বৰ্ত্তমান সময়ত ব্যক্তি স্বাধীনতা আৰু নাৰী স্বাধীনতা উপভোগৰ আন এক পন্থা হিচাবে আমেৰিকা, অষ্ট্ৰেলিয়া আৰু ইউৰোপৰ কেইবাখনো দেশত ইতিমধ্যে আইনৰ দৃষ্টিত বৈধ সামাজিক সম্পৰ্ক হিচাবে স্বীকৃতি লাভ কৰা ‘লিভিং টুগেদাৰ’ৰ ধাৰণা আমাৰ সমাজতো লাহে লাহে গ্ৰহণ কৰাৰ প্ৰৱণতা বাঢ়ি অহা পৰিলক্ষিত হৈছে। আজি সমগ্ৰ বিশ্বৰ লগতে আমাৰ ভাৰতীয় সমাজতো মানুহৰ মূল্যবোধৰ, ৰুচিবোধৰ পৰিৱৰ্তন হৈছে। আজিৰ এই মূল্যবোধৰ পৰিবৰ্ত্তন বিশ্বায়ন সহ আমাৰ সমাজ ব্যৱস্থা-অৰ্থনীতিৰ লগত জড়িত। মই কিছু দিনৰ আগতে এখন বিয়াৰ নিমন্ত্ৰণ ৰক্ষা কৰি বিয়া ঘৰত উপস্থিত হৈ জানিব পাৰিলো যে বিয়াৰ দৰা-কইনাই যোৱা কেইবাবছৰো ধৰি দিল্লীত ‘লিভিং টুগেদাৰ’ কৰি আহিছিল আৰু প্ৰচণ্ড ঘৰুৱা হেঁচাত পৰিহে অৱশেষত বিয়াত বহিবলৈ বাধ্য হ’ল।
প্ৰাপ্তবয়স্কৰ দুৱাৰদলিত ভৰি দিয়া পুত্ৰ-কন্যাসহ মোৰ এগৰাকী নিসঙ্গতাত ভোগা সম্ভ্ৰান্ত পৰিয়ালৰ ৩৮ বছৰীয়া স্বামীহাৰা বান্ধৱী। তেওঁৰ বিদ্যালয়ত পঢ়া দিনৰে এগৰাকী অবিবাহিত ইঞ্জিনিয়াৰ বন্ধু বৰ্ত্তমান তেওঁৰ কাষ চাপি আহিছে জীৱনত সঙ্গ দিয়াৰ বাবে। পিছে বিয়া নে ‘লিভিং টুগেদাৰ’ – কি ভাল হ’ব! তেওঁলোক সঙ্কটত পৰিছে মোৰ পৰামৰ্শ বিচাৰিছে এই কাৰণেই যে মোৰ বান্ধবী গৰাকীৰ ল’ৰা- ছোৱালী এতিয়া যথেষ্ট জনা-বুজা হৈছে; গতিকে সিহঁতে এই সমন্ধ বা কি হিচাবে গ্ৰহণ কৰে তাকে লৈ বিমোৰত পৰিছে! বম্বেত বসবাস কৰাৰ সময়ত আমাৰ অসমৰ অতি বৰেণ্য শিল্পী ভূপেন হাজৰিকা আৰু হিন্দী চলচ্ছিত্ৰ পৰিচালিকা কল্লনা লাজমীৰ মাজৰ সমন্ধও এই ‘লিভিং টুগেদাৰে’ই আছিল। ইয়াৰ অন্তৰালত হয়তো আছিল এক অন্য অধ্যায়, অন্য এক বাধ্যবাধকতা। পিচে আজি মাথো দিল্লী-বম্বেতেই নহয়, আমাৰ গুৱাহাটীতো বিচাৰিলে এনে সমন্ধৰে একেলগে বসবাস কৰা যুবক-যুবতী বহু ওলাব। বিদেশত থাকোতে মই নিজেও মোৰ ব্যক্তিগত জীৱনত ‘লিভিং টুগেদাৰ’ৰ অভিজ্ঞতাৰে অভিজ্ঞ।
