ইতিমধ্যে তাত গোট খোৱা মহিলাসকলৰ এগৰাকীয়ে কোলাত নৱজাতক শিশুটিক তুলি লৈছিল।নৱজাতক সন্তানটোক কি কৰিব নকৰিব, গাওঁ পঞ্চায়তে তাক লৈ বিমোৰত পৰিল। অৱশেষত সেই গাৱঁৰে হৰেন মাষ্টৰে সন্তানটোক নিজৰ সন্তান হিছাপে গ্ৰহণ কৰিলে। পাছত গম পোৱা গ’ল সেই সন্তানটো এগৰাকী কুমাৰী মাতৃৰ আছিল। যিয়ে তাইক গভৰ্ৱতী কৰিছিল, সেইজন পুৰুষে তাইক বিয়া কৰাব নিবিচৰাত তাতে গভৰ্পাত কৰাৰ সময়ো পাৰ হৈ যোৱাত সমাজৰ ভয়তেই হওক বা কলংকৰ ভয়তেই হওক কুমাৰী মাতৃগৰাকীয়ে এনে চৰম পন্থা গ্ৰহণ কৰিছিল। এতিয়া সেই সন্তানটো কলেজ পালেগৈ।
(২)
(৩)
পিতৃ পৰিচয়হীন সেই সন্তানক জাৰজ সন্তানৰুপে অভিহিত কৰাই নহয়, সমাজে তাক সদায়েই হীণ দৃষ্টি নিক্ষেপ কৰে। তাক যেন এই পৃথিৱীলৈ অনাটোও এক পাপৰ ফলহে। পিছে সেই সন্তানৰ দোষ ক’ত? যাৰফলত সি জীৱনৰ বাটত আগবাঢ়োতে পদে পদে সমাজৰ, দহৰ লাঞ্জনা-গঞ্জনাৰ মুখামুখি হ’বলগীয়া হয়। আৰু সেই দূৰ্ভগীয়া মাতৃসকল যিয়ে দহমাহ দহদিন গৰ্ভত সন্তান ধাৰন কৰি অশেষ কষ্ট সহ্য কৰাৰ পাছতো পিতৃ পৰিয়হীনতাৰ বাবেই সদায়েই কলংকৰ বোজা বহন কৰিবলগীয় হোৱাৰ লগতে সন্তানক সমাজত প্ৰাপ্য মৰ্য্যদাও দিব নোৱাৰে সমাজে ঠিক কৰি দিয়া কিছুমান ফোঁপোলা নিয়মৰ বাবে। সন্তানক পিতৃৰ পৰিচয় নোহোৱাকৈয়ে উপযু্ক্ত ভাৱে গঢ় তুলিবলৈ সামৰ্থ্য থকা সত্বেও সদায়েই তেওঁলোক থমকি ৰ’বলগীয় হয়। কাৰণ সমাজে, দহে, দেশৰ আইনে তেওঁলোকক এই অধিকাৰ দিয়া নাই। পুৰুষ অবিহনে যেন তেওঁলোকৰ ইচ্ছা থাকিলেও সন্তানক উপযুক্ত কৰি গঢ়ি তোলাৰ কোনো অধিকাৰ নাই।নাৰীৰ প্ৰতি সমাজৰ এই অন্যায় কিয়?
আজিকালি প্ৰায়েই বাতৰি কাকত ,নিউজ চেনেল আদি বোৰত সদ্যোজাত সন্তানক দাষ্টবিনত, ৰাস্তাৰ দাতিঁত মৃত বা জীৱিত অৱস্থাত পেলাই থৈ যোৱাৰ বিভিন্ন বাতৰি দেখুৱা হয়। আনকি সেই সন্তান কেতিয়াবা কুকুৰ, মেকুৰী আদিৰ আহাৰ হোৱাও শুনা যায়।আনকি বহুতে কুমাৰী মাতৃ হোৱাৰ ভয়ত নাৰ্ছিংহোম, ক্লিনিক আদিত গৈ গৰ্ভত স্থিত লোৱা সন্তানক গৰ্ভপাত কৰি থৈ আহে।
পিতৃৰ পৰিচয় নিদিয়াকৈ সন্তানৰ দায়িত্ব ল’ব পৰাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে যি ৰায় দিছে, সেই ৰায়ে পৰিস্থিতিত পৰি বাধ্য হৈ অবৈধ মাতৃত্বৰ বোজা বহণ কৰা এনে সমাজৰ চেঁপাই জুৰুলা কৰা নাৰীসকলৰ প্ৰতি আশাৰ বতৰা কঢ়িয়াই আনিছে। এই ঘোষণাই তেনে নাৰীক যাবৎজীৱন কঢ়িয়াই ফুৰিবলগীয়া অস্বস্তিকৰ অৱস্থাৰপৰাও মুক্ত কৰিব। লগতে সমাজত জাৰজ সন্তান হিছাপে পৰিচিত হৈ সদায়েই অপমানিত হৈ থকা অৱস্থাৰপৰাও মুক্তি কৰিব সেই সন্তানক, এই ৰায়ে।
এজন সন্তানক উপযুক্ত ৰুপত গঢ় দিয়াৰ ক্ষেত্ৰত মাতৃগৰাকীৰ অৱদান সদায়েই পিতৃতকৈ বহু বেছি। কিন্তু পুৰুষপ্ৰধান সমাজখনে সৃষ্টি কৰা নিয়ম-নীতিয়ে মাতৃগৰাকীক সদায়েই সেই অধিকাৰৰ পৰা বঞ্চিত কৰি আহিছে। কোনোবাগৰাকীয়ে সাহস কৰি এনে পদক্ষেপ গ্ৰহণ কৰিলেও তেনে নাৰীয়ে বহু বাধা-বিঘিনি অতিক্ৰম কৰিবলগীয়া হয়।
মই উগ্ৰ নাৰীবাদী বা পুৰুষবিদ্বেষীও নহয়। কিন্তু এগৰাকী নাৰী হিছাপে নাৰীয়ে যিখিনি প্ৰাপ্য অধিকাৰ পাব লাগে, পোৱাটো মনে-প্ৰাণে বিচাৰো। দহমাহ, দহদিন গৰ্ভত ধাৰণ কৰি জন্ম দিয়া সেই সন্তানক পিতৃৰ পৰিচয়ৰ অবিহনেই উপযু্ক্তভাৱে জীৱনৰ বাটত আগবাঢ়ি যাব পৰাকৈ গঢ়ি তুলিবলৈ সাহস আৰু সামৰ্থ্য দুয়োটাই নাৰীগৰাকীৰ আছে। অৱশ্যে নাৰীগৰাকীয়ে সদায়েই নিজক আত্মনিৰ্ভৰশীল কৰি তুলিব লাগিব। অৱশ্যে উচ্চ ন্যায়ালয়ৰ এই যুগান্তকাৰী ৰায়ৰ ফলত নাৰী জাতিয়ে সমাজত প্ৰাপ্য অধিকাৰ পালেও কথাবোৰৰ নেতিবাচক দিশটোহে আঁকোৱালি লোৱা কিছু লোকৰ বৈবাহিক জীৱনৰ প্ৰতিও কিছু ভাবুকিৰ যে সৃষ্টি কৰিব সেয়া নিশ্চিত।
প্ৰাসংগিক সূত্ৰঃ http://www.thehindu.com/news/national/sc-allows-unwed-mother-to-apply-for-childs-guardianship/article7391481.ece
লেখিকা যোৰহাটৰ বাসিন্দা, ফোন- ৮৪৭৩০৬৫৪৩৯
No comments:
Post a Comment