১ ৷ অসমত স্থাপন হ’ব “ড0 এ পি জে আব্দুল কালাম চেন্টাৰ ফ’ৰ ইনোভেচন”৷ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যুৱ প্ৰজন্মৰ মাজত বিজ্ঞান মানসিকতা গঢ়া আৰু সৃজনীমূলক কামৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ উদ্যোগত এই কেন্দ্ৰ স্থাপন কৰা হ’ব৷
২ ৷ ৰাজ্যৰ মুঠ ৫,৭৩৮ গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক শিক্ষক পদত স্থায়ী নিযুক্তিৰ কথা শিক্ষা বিভাগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে৷ তদুপৰি শিক্ষা বিভাগৰ উপ-পৰিদৰ্শকৰ পদৰ বাবে নিৰ্বাচিত হোৱা মুঠ ১০৭ গৰাকীলৈ ইতিমধ্যে নিযুক্তিপত্ৰ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে৷
৩ ৷ উত্তৰ-পূৱৰ বাণিজ্যিক বিকাশ সুনিশ্চিত কৰিবলৈ মুম্বাইৰ বিখ্যাত তাজ হোটেলত ১ আগষ্টৰ সন্ধিয়া আয়োজন কৰা হৈছে “কালাৰ্ছ অৱ নৰ্থ ইষ্ট” শীৰ্ষক এটি অনুষ্ঠান ৷ ই হৈছে নৰ্থ ইষ্ট ফেষ্টিভেলৰে এটা অংশ আৰু অসমৰ সামাজিক সাংস্কৃতিক ন্যাস “ট্ৰেণ্ড এম এম এছে তাজমহল পেলেচৰ সহযোগত গ্ৰহণ কৰা এক পদক্ষেপ৷এই অনুষ্ঠানত অসমৰ উদ্যোগ বিভাগৰ তৰফৰ পৰা উদ্যোগীকৰনৰ বাবে চৰকাৰে গ্ৰহণ কৰা আকৰ্ষনীয় নীতিক উদ্যোগপতিসকলৰ সন্মুখত দাঙি ধৰা হ’ব৷
৪ ৷ দুই তিনি মাহৰ ভিতৰতে অসমৰ শক্তিখণ্ডত চকুতলগা পৰিৱৰ্তন হ’ব বুলি দাবী কৰিছে শক্তি বিভাগৰ অতিৰিক্ত দায়িত্ব লাভ কৰা ৰকিবুল হুচেইনে৷ তেওঁ কয় – “পূৰ্বৰ তুলনাত ৰাজ্যত যিদৰে বিদ্যুতৰ চাহিদা বৃদ্ধি পাইছে,ঠিক তেনেদৰে যোগানো বৃদ্ধি পাইছে৷ ২০০১ চনত ৰাজ্যত পিক আৱাৰত বিদ্যুতৰ চাহিদা আছিল ৫৩০ মেগাৱাট৷ কিন্তু ২০১৫ চনত এই চাহিদা ১,১৫০ মেগাৱাটলৈ বৃদ্ধি হয়৷”
৫ ৷ আকস্মিক পথ দুৰ্ঘটনাত নিজৰ দুয়োখন হাত হেৰুৱাইও নিজৰ ইচ্ছাশক্তিৰে সুলেখিকা ৰূপে প্ৰতিষ্ঠা লাভ কৰা ঢকুৱাখনাৰ জুলী বৰুৱা আৰু আলফাৰ আলোচনাপন্থী নেতা প্ৰদীপ গগৈয়ে যুগ্মজীৱনৰ কালি পাতনি মেলিছে৷ কইনাৰ ৰূপত আনন্দিত জুলীৰ কথা প্ৰায়বোৰ সংবাদ মাধ্যমেই প্ৰকাশ কৰিছে আৰু আমিও তেওঁলোকলৈ জনাইছো অনাগত দিনবোৰৰ বাবে আন্তৰিক শুভেচ্ছা।