আমি কল্পনা কৰা ভৱিষ্যতৰ ধনী-দুখীয়া, জাত-পাত-ধৰ্ম্মহীন মানুহৰ মাজত মাথো প্ৰকৃত মানবীক সম্পৰ্কৰে গঢ়িব খোজা সমাজত বিয়া-বাৰুৰ ঠাই “লিভিং টুগেদাৰে” ল’ব নেকি? কিছুমানে আকৌ লিভিং টুগেদাৰ, সমকামিতা আদি সমন্ধবোৰ বহু উদাহৰণৰে অতীতকালতো মানুহৰ মাজত আছিল বা আজিও আছে বাবে বৰ্ত্তমান সভ্যতাৰ উচ্চ শিখৰত আৰোহণ কৰা মানৱজাতিৰ মাজতো থাকিব – এনে ধৰণৰ যুক্তি অৱতাৰণা কৰা দেখা যায়। পিছে আমি এইবোৰ আজিৰ সমাজ প্ৰগতিৰ পৰিপূৰক হয় নে নহয় তাক বৈজ্ঞানিক দৃষ্টি ভঙ্গীৰে বিচাৰ কৰিহে সামাজিক ভাবে গ্ৰহণ কৰা নকৰাৰ সিদ্ধান্ত লোৱাতো সকলো ফালৰে পৰা যুক্তিযুক্ত। বৰ্ত্তমান সমাজত যি সময়ত নিকৃষ্ট স্বাৰ্থপৰতাৰে আচ্ছাদিত গৰিষ্ঠসংখ্যক মানুহে একান্ত নিজৰ বিষয়েই ভবাত আগ্ৰহী, বৃহত্তৰ সাংসাৰিক দায়িত্ব পালনৰ পৰিবৰ্ত্তে কেবল নিজতেই যেন সদাব্যস্ত, তাত ‘লিভিং টুগেদাৰ’ৰ অনুপ্ৰবেশে প্ৰচলিত পিতৃ-মাতৃসহ পৰিয়ালৰ ধাৰণাৰ ওপৰত কি প্ৰভাব পেলাব তাক বিচাৰ কৰাটো খুবেই প্ৰয়োজন। এনে সমন্ধবোৰক আমাৰ দেশৰ এচাম নাৰীবাদীয়ে সম্পূৰ্ণ সচেতন বা অসচেতন ভাবে ইয়াৰ সুদূৰপ্ৰসাৰী ফলা-ফলৰ কথা বিবেচনা নকৰাকৈ নাৰী স্বাধীনতা তথা ব্যক্তি স্বাধীনতাৰ যি এক বলিষ্ঠ পদক্ষেপ হিচাবে প্ৰমাণপত্ৰ দিছে, সি কিমানদূৰ আমাৰ সমাজ প্ৰগতিত অৱদান যোগাব – তাকেই চমু আলোচনা কৰিব বিছাৰিছো।
আদিম গোষ্ঠীহীন, শ্ৰেণীহীন মানৱ সমাজত কোনো কাৰো ব্যক্তিগত সম্পত্তি নাছিল। ব্যাক্তিগত সম্পত্তিৰ ধাৰণাও তেতিয়া গঢ়ি উঠা নাছিল। গঢ়ি উঠা নাছিল পৰিয়াল সৃষ্টিৰ কাঠামো। যিদিনাৰ পৰা এই পৃথিবীত মানুহৰ সৃষ্টি হৈছিল সেইদিনাৰ পৰায়েই নৰ-নাৰীৰ সম্পৰ্কৰো সূত্ৰপাত হৈছিল। এই সম্পৰ্কৰ ভিত্তি সকলো সময়তে ইজনে সিজনৰ যৌন কামনা চৰিতাৰ্থ কৰাটোৱেই আছিল বুলি ক’লে ভুল কোৱা হ’ব। অতীতত মানুহে যেতিয়া বনৰীয়া জীব-জন্তু, প্ৰকৃতিৰ প্ৰতিকূলতা ইত্যাদিৰ পৰা আত্মৰক্ষাৰ স্বাৰ্থত সমাজবদ্ধ বা গোষ্ঠীবদ্ধ হ’বলৈ আৰম্ভ কৰিছিল, তেতিয়া সেই গোষ্ঠীসমুহৰ প্ৰয়োজন আছিল প্ৰকৃতি, বনৰীয়া জিৱ-জন্তুৰ আৰু অন্য গোষ্ঠীৰ লগত যুদ্ধ কৰাৰ বাবে জনসংখ্যা বঢ়োৱাৰ, নিজৰ গোষ্ঠীক ডাঙৰ কৰাৰ। এই গোষ্ঠী বা আদিম মানৱ সমাজৰ প্ৰয়োজনতেই মানুহে যৌনতাৰ প্ৰতি দৃষ্টি দিছিল আৰু যৌনতাক ব্যৱহাৰ কৰিছিল। আমাৰ দেশতো কিছুদিন আগলৈকে নাৰীক আশীৰ্ব্বাদ দিওঁতে কোৱা হৈছিল- “শতপুত্ৰৰ জননী হোৱা।“
