মুকলি অনুজ্ঞা পত্ৰ প্ৰদান কৰিছে বা গোপনে বেপাৰ কৰিবলৈ এৰি দিছে গাঁৱে-ভূঁৱে, সৰু-বৰ প্ৰায় সকলো দোকানত এতিয়া মদ সুলভ! শুনি আচৰিত হবযে, আনকি হস্পিতেলৰ আশে-পাশে থকা পান দোকান, চাহ দোকান, ভাতৰ হোতেলতো সূলভ দেশী-বিদেশী মদ । মোটা অংকৰ ধনৰ বুজা-বুজিৰে এনেধৰনৰ দোকানী বোৰৰ লগত গোপন মিতিৰালি অসম আৱকাৰী বিভাগৰ। কেতিয়াবা, এনেয়ে ৰাইজক দেখুৱাই তেনে কোনো ব্যক্তিক ধৰি নিয়ে যদিও, কোনো ধৰণৰ আইনী ব্যৱস্থা নলৈ, ধনৰ বুজা-বুজিৰে তেনে ব্যক্তিক উদগনিহে যোগায়। যাৰ ফলত যতে-ততে কিনিবলৈ পোৱা মদ খাই সঘনাই সংঘটিত হৈ আহিছে বিভিন্ন ধৰনৰ দুৰ্ঘটনা, হত্যা-হিংসা আৰু যুৱ উছৃংখল। চৰকাৰী ক্ষমতা অপব্যৱহাৰেৰে এনে বিষয়াৰ সহজ ধন ঘটাৰ পৰিণতিত সমাজে হেৰুৱাইছে এটা সুস্থ-পৰিৱেশ। আমি সজাগ হৱৰ হ'ল, সময় থাকোতেই যদি আমি এনে অপ-শক্তিক ৰোধ কৰিব নোৱাৰো তেন্তে সদায় হেৰুৱাব লাগিব আমাৰ কোনো আপোন জনক। আহক আমি সকলোৱেই ইয়াৰ প্ৰতিকাৰ বিছাৰো আৰু সমাজখনক সু-শৃংখল ভাৱে গঢ়ি তোলো।
লেখক পেৰামেডিক হিচাবে জৰুৰীকালীন মেডিকেল সেৱা, মৃত্যুঞ্জয় (১০৮) ধেমাজি, অসম, ৯৮৫৪৫৫৫৫৩৯

No comments:

Post a Comment