৬ ৷ অসমীয়া ভাষা- সাহিত্যলৈ অনৱদ্য অৱদান আগবঢ়োৱা ড0 মহেশ্বৰ নেওগক জন্ম শতবৰ্ষৰ মূহুৰ্তত উপযুক্ত মৰ্যাদা প্ৰদান কৰিবলৈ অসম সাহিত্য সভাই আহবান জনাইছে ৷ এই সন্দৰ্ভত যোৱা ২৬ জুলাইত বাকসা জিলাত সভাপতি ড0 ধ্ৰুৱজ্যোতি বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত দ্বিতীয় পূৰ্ণাঙ্গ কাৰ্যনিৰ্বাহকত গৃহীত প্ৰস্তাৱ অনুসৰি সভাই গুৱাহাটী আৰু ডিব্ৰুগড় বিশববিদ্যালয়ত মহেশ্বৰ নেওগ আসন প্ৰতিষ্ঠাৰ বাবে কৰ্তৃপক্ষক আহবান জনাইছে৷
৭ ৷ গুৱাহাটী, যোৰহাটকে ধৰি উত্তৰ-পূৱৰ ছখন চহৰ উজলি উঠিব সৌৰ শক্তিৰে৷ অসমৰ দুখন চহৰৰ উপৰি নাগালেণ্ডৰ ক’হিমা আৰু ডিমাপুৰ, অৰুনাচলৰ ইটানগৰ আৰু ত্ৰিপুৰাৰ আগৰতলাক এই আঁচনিয়ে সামৰি লৈছে ৷ পৰম্পৰাগত বিদ্যুত শক্তিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ নব্য আৰু নৱীকৰনযোগ্য মন্ত্ৰণালয়ে এই অভিলাষী আঁচনি গ্ৰহন কৰিছে৷
৮ ৷ ৰাজধানী সাহিত্যতীৰ্থৰ উদ্যোগত চুটি গল্প প্ৰতিযোগীতাৰ আয়োজন কৰা হৈছে৷ এ ফ’ৰ কাগজৰ এপিঠিত লিখি বা ছপা কৰি নিজৰ নাম, ঠিকনা আৰু ফ’ন নম্বৰ উল্লেখ কৰি ৰাজধানী সাহিত্যতীৰ্থ , মাৰফৎ নৱেন্দু শৰ্মা ,খাৰঘূলি , বনকোঁৱৰ নগৰ,গুৱাহাটী, পিন – ৭৮১০০৪ অথবা kksarma10@gmail.com ত ৩০ ছেপ্তেম্বৰৰ আগত পঠাবলৈ আহবান জনাইছে ৷
৯ ৷ অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ উদ্যোগত আজি গুৰু পূৰ্ণিমা উপলক্ষে “ বৈদিক সাহিত্যত মানৱতাবাদ” বিষয়ক এটি বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ সভাপতি কৃষ্ণ ৰায়মেধিৰ পৌৰোহিত্যত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত বক্তৃতা প্ৰদান কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপিকা ড0 মঞ্জুলা দেৱীয়ে ৷
১০ ৷ মিচিং জনগোষ্ঠীৰ জনপ্ৰিয় কন্ঠশিল্পী লক্ষ্য টায়েলৈ নেবকচে আগবঢ়াইছে মিচিং সাহিত্যৰ বিশেষ বঁটা ৷এগৰাকী সুলেখক লক্ষ্য টায়েৰ ৰচনাৰাজি হ’ল – উপলব্ধি(অসমীয়া পূৰ্ণাংগ নাটক),চিল: মৌল: (মিচিং নাটক), সাংঘাটিক(ৰস ৰচনা), তোমাৰ প্ৰেমৰ তাগিদাত (কবিতা) ৷ তেওঁৰ শ্ৰব্য সঁফুৰাসমূহ হ’ল – আয়াং, চৃচাং আয়িৰ, মৰম আদি ৷

আজিৰ ভাল খবৰ যুগুতালেঃ শ্বিলঙৰ পৰা বিপাশা বৰাই।
No comments:
Post a Comment