এসময়ত মানুহৰ যৌন জীৱন আছিল মুক্ত। নৰ-নাৰীৰ মাজত চলিছিল মুক্ত যৌনাছাৰ। যিহেতু নাৰীৰ পুৰুষ যৌনসঙ্গী এজন নাছিল বা আনুস্থানিক বিয়াবাৰুৰ প্ৰচলন হোৱা নাছিল সেয়েহে ল’ৰা-ছোৱালীৰ পৰিচয় দিয়া হৈছিল মাকৰ পৰিচয়ৰে। তাৰ পিচত সভ্যতাৰ গতি পথত আগুৱাই যোৱাৰ বাবে সমাজ পৰিবৰ্ত্তনৰ বিভিন্ন স্তৰ অতিক্ৰম কৰি প্ৰথমে এগৰাকী স্ত্ৰীৰ বহু স্বামী(পলিয়াণ্ড্ৰি), এজন স্বামীৰ বহু স্ত্ৰী(পলিগেমি) পৰিয়ালৰ আৰু সৰ্ব্বশেষত মানুহৰ দেহ আৰু মনৰ ওপৰত ব্যক্তিৰ নিজস্ব অধিকাৰৰ ধাৰণাৰে আহিছে এজন স্বামীৰ এগৰাকী স্ত্ৰী(মনোগেমি)ৰ পৰিয়ালৰ উন্নত সংস্কৃতিসম্পন্ন ব্যৱস্থা। ইয়াত ৰেনেছা বা নবজাগৰণ আন্দোলনৰো এক উল্লেখনীয় ভূমিকা আছে। ৰেনেছাৰ জৰিয়তে নাৰী-পুৰুষৰ সমন্ধত আহিছে প্ৰেম, এই প্ৰেমৰ বুনিয়াদ হৈছে যৌনতা, কিন্তু যৌনতাৰ শৰ্ত হ’ল প্ৰেম। এই যৌনতা অবাধ নহয়, স্বেচ্ছাচাৰীও নহয়, কেবল সামন্তীয় সংকীৰ্ণতা, শৃংখলৰ পৰা মুক্ত। ৰেনেছাৰ এই চিন্তাৰ লগত ব্যক্তি স্বাধীনতাৰ ধাৰণা যিদৰে যুক্ত তেনেধৰনে ইয়াৰ মাজত আছে মানুহৰ যৌন আকাঙ্খাক ক্ৰমান্বে মনৰ প্ৰভাৱাধীন কৰাৰ দ্বাৰা দুটি মনৰ মিলনৰ চেষ্টাত।গতিকে ঐতিহাসিক ভাবে নাৰী-পুৰষৰ মাজৰ সন্বন্ধৰ এই সামাজিক নিয়ম শৃঙ্খলা ব্যৱস্থাবোৰ আৰম্ভ হৈছিল মানৱ সভ্যতা উন্নতিৰ পথত আগুৱাই যোৱাৰ বাবে উন্নত সমাজ ব্যৱস্থাৰ স্থাপনৰ বাবে প্ৰয়োজনত, নিজৰ গোষ্ঠীৰ বা সমাজৰ স্বাৰ্থত। সমাজলৈ ধৰ্ম্ম অহাৰ পাচত নৰ-নাৰীৰ যৌথ জীৱনৰ সম্পৰ্কক ধৰ্ম্মীয় ৰীতিনীতিৰ বন্ধনৰে বান্ধোন আনিবলৈ চেষ্টা কৰা হৈছে। গতিকে মানুহে সমাজ পাতি বাস কৰাৰ আৰম্ভ কৰাৰ পৰায়েই সামাজিক প্ৰয়োজনৰ লগত ব্যক্তিৰ প্ৰয়োজন যুক্ত হৈ পৰিছিল।
আজি সমাজৰ পৰা অকলশৰীয়া এগৰাকী বিচ্ছিন্ন মানুহৰ অস্তিত্বৰ ধাৰণা – এক ভ্ৰান্ত, অবৈজ্ঞানীক ধাৰণা। মানুহ এবিধ সমাজবদ্ধ প্ৰাণী। কোনো এজন মানসিক ভাবে সুস্থ ব্যক্তিয়ে বিশাল সাগৰৰ মাজৰ এটা অকলশৰীয়া দ্বীপৰ দৰে জীয়াই থাকিব নোৱাৰে। গতিকে নাৰী-পুৰুষৰ সন্বন্ধকো আমি সামাজিক দৃষ্টিভঙ্গীৰেই বিচাৰ কৰিব লাগিব।
বহুতে ভাবে বিয়াৰ অৰ্থ হৈছে বন্ধন। গতিকে নৰ-নাৰীৰ মাজত সম্পৰ্ক থাকিব কিন্তু বিয়া নহয়। যিসকলে এনেদৰে ভাবে তেওঁলোকে পাহৰি যায় যে নৰ-নাৰীৰ সম্পৰ্কৰ মাজত এক সামাজিক দায়বদ্ধতা থাকে। প্ৰচ্ছন্নভাবে এই দায়বদ্ধতাক অস্বীকাৰ কৰাৰ মানসিকতাৰ পৰায়েই বিবাহক বন্ধন বুলি ভবাৰ মানসিকতাৰ সৃষ্টি। পিচে পাৰাস্পৰিক বুজাবুজি নাথাকিলে আধুনীক গণতান্ত্ৰিক সমাজে বিবাহবিচ্ছেদৰো অধিকাৰ দিছে। তাত পিছতো বিবাহক বন্ধন বুলি ভবাৰ অৰ্থ আছে জানো? প্ৰকৃততে সামাজিক দায়বদ্ধতাক অস্বীকাৰ কৰাৰ মানসিকতাৰ পৰায়েই আহিছে লিভিং টুগেদাৰৰ ধাৰণা। ইয়াৰ জৰিয়তে সামাজিক দায়বদ্ধতাক অস্বীকাৰ কৰিও দৈহিক চাহিদা পূৰণ কৰিব পৰা যায়। পিচে আমাৰ ভাৰতবৰ্ষত প্ৰচলিত আইনৰ দৃষ্টিভঙ্গীৰে চাবলৈ গ’লে উচ্চতম ন্যায়ালয়ৰ এক ৰুলিং আছে যে লিভিং টুগেদাৰ প্ৰমাণিত হলে নাৰী গৰাকীয়ে তেওঁৰ পুৰুষ সঙ্গীৰ পৰা ভৰণপোষণ দাবী কৰিব পাৰে । লিভিং টুগেদাৰৰ সময়ছোৱাত সন্তান জন্ম হলে সেই সন্তানকো ভৰন-পোষন দিবলৈ পুৰুষজন বাধ্য। আনকি সেই সন্তানে সম্পত্তিৰ উত্তৰাধিকাৰী স্বত্ব দাবী কৰিব পাৰে । অৰ্থাৎ লিভিং টুগেদাৰে বিবাহৰ সকলো অধিকাৰ প্ৰাপ্ত কৰিছে। গতিকে যিসকলে এই মানসিকতা লৈ চলে, তেওঁলোকে বুজা উচিত যে নৰ-নাৰীৰ সম্পৰ্কৰ সামাজিক স্বীকৃতি হ’ল বিবাহ। বিবাহৰ মাজেদি যিদৰে সমাজে দুগৰাকী নাৰী-পুৰুষৰ বিশেষ সম্পৰ্কক স্বীকাৰ কৰি লয়, সেইদৰে তেওঁলোকৰ সন্তান যি বস্তুত আমাৰ সমাজৰেই সম্পদ তাকো স্বীকৃতি দিয়ে।
ব্যক্তি স্বাধীনতাৰ দৃষ্টিভঙ্গীৰে হয়তো দুজন প্ৰাপ্তবয়স্ক নাৰী-পুৰষে যদি দুইজনৰে সন্মতিত স্ব-ইচ্ছাই ‘লিভিং টুগেদাৰ’ কৰে তাত আপত্তি কৰিব লগীয়া একো নাথাকে। কিন্তু মানুহ হিচাবে আমাৰ প্ৰত্যেকৰে এটা সমাজ ভিত্তি আছে। নিজৰ অস্তিত্ব ৰক্ষাৰ প্ৰয়োজনতেই মানুহ এদিন গাইগুটিয়া অৱস্থাৰ পৰা পৰা সমাজবদ্ধ হৈছিল। তাৰ পাছত পৰ্য্যায়ক্ৰমে সমাজ বিকাশৰ প্ৰয়োজন অনুযায়ী সমাজৰ ঠাচ সলনি হৈছে, বিভিন্ন সময়ত বন্ধ্যা সমাজৰ নাগপাশ চিঙি নতুন সমাজ ব্যৱস্থাৰ কাঠামো প্ৰতিষ্ঠিত হৈছে। এটা বিশেষ সমাজ ব্যৱস্থাত ন্যায়-নীতি-মূল্যবোধৰ এটা বিশেষ সাৰ্বিক পৰিমণ্ডল থাকে। স্বাধীনতাৰ ধাৰণাটি এই পৰিমণ্ডলৰ অন্তৰ্গত। সমাজ পৰিবৰ্ত্তনৰ অন্তৰ্নিহিত নিয়মৰ লগত সঙ্গতি ৰাখি স্বাধীনতাৰ ধাৰণাটিও সলনি হয়। সমাজক অস্বীকাৰ কৰি, সমাজ বিকাশৰ নিয়মক অস্বীকাৰ কৰি, গঢ়ি উঠা প্ৰগতিশীল মূল্যবোধক অস্বীকাৰ কৰি স্বাধীনতা বিচৰাৰ অৰ্থ - নিয়ম-শৃংখলাহীন মানসিকতাৰ ওচৰত আত্মসমৰ্পণ। সকলোৱেই নিজৰ একান্ত উপভোগত মত্ত হৈ থাকিব। সমাজৰ কোনো নিয়ম-নীতি নামানিব। সমাজৰ কোনো সম্পৰ্কয়েই স্বীকাৰ নকৰিব। সমাজৰ প্ৰতি কোনো দায়ীত্ববোধ নাথাকিব। নিজৰ একান্ত প্ৰয়োজনটো সমাজ প্ৰয়োজনৰ পৰিপূৰক হয় নে নহয় – এইবোৰ চিন্তা নকৰিব। মাথো উপভোগ – ‘eat, drink and be marry’ৰ পৰাও এধাপ ওপৰত, সভ্যতাবিৰোধী ভুমিকাৰ সমগোত্ৰ। সমাজৰ এটি ‘একক(Unit)’ হিচাবে প্ৰতিজন মানুহে যদি নিজৰ ব্যক্তিগত সুখ, উপভোগ আৰু শান্তিৰ বাবে সমাজ গঢ়ি উঠাৰ ভিত্তি ভূমিকেই আমি থানবান কৰিব খোজো, তেন্তে আমি আজি সভ্যতাৰ উচ্চ শিখৰত বহি থকা বুলি গৌৰৱ কৰাৰে বা থল থাকিব জানো?
কোনো কাৰো ব্যক্তিগত সম্পত্তি নহয়। সমাজ প্ৰগতিৰ বৰ্ত্তমান স্তৰত ব্যক্তিগত সম্পত্তিবোধৰ পৰা মুক্ত হোৱাৰ সংগ্ৰাম সমাজ বিকাশৰ সহায়ক এক মহৎ সংগ্ৰাম। কিন্তু সি সামাজিৰ নিয়মক অস্বীকাৰ কৰাৰ বাবে নহয়, সমাজক নতুন ৰূপ প্ৰদানৰ বাবেহে। ব্যক্তিগত সম্পত্তিবোধৰ পৰা মুক্ত হোৱাৰ অৰ্থ এয়ে নহয় যে- আমি কাৰো লগতে কোনো সামাজিক সম্পৰ্ক স্বীকাৰ নকৰো। আমি এটি ছিন্নমূল জীৱ। বৰং বিস্তৃত আলোচনাৰ দ্বাৰা দেখা যাব যে, এই জাতীয় চিন্তা ব্যক্তি সম্পত্তিবোধজাত নিকৃষ্ট ব্যক্তিবাদী চিন্তাৰ পৰাই উদ্ধূত। সামাজিক সম্পৰ্কবোধৰ উন্নত চেতনাৰ দ্বাৰাই ব্যক্তি সম্পত্তিবোধৰ ধাৰণাৰ পৰা মুক্ত হব পাৰি। তাৰ পৰিবৰ্ত্তে নিজৰ খেয়াল-খুছীমতে যি ইচ্ছা তাকে কৰাৰ ইচ্ছাত উৎশৃংখল ব্যভিচাৰ প্ৰকাশ পায়।
গতিকে জীৱনত যেতিয়া বৈবাহিক সম্পৰ্কৰ মাজেৰে সামাজিক নিয়ন্ত্ৰিত সহবাসতেই আছে নৰ-নাৰীৰ যৌথ জীৱনৰ পূৰ্ণতা, তাত ‘লিভিং টুগেদাৰ’ হব আকৌ পশুৰ পৰ্য্যায়লৈ উভতি যোৱা। আনহাতে বিবাহ নামৰ এক সুশৃংখল বন্ধনৰ দ্ধাৰা দুটি মন যেতিয়া মিলিত হয়, পাৰস্পৰিক আদান-প্ৰদানৰ মাজেদি যি অপৰূপ মানসিক ঐশ্বৰ্য্য সম্পদ সৃষ্টি কৰে, ইজনে সিজনক বিকশিত কৰে, হৃদয়ত ঔদাৰ্য্য আনে, টকা-পইছা, আৰ্থিক স্বচ্ছন্দ্যতাৰ উৰ্দ্ধত নৰ-নাৰী ইজনৰ সিজনৰ প্ৰতি প্ৰকৃত অনুৰাগে যিভাবে মানুহক সামাজিক দায়িত্ববোধেৰে উদ্ধুদ্ধ কৰি আবেগ অনুভূতিৰ এটি সূক্ষ্ম পৰিমণ্ডলৰ সৃষ্টি কৰে – সিয়েই আমাৰ সমাজত চলি অহা বৈবাহিক বান্ধোনৰ যথাথ মাধুৰ্য্য, তাৰ সৃষ্টিশীল ৰূপ। অনথ্যাই কোনোবাই জৈৱিক প্ৰয়োজনত, কোনোবাই আৰ্থিক স্বাচ্ছন্দ্যৰ আশ্বস্ততাত, কোনোবাই কেবল সংগৰ আকৰ্ষণত, কোনোবাই বিপদৰ বন্ধু হিচাবে নিজৰ সংগী বাছিলৈ ‘লিভিং টুগেদাৰ’ কৰিলে, এনে সহবাসৰ ভিত্তি মানুহৰ ব্যাহিৃক প্ৰয়োজনৰ সাপেক্ষে হোৱাতে এনে প্ৰয়োজন শেষ হ’লে এই সমন্ধ বৰ্ত্তাই নাৰাখিব, যাৰ ফলত এক সামাজিক বিশৃংখলতাৰ সৃষ্টি হ’ব।
নৰ-নাৰীৰ বৈবাহিক সম্পৰ্কৰ মাজেৰে সামাজিক নৈতিক মনন কাঠামোটো অক্ষুন্ন থাকে। ৰক্ষণশীলতাৰ বিৰুদ্ধে সংগ্ৰামৰ প্ৰতিটি স্তৰতেই মানুহে এই নৈতিক মনন কাঠামোটোক পৰিবৰ্ত্তনৰ পথত আৰু উন্নত, সুন্দৰ, মহ্ৎ কৰি তুলিছে। বৈবাহিক সমন্ধৰ মাজেদি এটা উন্নত সামাজিক মননৰ আধাৰত দুটি মনে তেওঁলোকৰ আশা-আকাংখা ব্যক্ত কৰে বাবেই সেই সহবাস সৃজনধৰ্ম্মী, মহৎ। এই বাস্তৱজাত সত্যটিক সঠিক ভাবে উপলদ্ধি কৰিব পাৰিলেই এজন পুৰুষ বা এগৰাকী নাৰীয়ে ‘লিভিং টুগেদাৰ’ত কৈ বৈবাহিক সমন্ধৰে কৰা ‘লিভিং ফ’ৰেভাৰ’ সহবাসৰ মাজতহে প্ৰকৃত সুখ, শান্তি আৰু উত্তৰণৰ পথ বিচাৰি পাব।

ফোন: ৯৪৩৫৭০৪০৯০ E-mail: ajit_patangia@yahoo.com Blog:drpatangia.wordpress.com
লেখাটি নিয়মীয়া বাৰ্তা কাকতত ১১জুলাই সংখ্যাত প্ৰকাশ পাইছে।

No comments:
Post a Comment